পাতনি পিছৰবাৰ কৰিমৰ চাইবাৰ কাফেত বিনোদ আৰু কৰিম লগালগি হ’ল। কৰিমে যি ধৰণে ব্যৱসায়টো কৰিছে সেইটোৱে বিনোদৰ মনত গভীৰ ৰেখাপাত কৰিলে। তাত মুঠতে ১২ টা কম্পিউটাৰ আছে আৰু সকলো কেইটাতে ব্ৰড বেণ্ড ইন্টাৰনেট সংযোগ আছে। ডাঙৰ নগৰৰ চাইবাৰ কাফে বোৰৰ দৰেই ভিতৰখন আৰামদায়ক আৰু আকৰ্ষণীয়। “প্ৰথমদিনাৰ পৰাই কিমান যে সফলতাৰ মুখ দেখিছো তুমি কল্পনাই কৰিব নোৱাৰা।” কৰিমে গৰ্বৰে ক’লে। “ই-মেইল পঠিয়াবলৈ আৰু দেশৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত থকা পৰিয়াল আৰু বন্ধুৰ লগত সম্পৰ্ক ৰাখিবলৈ গাওঁখনৰ প্ৰায়বোৰ মানুহেই ইয়ালৈ আহে। যুৱক-যুৱতীসকলে ঘন্টাৰ পিছত ঘন্টা ফেচবুকত সময় কটায়।” “গাঁৱৰ ঘৰলৈ ঘূৰি আহি ইয়াত চাইবাৰ কাফে খোলাতো তোমাৰ বুদ্ধিমত্তাৰ পৰিচয়।” বিনোদে ক’লে। “চিন্তাটো মোৰেই যদিও নাচৰিনৰ সহায় নহ’লে মই অকলে কৰিব নোৱাৰিলো হেতেঁনে আৰু মোৰ গোটেই পৰিয়ালটোৱে সহযোগ কৰিছে।” কৰিমে বিনোদক জনালে যে ব্যৱসায়টো কৰিবৰ বাবে তেওঁ আৰু নাচৰিনে এটা ঋণ লৈছে। নাচৰিনৰ দৰমহাৰ পৰা ঋণ পৰিশোধ কৰে আৰু মাজে-মাজে ব্যৱসায়টোৰ পৰা হোৱা লাভৰ কিছু ধনো পৰিশোধ কৰে। বিহুৰ আগতে তেওঁলোকে ঋণৰ সম্পূৰ্ণ ধন পৰিশোধ কৰিব পাৰিব। “আমি নাচৰিনৰ সম্পূৰ্ণ ধন আৰু ব্যৱসায়ৰ পৰা হোৱা লাভৰ গোটেইখিনি ধন ঋণ পৰিশোধত ব্যৱহাৰ কৰিবলৈ পাৰিছো কাৰণ আব্বু আৰু আম্মাৰ সহযোগ আছে। আব্বুৰ হাৰ্ডওৱেৰ দোকানখনৰ পৰাই দৈনন্দিন ঘৰুৱা খৰছবিলাক কৰিব পৰা যায় আৰু নাচৰিনে যেতিয়া বিদ্যালয়লৈ যায় বা চাইবাৰ কাফেলৈ আহে তেতিয়া আম্মীয়ে নাজিয়াৰ যত্ন লয়”। “ময়ো এনে যথেষ্ট নমনীয়তা থকা কিবা আৰম্ভ কৰিব বিচাৰো য’ত অধিক সময় তোমাৰ দৰে পৰিয়ালৰ সৈতে থকাৰ সুযোগ পাওঁ.....” বিনোদে ক’লে। “বন্ধু, তুমি ভাল কামেই কৰি আছা। তুমি যি কাম কৰি আছা তাত আশংকা নূন্যতম। আৰু মোৰ কেতিয়াবা ভাবি বেয়া লাগে যে মোৰ পৰিবাবেও যথেষ্ট কষ্ট কৰিব লগা হৈছে। যদিও তেওঁ মোক প্ৰায়ে কৈ থাকে যে তেওঁ কাম কৰি আনন্দ পাইছে আৰু তুমি এইটো পাহৰি নাযাবা যে তোমাৰ কোম্পানীয়ে তোমাক বন্ধৰ দিন দিছে আৰু কিছুমান দীৰ্ঘম্যাদী লাভালাভ প্ৰদান কৰিছে যিবোৰ মোৰ বাবে কেৱল সপোনহে। যদি ঈশ্বৰে কৰে তেন্তে ময়ো ব্যৱসায়টোৰ পৰা অৱসৰকালীন পুঁজি পাম....”