পাতনি প্ৰকাশে ৰাজেন আৰু লীলাক বুজাবলৈ ধৰিলে যে দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা কৰোতে দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’বলৈ সহায় হোৱাকে খাপ খোৱা দীৰ্ঘম্যাদী বিনিয়োগ সামগ্ৰী বাচি ল’ব লাগে। দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’ব পৰাকৈ মূলতঃ তিনিধৰণৰ দীৰ্ঘম্যাদী বিনিয়োগ হ’ল: ইকুইটি (আৰু ইকুইটি জড়িত বিনিয়োগ সামগ্ৰী যেনে, মিউচুৱেল ফাণ্ড আদি), দীৰ্ঘম্যাদী বণ্ডসমূহ আৰু বীমা। এই তিনিটা সামগ্ৰীয়ে ইহঁতৰ অভিব্যক্তিসমূহেৰে একক ভূমিকা পালন কৰে। অংশিদাৰী আৰু বণ্ডসমূহ অংশিদাৰী আশংকাসমূহে আপোনাৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় সেইটো প্ৰসংগ নহাকৈ যিকোনো দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শ্বেয়াৰৰ বিনিয়োগ নাথাকিলে সম্পূৰ্ণ নহয়। সমগ্ৰ বিশ্বতে কৰা অধ্যয়ন আৰু বিভিন্ন সময় সাপেক্ষে কৰা অধ্যয়নসমূহত এইটো দেখা গৈছে যে, যদিহে শ্বেয়াৰসমূহত কমেও ৭-১০ বছৰলৈ বিনিয়োগ কৰা হয়, তেন্তে আন সকলোবোৰ বিনিয়োগতকৈ ইয়াৰ পৰা অধিক পৰিমাণৰ ধন ঘূৰাই পোৱা যায়। অৱশ্যে এই ক্ষেত্ৰত ভাবি লোৱা হৈছে যে তোমালোকে বিনিয়োগৰ ভাল সুবিধা থকা কোম্পানীৰ শ্বেয়াৰতহে বিনিয়োগ কৰিছা। উদাহৰণস্বৰূপে, যদিহে ষ্টেট বেংক অফ ইণ্ডিয়াৰ শ্বেয়াৰত ১০ বছৰৰ বাবে (মাৰ্চ ২০০১ ৰ পৰা মাৰ্চ ২০১১) ১০০০ টকা বিনিয়োগ কৰা হয়। তেন্তে ইয়াৰ পৰিমাণ হয় ১১,৭৫০ টকা। একেদৰেই ভাৰত হেভি ইলেক্ট্ৰিক লিমিটেড, টাটা মটৰছ আৰু হোম ডেভেলপমেন্ট ফাইনেন্স কৰ্পোৰেছনত ১০০০ টকা ১০ বছৰৰ বাবে বিনিয়োগ কৰিলে ক্ৰমান্বয়ে ২৬,৫০০ টকা, ১৫,৭৭০ টকা আৰু ১,৬৭,৫০০ টকা ঘূৰাই পোৱা যাব। শ্বেয়াৰত দীৰ্ঘসময়ৰ বাবে বিনিয়োগ কৰিলে কেনেধৰণে ধনৰ পৰিমাণ বৃদ্ধি পায় তাৰে এয়া মাত্ৰ কেইটামান উদাহৰণহে। বণ্ড আৰু ডিপোজিটৰ দৰে নিৰ্দিষ্ট আয়ৰ সামগ্ৰীবিলাকৰ লগত ইকুইটি বা শ্বেয়াৰসমূহৰ পাৰ্থক্য আছে। বণ্ডৰ ক্ষেত্ৰত তোমালোকৰ ধনসমূহ কিছুমান সংগঠন বা কোনোবা এটা সংগঠনৰ হাতত ধাৰলৈ দিয়া হয়। সেই সংগঠনসমূহে এটা নিৰ্দিষ্ট সময়ৰ বাবে তোমাৰ ধনসমূহ ব্যৱহাৰ কৰিব আৰু ঘূৰাই দিব। তোমাৰ ধনসমূহ ব্যৱহাৰ কৰিবলৈ দিয়াৰ বাবদ তেওঁলোকে তোমাক এটা নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰিব। আনহাতে, ইকুইটিৰ ক্ষেত্ৰত তুমি প্ৰকৃততে এটা ব্যৱসায়ৰ এটি ক্ষুদ্ৰ অংশ হ’লেও ক্ৰয় কৰা হয়। সেইবাবে বোধয় তুমি ক্ৰয় কৰা অংশটো তোমাৰ অংশ বা শ্বেয়াৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধৰাহ’ল, লাখপতি লিমিটেড নামৰ কোম্পানীটোক ব্যৱসায় আৰম্ভ কৰিবলৈ ১ লাখ টকাৰ প্ৰয়োজন। ধৰাহ’ল তেওঁলোকে এই ধনৰ পৰিমাণ ১০ টকাকৈ ১০০০ অংশত ভাগ কৰিলে। বিভিন্ন ব্যক্তিয়ে