৪.৪ সূচাংক প্ৰশ্নোত্তৰ ১) ঘৰ এটা কিনা আৰু ভাড়ালৈ লোৱা বিষয়টো তলত উল্লেখ কৰা কোনটোৰ ওপৰত নিৰ্ভৰ কৰে? ক) আপুনি নিজৰ ধনেৰে ঘৰ এটা কিনিবলৈ বা ঋণলৈ ঘৰ এটা কিনিবলৈ আপোনাৰ সামৰ্থ আছে নে নাই? খ) আপোনাৰ কৰ্মক্ষেত্ৰৰ বাবে কিমান সঘনাই আপুনি ঘৰ সলনি কৰিব লাগে। গ) ওপৰত উল্লেখিত দুয়োটাই। ২) আপোনাৰ নিজৰ ঘৰটোক আপুনি কি ভাৱে গণ্য কৰিব- ক) ভৱিষ্যতে মূল্য বৃদ্ধি হ’ব পৰা এটা সম্পত্তি। খ) সদায় ৰক্ষণাবেক্ষণ কৰিব লগা এটা বিড়ম্বনা। গ) এটা অত্যাৱশ্যকীয় বস্তু। ৩) আমি এনেকৈ ধন ৰাহি কৰিব পাৰো- ক) প্ৰয়োজন নথকা অৱস্থাত ঘৰুৱা বৈদ্যুতিক আহিলাসমূহ বন্ধ কৰি থৈ খ) আমাৰ ওচৰ চুবুৰীয়াৰ পৰা বৈদ্যুতিক সংযোগ লৈ গ) বৈদ্যুতিক বিলৰ ধন প্ৰদানৰ দেয় তাৰিখৰ পাছত ধন প্ৰদান কৰি। ৪) বিলসমূহ সময়মতে পৰিশোধ কৰাটো নিশ্চিত কৰিবলৈ ক) কেলেণ্ডাৰত দেয় তাৰিখ চিহ্নিত কৰি থ’ব লাগে, খ) মবাইল ফোনত মনত পেলাই দিয়াৰ ব্যৱস্থা কৰি থ’ব লাগে। গ) ওপৰোক্ত দুয়োটাই। ৫) ঘৰৰ বীমাই আমাক সহায় কৰে, কিয়নো- ক) ই উক্ত ঘৰত বাস কৰা সকলোকে নিৰাপত্তা প্ৰদান কৰে। খ) ধ্বংস হোৱা ঘৰ এটা পুনৰ সাজিবলৈ ইয়াৰ পৰা ধন পোৱা যায়। গ) অযত্নৰ ফলত বছৰৰ পিছত বছৰ ধৰি নষ্ট হোৱা ঘৰটো মেৰামতিৰ বাবে ইয়াৰ পৰা টকা পোৱা যায়। ৬) ঘৰৰ বীমান ধন ৰাশি দাবী কৰি আমি যেতিয়া বীমা কোম্পানীলৈ ফোন কৰিম তেতিয়া ক) আমি সকলো তথ্য সাঁজু কৰি লোৱা উচিত। খ) আমি তেওঁলোকক কি ঘটনা ঘটিছে সেই বিষয়ে কম আৰু বীমা আঁচনিৰ নম্বৰ জনাম। গ) আমি আৰক্ষীক বীমা কোম্পানীৰ লগত কথা পাতিবলৈ কম। ৭) শিশু এটি বিকাশ হোৱাৰ লগে লগে- ক) টকা সম্বন্ধীয় কাম-কাজত তেওঁলোকক জড়িত কৰিবলৈ পৰামৰ্শ দিয়া উচিত। খ) টকা সম্পৰ্কীয় কাম-কাজত তেওঁলোকক জড়িত কৰাৰ পৰামৰ্শ প্ৰদান কৰিব নালাগে। গ) আমি তেওঁলোকক কেতিয়াও টকা পইছা চুবলৈ দিব নালাগে। ৮) আমাৰ ঘৰুৱা বাজেট প্ৰস্তুতিৰ ক্ষেত্ৰত যদি উন্নত কৰাৰ বাবে সন্তানে পৰামৰ্শ প্ৰদান কৰিব বিছাৰে তেন্তে আমি ক) তেওঁলোকক সুখী কৰিবলৈ তেওঁলোকে আগবঢ়োৱা সকলো পৰামৰ্শ কাৰ্য্যকৰী কৰিব লাগে। খ) আমি তেওঁলোকৰ পৰামৰ্শ হাঁহি মাৰি উৰুৱাই দিব লাগে আৰু তেওঁলোকক ক’ব লাগে যে তেওঁলোকে বাজেটনো কাক কয় সেই কথা এতিয়াও বুজি উঠা নাই। গ) যিবোৰ পৰামৰ্শ কামত অহা সেইবোৰ কাৰ্য্যকৰী কৰিব লাগে আৰু কিছুমান উপদেশ কিয় কামত নাহে সেই কথা ভালদৰে বুজাই দিব লাগে। উৎস: আইএনডিজি দল