ভাৰতীয় জীৱন বীমা নিগমে আৰ্থিকভাৱে পিচপৰা শ্ৰেণীৰ লোকৰ আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ উদ্দেশ্যে “ভাগ্য লক্ষ্মী” নামৰ এখন নতুন বীমা আঁচনিৰ প্ৰবৰ্তন কৰিছে। এই আঁচনিখনৰ বৈশিষ্ট সমূহ নুন্যতম বীমা ৰাশি- ২০,০০০(বিশ হেজাৰ) উৰ্দ্ধতম বীমা ৰাশি- ৫০,০০০(পঞ্চাশ হেজাৰ) বীমা কৰ্তাৰ নুন্যতম বয়স- ১৮ বছৰ বীমা কিস্তিৰ নুন্যতম ম্যাদ- ০৫ বছৰ বীমা কিস্তিৰ উৰ্দ্ধতম ম্যাদ- ১৩ বছৰ মেচ্যুৰিটিত উৰ্দ্ধতম বয়স- ৬৫ বছৰ(ম্যাদ প্ৰাপ্তিৰ) কিস্তি আদায় দিয়াৰ সুবিধা- বছৰেকীয়া, ছয়মহীয়া, তিনিমহীয়া বা মাহেকীয়া ধৰণত আদায় দিব পাৰিব। প্ৰীমিয়াম জমা দিয়াৰ প্ৰকাৰ অনুযায়ী ৰেহাইৰ ব্যৱস্থা কৰা হৈছে- বছৰেকীয়া কিস্তিত ২(দুই) শতাংশ ৰেহাই। ছমহীয়া কিস্তিত ১(এক) শতাংশ ৰেহাই চলমান অৱস্থাত যদি পলিচিৰ ম্যাদ অন্ত পৰে তেতিয়া মুঠ কিস্তিৰ ১১০ শতাংশ বোনাচৰ লগত জমাকৃত ধন ঘূৰাই পাব। কিস্তিৰ ধন নিয়মিত জমা দি থকা অৱস্থাত যদি কোনো বীমা গ্ৰহিতাৰ অকাল মৃত্যুৰ গৰাহত পৰে সম্পূৰ্ণ বীমা ৰাশিৰ ধন মনোনীত প্ৰতিনিধিক ঘূৰাই দিয়া হয়। কিস্তি আদায় দিয়াৰ সময়সীমা আঁচণি খনৰ ম্যাদ প্ৰাপ্তিতকৈ দুবছৰ কম হ’ব। আঁচনিখনৰ বিষয়ে বিশদ তথ্য জানিবলৈ ভাৰতীয় জীৱন বীমা নিগমৰ যিকোনো কাৰ্য্যালয়ৰ লগত যোগাযোগ কৰক। লিখকঃ অঞ্জন শৰ্মা, বীমা এজেণ্ট