এই ১০০০ টা অংশ কিনি উক্ত ব্যৱসায়ত বিনিয়োগ কৰিলে। কিছুমান ব্যক্তিয়ে মাত্ৰ ১০ ৰ পৰা ১৫ টা অংশ কিনিলে আৰু আনসকলে, বিশেষকৈ যিসকলে এই ব্যৱসায়টোত সক্ৰিয়ভাৱে জড়িত হৈ থাকিব তেনে ব্যক্তিয়ে ৫০০-৬০০ অংশ ক্ৰয় কৰিলে। এনে ক্ষেত্ৰত লাখপতি লিমিটেডৰ অংশ কিনা সকলো লোকেই এই কোম্পানীৰ স্বত্তাধিকাৰৰ অংশীদাৰি হ’ল। এতিয়া ধৰাহ’ল, এই অংশসমূহ বোম্বে ষ্টক এক্সেঞ্জত ব্যৱসায়ৰ বাবে তালিকাভুক্ত হ’ল। যিহেতু এই কোম্পানীটোৱে কাম-কাজ ভালদৰে কৰি আছে আৰু ভৱিষ্যত উজ্জ্বল বুলি ধাৰণা হৈছে সেয়েহে বহুলোকে ১০ টকীয়া অংশটো ১৫ টকাত কিনিবলৈ সাঁজু হ’ব। যিসকল লোকে কম সংখ্যক অংশ কিনিছিল তেওঁলোকে এই অংশসমূহ বিক্ৰী কৰি লাভ কৰিবলৈ বিচাৰিব। যিহেতু কোম্পানীটো ষ্টক এক্সেঞ্জৰ তালিকাভুক্ত হ’ল সেয়েহে যিকোনো অংশধাৰকে তেওঁলোকৰ অংশসমূহ বিক্ৰী কৰিব পাৰে আৰু যিকোনো লোকেই এই অংশসমূহ কিনিব পাৰিব। অংশসমূহৰ ক্ৰেতা আৰু বিক্ৰেতাই অংশ কিনা-বেচা কৰিবলৈ ষ্টক এক্সেঞ্জৰ যোগেৰে ব্ৰোকাৰসমূহৰ লগত যোগাযোগ কৰিব। কিয়নো বিক্ৰী আৰু কিনাৰ ক্ষেত্ৰত ষ্টক এক্সেঞ্জে কেৱল পঞ্জীয়নভুক্ত ব্ৰোকাৰসকলকহে অনুমোদন প্ৰদান কৰে। তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে ক্ৰেতা আৰু বিক্ৰেতাই ব্ৰোকাৰসমূহক সেৱাৰ মাচুল প্ৰদান কৰিব লাগিব। যেতিয়া কোম্পানীটোৱে ব্যৱসায়ত লাভ কৰিব, তেতিয়া প্ৰতিবছৰে এই লাভৰ কিছু পৰিমাণৰ ধন অংশধাৰকসমূহক বিলাই দিব আৰু আন অংশ ব্যৱসায় বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব। অংশধাৰকসকলক প্ৰদান কৰা লাভৰ অংশক ডিভিডেন্ট বোলা হয়। অংশধাৰকসকলক এটা নিৰ্দিষ্ট তাৰিখত এই ধন প্ৰদান কৰা হয়। কিয়নো কেতিয়াবা কেতিয়াবা এই তাৰিখটোতে অংশৰ কিনা-বেচা হয়। যদিহে বছৰৰ পিছত বছৰ ধৰি কোম্পানীটোৱে লাভজনক ব্যৱসায় কৰি থাকে তেন্তে কোম্পানীৰ অংশসমূহো অধিক দামত কিনিবলৈ সাধাৰণ লোকে বিচাৰে। কোম্পানীয়ে অংশীদাৰিসকললৈ আগবঢ়োৱা লাভৰ অংশও বৃদ্ধি পাই গৈ থাকে। সেইবাবেই ভালদৰে বিচাৰ কৰি চাই শ্বেয়াৰত বিনিয়োগ কৰিলে দীৰ্ঘসময়লৈ ভাল পৰিমাণৰ ধন ঘূৰাই পোৱা যায়। শ্বেয়াৰসমূহ এক দীৰ্ঘম্যাদৰ বাবে ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰা হয় কাৰণ: ব্যৱসায় আগবঢ়ায় নিবলৈ আৰু কোম্পানীটো বৃদ্ধি পাবলৈ সময়ৰ প্ৰয়োজন হয়। সেইবাবেই বিনিয়োগ কৰি লগে লগে ভাল ফলাফলৰ আশা কৰাটো অসম্ভৱ। অন্যান্য কাৰকৰ লগতে কোম্পানীৰ কাৰ্য্যদক্ষতাইও ষ্টকৰ দামৰ ওপৰত প্ৰভাৱ পেলায়। ৰাজনৈতিক বাতাৱৰণ, দেশৰ অৰ্থনৈতিক অৱস্থা, প্ৰাকৃতিক দূৰ্যোগ, বিশ্বজনিন অৱস্থা আদি সকলোবোৰে শ্বেয়াৰৰ মূল্য বৃদ্ধি আৰু হ্ৰাস কৰে। সেইবাবেই হ্ৰস্বম্যাদীতকৈ দীৰ্ঘম্যাদী শ্বেয়াৰত বিনিয়োগ কৰিলে সাধাৰণতে আনবোৰ কাৰকৰ ফলত মূল্য বৃদ্ধি বা হ্ৰাস হোৱাৰ প্ৰভাৱ নপৰে। শ্বেয়াৰত বিনিয়োগ কৰোতে ল’ব লগা সাৱধানতাসমূহ: যদি কিবা কাৰণত আপুনি ভাল ফল নেদেখুওঁৱা কোনো কোম্পানীৰ অংশ কিনে তেন্তে আপোনাৰ অংশৰ মূল্য নিম্নগামী হ’ব পাৰে। আৰু ধৰি লওঁক যদি আপুনি অংশ কিনোতে ৫০ টকা বিনিয়োগ কৰিছে তেন্তে বিক্ৰী কৰি মাত্ৰ ২০ টকাহে পাব পাৰে। তাতোকৈ বেয়া অৱস্থাত আপোনাক ধনৰ প্ৰয়োজনত অংশসমূহ বিক্ৰী কৰিবলৈ বিচাৰিলেও অতি কম দামতো কোনেও নিকিনিব পাৰে। এনে পৰিস্থিতি দুৰ্লভ-কিন্তু সম্ভৱ। যেতিয়া আপোনাক জৰুৰীভাৱে ধনৰ প্ৰয়োজন হয় তেতিয়া আপুনি আপোনাৰ শ্বেয়াৰ বিক্ৰী কৰাটো সম্ভৱ হ’বও পাৰে। কিন্তু বজাৰত মূল্য নিম্নগামী হৈ থকাৰ ফলত আপুনি ইয়াৰ বাবে ভাল দাম নাপাবও পাৰে। শ্বেয়াৰত বিনিয়োগ কৰাৰ সময়ত হিতকাৰী পৰামৰ্শ: অতি গুৰুত্বপূৰ্ণ সাৱধানতা হ’ল আপুনি বিনিয়োগ কৰিব খোজা শ্বেয়াৰ ব্যৱসায়ৰ বিষয়ে ভালদৰে জ্ঞাত হৈ লোৱাটো। কোম্পানীটোৱ যে সঁচাকৈয়ে ভাল কাম কৰি আছে সেই বিষয়ে আপুনি নিশ্চিতভাৱে প্ৰত্যয় হৈ লওঁক। কোম্পানীটোৰ পৰিচালকমণ্ডলীৰ বিষয়ে আৰু ব্যৱসায় বৃদ্ধিৰ বাবে তেওঁলোকৰ কি পৰিকল্পনা আছে, তেওঁলোকক কোনে কেঁচা সামগ্ৰীৰ যোগান ধৰিব আৰু এইবোৰৰ মূল্য বৃদ্ধি পাই গৈ থাকিব নেকি সেই সম্পৰ্কে ভালদৰে অধ্যয়ন কৰি লওঁক। কোম্পানীটোৰ প্ৰতিটো সৰু-সুৰা কথা জানিবলৈ আগ্ৰহী হওঁক। যিয়ে নহওঁক, আংশিকভাৱে হ’লেও এইটো আপোনাৰে কোম্পানী। আপুনি দীৰ্ঘম্যাদৰ বাবে শ্বেয়াৰত বিনিয়োগ কৰাৰ লগে লগে কোম্পানীটোৰ কাম-কাজ সময়ে সময়ে নিৰীক্ষণ কৰি থাকক। যেতিয়া শ্বেয়াৰৰ মূল্য নিম্নগামী হয় তেতিয়া আতংকিত নহ’ব আৰু শ্বেয়াৰসমূহ বিক্ৰী কৰি নেপেলাব, বিশেষকৈ যি সময়ত বেছিভাগ ষ্টক মাৰ্কেটৰে মূল্য নিম্নগামী হয়। যেতিয়া আপুনি বিনিয়োগ কৰা কোম্পানীৰ শ্বেয়াৰৰ মূল্য অকমান বৃদ্ধি পায় তেতিয়াও লোভ নকৰিব আৰু আপোনাৰ শ্বেয়াৰসমূহ বিক্ৰী কৰি নেপেলাব, বিশেষকৈ যি সময়ত বেছিভাগ ষ্টক মাৰ্কেটৰে মূল্য উৰ্দ্ধগামী হয়। যেতিয়া কোম্পানীটোৱে ভৱিষ্যতৰ বাবে একো প্ৰতিশ্ৰুতি নিদিয়াটো আপুনি উপলব্ধি কৰে, কেৱল তেতিয়াহে আপুনি শ্বেয়াৰসমূহ বিক্ৰী কৰিব পাৰে। বণ্ডসমূহ চৰকাৰী কোম্পানীসমূহ আৰু ব্যক্তিগত কোম্পানীসমূহে সময়ে সময়ে বণ্ডসমূহ জাৰি কৰে। নিৰ্দিষ্ট বিনিয়োগৰ সময়কাল আৰু নিৰ্দিষ্ট সুতৰ হাৰসহ এই বণ্ডসমূহ নিৰ্দিষ্ট আয়ৰ আহিলা। এই বিত্তীয় সামগ্ৰীবিধত বিনিয়োগৰ সময়কাল সাধাৰণতে দীৰ্ঘ হয় আৰু আন কমম্যাদী সামগ্ৰীসমূহতকৈ উচ্চ হাৰত সুত প্ৰদান কৰা দেখা যায়। উদাহৰণস্বৰূপে, এটা ৫ বছৰীয়া চৰকাৰী বণ্ডে ১০ বছৰীয়া চৰকাৰী বণ্ডতকৈ কম সুত প্ৰদান কৰে। একেদৰেই এটা ৫ বছৰীয়া ব্যক্তিগত বণ্ডে ১০ বছৰীয়া ব্যক্তিগত বণ্ডতকৈ কম সুত প্ৰদান কৰে। দীৰ্ঘম্যাদী বণ্ডসমূহে সাধাৰণতে উচ্চ হাৰৰ সুত প্ৰদান কৰে কাৰণ তেওঁলোকে আপোনাৰ ধনসমূহ দীৰ্ঘসময়ৰ বাবে কিছুমান বিনিয়োগ সামগ্ৰীত আবদ্ধ কৰি ৰাখে। দীৰ্ঘম্যাদী হোৱা আৰু উচ্চ হাৰত সুত প্ৰদান কৰাৰ বাবে এইসমূহ দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হোৱাৰ বাবে উত্তম বিনিয়োগ। এইবোৰত এটা থুলমূল বিনিয়োগৰ প্ৰয়োজন হয় আৰু ভৱিষ্যতে যদি বণ্ড ভঙাব বিচাৰে তেন্তে ভঙাবও পাৰে কিন্তু সেই সময়ত বণ্ডৰ বজাৰৰ মূল্য কমেই হওঁক বা বেছিয়েই হওঁক সেইদৰেহে ধন ঘূৰাই পাব। উদাহৰণস্বৰূপে, ৮ শতাংশৰ ১০০ টকাৰ বণ্ড এখনত ৯৮ টকাতহে বিক্ৰী কৰিব পাৰে, যদিহে সুতৰ হাৰ বৃ্দ্ধি পায় থাকে। আনহাতে আকৌ যদিহে সুতৰ হাৰ কমি থাকে তেন্তে আপুনি একেখন বণ্ডৰ বাবে ১০০ টকাতকৈও অধিক লাভ কৰিব পাৰে। কিছুমান বণ্ডে আনকি কৰ ৰেহাইও প্ৰদান কৰে। এটা পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনা নিয়মীয়াকৈ সঞ্চয় কৰাত সহায় কৰিবলৈ মিউচুৱেল ফাণ্ডসমূহে এটা পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনা আগবঢ়ায়। এইটো এটা ডাকঘৰ বা বেংকৰ ৰেকাৰিং ডিপোজিটৰ দৰে, য’ত আপুনি প্ৰতিমাহে কম পৰিমাণৰ ধন জমা কৰি যাব লাগে। পাৰ্থক্য মাথো এটাই যে এই ধনখিনি আপুনি মিউচুৱেল ফাণ্ডতহে বিনিয়োগ কৰিছে। মাহেকীয়া বা তিনিমাহৰ মূৰে মূৰে নিম্নতম ১০০ টকাকৈও বিনিয়োগ কৰিব পৰা যায়। পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনাই কেনেদৰে কাম কৰে পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনাই আপোনাক ষ্টক মাৰ্কেটৰ গতি নজনাকৈয়ে অংশ লোৱাৰ সুযোগ প্ৰদান কৰে। এটা পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনাই প্ৰতিমাহে আপোনাক এটা নিৰ্দিষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰাৰ অংগিকাৰবদ্ধ কৰায়। ধৰাহ’ল এই ধনৰ পৰিমাণ ১০০০ টকা। যেতিয়া শ্বেয়াৰসমূহৰ বজাৰৰ মূল্য হ্ৰাস পায় তেতিয়া বিনিয়োগকাৰীৰ সুবিধাৰ বাবে অধিক পৰিমাণৰ একক ক্ৰয় কৰা হয় আৰু যেতিয়া মূল্য বৃদ্ধি পায় তেতিয়া ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰা হয়। ফলত প্ৰতিটো এককৰ গড় মূল্য সদায় নিম্নতমৰ ওচৰা-ওচৰি হৈ থাকে {নেভ: নেট এছেট ভেলু, বা এটা পুঁজিৰ এটা এককৰ মূল্য। নেভ এনেদৰেও গণনা কৰিব পাৰি: নেভ=[এটা পুঁজিত বিনিয়োগ হোৱা সকলোবোৰৰ বজাৰ মূল্য+বৰ্তমানৰ সম্পত্তিসমূহ+জমাসমূহ-দেয় দায়বদ্ধতাসমূহ] বাকী থকা এককসমূহৰ সংখ্যাৰে হৰণ} তাৰিখ নেট এছেট ভেলু আপুনি ১০০০ টকাত পাব পৰা আনুমানিক এককৰ সংখ্যা ১ জানুৱাৰী ১০ ১০০ ১ ফেব্ৰুৱাৰী ১০.৫ ৯৫.২৩ ১ মাৰ্চ ১১ ৯০.৯ ১ এপ্ৰিল ৯.৫ ১০৫.২৬ ১ মে ৯ ১১১.১১ ১ জুন ১১.৫ ৮৬.৯৫ মুঠ ৫৮৯.৪৫ প্ৰতিমাহে ১০০০ টকাকৈ বিনিয়োগ কৰি ছমাহৰ ভিতৰত আপুনি ৫৮৯.