পাতনি ৰাজেন আৰু লীলাই তেওঁলোকৰ নতুন ঘৰত থকা এবছৰ হ’লহি। তেওঁলোকে তেওঁলোকৰ বিলসমূহ সময়মতে পৰিশোধ কৰে আৰু কেনেদৰে ভালভাৱে ধন পৰিচালনা কৰিব লাগে সেয়াও শিঁকিলে। তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবৰ বাবে লীলাই তেওঁৰ শাৰীত ফুল বচা চখটো পেশালৈ পৰিৱৰ্তিত কৰি তেওঁলোকৰ বন্ধু-বান্ধৱ আৰু সম্পৰ্কীয় লোকৰ বাবে কৰিবলৈ সিদ্ধান্ত ল’লে। তেওঁ বহুতো এনে কাম পালে আৰু সেইবোৰ লৈয়ে ব্যস্ত হৈ পৰিল। তাৰ পৰা যিখিনি উপাৰ্জন হয় তেওঁ সেইখিনি ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ বাবে সাঁচিলে। তেওঁলোকে পিতৃ-মাতৃৰ দ্বায়বদ্ধতা লোৱাৰ বাবে সাঁজু হোৱাৰ সময় হৈছে বুলি উপলব্ধি কৰিছে। আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবেও সমল লীলাই যেতিয়া এটি সন্তানৰ আশা কৰিলে লগে লগে তেওঁৰ স্বামী আৰু পৰিয়াল অতি আনন্দিত হ’ল। তেওঁলোকে লীলাক গৰ্ভাৱস্থাত কি কৰিব লাগিব কি কৰিব নালাগিব সেই উপদেশসমূহ দিবলৈ আৰম্ভ কৰিলে। এনে সময়তে তেওঁলোকৰ বন্ধু, বীমা কোম্পানীৰ এজেন্ট প্ৰকাশ তেওঁলোকৰ ঘৰলৈ আহিল। “অভিনন্দন জনালো বন্ধু, মই এটা ভাল খবৰ শুনিছো” তেওঁ ক’লে। “ধন্যবাদ প্ৰকাশ, মোৰ বাবে কিবা ধন সম্পৰ্কীয় উপদেশ আছে নেকি?” ৰাজেনে উত্তৰ দিলে। “নিশ্চয় আছে, এতিয়া ধনৰ বাবে পৰিকল্পনা কৰিবলৈ বহুত বাকী আছে” প্ৰকাশে ক’লে। “মই জানিব বিছাৰো, তুমি কৈ যোৱা” তেওঁ গৃহ বীমা কৰোৱাই দিয়াৰ বাবে ৰাজেন বেচ আনন্দিত হৈ ক’লে। যিহেতু ৰাজেন দেউতাক হ’বলৈ ওলাইছে গতিকে প্ৰকাশে তেওঁক বিভিন্ন ধৰণৰ খৰছৰ বাবে সাঁজু হৈ থকাৰ প্ৰয়োজন বুলি বৰ্ণনা আগবঢ়ালে। গৰ্ভাৱস্থাত হোৱা খৰছসমূহ: গৰ্ভাৱস্থাৰ সময়ছোৱাত তেওঁৰ পত্নীক যে বিশেষ যত্নৰ প্ৰয়োজন সেই কথা ৰাজেনে ইতিমধ্যে উপলব্ধি কৰিছে। তেওঁক অধিক পুষ্টিকাৰক আহাৰ আৰু লৌহ, কেলছিয়াম, ফলিক এছিডৰ পৰিপূৰক খাদ্যৰ প্ৰয়োজন। তেওঁক পৰীক্ষাৰ বাবে নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ নিয়াটো দৰকাৰ। মাক আৰু শিশুটিৰ স্বাস্থ্য ভালে থকাটো নিশ্চিত কৰিবলৈ চিকিৎসকে কেইবাবিধো চিকিৎসা পৰীক্ষাৰ পৰামৰ্শ দিছে। প্ৰসৱ সমাগত হোৱাৰ সময়ত ধন জমা দি লীলাৰ নামটো এখন ব্যক্তিগত চিকিৎসালয়ত পঞ্জীয়ন কৰিব লাগিব। প্ৰসৱৰ খৰছ আৰু মাক আৰু শিশুটিৰ প্ৰসৱোত্তৰ যত্ন: তেওঁৰ আইতাকৰ দৰে ৰাজেনেও তেওঁৰ পত্নীয়ে প্ৰসৱ আৰু তাৰ পিছত উত্তম যত্ন পোৱাটো বিচাৰে। প্ৰসৱৰ সময়ত সহায় কৰিবলৈ আৰু শিশুটিক পৰীক্ষা কৰিবলৈ গাঁৱৰ ভিতৰতে উত্তম চিকিৎসকজনক তেওঁ বিচাৰে। যদিহে অস্ত্ৰোপচাৰ যোগে শিশুটি প্ৰসৱ কৰোৱা হয় তেন্তে খৰছ অধিক হ’ব। এইবোৰ প্ৰয়োজনীয়তাৰ বাবে তেওঁলোকে পৃথককৈ ধন জমা কৰি থ’লে মাক আৰু শিশুটিৰ উত্তম যত্ন লোৱাটো সম্ভৱ হৈ উঠিব। টিকাকৰণ আৰু শিশুৰ প্ৰয়োজনীয়তাসমূহৰ খৰছ: শিশুটি জন্ম হোৱাৰ পিছত শিশুটিৰ পোছাক, পুতলা, ঔষধ, টিকাকৰণ আদি বিভিন্ন ধৰণৰ খৰছ আহি পৰে। এইবোৰ খৰছ নূন্যতম কৰি ৰাখিব পাৰি। কিন্তু যদিহে পৰিয়ালে বিচাৰে তেন্তে শিশুটিৰ বাবে কৰিব লগা খৰছৰ কোনো সীমা নাথাকে। এইবোৰৰ বাবে আপোনাৰ কিমান বাজেট আছে আৰু এইবোৰ সংগ্ৰহৰ বাবে কি পৰিকল্পনা লৈছে তাৰ ওপৰত খৰছ নিৰ্ভৰ কৰে। জৰুৰীকালীন পুঁজি: যেতিয়া আপোনাৰ এটি কেঁচুৱা জন্ম হ’ব তেতিয়া আপোনাৰ গোটেই জীৱনটো সলনি হৈ পৰে। কেঁচুৱাটিৰ স্বাস্থ্য আৰু ভাল হোৱাটোৱেই আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ পায়। বেছিভাগ কেঁচুৱাৰ ক্ষেত্ৰত হোৱাৰ দৰে যদিহে কেঁচুৱাটোৰ ৰোগ হয় বা কিবা দূৰ্ঘটনা এটা হয় তেন্তে কেঁচুৱাটো সম্ভৱপৰ ক্ষেত্ৰত শীঘ্ৰে ভাল কৰিবলৈ আপুনি তাৎক্ষণিক কাৰ্য্যপন্থা হাতত ল’ব লাগিব। সেয়েহে শিশুটিৰ ভালৰ বাবেই আগতীয়াকৈ এটা জৰুৰীকালীন পুঁজি সাঁজু কৰি থ’ব লাগে। যদিহে শিশুটিৰ ৫ বছৰ বয়সলৈ ইয়াৰ পৰা ধন খৰছ কৰিব লগা নহয় তেন্তে আপুনি এই ধন পিছৰ দিনবোৰৰ বাবে বিনিয়োগ কৰিব পাৰে। শিক্ষাৰ বাবে বাজেট প্ৰস্ততি ভাল শিক্ষাৰ বাবে ধন খৰছ হয়। আৰু যেতিয়া আপোনাৰ শিশুটিয়ে নিজৰ ইচ্ছা অনুসৰি স্নাতক বা স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিব তাৰ বাবে আপুনি আৱশ্যকীয়ভাৱেই ধন সাঁজু ৰাখিব লাগিব। তেতিয়াৰ বাবে ধন সাঁজু কৰি ৰখাৰ গুপুত মন্ত্ৰটো হ’ল এতিয়াৰ পৰাই ধন জমা কৰা। কিন্তু কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো আপুনি