৫.৪ সূচাংক প্ৰশ্নোত্তৰ ১) দীৰ্ঘম্যাদী পৰিকল্পনাত অহা বৃহৎ প্ৰত্যাহ্বানসমূহ হ’ল ক) পৰিকল্পনা আৰু লক্ষ্য পূৰণৰ মাজত উদ্ভৱ হ’ব পৰা আশংকাসমূহ। খ) মুদ্ৰাস্ফীতিৰ বাবে দীৰ্ঘম্যাদী লক্ষ্যত খৰছৰ পৰিমাণ বৃদ্ধি হোৱা। গ) উপৰোক্ত দুয়োটাই। ২) মুদ্ৰাস্ফীতি হ’ল ক) গৰম বতাহ খ) সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা। গ) অৰ্থনীতিৰ ক্ষেত্ৰত বেয়া বস্তু। ৩) মুদ্ৰাস্ফীতিৰ প্ৰভাৱসমূহত তলত উল্লেখ কৰা কোনটো সন্নিৱিষ্ট নহয় ক) আয়ৰ মূল্য হ্ৰাস হোৱা। খ) সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা। গ) আপুনি বুজন পৰিমাণৰ ৰেহাই পোৱা। ৪) মুদ্ৰাস্ফীতিৰ ফলত আমাৰ লক্ষ্যসমূহত পৰিব পৰা বেয়া প্ৰভাৱসমূহ নোহোৱা কৰিব পাৰো যদিহে ক) যদি মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ বিষয়টো আগত ৰাখি পৰিকল্পনা, সঞ্চয় আৰু বিনিয়োগ কৰো। খ) আমাৰ লক্ষ্যৰ আকাৰ হ্ৰাস কৰি। গ) মুদ্ৰাস্ফীতিৰ হাৰ প্ৰতিবছৰে শূন্য শতাংশলৈ হ্ৰাস পাব বুলি ভাবি। ৫) আশংকাৰ অৰ্থ কি? ক) বিপদ খ) জুৱাখেল গ) পৰিস্থিতিটো আমাৰ সহায়ক হ’ব বা সহায়ক নহ’ব সেই কথা আমি নিশ্চয়কৈ ক’ব নোৱাৰো। ৬) দীৰ্ঘম্যাদী লক্ষ্যৰ পৰিকল্পনাত হ’ব পৰা কিছুমান অৰ্থনৈতিক আশংকাৰ পৰা আমি নিজকে সুৰক্ষিত ৰাখিব পাৰো যদিহে ক) আশংকাবিহীন বিনিয়োগ সামগ্ৰী ক্ৰয় কৰা। খ) দীৰ্ঘম্যাদী লক্ষ্য স্থিৰ কৰাৰ পৰা বিৰত থকা। গ) বীমা ক্ৰয় কৰা। ৭) ভাৰতবৰ্ষৰ নগৰ অঞ্চলত যৌথ পৰিয়ালসমূহ ক্ৰমান্বয়ে ভাঙি যাবলৈ ধৰিছে। ইয়াৰ কাৰণ হ’ল ক) মানুহে গ্ৰামাঞ্চললৈ ঢাপলি মেলিছে। খ) ঠাইৰ পৰিমাণ কমি যোৱা, শিক্ষা আৰু নিয়োগসহ আন বহুবোৰ কাৰণত যৌথ পৰিয়ালৰ পৰা আঁতৰি থাকিব লগা হৈছে। গ) মধুমেহ আৰু কেঞ্চাৰৰ দৰে ৰোগৰ ভয়ৰ বাবে। ৮) অৱসৰৰ বাবে ব্যক্তিগত পৰ্য্যায়ত পৰিকল্পনা কৰিব লাগে কিয়নো ক) ভাৰতবৰ্ষত চৰকাৰৰ ফালৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকলৈ আগবঢ়োৱা কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ ব্যৱ্স্থা নাই। খ) অৱসৰৰ পিছত ব্যক্তিজনে যেনেদৰে জীৱন-যাপন কৰিব বিচাৰে তাৰ বাবে নিয়োগ কৰ্তাই প্ৰদান কৰা পেন্সনৰ পৰিমাণ পৰ্য্যাপ্ত নহবও পাৰে। গ) ওপৰৰ দুয়োটাই। ৯) অৱসৰৰ সময়ছোৱাৰ বাবে কৰা বিত্তীয় পৰিকল্পনাত তলৰ কোনটো জড়িত নহয়। ক) বৰ্তমানৰ খৰছৰ ভিত্তিত এটা আৰামদায়ক জীৱন-যাপন কৰিবলৈ আপোনাক কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো সিদ্ধান্ত লোৱা। খ) অৱসৰৰ আগে আগে বিনিয়োগ কৰা। গ) আপুনি অৱসৰ ল’বলৈ কিমান বছৰ আছে সেইটো হিচাপ কৰা আৰু সম্ভাৱ্য মুদ্ৰাস্ফীতিৰ প্ৰভাৱসমূহ ইয়াত যোগ দিয়া। উৎস: আইএনডিজি দল