পাতনি ৰঘুৱে এতিয়া ৰেল ষ্টেচনৰ পথত থকা এখন হোটেলৰ মালিক। তেওঁ গ্ৰহণ কৰা বিনিয়োগৰ সিদ্ধান্তসমূহত তেওঁ সফল হৈছে। আমি আগতেই গম পাইছো যে তেওঁ বিনিয়োগৰ ক্ষেত্ৰত অতি সতৰ্কতা অৱলম্বন কৰিছিল। আৰু বিনিয়োগৰ আগতেই বিভিন্ন উৎসৰ পৰা পোৱা তথ্যসমূহ পৰীক্ষা কৰি চোৱাৰ লগতে বিনিয়োগ সামগ্ৰীৰ সকলো খুটি-নাতি ভালদৰে বুজি লৈছিল। সেইবাবেই তেওঁৰ বহুবোৰ বন্ধুৱে তেওঁক বিনিয়োগৰ পৰামৰ্শদাতা হিচাপে ভাবে। তেওঁ সদায়েই বিনিয়োগৰ ক্ষেত্ৰত হোৱা তেওঁৰ অভিজ্ঞতাসমূহ আনসকলৰ লগত বিনিময় কৰিবলৈ ইচ্ছা কৰে। আত্ম সুৰক্ষাসমূহ যিহেতু “প্ৰতিৰোধ সদায় চিকিৎসাতকৈ উত্তম”, সেইবাবেই বিনিয়োগৰ ক্ষেত্ৰত যাতে পিছলৈ কোনো সমস্যাৰ মুখামুখি হ’ব নালাগে, তাৰ বাবে আমি অতি যত্ন পৰ হোৱাতো ভাল। ৰঘুৱে তেওঁৰ বন্ধু-বান্ধৱলৈ কেইটামান পৰামৰ্শ আগবঢ়োয়: বিনিয়োগৰ সময়ৰ কেইটামান সাধাৰণ পৰামৰ্শ: সদায়ে পুংখানুপুংখভাৱে কথাবোৰ জানি লোৱাতো অতি গুৰুত্বপূৰ্ণ। লোভনীয় প্ৰস্তাৱত বিনিয়োগ নকৰিব। বিনিয়োগ কৰাৰ আগতে সামগ্ৰীবিধৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি লওঁক আৰু নিজৰ মতামতৰ লগত বিভিন্ন উৎসৰ পৰা পোৱা তথ্যসমূহ ৰিজাই চাওঁক। আকৰ্ষণীয় বিজ্ঞাপনত ভোল নাযাব। সামগ্ৰীবিধৰ বিষয়ে ভালদৰে বুজি লওঁক আৰু ই আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব নে নকৰে সেই বিষয়ে নিশ্চিত হৈ লওঁক। আপোনাৰ এজেন্টে আপোনাক কোৱাৰ বাবেই যিকোনো বীমা সামগ্ৰী কিনি নেপেলাব। আপুনি সামগ্ৰীবিধৰ বিষয়ে ভালদৰে বুজি লওঁক আৰু আপোনাৰ প্ৰয়োজনীয়তা পূৰাব পাৰিবনে নাই সেই বিষয়ে নিশ্চিত হৈ লওঁক। আপোনাৰ সকলোবোৰ বিনিয়োগৰ সম্পূৰ্ণ বিৱৰণ আৰু তথ্য ভালদৰে ৰাখক। কোনো বিশেষ এটা বিনিয়োগৰ বাবে আপুনি কোন তাৰিখে আবেদন জনাইছিল, বিনিয়োগৰ বাবে প্ৰদান কৰা ধনৰ পৰিমাণ আৰু চেক নম্বৰ, আপোনাৰ গ্ৰাহক ৰচিদৰ নম্বৰ আদিত সকলোবোৰ ইয়াত সন্নিৱিষ্ট ৰাখিব লাগে। ইকুইটিৰ ক্ষেত্ৰত আপোনাৰ বিশ্বাসযোগ্য দালালৰ যোগেৰেহে শ্বেয়াৰসমূহ কিনা বা বিক্ৰী কৰাতো নিশ্চিত কৰক। পঞ্জীয়ণ নথকা দালালৰ লগত কোনো লেনদেন নকৰিব। যদিহে আপুনি তেনে কৰে, তেন্তে আপোনাৰ লেনদেনত কিবা অন্যায় হ’লে তাৰ দায়িত্ব ষ্টক এক্সেঞ্জে নলয়। আপোনাৰ বিশ্বাসী দালাল হ’লেও আপুনি তেওঁক দিয়া নিৰ্দেশনাসমূহৰ নথিৰ প্ৰতিলিপি সদায় আপোনাৰ হাতত