পাতনি জৰুৰীকালীন অৱস্থাই কেৱল যে আপোনাৰ বিত্তীয় পৰিকল্পনা সলনি কৰিব লগা ধৰণৰ প্ৰভাৱ পেলায় তেনে নহয়। ই আপোনাৰ জীৱনটোকো সলনি কৰি পেলাব পাৰে। স্বাভাৱিকতেই আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনা সলনি কৰিব লগা হৈ পৰে। উদাহৰণস্বৰূপে, ধৰা হওঁক আপোনাৰ এটা সুন্দৰ বিত্তীয় পৰিকল্পনা আছে আৰু আপুনি অতি যত্ন সহকাৰে এইটো চলাই নিছে। এই ক্ষেত্ৰত কি হ’ব যদিহে: আপোনাৰ আন এটি সন্তান জন্ম হয়। আপুনি এনেকুৱা এটা কৰ্মসংস্থান পায় য’ত বৰ্তমানতকৈ অধিক ধন পাব। আপুনি বিদেশলৈ যোৱাৰ প্ৰস্তাৱ পাইছে। আপোনাৰ পৰিবাৰৰ কিছুমান চখ আছে যিবোৰ ভিত্তিক কৰাৰ ফলত ভাল আয় হৈছে। জীৱনত এনে আৰু বহুতো ভাল ঘটনা হ’ব পাৰে যিয়ে আপোনাৰ বিত্তীয় পৰিকল্পনাত প্ৰভাৱ পেলায় আৰু ইয়াক সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। এটা বিত্তীয় পৰিকল্পনাৰ মতে পৰিচালিত হোৱাতো এখন ঘৰ পৰিচালনা কৰাৰ দৰে কথা.....অতি ডাঙৰ মেৰামতিৰ বাবে অপেক্ষা কৰিব নালাগে। সময়ে সময়ে সৰু-সুৰা সাল-সলনিবিলাক কৰি থাকিব লাগে যাতে সদায় ভাল আকাৰত থাকে। এটা বিত্তীয় পৰিকল্পনাৰ পুনৰ্নিৰীক্ষণ এটা বিত্তীয় পৰিকল্পনা প্ৰায়েই সলনি কৰি থকাটো বেয়া আৰু বিত্তীয় পৰিকল্পনা নথকা বুলিয়েই ক’ব পাৰি। আনহাতে, আকৌ এটা বিত্তীয় পৰিকল্পনা কিমান দিনৰ পিছত পুনৰ্নিৰীক্ষণ কৰিব লাগিব তাৰো কোনো আদৰ্শ নিৰ্দিষ্ট সময়কাল নায়। প্ৰতি ছমাহ বা প্ৰতিবছৰ বা প্ৰতি দুবছৰ বা প্ৰতি পাচ বছৰৰ মূৰে মূৰে আপুনি নিজে সিদ্ধান্ত লৈ পুনৰ্নিৰীক্ষণ কৰিব লাগে। আপুনি কিমান সঘনাই আপোনাৰ বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব সেইটো কিছুমান কাৰকে নিৰ্ণয় কৰি দিয়ে: বিত্তীয় সামগ্ৰীসমূহ- আপুনি যিবোৰ বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰিছে তাৰ ধৰণসমূহ। যদিহে আপুনি বিনিয়োগ কৰা বিত্তীয় সামগ্ৰীসমূহৰ পূৰ্ণতাপ্ৰাপ্তিত কাল কম সময়ৰ বিৰতিত হয় তেন্তে আপুনি সঘনাই আপোনাৰ পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব লাগিব। লক্ষ্যসমূহ – আপুনি স্থিৰ কৰা লক্ষ্যসমূহৰ ধৰণ। যদিহে আপুনি যথেষ্ট সংখ্যক হ্ৰস্বম্যাদী লক্ষ্য স্থিৰ কৰিছে তেন্তে প্ৰতিটো লক্ষ্যত উপনীত হোৱাৰ সময়ত আপোনাৰ বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব লগা হ’ব। ব্যক্তিগত কাৰকসমূহ– যদিহে আপোনাৰ ওপৰত নিৰ্ভৰশীল লোকৰ সংখ্যা বাঢ়ে বা কমে তেন্তে আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব লাগিব। যদি আপোনাৰ উপাৰ্জন বাঢ়ে বা কমে তেন্তেও আপোনাৰ বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব লাগিব। আপোনাৰ বিত্তীয় পৰিকল্পনা জড়িতসমূহৰ পুনৰ্নিৰীক্ষণ ১) আপুনি স্থিৰ কৰা সকলোবোৰ লক্ষ্য এতিয়াও প্ৰাসংগিকনে? সেইটো সিদ্ধান্ত লওঁক- কোনোবাটো লক্ষ্যত উপনীত হোৱাৰ আগ্ৰহ আপোনাৰ নোহোৱা হৈছে নেকি? আপুনি আৰু কিবা নতুন লক্ষ্য যোগ কৰিব খোজে নেকি? ২) প্ৰতিটো লক্ষ্যৰ বাবে আপুনি পূৰ্ৱে বান্ধি লোৱা সময়সীমা এতিয়াও একেই আছেনে তাৰ সিদ্ধান্ত লওঁক। আপোনাৰ সন্তানে এতিয়াও পূৰ্ৱতে আপুনি ভবাৰ দৰে ২৫ বছৰ বয়সতে বিয়া হ’ব নে তাতোকৈ পলম হ’ব নে আগতীয়া হ’ব। ৩) আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ যিসমূহ বিত্তীয় সমল ব্যৱহাৰ কৰিছে সেইবোৰ আঁচনি মতে আগবাঢ়িছেনে? শ্বেয়াৰ বা ইকুইটি মিউচুৱেল ফাণ্ড আদি নিশ্চয়তা নোহোৱা বিনিয়োগবোৰৰ ক্ষেত্ৰত এনে বিচাৰ কৰা দৰকাৰ। নিৰ্দিষ্ট উপাৰ্জনসমূহৰ বিনিয়োগসমূহত আপুনি কিমান দিনৰ বাবে ধন বিনিয়োগ কৰিব লাগিব আৰু কিমান ধন ঘূৰাই পাব সেইটো আপুনি জানিব পাৰে। কিন্তু শ্বেয়াৰৰ ক্ষেত্ৰত আপুনি অধিক লাভ আশা কৰিব পাৰে আৰু সেইবোৰত আপুনি ভবা ধৰণে লাভ নাপাবও পাৰে। আপুনি আশা কৰা ধৰণে এইসমূহ কেনেদৰে আগবাঢ়িছে সেইটো লক্ষ্য কৰা দৰকাৰ। পৰিকল্পনাৰ পুনৰ্গঠন প্ৰয়োজন সাপেক্ষে যাতে পৰিকল্পনা পুনৰ্গঠন কৰিব পৰা যায় সেই ধাৰণালৈয়ে পৰিকল্পনাতো পুনৰ্নিৰীক্ষণ কৰা হয়। যদিহে আপুনি পুনৰ্নিৰীক্ষণ কৰাৰ পাছত উপলব্ধি কৰে যে আপোনাৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ বিত্তীয় অৱস্থাটো সন্তোষজনক নহয় তেন্তে আপুনি ইয়াক সলনি কৰাৰ প্ৰয়োজনতা আহে। পৰিকল্পনাটো সলনি কৰাত জড়িত হৈ থাকে: ১) আপুনি ইতিমধ্যেই উপনীত হোৱা লক্ষ্যসমূহ আৰু যিবোৰ লক্ষ্যত আপুনি এতিয়া আৰু উপনীত হ’ব নিবিচাৰে সেইবোৰ পৰিকল্পনা কৰা মোহাৰি পেলোৱা। নতুন লক্ষ্য সন্নিৱিষ্ট কৰাতো ইয়াত জড়িত হয়। ২) যদি প্ৰয়োজন হয় তেন্তে লক্ষ্যত উপনীত হোৱা সময়কালো সলনি কৰা। আকৌ আগৰ উদাহৰণটোলৈ আহো, যদি আপোনাৰ সন্তানে ৪ বছৰ পাছত বিয়া কৰোৱাৰ পৰিৱৰ্তে পিছৰ বছৰতে বিয়া পাতিবলৈ পৰিকল্পনা কৰে। আপুনি সেইমতে আপোনাৰ পূৰ্ৱৰ পৰিকল্পনাৰ মতেই নতুনকৈ অৰ্থৰ ব্যৱস্থা কৰিব লাগিব। যদিহে আন কোনো ধৰণৰ ব্যৱস্থা সম্ভৱ নহয় তেন্তে আপুনি বিয়াত খৰছ কৰিম বুলি আগতে পৰিকল্পনা কৰা ধনতকৈ কম ধন খৰছ কৰিব লাগিব। ৩) যদি প্ৰয়োজন হয় বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰিব লাগিব আৰু বিনিয়োগ ভাঙিব লাগিব। ধৰাহওঁক, আপুনি ৬০ বছৰ বয়সত অৱসৰ ল’ব বুলি পৰিকল্পনা কৰিছে। আপোনাৰ বিত্তীয় পৰিকল্পনা মতে আপোনাৰ ৫৫ বছৰ বয়সৰ পৰা ক্ৰমান্বয়ে ষ্টক মাৰ্কেটৰ পৰা ধন ঘূৰাই পোৱাৰ ব্যৱস্থা আছে আৰু কিছুমান নিৰ্দিষ্ট আয়ৰ সামগ্ৰীটো বিনিয়োগ কৰা হৈছে। আপোনাৰ ধন যাতে সুৰক্ষিত থাকে তাৰ বাবে এনে ব্যৱস্থা লৈছিল। ধৰাহ’ল, আপোনাৰ ৫৩ বছৰ বয়সত দৃঢ় বিশ্বাস হ’ল যে আগত ৫ বছৰত ষ্টক মাৰ্কেটৰ মূল্য নিম্নগামী হ’ব। সেইবাবেই আপুনি ষ্টক মাৰ্কেটৰ পৰা বিনিয়োগ আনিবলৈ আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ভাৱ হয় যে বৰ্তমানে সুতৰ হাৰ বৃদ্ধি পাই গৈছে তেন্তে শ্বেয়াৰৰ পৰা সংগ্ৰহীত বুজন পৰিমাণৰ ধন আপুনি ফিক্স ডিপজিটত থৈ সুৰক্ষা আৰু উচ্চ সুত লাভেৰে লাভান্বিত হ’ব পাৰে। বিত্তীয় পৰিকল্পনাক পুনৰ্গঠন কৰাতো এটা জটিল অভ্যাস। যদিহে আপোনাৰ বিত্তীয় পৰিকল্পনা নিসন্দেহপূৰ্ণভাৱে পুনৰ্গঠনৰ প্ৰয়োজন হয় তেতিয়াহে এই কাৰ্য্য হাতত ল’ব লাগে। অপ্ৰয়োজনত বিত্তীয় পৰিকল্পনাত হস্তক্ষেপ কৰিলে ইয়াৰ পৰা পাব পৰা দীৰ্ঘম্যাদী ফলাফলসমূহ নষ্ট হ’ব পাৰে। সাৰাংশ জীৱনটোত বহুবোৰ ঘটনা ঘটিব পাৰে-কিছুমান সংকটময় আৰু আন কিছুমান সুখৰ-এইবোৰে আপোনাৰ বিত্তীয় পৰিকল্পনাত প্ৰভাৱ পেলাব পাৰে আৰু সেইবাবে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰাৰ কোনো আদৰ্শগত নিৰ্দিষ্ট সময় নায়। আপুনি যিমান সঘনাই ইচ্ছা কৰে বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব পাৰে। আপুনি বিনিয়োগ কৰা বিত্তীয় সামগ্ৰী, আপুনি স্থিৰ কৰা লক্ষ্যৰ ধৰণ আৰু আপোনাৰ ব্যক্তিগত কাৰকসমূহ সলনি হোৱাটোৱে কিমান সঘনাই বিত্তীয় পৰিকল্পনা পুনৰ্নিৰীক্ষণ কৰিব সেইটো নিৰ্ভৰ কৰে। আপোনাৰ লক্ষ্যসমূহ, সময়্সীমা আৰু বিত্তীয় সামগ্ৰী বৰ্তমানেও প্ৰাসংগিক বুলি সিদ্ধান্ত লোৱাটোও বিত্তীয় পৰিকল্পনাৰ পুনৰ্নিৰীক্ষণত জড়িত হৈ থাকে। লক্ষ্য যোগ দিয়া আৰু বিয়োগ কৰা, প্ৰয়োজনসাপেক্ষে লক্ষ্যৰ সময়সীমা সলনি কৰা, প্ৰয়োজনসাপেক্ষে বিনিয়োগ কৰা আৰু বিনিয়োগ উলিয়াই অনা আদিবোৰ বিত্তীয় পৰিকল্পনাৰ পুনৰ্গঠনত জড়িত হৈ থাকে। উৎস: আইএনডিজি দল