। বিত্তীয় পৰিকল্পনাৰ মূখ্য দিক নিৰ্ণায়কসমূহ বিত্তীয় পৰিকল্পনাৰ সমগ্ৰ ধাৰণাটোৰ পিছত দুই বন্ধুৱে এটা সিদ্ধান্তত উপনীত হ’ল যে বিত্তীয় পৰিকল্পনাৰ অভ্যাস হাতত লোৱাৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে: বিত্তীয় পৰিকল্পনা এনে এটা অভ্যাস যিটো প্ৰতিজন মানুহৰ বাবে একক আৰু উপযোগী হ’ব লাগে- আমি কোনো এজন লোকৰ বিত্তীয় পৰিকল্পনা এটা নকল কৰি ব্যৱহাৰ কৰিব নোৱাৰো। আমাৰ বিত্তীয় পৰিকল্পনা আমাৰ একক ব্যক্তিগত কাৰকসমূহ আৰু আমাৰ চাৰিওকাষৰ বাহ্যিক কাৰকসমূহৰ ভিত্তিত হ’ব লাগে। এটা বিত্তীয় পৰিকল্পনা সৰল হ’ব লাগে- প্ৰতিটো লক্ষ্যত উপনীত হ’ব পৰাকৈ কেইটামান বিত্তীয় সামগ্ৰী থাকিব লাগে। উদাহৰণস্বৰূপে, কৰিমে ব্যৱসায়টোৰ বাবে কিছু পৰিমাণৰ ধন দেউতাকৰ পৰাও ল’ব পাৰিলেহেতেঁন। কিন্তু তেওঁ ঋণ পৰিশোধৰ বাবে কেৱল পৰিবাৰৰ দৰমহাতোহে ব্যৱহাৰ কৰিলে। আমি সদায় বাস্তৱিক লক্ষ্য গ্ৰহণ কৰিব লাগে- চাইবাৰ কাফে খনে যে কৰিমক ধন উপাৰ্জনৰ পথ উলিয়াই দিব সেই সম্পৰ্কে কৰিম দৃঢ়বিশ্বাসী। সেইবাবেই ঋণৰ ধন পৰিশোধ কৰিবলৈ নাচৰিনৰ দৰমহা প্ৰথম অৱস্থাত ব্যৱহাৰ কৰিছিল যদিও ব্যৱসায়ৰ লাভেৰে ঋণ পৰিশোধ কৰিব পৰা হ’ল। পৰ্য্যাপ্ত পৰিমাণৰ সান-মিহলি বিত্তীয় সামগ্ৰী থকাতো আমি নিশ্চিত কৰিব লাগে-যেতিয়াই আমি এটা লক্ষ্যৰ বাবে পৰিকল্পনা কৰো, বিশেষকৈ এটা দীৰ্ঘম্যাদী লক্ষ্যৰ ক্ষেত্ৰত ভিন্ন ধৰ্মী তত্ব ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ আমাৰ ধনসমূহ অধিক আশংকাযুক্ত আৰু কম আশংকাযুক্ত বিনিয়োগ সামগ্ৰীত সিঁচৰিত হৈ থাকিব লাগে। কাৰণ অধিক আশংকাযুক্ত সামগ্ৰীয়ে ভাল পৰিমাণৰ ধন ঘূৰাই দিয়াৰ সম্ভাৱনা থাকে আৰু কম আশংকাযুক্ত সামগ্ৰীয়ে কম পৰিমাণৰ ধন ঘূৰাই দিলেও আমাৰ ধন যে নিৰাপদে থাকে তাৰ নিশ্চয়তা প্ৰদান কৰে। ব্যক্তিগত কাৰকসমূহ বিভিন্ন পৰিস্থিতিত কেনেদৰে আশংকাৰ পৰ্য্যায় ভিন্ন ৰূপ লয় আৰু তাৰ ফলত কেনেকৈ তেওঁলোকৰ বিত্তীয় পৰিকল্পনাৰ অভ্যাসত ভিন্নতা আহে সেই বিষয়ে কৰিমে বিনোদক বৰ্ণনা কৰিলে। বিপদৰ অভিব্যক্তি: কিছুমান ব্যক্তিয়ে আনতকৈ স্বাভাৱিকভাৱেই বিপদৰ আশংকা বেছিকৈ গ্ৰহণ কৰিব পাৰে। যদি আমি ভাৱো যে আমি বিপদৰ পৰা আতঁৰি থাকিব লাগে। অৰ্থাৎ আমাৰ বিত্তীয় পৰিকল্পনাই বিপদ গ্ৰহণ কৰিবলৈ বাধ্য কৰিবলৈ বিচাৰিলেও বেছি আশংকাযুক্ত সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকা উচিত। সৰুৰে পৰাই কৰিমে বিনোদতকৈ বেছি