প্ৰশ্নত্তোৰ ১) ব্যক্তিগত বিত্তীয় পৰিকল্পনা হাতত লোৱাৰ উদ্দেশ্যেসমূহ হ’ল: ক) আপোনাৰ উপাৰ্জন আৰু খৰচৰ সংগতি ৰখা খ) লক্ষ্য স্থিৰ কৰা আৰু সেইবোৰত উপনীত হ’বলৈ কাৰ্য্যসূচী হাতত লোৱা। গ) আপোনাৰ জীৱনটো অধিক পৰিপাটী কৰি তোলা। ২) তলত উল্লেখ কৰা কোনবোৰ বিত্তীয় সামগ্ৰীত আপুনি জৰিমনা নোহোৱাকৈ যিকোনো সময়ত ধন জমা কৰিব বা উলিয়াব পৰাৰ সুবিধা আছে। ক) ৰেকাৰিং জমা খ) বেংকৰ জমা গ) বেংকৰ হিচাপ ৩) বীমা কৰোৱাটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে ক) ই আপোনাক আপোনাৰ লক্ষ্য উপনীত হোৱাত সহায় কৰে। খ) আপোনাৰ বিত্তীয় স্থিতি সুৰক্ষিত কৰে। গ) ওপৰত উল্লেখিত দুয়োটাই। ৪) ধন ধাৰে দিয়া ব্যক্তিৰ পৰা ঋণ লোৱা কাৰ্য্যৰ বেয়া দিশসমূহ হ’লঃ ক) ঋণৰ বিপৰীতে তেওঁ আপোনাৰ পৰা আমানত বিচাৰিব পাৰে। খ) আপোনাক প্ৰয়োজন হোৱা পৰ্য্যাপ্ত ধন দিব নোৱাৰিবও পাৰে। গ) তেওঁ উচ্চ হাৰৰ সুদ বিচাৰিব পাৰে। ৫) ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰ এইকাৰণেই প্ৰতিষ্ঠা কৰা হয়। ক) কৃষিকাৰ্য্য আৰু গ্ৰামাঞ্চলৰ আন কাম-কাজৰ বাবে গাওঁবাসী ৰাইজৰ সুবিধা হোৱাকৈ পুঁজি যোগান ধৰা। খ) ক্ষুদ্ৰ জৈৱিক প্ৰকল্পৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা গ) গ্ৰামাঞ্চলৰ ৰাজনৈতিক দলসমূহলৈ পুঁজি যোগান ধৰা। ৬) যেতিয়া আপুনি এটা ঋণ ল’ব সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ক) ঋণ পৰিশোধ কৰাৰ চৰ্তসমূহ ভালদৰে বুজি লোৱা। খ) সময়তকৈ পূৰ্বে ঋণ পৰিশোধ কৰিলে পূৰ্বে পৰিশোধৰ মূল্য প্ৰদান কৰিব লাগিব নেকি পৰীক্ষা কৰা। গ) ওপৰত উল্লেখিত দুয়োটাই। ৭) নগদ ধনৰ ব্যৱস্থাপনা আৰু বিত্তীয় ব্যৱস্থাপনা- ক) দুয়োটাই ভিন্ন নামৰ একে ধাৰণা। খ) দুয়োটাৰে ফলাফল একেই পোৱা যায়। গ) দুয়োটা পৃথক কাৰণ বিত্তীয় ব্যৱস্থাপনাই আপোনাৰ লক্ষ্যত উপনীত হোৱাত আগবঢ়ায় দিয়ে। ৮) তলৰ কোনটো ধন ব্যৱস্থাপনাৰ কাৰ্য্যৰ ভিতৰত নপৰে। ক) লক্ষ্য স্থিৰ কৰা। খ) বিনিয়োগ। গ) জুৱা খেল। ৯) যদিহে আপুনি এটা টেলিভিছন কিনিবলৈ আজিৰ পৰা এবছৰলৈ ধন জমা কৰিম বুলি ভাবে তেন্তে আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ ক’ত বিনিয়োগ কৰিব। ক) এটা ৰেকাৰিং জমাত। খ) অংশিদাৰী। গ) বীমাত। ১০) এখন বাজেট প্ৰস্তুত কৰোঁতে কোনটো বিষয় বুজি পোৱাটো গুৰুত্বপূৰ্ণ? ক) আপুনি ধন উপাৰ্জন কৰা সকলো উৎস। খ) প্ৰতিমাহে আপুনি খৰছ কৰা গঢ় হিচাপ। গ) ওপৰত উল্লেখিত দুয়োটাই। ১১) যদি আপোনাৰ পৰিয়ালটো ঋণ পৰিশোধৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি ক) প্ৰথমে উচ্চ সুদৰ হাৰৰ ঋণ পৰিশোধ কৰক। খ) আপোনাৰ নিজৰ আৰু পৰিয়ালৰ বাবে কঠোৰ বাজেট এখন প্ৰস্তুত কৰক। গ) ওপৰত উল্লেখিত দুয়োটাই। উৎস: আইএনডিজি দল