ৰাখিব। গ্ৰাহকৰ অধিকাৰসমূহ বিনিয়োগৰ সময়ত বহুবোৰ কথাত অন্যায় হ’ব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, আপুনি নিৰাশ হওঁক। সকলোবোৰ আনুষ্ঠানিক বিনিয়োগৰ সামগ্ৰী চৰকাৰী নিয়ামক বা বহুবোৰ কোম্পানী একেলগ হৈ গঠন কৰা স্বনিয়ন্ত্ৰিত সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত। এইসমূহে সকলোবোৰ বিনিয়োগৰ ব্যৱস্থা সহজ আৰু আপোনাৰ বাবে লাভজনক হোৱাৰ লগতে আপোনাক যাতে কোনেও ঠগিব নোৱাৰে সেইটো নিশ্চিত কৰে। ইকুইটি বজাৰখন দা চিকিউৰিটিজ কনটেক্ট (ৰেগুলেছন)এক্ট ১৯৫৬, দা চিকিউৰিটিজ এণ্ড এক্সেঞ্জ ৱোৰ্ড অফ ইণ্ডিয়া (ছেবি)এক্ট ১৯৯২, দা ডিপজিট’ৰিজ এক্ট ১৯৯৬ আৰু দা কোম্পানীজ এক্ট ১৯৫৬ ৰ অধীনত সতৰ্কভাৱে চকু ৰাখে। ইয়াৰ নিয়ম নীতিসমূহ শক্তিশালী কৰিবলৈ ষ্টক এক্সেঞ্জ স্থাপন কৰা হৈছে। মিউচুৱেল ফাণ্ডসমূহ এছোচিয়েছন অফ মিউচুৱেল ফাণ্ড অফ ইণ্ডিয়াই চোৱা চিতা কৰে আৰু বীমা খণ্ডসমূহ ইঞ্চুৰেনছ ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অথ’ৰিটি অফ ইণ্ডিয়াই নিয়ন্ত্ৰণ কৰে। এই সকলোবোৰ সংগঠন বিনিয়োগকাৰীৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত। আপোনাৰ অভিযোগসমূহ যত্ন সহকাৰে চাবলৈ আন বহুবোৰ সংস্থা স্থাপন কৰা হৈছে। এইসমূহৰ ভিতৰত ওজৰ প্ৰসমক, বিনিয়োগকাৰীৰ সুৰক্ষা বা বিনিয়োগকাৰীৰ অভিযোগ কোষসমূহো সন্নিৱিষ্ট থাকে। এজন ওজৰ প্ৰসমক এনে ব্যক্তি যিজনে সাধাৰণ লোক আৰু কোনো এটা সংস্থাৰ মাজত সৃষ্টি হোৱা বিবাদ নিষ্পত্তি কৰে। এই সংস্থাবোৰ চৰকাৰী, ব্যক্তিগত বা এক বৃহৎ সমিতি আদিও হ’ব পাৰে। এটা বিশেষ খণ্ডৰ বাবে এজন ওজৰ প্ৰসমক নিয়োগ কৰা হয় বা এটা বৃহৎ কোম্পানীয়ে নিজাকৈও নিয়োজিত কৰিব পাৰে। উদাহৰণ স্বৰূপে বেংক, জীৱন বীমা, মিউচুৱেল ফাণ্ড আদিসমূহত একোজনকৈ ওজৰ প্ৰসমক থাকে। এজন ওজৰ প্ৰসমকে সংস্থাটোৰ বিৰুদ্ধে দিয়া অভিযোগসমূহ চোৱা-চিতা কৰে। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ কোনো এটা বেংকৰ বিৰুদ্ধে কিবা অভিযোগ আছে তেন্তে আপুনি বেংকৰ ওজৰ প্ৰসমকৰ ওচৰলৈ যাব লাগিব। সকলো ওজৰ প্ৰসমক তথ্য অধিকাৰ আইন ১৯৯৫ ৰ দ্বাৰা পৰিচালিত হয়। তেওঁলোকে গ্ৰহণ কৰা সকলোবোৰ অভিযোগৰ উত্তৰ দিবলৈ তেওঁলোক আইনসংগতভাৱে বাধ্য থাকে। তেওঁলোকে নিয়মৰ অধীনত থাকি বিনিয়োগকাৰীৰ ওজৰ প্ৰসমন কৰিবলৈ চেষ্টা কৰে। তলত তিনিটা মূখ্য বিনিয়োগ সামগ্ৰীৰ ওজৰ প্ৰসমকৰ বৰ্ণনা দিয়া হ’ল: সামগ্ৰী: ক্ৰেডিট কাৰ্ড আৰু বেংকৰ কাম-কাজসমূহ নিয়ন্ত্ৰক: ভাৰতীয় ৰিজাৰ্ভ বেংক অভিযোগ প্ৰেৰণ কৰিবলৈ ইয়াত টিপক। সামগ্ৰী: মিউচুৱেল ফাণ্ড আৰু ষ্টক মাৰ্কেট সম্পৰ্কীয় নিয়ন্ত্ৰক: চেবিঅভিযোগ প্ৰেৰণ কৰিবলৈ ইয়াত টিপক।