বিপদ গ্ৰহণ কৰিব পাৰিছিল আৰু তাৰ ফলতেই কৰিমে আশংকাযুক্ত ব্যৱসায়ত নামি পৰিল আৰু বিনোদে কোম্পানীত চাকৰি কৰাৰ সিদ্ধান্ত ল’লে। বয়স: বিনিয়োগৰ সামগ্ৰী চিনাক্ত কৰাৰ ক্ষেত্ৰত বয়স এটা গুৰুত্বপূৰ্ণ কাৰক। যুৱ অৱস্থাত আমি অধিক আশংকাযুক্ত সামগ্ৰী পছন্দ কৰিব পাৰো কিয়নো আমাৰ হাতত যথেষ্ট সময় থাকে। আশংকাযুক্ত বিনিয়োগে সাধাৰণতে দীৰ্ঘম্যাদী সময়ত ভাল ফল দিয়ে। তথাপিও যদি যুৱ অৱস্থাত কিবা বেয়াৰ ফাললৈ যায় আৰু আমি আমাৰ কিছু পৰিমাণৰ মূলধন হেৰুৱাও তেন্তে আমি পুনৰ আৰ্জিবলৈ সময় পাম। কিন্তু বৃদ্ধাৱস্থাত কম লাভজনক হ’লেও বিপদশূন্য সামগ্ৰীতে বিনিয়োগ কৰিব লাগে। সেইকাৰণেই হয়তো কৰিমে গাঁৱত চাইবাৰ কাফেৰ দৰে নতুন আৰু আশংকাযুক্ত ব্যৱসায়ত দেউতাকে বিনিয়োগ কৰাতো আশা কৰা নাছিল। নিৰ্ভৰশীল ব্যক্তিৰ সংখ্যা: বিনোদেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি। সেয়েহে তেওঁৰ উপাৰ্জনক লৈ আশংকাযুক্ত কামত হাত দিব নোৱাৰে। আনহাতে কৰিমে তেওঁৰ পৰিবাৰৰ উপাৰ্জন আৰু তেওঁৰ দেউতাক, ভায়েকৰ উপাৰ্জনৰ সহায় পাইছে। সেয়েহে তেওঁ যেতিয়া বিনিয়োগ কৰে তেতিয়া কিছু আশংকা মূৰ পাতি ল’ব পাৰে। উপাৰ্জনৰ স্তৰ, শিক্ষা, অভিজ্ঞতা আদি ধৰণৰ কাৰকবোৰৰ ওপৰতো এজন ব্যক্তিয়ে বিনিয়োগ কৰোতে কিমান আশংকা মূৰ পাতি ল’ব পাৰিব সেই কথা নিৰ্ভৰ কৰে। বাহ্যিক কাৰকসমূহ আমাৰ একক, ব্যক্তিগত পৰিস্থিতিৰ উপৰিও আমাৰ চৌকাষৰ বহুবোৰ কাৰকে বিত্তীয় পৰিকল্পনাৰ অভ্যাস আৰু আমি বিনিয়োগ কৰা বিত্তীয় সামগ্ৰীসমূহক প্ৰভাৱিত কৰে। ইয়াৰে কিছুমান হ’ল- দেশৰ আৰ্থিক বিকাশ: দেশখনে এটা অৰ্থনৈতিক বৃত্তৰ মাজেৰে গতি কৰে। অৰ্থাৎ কেইটামান বছৰ দেশত আৰ্থিক বিকাশৰ হাৰ উন্নত হয় আৰু পিছৰ কেইটামান বছৰ আৰ্থিক বিকাশৰ গতি লেহেমীয়া হয়। যদিহে দেশখনত এই দিশত ভাল বৃদ্ধি হয় তেন্তে ব্যৱসায়ো ভাল হয় ফলত অংশিদাৰী বজাৰৰ মূল্যও বৃদ্ধি পায়। আনহাতে সুতৰ হাৰ আৰু মুদ্ৰাস্ফীতিও বৃদ্ধিয়েও নিয়ন্ত্ৰণত থাকে। আনহাতে দেশৰ আৰ্থিক অৱস্থা যেতিয়া তলৰ ফালে গতি কৰে তেতিয়া অংশিদাৰি বজাৰৰ মূল্যও কমি আহে আৰু সুতৰ হাৰ আৰু মুদ্ৰাস্ফীতিও বৃদ্ধি হয়। ৰাজনৈতিক অৱস্থা: যেতিয়া এখন দেশত ৰাজনৈতিক অৱস্থা সুস্থিৰ হৈ থাকে। তেতিয়া আৰ্থিক স্থিতিৰো উন্নতি হয়। যদিও বিকাশ আৰু সামাজিক বিষয়সমূহ সমানে গুৰুত্বপূৰ্ণ তথাপিও