৪৫ টা একক ক্ৰয় কৰিব পাৰিলে। দীৰ্ঘসময়ৰ বাবে আপুনি আৰু অধিক ধন ঘটিব পাৰিব। ধৰাহ’ল, আপুনি প্ৰযুক্তি বিস্তাৰিত হোৱাৰ সময়তে প্ৰুডিনচিয়েল আইচিআইচিআই টেকন’লজি পুঁজিত বিনিয়োগ কৰিলে। ধৰাহ’ল, আপুনি ১০০০ টকাৰে আৰম্ভ কৰিছে আৰু প্ৰতিমাহে ১০০০ টকাকৈ বিনিয়োগ কৰি যাব। ইয়াৰ ফল তলত দেখুওঁৱা ধৰণে: বিনিয়োগৰ সময়কাল মাহেকীয়া বিনিয়োগ মুঠ বিনিয়োগৰ পৰিমাণ ৭ মাৰ্চ ২০০৫ ত বিনিয়োগৰ মূল্য বিনিয়োগৰ পৰা ঘূৰাই পোৱা মাৰ্চ ২০০০-মাৰ্চ ২০০৫ ১০০০ টকা ৬১,০০০ টকা ১,০৯,৩১৫ টকা ২৩.৮৭ শতাংশ যদিহে ১৩ মাৰ্চ ২০০০ ত আপুনি প্ৰতিটো একক ১০.৮৮ টকাকৈ (সেই সময়ত এইটো নেভ আছিল) কিনিলে হেতেন তেন্তে আপোনাৰ লোকচান হ’লহেতেন। কাৰণ ৭ মাৰ্চ ২০০৫ ত নেভ আছিল মাত্ৰ ৭.০৪। কিন্তু আপোনাৰ বিনিয়োগ বহলাই নিয়াৰ বাবে আপুনি লাভান্বিত হ’ল। পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনাই কেনেকৈ মূল্যায়ন কৰে ই আপোনাৰ সঞ্চয়সমূহ পৰিপাটী কৰি তোলে। প্ৰতিমাহতে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন আচুতীয়াকৈ ৰাখিবলৈ আপুনি বাধ্য হৈ পৰে। এই ধনখিনি হয় আপোনাৰ একাউন্টৰ পৰা পোনপোটীয়াকৈ বিয়োগ হ’ব নতুবা তাৰিখ ভৰোৱা চেক আপুনি মিউচুৱেল ফাণ্ডক জমা দিব লাগিব। ওপৰত আপুনি প্ৰত্যক্ষ কৰিছে যে ই আপোনাক দীৰ্ঘসময়ৰ কাৰণে ধন আহৰণত সহায় কৰে। এককৰ নেভ নিম্নগামী হোৱাৰ সময়ত অধিক আৰু নেভ উৰ্দ্ধগামী হোৱাৰ সময়ত কম একক কিনাৰ ফলত এসময়ত গৈ খৰছে গড় অৱস্থা পায়গৈ। গতিকে বজাৰৰ মূল্য উৰ্দ্ধগামী বা নিম্নগামী হোৱাৰ ক্ষেত্ৰত আপোনাৰ কোনো লোকচান নহয়। আকৌ যদিহে আপুনি পদ্ধতিগত বিনিয়োগৰ পৰিকল্পনা গ্ৰহণ কৰে তেন্তে কিছুমান মিউচুৱেল ফাণ্ডে প্ৰৱেশ মাচুল ৰেহাই দিয়ে। আপুনি যিমান পৰিমাণৰ ধন বিনিয়োগ কৰিব, প্ৰৱেশ মাচুল তাৰে এটা শতকৰা শতাংশ হয় আৰু যদিহে আপুনি একক কিনাৰ এবছৰৰ ভিতৰত মিউচুৱেল ফাণ্ডটোৰ পৰা প্ৰস্থান (আপোনাৰ এককসমূহ বিক্ৰী)নকৰে, তেন্তে প্ৰস্থানৰ মাচুলো (প্ৰৱেশৰ মাচুলৰ দৰেই যেতিয়া আপুনি আপোনাৰ এককসমূহ বিক্ৰী কৰিব)প্ৰদান কৰিব নালাগে। যদিহে কিবা কাৰণত আপুনি এবছৰৰ ভিতৰতে আপোনাৰ এককসমূহ বিক্ৰী কৰিব লগা হয়, তেন্তে প্ৰস্থানৰ মাচুল প্ৰদান কৰিব লাগিব। সেইকাৰণেই বহু বিনিয়োগকাৰীয়ে দীৰ্ঘসময়ৰ বাবে বিনিয়োগ কৰিবলৈ বাধ্য হয়। পদ্ধতিগত বিনিয়োগ পৰিকল্পনাৰ মাজেৰে কোনো এটা মিউচুৱেল ফাণ্ডত প্ৰৱেশ কৰাটোৱেই উত্তম পথ। কিন্তু পদ্ধতিগত বিনিয়োগ পৰিকল্পনাৰ লাভালাভসমূহ পাবলৈ কমেও ৩ বছৰলৈ উক্ত ধন উলিওৱাৰ চিন্তা মনলৈ আনিব নালাগে। যদিহে সময়ত এককৰ মূল্য কমি যায় তেন্তে অৱশ্যেই আপোনাৰ লোকচান হ’ব। বহুবোৰ পদ্ধতিগত বিনিয়োগ পৰিকল্পনাৰ মিউচুৱেল ফাণ্ডে আপোনাক ব্যক্ত নকৰা কথাটো হ’ল তেওঁলোকে তেওঁলোকৰ মাচুলসমূহ আপোনাৰ এককসমূহ বিক্ৰী কৰাৰ মাহেকীয়া মাচুল হিচাপে আহৰণ কৰি লয়। সেয়েহে এককৰ মূল্য বজাৰত যেতিয়া নিম্নগামী অৱস্থাত থাকে আপুনি অধিক একক ক্ৰয় কৰে, তেতিয়া আপোনাৰ অধিকাংশ এককেই মাহেকীয়া মাচুল হিচাপে মিউচুৱেল ফাণ্ডত বিক্ৰী হৈ যায়। প্ৰতিমাহে আপুনি একক কিনাৰ খৰছ আৰু আনুসাংগিক খৰছৰ বাবে প্ৰায় ৭ শতাংশ আপোনাৰ পৰা মাচুল লয়। আকৌ কিছুমান মিউচুৱেল ফাণ্ডৰ বছৰেকীয়া মাচুলো থাকে। ওপৰত উল্লেখিত অসুবিধাসমূহ থাকিলেও খুচুৰা বিনিয়োগকাৰীয়ে ৫-৮ বছৰ বিনিয়োগ কৰিলে প্ৰচুৰ লাভান্বিত হ’ব পাৰে। কেৱল আপুনি এইটোৱে নিশ্চিত হ’ব লাগে যে কম সময়ৰ ভিতৰতে যাতে আপোনাৰ পুঁজি ষ্টক মাৰ্কেটৰ পৰা মানী মাৰ্কেটলৈ বদলি কৰিব পাৰে, যেতিয়া শ্বেয়াৰ বজাৰ মণ্ড অৱস্থাত থাকে। বীমা প্ৰকাশে বুজুৱাৰ দৰেই দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনা কৰোতে দুটা মূল প্ৰত্যাহ্বান সন্মুখলৈ আহে। প্ৰথম হ’ল মুদ্ৰাস্প্ৰীতিয়ে লক্ষ্যৰ মূল্য বৃদ্ধি কৰে আৰু দ্বিতীয়তে পৰিয়ালৰ মূল আয় কৰা সদস্যজনৰ মৃত্যু হোৱা ধৰণৰ অবাঞ্চিত ঘটনাৰ ফলত বিত্তীয় পৰিকল্পনা স্তব্ধ হোৱাৰ আশংকা থাকে। বীমা এনে এটা সামগ্ৰী, যিয়ে পৰিয়াল এটাক আৰ্থিকভাৱে ক্ষতিপূৰণ প্ৰদান কৰি আশংকা হ্ৰাস কৰাত সহায় কৰে। যেতিয়া ইয়াৰ লগত দীৰ্ঘম্যাদী বিনিয়োগৰ সামগ্ৰী জড়িত কৰা হয় তেতিয়া ই মুদ্ৰাস্প্ৰীতিৰ প্ৰভাৱো হ্ৰাস কৰাত সহায় কৰে। বীমাৰ ক্ষেত্ৰত প্ৰতিবছৰে এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰি থাকিব লাগে আৰু বীমাকৃত ব্যক্তিৰ মৃত্যুত এটা পৰিমাণৰ ধন ঘূৰাই পোৱা যায়। যদিহে বীমাকৃত সময়কালৰ পিছলৈকে ব্যক্তিজন জীৱিত থাকে, তেন্তে একো ঘূৰাই পোৱা নাযায়। এনে ধৰণৰ বীমাক টাৰ্ম প্লেন বোলা হয়। অৱশ্যে সময়ৰ লগে লগে বীমা আঁচনিবিলাক সলনি হৈ আহিবলৈ ধৰিছে। আপোনাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহ পূৰাবলৈ সহায়ক হোৱাকৈ বিভিন্ন ধৰণৰ বীমা সামগ্ৰী বিকশিত কৰা হৈছে। আপোনাৰ অৱসৰৰ পিছত আপোনাৰ শিশুটিক ব্যয়বহুল স্নাতকোত্তৰ শিক্ষাৰ বাবে বিত্ত যোগান ধৰাকে ধৰি বহু ধৰণৰ লক্ষ্য আজিৰ বীমা আঁচনিবিলাকে প্ৰদান কৰিছে। ইয়াৰ লগতে এই বীমাসমূহে বীমাকাৰীৰ মৃত্যুত গতানুগতিক বীমা সুৰক্ষা আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰে। এনে ক্ষেত্ৰত বীমা কোম্পানীসমূহে বীমাকাৰীৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন সংগ্ৰহ কৰে। ইয়াৰে এটা অংশ সাধাৰণ বীমা সুৰক্ষাত ব্যৱহাৰ কৰা হয় আৰু আন অংশ বীমাকাৰী ব্যক্তিৰ হৈ বিনিয়োগ কৰা হয়। তলত অতিশয় জনপ্ৰিয় দীৰ্ঘম্যাদী বীমা আঁচনিৰ বিষয়ে আলোচনা কৰা হৈছে যিবোৰ দীৰ্ঘম্যাদী বিত্তীয় সামগ্ৰী হোৱাৰ লগতে বীমাৰ প্ৰাথমিক কাৰ্য্যকাৰিতাও পূৰণ কৰে। মানীবেক আঁচনি: এনেবোৰ আঁচনিত আপুনি নিয়মীয়াকৈ প্ৰিমিয়াম প্ৰদান কৰি থাকিব লাগে। এই প্ৰিমিয়ামৰ এটা অংশ আপোনাৰ হৈ কোনো বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰা হয় আৰু আন অংশতো আপোনাৰ বীমাৰ বাবে প্ৰদান কৰা হয়। এটা নিৰ্দিষ্ট বিৰতিৰ অন্তৰে-অন্তৰে উদাহৰণস্বৰূপে, ধৰাহওঁক, ৫ বছৰকৈ পিছৰ ২০ বছৰৰ বাবে আপুনি কিছু পৰিমাণৰ ধন ঘূৰাই পাব। যদি আঁচনিৰ সময়সীমাৰ ভিতৰত আপোনাৰ মৃত্যু ঘটে তেন্তে আপোনাৰ পৰিয়ালে বীমাকৃত সম্পূৰ্ণ ধন ঘূৰাই পাব। যদিহে আপোনাৰ মৃত্যু নহয় তেতিয়া নিয়মীয়া বিৰতিৰ মূৰে মূৰে ধনসমূহ পায় থাকিব। যিসকল লোকে তেওঁলোকৰ সন্তানৰ বিকাশৰ মাইলৰ খুটিৰ লগত নিজৰ উপাৰ্জনৰ সমিল-মিল ৰাখিব বিচাৰে, তেনে লোকৰ বাবে এনে আঁচনি অতি উপযুক্ত। উদাহৰণস্বৰূপে, যেতিয়া আপোনাৰ শিশুটিৰ বয়স ১০ বছৰ তেতিয়া আপুনি মানীবেক আঁচনি কিনিলে। ধৰাহওঁক, উক্ত আঁচনিত প্ৰতি ৫ বছৰৰ বিৰতিত কিছু পৰিমাণৰ ধন ২০ বছৰলৈকে আপোনাক প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। যেতিয়া আপোনাৰ শিশুৰ বয়স ১৫ বছৰ হ’ব আৰু মহাবিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিব সেইখিনি সময়ত আপুনি ধন ঘূৰাই পাব। আকৌ, যেতিয়া আপোনাৰ শিশুটিয়ে স্নাতক মহলা উত্তীৰ্ণ হ’ব আৰু স্নাতকোত্তৰ মহলাত ভৰ্ত্তি হ’ব সেইখিনি সময়ত আপুনি ধন ঘূৰাই পাব। তাৰ ৫ বছৰৰ পিছত আপুনি ঘূৰাই পোৱা ধনেৰে শিশুটিক নিজৰ বৃত্তিৰ বাবে সহায় কৰিব পাৰিব। ইয়াৰ ৫ বছৰৰ পিছত ঘূৰাই পোৱা শেষৰ ধনখিনিৰে আপুনি শিশুটিৰ বিবাহৰ বাবে খৰচ হোৱা ধন হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এনডোমেণ্ট আঁচনি: এনে আঁচনিত আপুনি নিয়মীয়াকৈ প্ৰিমিয়াম প্ৰদান কৰি থাকিব লাগে। যদি বীমা কালৰ ভিতৰত আপোনাৰ মৃত্যু হয়, তেন্তে আপোনাৰ পৰিয়ালে বীমাকৃত ধন ঘূৰাই পাব। যদি আপোনাৰ বীমা কালৰ ভিতৰৰ মৃত্যু নঘটে, তেন্তে আপুনি কিছু পৰিমাণৰ ধন ঘূৰাই পাব। যিসকল লোকে নিৰ্দিষ্ট বছৰৰ পিছত অধিক পৰিমাণৰ ধন ঘূৰাই পাব বিচাৰে, তেওঁলোকৰ কাৰণে এই আঁচনি অতি উপযুক্ত। এই ধন ঘৰ সঁজা বা অৱসৰৰ পিছৰ খৰছৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়। ইউনিট লিংক বীমা আঁচনি (ইউলিপ): যেতিয়া আপুনি ইউলিপ ক্ৰয় কৰিব সাধাৰণ বীমা সামগ্ৰীৰ দৰে নিয়মীয়াকৈ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব। এই প্ৰিমিয়ামৰ এটা অংশ আপোনাৰ বীমাৰ বাবে খৰছ কৰা হ’ব আৰু আন অংশ বিনিয়োগ কৰা হ’ব। ইউলিপৰ ক্ষেত্ৰত আপুনি ক’ত ধন বিনিয়োগ কৰিব, কোনটো মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব সেইটো সিদ্ধান্ত আপুনি নিজে ল’ব পাৰিব। আপুনি কিমান ধন মিউচুৱেল ফাণ্ডৰ বাবে বিনিয়োগ কৰিব তাৰ ওপৰত ভিত্তি কৰি আপোনাক সিমান সংখ্যক একক প্ৰদান কৰা হ’ব। যদিহে উক্ত মিউচুৱেল ফাণ্ডটোৱে লাভ কৰে তেন্তে আপোনাৰ এককৰ মূল্যও বৃদ্ধি পাব। এনে আঁচনিসমূহত এটা ফাণ্ডৰ পৰা আপোনাৰ ধন সলনি কৰাৰ সুবিধা আছে। এনে আঁচনিসমূহত কিছুমান চৰ্তসাপেক্ষে আপুনি আপোনাৰ কিছু সংখ্যক একক বিক্ৰী কৰাৰ সুবিধাও আছে। ইয়াৰ উপৰিও আন বীমা আঁচনিৰ দৰে এই আঁচনিতো আপোনাৰ মৃত্যু ঘটিলে আপুনি পূৰ্বে নিৰ্বাচন কৰা অনুসৰি আপোনাৰ পৰিয়ালে বীমাকৃত ধন ঘূৰাই পাব, নতুবা আপোনাৰ এককসমূহৰ মূল্য ঘূৰাই পাব। যদিহে আঁচনিৰ সময়সীমা অতিক্ৰম কৰাৰ পিছত আপুনি জীৱিত থাকে আপুনি আপোনাৰ এককসমূহৰ মূল্য ঘূৰাই পাব। ওপৰত উল্লেখিত ধৰণৰ বিভিন্ন আঁচনি আছে। বিভিন্ন নামৰ এই আঁচনিবোৰত আপোনাৰ বিভিন্ন লক্ষ্য পূৰণৰ সমাধান আছে। কিন্তু সকলোবোৰ আঁচনিৰ এটা কথা মিল আছে যে এই বিত্তীয় সামগ্ৰীবোৰে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। সাৰাংশ ইকুইটি (আৰু ইকুইটি জড়িত বিনিয়োগ সামগ্ৰী যেনে মিউচুৱেল ফাণ্ড আদি), দীৰ্ঘম্যাদী বণ্ড আৰু বীমা এই তিনিটাই দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হোৱাত সহায় কৰা মূল দীৰ্ঘম্যাদী বিনিয়োগ। এই তিনিওটাই ইহঁতৰ অভিব্যক্তিসহ একক ভূমিকা পালন কৰে। শ্বেয়াৰ অবিহনে দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হবলৈ কৰা বিনিয়োগ পৰিকল্পনা সম্পূৰ্ণ নহয়। সমগ্ৰ বিশ্বতে কৰা অধ্যয়ন আৰু বিভিন্ন সময় সাপেক্ষে কৰা অধ্যয়নসমূহত এইটো দেখা গৈছে যে যদিহে শ্বেয়াৰসমূহত কমেও ৭-১০ বছৰলৈ বিনিয়োগ কৰা হয় তেন্তে আন সকলোবোৰ বিনিয়োগতকৈ ইয়াৰ পৰা অধিক পৰিমাণৰ ধন ঘূৰাই পোৱা যায়। অৱশ্যে এই ক্ষেত্ৰত ধৰিলোৱা হৈছে যে তোমালোকে বিনিয়োগৰ ভাল সুবিধা থকা কোম্পানীৰ শ্বেয়াৰতহে বিনিয়োগ কৰিছা। অতি গুৰুত্বপূৰ্ণ সাৱধানতা হ’ল আপুনি বিনিয়োগ কৰিব খোজা শ্বেয়াৰ ব্যৱসায়ৰ বিষয়ে ভালদৰে জ্ঞাত হৈ লোৱাটো। কোম্পানীটোৱে যে সঁচাকৈয়ে ভাল কাম কৰি আছে সেই বিষয়ে আপুনি নিশ্চিতভাৱে প্ৰত্যয় হৈ লওঁক। আপুনি দীৰ্ঘম্যাদৰ বাবে শ্বেয়াৰত বিনিয়োগ কৰাৰ লগে লগে কোম্পানীটোৰ কাম-কাজ সময়ে সময়ে নিৰীক্ষণ কৰি থাকক। চৰকাৰী কোম্পানীসমূহ আৰু ব্যক্তিগত কোম্পানীসমূহে সময়ে সময়ে বণ্ডসমূহ জাৰি কৰে। নিৰ্দিষ্ট বিনিয়োগৰ সময়কাল আৰু নিৰ্দিষ্ট সুতৰ হাৰসহ এই বণ্ডসমূহ নিৰ্দিষ্ট আয়ৰ আহিলা। দীৰ্ঘম্যাদী হোৱা আৰু উচ্চ হাৰত সুত প্ৰদান কৰাৰ বাবে এইসমূহ দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হোৱাৰ বাবে উত্তম বিনিয়োগ। বীমা এনে এটা সামগ্ৰী যিয়ে পৰিয়াল এটাক আৰ্থিকভাৱে ক্ষতিপূৰণ প্ৰদান কৰি আশংকা হ্ৰাস কৰাত সহায় কৰে। যেতিয়া ইয়াৰ লগত দীৰ্ঘম্যাদী বিনিয়োগৰ সামগ্ৰী জড়িত কৰা হয় তেতিয়া ই মুদ্ৰাস্প্ৰীতিৰ প্ৰভাৱো হ্ৰাস কৰাত সহায় কৰে। উৎস: আইএনডিজি দল