কেনেকৈ হিচাপ কৰি উলিয়াব? ১) যদিও আপোনাৰ সন্তানটি বৰ্তমানে প্ৰাক-প্ৰাথমিক বিদ্যালয়লৈ যোৱা নাই তথাপিও বৰ্তমানে বৃত্তিগত পাঠ্যক্ৰমসমূহৰ খৰছ কেনেধৰণৰ সেই সমূহৰ হিচাপ উলিয়াওক। খৰছবোৰ গড় হিচাপত উলিয়াব। সহজভাৱে বুজিবলৈ ধৰাহওঁক, বৰ্তমান স্নাতকোত্তৰৰ বাবে গড় খৰছ ২ লাখ টকা। ২)এতিয়া আপোনাৰ সন্তানটিয়ে প্ৰকৃততে কিমান বছৰৰ পিছত উক্ত শিক্ষাত অৱতীৰ্ণ হ’ব সেইটো হিচাপ কৰি উলিয়াওক। ধৰি লওঁক আপোনাৰ সন্তানটিৰ বৰ্তমান বয়স মাত্ৰ ৩ বছৰ অৰ্থাৎ এনে শিক্ষাৰ বাবে শিশুটি ১৭ বছৰৰ পিছত সাঁজু হ’বগৈ। ৩) এতিয়া উক্ত পাঠ্যক্ৰমৰ বাবে প্ৰতি বছৰে হোৱা মূল্যবৃদ্ধিৰ পৰিমাণ যোগ কৰি যাওক। সহজভাৱে বুজিবলৈ ধৰাহওঁক মূল্যবৃদ্ধিৰ হাৰ শতকৰা ৫ শতাংশ। ফলত প্ৰথম বছৰত এই পাঠ্যক্ৰমৰ মূল্য ২ লাখ টকাৰ পৰা হ’বগৈ ২ লাখ ১০ হাজাৰ টকা। ২য় বছৰত ই হ’বগৈ ২,২০,৫০০.০০ টকা। দহ বছৰত এই পৰিমাণ হ’বগৈ ৩,২৫,৭৭৯.০০ টকা। আৰু ১৭ বছৰ পাছত এই খৰছৰ পৰিমাণ হ’বগৈ ৪,৬০,০০০ টকা। ৪) আপুনি আপোনাৰ বাজেট প্ৰস্ততি আৰু বিনিয়োগ কৰাৰ ক্ষেত্ৰত এই ধনৰ পৰিমাণটো লক্ষ্যত ৰখা প্ৰয়োজন হ’ব। এই পৰিমাণটো বৰ বৃহৎ যেন লাগিলেও আপুনি চিন্তা কৰিব লগা একো নাই। যদি আপুনি প্ৰতিমাহে কমেও এহেজাৰ টকাকৈ বছৰি ৮ শতাংশ সুত প্ৰদান কৰা কোনো বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰি যায় তেন্তে আপুনি ১৭ বছৰত ৪,৮৫,০০০ টকা জমা কৰিব পাৰিব। এইটো এটা উদাহৰণহে ডাঙি ধৰা হ’ল। এনেবোৰ লক্ষ্যৰ বাবে ধনৰ পৰিমাণ যিমানে বৃহৎ নহওক কিয় এটা নিয়মীয়া বিৰতিত কম পৰিমাণৰ ধন বিনিয়োগ কৰি থাকি সময়ত সেই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিব পাৰিব। সন্তানক আৰ্থিক সক্ষমতাৰ বাবে উৎসাহিত কৰিব সময় কেনেকৈ পাৰ হৈ গ’ল ৰাজেন আৰু লীলাই গমেই নাপালে। তেওঁলোকৰ কেঁচুৱা প্ৰীতি এতিয়া ১০ বছৰীয়া শিশু হ’লহি। মাকৰ চোৱা-চিতাত তাই এতিয়া গাঁৱতে থকা ব্যক্তিগত বিদ্যালয়লৈ যায় আৰু পঢ়া-শুনাতো ভাল। লীলাও এতিয়া লাজুক গৃহিণীৰ পৰা পাৰদৰ্শি গৃহ পৰিচালকলৈ পৰিৱৰ্তিত হৈছে। তেওঁ এতিয়া তেওঁলোকৰ গেলামালৰ দোকানত এটা চুকত সৰুকৈ হ’লেও সফলতাৰে এম্ব্ৰইদাৰী