কিছুমান ৰাজনৈতিক দলে বিকাশক সামাজিক বিষয়সমূহতকৈ বেছি গুৰুত্ব প্ৰদান কৰে। ফলস্বৰূপে তেনে ৰাজনৈতিক দল ক্ষমতালৈ আহিলে অংশিদাৰি ব্যৱসায় আৰু আন বিত্তীয় সামগ্ৰীৰ কৃতকাৰ্য্যতাৰ ওপৰত প্ৰভাৱ পেলায়। সুতৰ হাৰ: বেংক আৰু আন ধন ধাৰে দিয়া প্ৰতিষ্ঠানসমূহে ব্যৱসায়ৰ বাবে যি হাৰত ধন ধাৰে দিয়ে বা লয় তাৰ ওপৰত সুতৰ হাৰ নিৰ্ভৰ কৰে। যেতিয়া কোনো ব্যৱসায় কৰা লোকে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ অধিক ধন ধাৰে লয় তেতিয়া বজাৰত সুতৰ হাৰ সাধাৰণতে বৃদ্ধি পায়। মুদ্ৰাস্ফিতিয়েও সুতৰ হাৰক প্ৰভাৱিত কৰে। যেতিয়া মুদ্ৰাস্ফীতি বৃদ্ধি পায় তেতিয়া মুদ্ৰাস্ফীতি নিম্নতৰ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সুতৰ হাৰ বৃদ্ধি কৰিব পাৰে। আন কিছুমান কাৰকেও সুতৰ হাৰক প্ৰভাৱিত কৰে। মুদ্ৰাস্ফীতি: বহলভাৱে মূল্যবৃদ্ধিকে মুদ্ৰাস্ফীতি বুলি ক’ব পাৰি। যেতিয়া মুদ্ৰাস্ফীতি আৰু সুতৰ হাৰ দুয়োটাই বৃদ্ধি পায় তেতিয়া ব্যৱসায়ত লাভৰ পৰিমাণ কম হয় আৰু ফলশ্ৰুতিত ষ্টক এক্সচেঞ্জত মূল্য নিম্নগামী হয়। ইয়াৰ ওলোটাও হ’বগৈ পাৰে। মুদ্ৰাস্ফীতিয়ে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যৰ পৰিকল্পনাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যদি মুদ্ৰাস্ফীতি বৃদ্ধি পায় তেন্তে ভৱিষ্যতে থকা লক্ষ্যত খৰছ বৃদ্ধি হ’ব পাৰে আৰু সেইবাবেই আমি পুনৰ বিনিয়োগ কৰিব লগা হ’ব পাৰে। ইয়াৰ ওলোটাও হ’বগৈ পাৰে। বিশ্বজনিন অৱস্থা: বহুবোৰ বিশ্বজনিন কাৰকে আমাৰ অৰ্থনীতিত প্ৰভাৱিত কৰে। যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বৃদ্ধি পায় আমিও তেলৰ মূল্য বেছিকৈ ভৰিব লগা হয়। ই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মুদ্ৰাস্ফীতি উৰ্ধগামী কৰি তোলে। যিহেতু ভাৰত আৰু বিশ্বৰ আন দেশৰ মাজত বিনিয়োগৰ যোগেৰে ধন প্ৰবাহিত হয় সেয়েহে যদি কোনোবাখন দেশে সমস্যাৰ সন্মুখীন হয় তেতিয়া ভাৰতত তেওঁলোকৰ বিনিয়োগত প্ৰভাৱ পৰে। ফলস্বৰূপে, বিশ্বৰ অৰ্থনীতিত আমাৰ ষ্টক মাৰ্কেটৰ মূল্য উঠা-নমা কৰে শেষত ব্যৱসায়ত ইয়াৰ প্ৰভাৱ পৰে। সাৰাংশ যেতিয়া আমি বিত্তীয় পৰিকল্পনাৰ কাম হাতত লওঁ তেতিয়া আমি মনত ৰাখিব লাগে যে বিত্তীয় পৰিকল্পনা এনে এটা অভ্যাস যিটো প্ৰতিজন ব্যক্তিৰ বাবে একক আৰু উপযোগী হ’ব লাগে। এটা বিত্তীয় পৰিকল্পনা সৰল হ’ব লাগে। লক্ষ্য সদায় বাস্তৱ সন্মত হ’ব লাগে। আমাৰ বিনিয়োগসমূহ পৰ্য্যাপ্ত পৰিমাণৰ সান-মিহলি বিত্তীয় সামগ্ৰীত হোৱাটো নিশ্চিত কৰিব লাগে। এজন ব্যক্তিয়ে কিমান আশংকাৰ ভৰ ল’ব লাগিব সেইটো তেওঁৰ ব্যক্তিগত অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। বিপদৰ অভিব্যক্তি, বয়স, নিৰ্ভৰশীল ব্যক্তিৰ সংখ্যা, জ্ঞান আৰু শিক্ষাৰ স্তৰ, উপাৰ্জনৰ স্তৰ আদিবোৰ ইয়াৰ ভিতৰত পৰে। এজন ব্যক্তিৰ বিত্তীয় পৰিকল্পনাৰ অভ্যাস এইসমূহ কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। আমাৰ চাৰিওকাষে থকা বিভিন্ন কাৰকে আমাৰ বিত্তীয় পৰিকল্পনাৰ অভ্যাস আৰু আমি বিনিয়োগ কৰা বিত্তীয় সামগ্ৰীৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ ভিতৰত কেইটামান হ’ল দেশৰ অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক অৱস্থা, সুতৰ হাৰ, মুদ্ৰাস্ফীতি, বিশ্বজনিন অৱস্থা ইত্যাদি। জৰুৰীকালীন অৱস্থাৰ সন্মুখীন জীৱনটোৰ ভৱিষ্যতবাণী কেতিয়াও কৰিব নোৱাৰি। আজি যদি সকলো পৰিকল্পনা মতে হৈ আছে কালি হঠাতে অভাৱনীয়ভাৱে কিবা ঘটি যাব পাৰে, যাৰ ফলত আপোনাৰ পৰিকল্পনাৰ ভেটিও সলনি হৈ যাব পাৰে। যদি এনে অৱস্থা হয় তেন্তে বাজেটৰ ওপৰত কি প্ৰভাৱ পৰিব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সক্ষমতাৰ ওপৰত ই কেনে প্ৰভাৱ পেলাব? উদাহৰণস্বৰূপে, দীনেশ আৰু মীৰাৰ ঘটনা এটা লোৱা হ’ল। এই যুৱ দম্পত্তিয়ে তেওঁলোকৰ নিজা ঘৰৰ পৰা দূৰৈৰ এখন সৰু চহৰত অকলশৰে বাস কৰে। দীনেশে এটা কোম্পানীত হিচাপ পৰীক্ষক হিচাপে কাম কৰে আৰু মীৰা গৃহিণী। তেওঁলোকৰ এতিয়ালৈকে সন্তান হোৱা নাই। দীনেশৰ মাক-দেউতাক তেওঁলোকৰ গৃহ নগৰত থাকে। তেওঁৰ দেউতাক অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। তেওঁলোকে এক বিনম্ৰ জীৱন যাপন কৰে। তেওঁলোকৰ কোনো ধৰণৰ জটিল বিত্তীয় অৱস্থাৰ সৃষ্টি হোৱা নাই আৰু সদায় আৰামদায়ক জীৱন পাৰ কৰিছে। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ গাড়ী-মটৰ নাই বা ব্যয়বহুল ভ্ৰমণ বা ডাঙৰ উৎসৱত খৰছ কৰিব পৰা ধনো নাই। তেওঁলোকৰ ২৫ বছৰীয়া বিবাহ উৎসৱ সমাগত। দীনেশ আৰু মীৰাই মাক-দেউতাকক এখন নেন’ গাড়ী উপহাৰ দি চমকিত কৰিব বুলি ভাবিছে। এই যুৱ দম্পত্তি তেওঁলোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কে সচেতন আৰু কেনেকৈ সোনকালে তেওঁলোকে লক্ষ্যত উপনীত হ’ব পাৰে সেইটোও জানে। সেইবাবেই তেওঁলোকে যোৱা ৩ বছৰৰ পৰা ধন সাঁচিছে আৰু নিয়মীয়াকৈ এটা ৰেকাৰিং জমাত বিনিয়োগ কৰি আহিছে। দীনেশৰ মাক দেউতাকৰ বিবাহ বাৰ্ষিকীৰ ৬ মাহৰ পূৰ্বে এই ৰেকাৰিং জমাৰ ম্যাদ সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে মুঠ ১ লাখ ৫০ হাজাৰ টকা ঘূৰাই পাব। এদিন হঠাতে তেওঁলোকে দীনেশৰ মাকৰ পৰা এটা ফোন পালে যে দেউতাকৰ ষ্ট্ৰোক হৈছিল আৰু বৰ্তমানে ঠিকে আছে যদিও চিকিৎসকে তেওঁৰ কিবা ৰক্তবাহী নলী বন্ধ হৈ আছে নেকি সেইটো পৰীক্ষা কৰিবৰ বাবে এনজিঅ’গ্ৰাফী কৰিবলৈ পৰামৰ্শ দিছে। দীনেশ আৰু মীৰাই মাক দেউতাকক তেওঁলোকৰ নগৰলৈ আহি তাতে পৰীক্ষাবোৰ কৰাবলৈ জোৰ কৰিলে। ইয়াৰ পিছত দীনেশৰ দেউতাকৰ ৰক্তবাহী নলী বন্ধ থকাটো পৰীক্ষাত ধৰা পৰিল আৰু চিকিৎসকে সফলতাৰে এনজিঅ’প্লাষ্টি কৰি সেই বন্ধ পথ মুকলি কৰিলে। দীনেশৰ দেউতাকৰ স্বাস্থ্য বীমা আছিল। তথাপিও ইয়াৰ পৰা পোৱা ধন চিকিৎসাৰ সকলো খৰছৰ বাবে পৰ্য্যাপ্ত নহয়। দীনেশে মাক দেউতাকক উপহাৰ হিচাপে দিব খোজা গাড়ীৰ বাবে জমা কৰা ধনৰ পৰা চিকিৎসাৰ বাবে খৰছ হোৱা বাকী অংশ ধন প্ৰদান কৰিলে। মীৰা আৰু দীনেশে ইমান দিন পইছা জমা কৰা কথাটোৰ বাবে নিজকে ভাগ্যৱান বুলি ভাবিলে। কিয়নো এনে নকৰা হ’লে চিকিৎসাৰ খৰছৰ বাবে তেওঁলোকে ঋণ ল’ব লগা হ’লহেতেন। তেওঁলোকে গাড়ী এখন কিনি মাক দেউতাকক উপহাৰ দিবলৈ পুনৰ ধন জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এই সৰু ঘটনাৰ পৰা লাভ কৰা পাঠটো হ’ল: ১) বিত্তীয় পৰিকল্পনা জৰুৰীকালীন অৱস্থাতো ব্যাহত হ’বলৈ দিব নালাগে। ইয়াক যত্ন সহকাৰে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ সলনি কৰি লব লাগে। পিছত ইয়াক পুনৰ পূৰ্বৰ লক্ষ্যৰ দিশত লৈ আনিব পৰা যাব পাৰে। ২) সদায়ে জৰুৰীকালীন অৱস্থাৰ বাবে কিছু পৰিমাণৰ ধন আচুতীয়াকৈ জমা কৰি ৰাখিব লাগে। কিয়নো এনে পৰিস্থিতি কেতিয়া সৃষ্টি হয় কোনেও ক’ব নোৱাৰে। জৰুৰী অৱস্থাৰ বাবে মুখামুখী হোৱাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্য বীমা কৰা আৰু উপাৰ্জন কৰা মূল ব্যক্তিজনৰ যথেষ্ট পৰিমাণৰ জীৱন বীমা কৰোৱা। বিশেষকৈ স্বাস্থ্য আৰু দূৰ্ঘটনা বীমাৰ লগতে সদায় পৰ্য্যাপ্ত বীমা ক্ৰয় কৰিব লাগে। প্ৰতিবছৰে সামান্য ধন খৰছ কৰি আপুনি নিজকে সুৰক্ষা প্ৰদান কৰাৰ ফলত আপুনি যত্ন সহকাৰে কৰা বিত্তীয় পৰিকল্পনাত আপোনাৰ চিকিৎসালয়ৰ খৰছে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। ধনৰ লেনদেন/ঋণৰ সমস্যা বা বিত্তীয় জৰুৰী অৱস্থা প্ৰায় সকলো পৰিয়ালৰে ঋণ লোৱা ধন বছৰৰ পিছত বছৰ অনাদায় হোৱাৰ সমস্যা থাকে। এনে ঋণসমূহৰ সুতো দিনক দিনে বৃদ্ধি পায় গৈ থাকে আৰু এটা সময়ত পৰিয়ালৰ বাজেটত এই ঋণটোৱে মূল বিষয়বস্তু হৈ পৰে। তলত গ্ৰহণ কৰিব পৰা কেইটামান পদক্ষেপ উল্লেখ কৰা হ’ল- ১) কম সুতত ঋণ লৈ পূৰ্বৰ ঋণ পৰিশোধ কৰক: বীৰেণৰ দৰে ক্ষেত্ৰত কিছুমান লোকে অতি উচ্চ হাৰত ঋণৰ সুত লয়। যেতিয়া তেওঁলোকে ঋণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সুতে-মূলে ঘূৰাই দিব নোৱাৰে তেতিয়া সেই সময়সীমা বৃদ্ধি কৰা হয়। কিন্তু সময়সীমা বৃদ্ধি কৰাৰ লগে লগে আপুনিও শেষত অতি বেছি পৰিমাণৰ সুত প্ৰদান কৰিব লগা হয়। বহু কষ্ট কৰি পৰিয়ালসমূহে সুতখিনিৰ প্ৰদান কৰিব পাৰিলেও মূলধন ঘূৰাই দিব নোৱাৰে। এনে ধৰণৰ ক্ষেত্ৰত ঋণ দিওঁতা লোকজনৰ পৰা লোৱা সম পৰিমাণৰ ধন আপোনাৰ অঞ্চলৰ কোনো বেংক বা ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য প্ৰদান কৰা প্ৰতিষ্ঠানে ঋণ দিব পাৰে নেকি সেইটো বিচাৰ কৰক। যদি তেওঁলোকে আপুনি বিচৰা পৰিমাণৰ এটা অংশহে প্ৰদান কৰিব পাৰে তেন্তে আপুনি ঋণ দিয়া ব্যক্তিৰ ঋণৰ পৰা আংশিকভাৱে মুক্ত হ’ব পাৰিব। ২) উচ্চ হাৰৰ সুত থকা ঋণ প্ৰথমতে ঘূৰাই দিয়ক: যদি আপুনি সকলোবোৰ ঋণ একেসময়তে ঘূৰাই দিব নোৱাৰে তেন্তে যিবোৰ ঋণৰ বিপৰীতে আপুনি অধিক সুত প্ৰদান কৰি আছে তেনে ঋণবোৰ প্ৰথমে পৰিশোধ কৰক। ইয়ে আপোনাৰ ঋণৰ বোজা বহু পৰিমাণে পাতল কৰিব। ৩) আপোনাৰ নিজৰ আৰু পৰিয়ালৰ বাবে সঠিক আৰু কঠোৰ বাজেট প্ৰস্তুত কৰক: কোনো লোকেই ঋণসহ জীৱন কটাব নিবিচাৰে। আপোনাৰ উপাৰ্জনৰ অতি কমেও ৩০ শতাংশ আৰু ততোধিক ধন আপুনি আপোনাৰ ঋণ পৰিশোধত খৰছ কৰক। তাৰ পিছতহে বাকী থকা ধনখিনি ঘৰুৱা খৰছৰ বাবে ব্যৱহাৰ কৰক। ঘৰুৱা খৰছৰ ভিতৰতো অত্যাৱশ্যকীয় (খাদ্য, বিদ্যালয়ৰ মাচুল, ঔষধ) খৰছসমূহ ক্ৰম অনুসৰি তালিকাভুক্ত কৰক আৰু যিমান সম্ভৱ হয় আপুনি আৰু আপোনাৰ পৰিয়ালক বিনোদন, উৎসৱ আৰু আলহীৰ খৰছ আদিৰ পৰা আতঁৰাই ৰাখক নতুবা নূন্যতম কৰক। ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নকৰালৈকে এনেদৰেই চলিবলৈ চেষ্টা কৰক। আপোনাৰ বাজেট সঠিকভাৱে ৰখাৰ নিয়মটো হ’ল আপোনাৰ এবছৰ আৰু ছমাহৰ উপাৰ্জনতকৈ ঋণ যাতে কেতিয়াও অধিক নহয় সেই বিষয়টো নিশ্চিত কৰা। লগত এইটোও নিশ্চিত কৰিব লাগে যে আপোনাৰ ঋণ আৰু সুতৰ বাবে প্ৰতিমাহে পৰিশোধ কৰিব লগা ধনৰ পৰিমাণ যাতে আপোনাৰ মাহিলী উপাৰ্জনতকৈ শতকৰা ৪০ শতাংশতকৈ অধিক নহয়। এইটো সৰ্বোচ্চ সীমা আৰু আপুনি সেই সীমাৰ ভিতৰত থাকিবলৈ চেষ্টা কৰা উচিত। সকলোতকৈ উত্তম সতৰ্কতামূলক ব্যৱস্থা হ’ল আপুনি ঋণ লৈ আপোনাৰ লক্ষ্যত উপনীত হোৱাতকৈ জমা কৰাটো ভাল। সাৰাংশ চাৰিটা মূল অভ্যাসৰ যোগেৰে বাজেট প্ৰস্তুত হয়। বিভিন্ন উৎসৰ পৰা কিমান ধন উপাৰ্জন হৈছে। সেইটো বিচাৰ কৰা। গড় হিচাপে প্ৰতিমাহে আপুনি কিমান খৰছ কৰে সেইটো হিচাপ কৰি উলিওৱা। প্ৰতি বছৰে আপুনি কিমান পৰিমাণৰ সম্পত্তি সংগ্ৰহ কৰিলে সেইটো হিচাপ কৰি উলিয়াওক। আপোনাৰ পৰিশোধ কৰিব লগা ধন কিমান আছে আৰু কিমান পৰিমাণৰ ধন আপোনাক প্ৰয়োজন হ’ব সেইটো নিৰ্ণয় কৰক। বছৰেপ্ৰতি বাজেটৰ মূল নীতি সলনি হ’ব পাৰে। আগতে মানুহে উপাৰ্জনৰ পৰা প্ৰথমে খৰছ কৰিছিল। তাৰ পিছত যিখিনি থাকে সেইখিনি জমা কৰিছিল। এতিয়া বিষয়টো ওলোটা হৈ পৰিছে। এতিয়া সঞ্চয়েই হ’ল উপাৰ্জনৰ প্ৰথম খৰছ। কোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত বিত্তীয় পৰিকল্পনা যাতে ব্যাহত নহয় তাৰ ব্যৱস্থা ৰাখিব লাগে, এনে অৱস্থাৰ লগত খাপ খোৱাকৈ আন ব্যৱস্থা কৰিব লাগে। পিছলৈ ইয়াক লক্ষ্যৰ পিনে ধাল খুৱাব পৰা যাব পাৰে। জৰুৰীকালীন অৱস্থাৰ বাবে সদায় কিছু পৰিমাণৰ ধন আচুতীয়াকৈ থ’ব লাগে। কেতিয়া এনে অৱস্থাৰ সৃষ্টি হয় কোনেও নাজানে। জৰুৰী অৱস্থাৰ বাবে মুখামুখী হোৱাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্যবীমা কৰোৱা আৰু উপাৰ্জন কৰা ব্যক্তিজনৰ বাবে যথেষ্ট পৰিমাণৰ জীৱন বীমা কৰোৱা। যেতিয়া এটা পৰিয়াল ঋণ পৰিশোধৰ সমস্যাৰ সন্মুখীন হয়। তেতিয়া কিছুমান ব্যৱস্থা ল’ব লগা হব পাৰে: বৰ্তমানে থকা সুততকৈ কম সুতত ঋণ লৈ পূৰ্বৰ ঋণ পৰিশোধ কৰিব পাৰি নেকি সেই বিষয়ে বিচাৰ কৰিব লাগে। উচ্চ হাৰৰ সুত থকা ঋণ প্ৰথমেই পৰিশোধ কৰিব লাগে। আপোনাৰ আৰু পৰিয়ালৰ বাবে এখন অতি কঠোৰ বাজেট প্ৰস্তুত কৰিব লাগে। অগ্ৰাধিকাৰ খণ্ডত (বেংকে আৱশ্যকীয়ভাৱে সহায় কৰিব লগা, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া বিশেষ কাম-কাজসমূহ) তুলনামূলকভাৱে কম। উৎস: আইএনডিজি দল