সামগ্ৰী: বীমা নিয়ন্ত্ৰক: আইআৰডিএ অভিযোগ প্ৰেৰণ কৰিবলৈ ইয়াত টিপক। অভিযোগ দাখিল ৰঘুৱে এবাৰ ৰাজ্য চৰকাৰৰ এটা শক্তি কোম্পানীৰ বণ্ডৰ বাবে আৱেদন জনাইছিল। তেওঁ আৱেদন পত্ৰৰ সৈতে প্ৰয়োজনীয় পৰিমাণৰ ধনৰ এখন চেক গাঁঠি দিছিল। তেওঁৰ চেকখন গ্ৰহণ কৰা হ’ল আৰু তেওঁৰ বেংকৰ পৰা উক্ত পৰিমাণৰ ধন বিয়োগ হ’ল। তেওঁ দুসপ্তাহৰ ভিতৰত বণ্ডসমূহ হাতত পৰিবহি বুলি আশা কৰিলে। তেওঁ নিয়মীয়াকৈ উক্ত ৰাজ্যিক শক্তি কোম্পানীটোৰ বণ্ড জাৰী কৰাৰ বিষয়ে বাতৰি-কাকতত পঢ়িবলৈ আৰম্ভ কৰিলে। এদিন তেওঁ পঢ়িবলৈ পালে যে সেইসমূহ সফলতাৰে সমাপ্ত কৰা হৈছে। তেওঁ লগতে এইটোও পঢ়িবলৈ পালে যে উক্ত কোম্পানীৰ সকলো বণ্ড বিক্ৰী হৈছে অৰ্থাৎ কোম্পানীটোৱে যিমান ধন সংগ্ৰহ কৰিবলৈ বিচাৰিছিল সিমান ধন সংগ্ৰহ হৈছে। কিন্তু তেওঁৰ বণ্ডসমূহৰ কোনো নাম-গোন্ধেই নাই। তেওঁ আতংকিত নহ’ল। তেওঁ সকলো কথা বিৱৰি কোম্পানীটোলৈ আৱেদন পত্ৰ আৰু চেক প্ৰদানৰ বিৱৰণসহ এখন পত্ৰ লিখিলে। যেতিয়া এই চিঠিৰ কোনো উত্তৰ তেওঁ নাপালে তেতিয়া তেওঁ চেবিৰ বিনিয়োগকাৰী সুৰক্ষা কোষলৈ পত্ৰ লিখিলে। চেবিয়ে তৎকালীনভাৱে কোম্পানীটোলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে আৰু ৰঘুৱে উপযুক্ত পৰিমাণৰ ধন চেকযোগে প্ৰদান কৰাৰ পিছতো তেওঁ কিয় ইমান দিনলৈ বণ্ডসমূহ লাভ কৰা নাই সেই কথা বৰ্ণনা কৰিবলৈ অনুৰোধ জনালে। এই চিঠিখনৰ এটা প্ৰতিলিপি তেওঁলোকে ৰঘুলৈকো পঠিয়ালে। এসপ্তাহৰ ভিতৰতে কোম্পানীটোৱে চেবি আৰু ৰঘুলৈ উত্তৰ পঠিয়ালে। উত্তৰত তেওঁলোকে জনালে যে বনসমূহ দুবাৰকৈ ৰঘুৰ ঘৰৰ ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল কিন্তু কোনেও গ্ৰহণ নকৰাৰ বাবে সেইবোৰ পুনৰ কোম্পানীলৈ ঘূৰি আহিলে। তেতিয়াহে ৰঘুৰ মনত পৰিল যে সেইখিনি সময়তে ৰঘুৰ ভনিয়েকৰ কেঁচুৱা জন্ম হোৱাৰ বাবে মাক আৰু ৰঘু ভনিয়েকৰ ঘৰলৈ গৈছিল। তেওঁলোকে তাত ৩ দিনৰ বাবে আছিল আৰু হয়তো সেইখিনি সময়তে বণ্ডসমূহ তেওঁলোকৰ ঘৰ পাইছিলহি। শ্বেয়াৰসমূহ আকৌ এবাৰ তেওঁলোকে প্ৰেৰণ কৰিলে আৰু সেইবোৰ ৰঘুৱে গ্ৰহণ কৰিলে। যদিহে আমি আমাৰ বিনিয়োগসমূহৰ ক্ষেত্ৰত কিবা সমস্যা পাওঁ তেন্তে এই পাঠটোৰ পৰা শিকিব লগা কথাখিনি হ’ল: ১) আমাৰ বিনিয়োগৰ সকলো তথ্য স্পষ্টকৈ ৰাখিব লাগে- তাৰিখ, ধনৰ পৰিমাণ, চেক প্ৰদানৰ তাৰিখ ইত্যাদি। ২) প্ৰথমতে আমি আমাৰ দালাল বা যাৰ লগত সমস্যাটো হৈছে তেনে কোম্পানীৰ লগত কথা পাতি সমাধানৰ চেষ্টা কৰিব লাগে। ৩) যদিহে আমি তেওঁলোকৰ পৰা কোনো সুদোত্তৰ নাপাও তেতিয়াহে আমি সংশ্লিষ্ট কৰ্তৃত্বৰ বিনিয়োগকাৰী সুৰক্ষা কোষলৈ যাব লাগে। সাৰাংশ বিনিয়োগৰ ক্ষেত্ৰত আপুনি যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় সেইটো নিশ্চিত কৰিবলৈ আপুনি বিনিয়োগ কৰিব বিচৰা সকলো সামগ্ৰীৰ বিষয়ে ভালদৰে বুজি লওঁক আৰু সেইসমূহে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব নে নকৰে। সেইটো সিদ্ধান্ত লওঁক। বিনিয়োগৰ বাবে কৰা সকলো আৱেদন আৰু বিনিয়োগৰ সকলো তথ্য ভালদৰে ৰাখিব লাগে। সকলো আনুষ্ঠানিক বিত্তীয় সামগ্ৰী হয় চৰকাৰী নিয়ামক বা কোম্পানীসমূহৰ স্ব-নিয়ন্ত্ৰিত সংন্থাই নিয়ন্ত্ৰণ কৰে। বিনিয়োগৰ ব্যৱস্থা যাতে সহজ হয়, আপোনাৰ বাবে যাতে লাভদায়ক হয় আৰু আপুনি যাতে ঠগ নাখায় তাৰ বাবে সেইসমূহে নিশ্চিত কৰাৰ চেষ্টা কৰে। আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত যদি কিবা অন্যায় হয় তেন্তে আপুনি যাৰ পৰা বিনিয়োগ সামগ্ৰী কিনিছিল সেই দালাল বা যিটো কোম্পানীত বিনিয়োগ কৰিবলৈ আৱেদন দিছিল তেওঁলোকৰ লগত প্ৰথমে যোগাযোগ কৰিব লাগে। যদিহে তেওঁলোকৰ পৰা আপুনি কোনো ধৰণৰ সন্তোষজনক উত্তৰ নাপায় তেতিয়াহে যথোপযুক্ত বিনিয়োগকাৰী সুৰক্ষা কোষৰ সৈতে যোগাযোগ কৰিব লাগে। দ্যোগৰ পৰা এই কোম্পানীটো হৈছে তাৰো বিকাশ আশা কৰিব পাৰি।উদ্যোগ এটাৰ সম্ভাৱনীয়তা সম্পৰ্কে বুজি পাবলৈ হ’লে আমি ইয়াৰ সামগ্ৰীসমূহৰ বাবে ভালদৰে বুজি পাব লাগিব। আমি এই কথাত প্ৰত্যয় যাব লাগিব যে ভৱিষ্যতে উক্ত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব। এই সকলোবোৰ আৰু উদ্যোগৰ আন বিষয়বোৰে উক্ত উদ্যোগৰ অধীনত থকা কোম্পানীসমূহত বিনিয়োগ কৰাতো যথাৰ্থ হ’ব নে নাই সেইটো কৈ দিব। আমি কোম্পানীটোৰ বিশ্বজনীন বিকাশৰ সম্ভাৱনীয়তাও লক্ষ্যত ৰাখিব লাগে। বিশেষকৈ যদিহে ই কোনো কেঁচা সামগ্ৰী হয়, যিটো আমদানি বা ৰপ্তানি কৰা হয়। আকাৰ আৰু গতিশীলতা: আমি বিশ্বৰ বিভিন্ন ঠাইৰ উদ্যোগসমূহৰ লগত ইয়াৰ আকাৰ তুলনামূলকভাৱে জুখি চাব লাগে আৰু অতীতৰ লগত বৰ্তমানৰ আকাৰো চাব লাগে। এই উদ্যোগত কিমান কোম্পানী কাৰ্য্যকৰীভাৱে চলি আছে সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। উদ্যোগটোৰ ভিতৰত কেনেকুৱা ধৰণৰ প্ৰতিযোগিতা চলি আছে সেইটোৰ এটা ধাৰণা কৰাত ই আমাক সহায় কৰিব। ষ্টকৰ সুনিৰ্দিষ্ট তথ্য পৰিচালনাৰ গতিবিধিৰ তথ্য: এটা কোম্পানীৰ সফলতাৰ গুৰুত্বপূৰ্ণ কাৰক হ’ল পৰিচালনাৰ ব্যৱস্থা। আমি এই কথাত প্ৰত্যয় যাব লাগিব যে কোম্পানীটোৰ ভালৰ কাৰণে পৰিকল্পনা কৰিব পৰাকৈ আৰু নেতৃত্ব ল’ব পৰাকৈ পৰিচালকসকল দক্ষ। আমি এই কথাটো প্ৰত্যয় যাব লাগিব যে তেওঁলোক অতি সত্যবাদী আৰু সঁচাকৈয়ে কোম্পানীটোৰ বিকাশ বিচাৰে। বিকাশৰ কৌশল: কোম্পানীটোৱে বিকাশৰ বাবে কি পৰিকল্পনা কৰিছে সেয়া আমি আৱশ্যকীয়ভাৱে জানিব লাগিব। কোম্পানীটোৱে নতুন সামগ্ৰী বজাৰলৈ উলিয়াইছে নেকি? কোম্পানীটোৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে নতুন বজাৰ লৈছে নেকি? কোম্পানীটোৱে তেওঁলোকৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰিছে নেকি বা অধিক বিজ্ঞাপন দিছে নেকি? কোম্পানীটোৰ বিকাশৰ বাবে এটা ভাল পৰিকল্পনা থকা বিষয়টোত আমি প্ৰত্যয় যাব লাগিব। বিত্তীয় অনুপাত আৰু সংখ্যা: বিত্তীয় অনুপাত আৰু বিত্তীয় সংখ্যাৰ ওপৰত লিখা বহুবোৰ প্ৰৱন্ধ আৰু কিতাপ পোৱা যায়। কোনটো বিষয় গুৰুত্বপূৰ্ণ আৰু কোম্পানীটো আৰু ইয়াৰ ভৱিষ্যতৰ বিষয়ে কেনে বক্তব্য সেইসমূহে ব্যক্ত কৰিছে সেই বিষয়ে ভালদৰে বুজা উচিত। ইয়ে আমাক কোম্পানীটোত বিনিয়োগ কৰিবলৈ দৃঢ়তা জন্মাব আৰু ইয়াৰ কৃতকাৰ্য্যতা জোখাত সহায় কৰিব। সাৰাংশ বিত্তীয় সামগ্ৰীটোৰ সম্পূৰ্ণ জ্ঞান আৰু ইয়াৰ পৰিৱেশৰ অধ্যয়নৰ ভিত্তিত কৰা বিনিয়োগসমূহৰ ফলাফল সাধাৰণতে ভাল হোৱা দেখা যায়। বিনিয়োগ কৰাৰ আগতে আমি বিভিন্ন সামগ্ৰিক কাৰকসমূহ যেনে, দেশৰ বিত্তীয় গতিবিধি, ৰাজনৈতিক অৱস্থা, সুতৰ হাৰ, মুদ্ৰাস্প্ৰীতি, বিশ্বজনীন অৱস্থাৰ বিষয়ে ভালদৰে বুজি লোৱা উচিত। শ্বেয়াৰত বিনিয়োগ কৰাৰ কিছুমান সামগ্ৰিক বিষয় যেনে, উদ্যোগ নিৰ্দিষ্ট বিষয়সমূহ আৰু কোম্পানী নিৰ্দিষ্ট তথ্যসমূহ, সংখ্যাসমূহৰ বিষয়ে ভালদৰে বুজি লোৱা উচিত। এই তিনিওটা দিশ যোগাত্মক বুলি আমি প্ৰত্যয় যোৱাৰ পিছতহে ষ্টকত বিনিয়োগ কৰিব লাগে। উৎস: আইএনডিজি দল।