কৰা শাৰী বিক্ৰীৰ ব্যৱসায় চলাই আছে। স্বামীয়ে তেওঁৰ হাতত দিয়া ধনেৰে সূচাৰুৰূপে ঘৰুৱা খা-খৰছ চলাই নিছে। তেওঁলোকৰ পুৰণি বন্ধু প্ৰকাশৰ উপদেশ মতে তেওঁলোকে ভালেমান বিনিয়োগো কৰিছে। প্ৰকাশ এতিয়া সকলো ধৰণৰ বিনিয়োগৰ সামগ্ৰী পোৱা এটা বিনিয়োগ বিপনীৰ পৰিচালক। লীলাই এতিয়াও বিত্তীয় বিষয়ত পাকৈত নথকা সময়ৰ কথাবিলাক ভাৱে। বিদ্যুতৰ বিল পলমকৈ পৰিশোধ কৰা, দোকানৰ পৰা পোৱা ধনেৰে ঘৰ চলাবলৈ অসুবিধা পোৱা, বিহুৰ বজাৰ কৰিবলৈ দূৰৰ চহৰলৈ যাব বিচাৰিও ধনৰ অভাৱত সেইটো হৈ নুঠা আদি কথাবিলাক লীলাৰ এতিয়াও মনত পৰে। সময়ৰ লগে লগে ধন পৰিচালনাৰ বিষয়টো আয়ত্ব কৰিবলৈ পায় লীলা গৰ্বিত। তেওঁ ভাবে তেওঁৰ সৰু ছোৱালীজনীকো কম বয়সৰ পৰাই যিমান সম্ভৱ ধন পৰিচালনাৰ বিষয়টো সম্পৰ্কে জ্ঞান প্ৰদান কৰিব যাতে প্ৰীতিয়ে তেওঁ কৰা ভুলবোৰ নকৰে। লীলাই প্ৰীতিক শিকোৱা কেইটামান পাঠ তলত উল্লেখ কৰা হ’ল: ধনৰ মূল্য সম্পৰ্কে শিঁকা: শিশুসকলক সৰুৰে পৰাই ঘৰৰ কিছুমান সৰু সুৰা কাম স্ব-ইচ্ছাৰে কৰিবলৈ দিব লাগে আৰু তাৰ বিনিময়ত কম পৰিমাণৰ ধন প্ৰদান কৰিব পৰা যায়। উদাহৰণস্বৰূপে, শাক-পাচলি পৰিষ্কাৰকৈ ধুৱা আৰু কটা কাৰ্য্যত মাকক সহায় কৰি প্ৰতিমাহে তেওঁ ২৫ টকা উপাৰ্জন কৰিব পাৰে। যিহেতু তেওঁ কামৰ বিনিময়ত ধন পাইছে সেয়েহে অদৰ্কাৰী কাৰ্য্যত ধন খৰছ কৰাৰ আগতে তেওঁ কেইবাবাৰো চিন্তা কৰিব। সঞ্চয়ৰ গুৰুত্বতা: পুৰষ্কাৰ হিচাপে পোৱা ধন সংগ্ৰহ কৰিবলৈ আপোনাৰ শিশুক শিকাব লাগে। সময়ে সময়ে কম পৰিমাণৰ ধন খৰছ কৰাতকৈ এই ধনখিনি জমা কৰি থৈ অধিক সন্তুষ্টি পাব পৰা সামগ্ৰী কিনিব পৰা যায়। উদাহৰণস্বৰূপে, আইচ ক্ৰীম আৰু চকলেটত দৈনন্দিন খৰছ কৰাতকৈ কেইমাহমান জমা কৰাৰ পিছত ডাঙৰ পুতলা এটা বা এবছৰ বা দুবছৰ পিছত চাইকেল এখনো কিনিব পৰা যায়। বাজেট প্ৰস্ততিৰ প্ৰাথমিক জ্ঞান: আপোনাৰ শিশুটিয়ে যোগ আৰু বিয়োগ কৰিবলৈ শিকাৰ পিছতেই বাজেট প্ৰস্ততিৰ প্ৰাথমিক কথাবোৰ বুজিব পৰা হয়। যেতিয়া আপোনালোকে পৰিয়ালৰ বাজেট প্ৰস্ততিৰ আলোচনা কৰে তেতিয়া শিশুটিকো আপোনালোকৰ কাষত বহুৱাই লওঁক। আপোনালোকৰ আলোচনাৰ মাজেৰে তেওঁকো প্ৰশ্ন সুধিবলৈ আৰু উপদেশ দিবলৈ উৎসাহিত কৰক। কিছুমান উপদেশ কিয় গ্ৰহণযোগ্য নহয় আৰু কিছুমান উপদেশ কিয় গ্ৰহণযোগ্য হয় সেই কথা ভালদৰে বিৱৰি বুজাই দিয়ক। ঘৰুৱা সামগ্ৰীৰ বজাৰ কৰা আৰু বিল পৰিশোধ কৰা: ধন জড়িত ঘৰুৱা কাম-কাজ যেনে, বিল পৰিশোধ কৰা, দোকানৰ পৰা সৰু সামগ্ৰী কিনা আদিবোৰ কামত অংশ ল’বলৈ শিশুটিক উৎসাহিত কৰা। সঠিক পৰিমাণৰ খুচুৰা ধন ঘূৰাই লোৱাটো গুৰুত্বতা তেওঁলোকক শিকাব লাগে। সাধাৰণ বেংকৰ লেনদেন: যদি আপোনাৰ এটা বেংক একাউন্ট আছে তেন্তে ধন জমা দিয়া আৰু উলিওৱাৰ সময়ত আপোনাৰ শিশুটিকো লগত লৈ যাব পাৰে। এনে কাৰ্য্যৰ ফলত তেওঁলোকে বেংক ব্যৱস্থাৰ লগত জড়িত কামৰ ধাৰাবোৰ বুজি পাব। বেংক সম্পৰ্কীয় তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰো সততা আৰু সহজভাৱে দিব লাগে (যদি আপুনি সঠিক উত্তৰটো নাজানে তেন্তে আন এজনৰ পৰা উত্তৰটো জানিবলৈ দিয়ক) এইটোৱেই বেংক ব্যৱস্থাটোৰ সম্পৰ্কে তেওঁলোকৰ কোনোধৰণৰ ভুল ধাৰণা নথকাটো নিশ্চিত কৰিব। সাৰাংশ এটি সন্তান বিচৰাৰ আগতে প্ৰয়োজনীয় সমলসমূহ কেনেকৈ সংগ্ৰহ কৰিব আৰু আপোনাৰ পৰিয়ালক প্ৰয়োজন হ’ব পৰা উপৰঞ্চি ধন কেনেকৈ সংগ্ৰহ হ’ব তাৰ পৰিকল্পনা কৰাটো অতি প্ৰয়োজনীয় কথা। গৰ্ভাৱস্থাত মাতৃগৰাকী, প্ৰসৱৰ সময়ছোৱা, প্ৰসৱোত্তৰ সময়ছোৱা আৰু শিশুটিৰ বাবে বিশেষভাৱে প্ৰয়োজন হোৱা খৰছসমূহো ইয়াত সন্নিৱিষ্ট হৈ থাকিব লাগে। শিশুটিৰ ৰোগ হোৱা বা দূৰ্ঘটনা হোৱা আদি ধৰণৰ অৱস্থাৰ বাবে এটা জৰুৰীকালীন পুঁজি প্ৰস্তত কৰাতো অতি গুৰুত্বপূৰ্ণ কথা। শিশুৰ উচ্চ শিক্ষাৰ বাবে পদ্ধতিগতভাৱে বাজেট প্ৰস্তুতি কৰিব লাগে। কিমান পৰিমাণৰ ধন লাগিব সেইটোৰ আনুমানিক হিচাপ কৰি উলিয়াওক। বৃত্তিগত শিক্ষাৰ পাঠ্যক্ৰমসমূহৰ খৰছৰ গড় হিচাপ এটা উলিয়াওক। কিমান বছৰৰ পিছত আপোনাক ধনৰ প্ৰয়োজন হ’ব সেইটো হিচাপ কৰক। মূল্যবৃদ্ধিৰ কাৰকসমূহ ইয়াত যোগ কৰক। আপুনি শিশুটোক শিঁকাব পৰা ধন সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ পাঠ। ধনৰ মূল্য সম্পৰ্কে শিঁকা। সঞ্চয়ৰ গুৰুত্বতা। বাজেট প্ৰস্ততিৰ প্ৰাথমিক জ্ঞান। ঘৰুৱা সামগ্ৰীৰ বজাৰ কৰা আৰু বিল পৰিশোধ কৰা। সাধাৰণ বেংকৰ লেনদেন। উৎস: আইএনডিজি দল