মিউচুৱেল ফাণ্ড ই এক গোলকীকৰণ জমা পদ্ধতি। পৃথিৱীজুৰি বিয়পি থকা এই জমাপুঁজিৰ এটা সফল আৰু সুদীৰ্ঘ ইতিহাস আছে। এই পুঁজিৰ বিকাশ বিত্তীয় বজাৰৰ থকা সম্পৰ্ক সংযুক্ত ৰাষ্ট্ৰ দৰে। ২০০৪ চনৰ মাৰ্চ মাহৰ শেষলৈকে আমেৰিকাৰ ৮০৬৪ সংখ্যক মিউচুৱেল ফাণ্ডৰ মূঠ জমা হৈছিলগৈ ১১.৭৩৪ ট্ৰিলিয়ন আমেৰীকান ডলাৰ। (ভাৰতীয় হিচাপত ৪৭০ লাখ কোটি) ভাৰতত এই পুঁজি ১৯৩৬চনত একক জমাকাৰী সংস্থাৰূপে স্থাপন হোৱাৰ পৰা আৰম্ভ হৈছিল। ৰাজহুৱা চত্ব আৰু বিত্তীয় সংস্থাবোৰক ১৯৮৪ চনৰ পৰাহে মিউচুৱেল ফাণ্ডৰ প্ৰতিষ্ঠাত অনুমোদন জনোৱা হৈছিল। ১৯৯৩ চনৰ পৰা ব্যক্তিগত আৰু বৈদেশীক সংস্থাবোৰক এনে পুঁজি গঠনৰ অনুমোদন জনোৱা হৈছিল। ১৯৬৩ চনত ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়াৰ অধীনত ২০০৩ চনৰ ইউ টি আই দুটা মূল ভাগত ভগোৱা হৈছিল। ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়াৰ অন্যতম কাম আছিল ইউ এচ ৬৪ আঁচনিৰ মূল জমাৰ প্ৰতিনিধিত্ব কৰা। এনেধৰণৰ সময়মতে জমা ঘুৰাই দিয়া বিশ্বাসযোগ্য আঁচনি আন কোতবোৰ নিৰ্দষ্ট আঁচনি বা ইউ টি আইৰ মিউচুৱেল ফাণ্ড এচ ই বি আই মিউচুৱেল ফাণ্ডৰ অনুৰূপ। ২০০৪ চনৰ মাৰ্চ মাহৰ শেষত ৯৫৬ খন আঁচনিৰ অধীনত ৩৩টা পাৰস্পাৰিক পুঁজিত ৫,০৫,১৫২ কোটি টকা জমা হৈছিল. ভাৰতীয় আমানত আৰি বিনিময় বোৰ্ডৰ দ্বাৰা এই পুঁজিৰ দ্ৰুত বিকাশ ঘটিছিল। এইটো ভাৰতৰ আমানত আৰু বিনিময় ব’ড (এচ ই বি আই)ৰ দ্বাৰা নিয়ন্ত্রিত দ্রুত ভাৱে বৃদ্ধি পোৱা উদ্যোগ মিউচুৱেল ফাণ্ড কি? ই হ’ল এক বিশেষ বিশ্বাসযোগ্য জমা পদ্ধতি যত জমাকাৰীসকলৰ এটা উমৈহতীয়া বিত্তীয় লক্ষ্য থাকে। এই জমা পুঁজিত এজন জমাকাৰীয়েকম পৰিমানেও ধন বিনিয়োগ কৰিব পাৰে। ইয়াত জমাকাৰীয়ে বিশেষ ধৰণৰ ইউনিট কিনে, যিবোৰত সঞ্চয়ৰ বাবে নিৰ্দিষ্ট উদ্দেশ্য আৰু কৌশল থাকে। আমানতৰ ভিন্নতা অনুসৰি পুঁজি সঞ্চালকে ধনখিনি বিনিয়োগ কৰিলেই ই সঞ্চয় হৈযায়। শ্বেয়াৰৰ পৰা আৰম্ভ কৰি ধন আৰু আহিলা সম্পৰ্কীয় সকলো কথা আঁচলিৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰিব। এই বিনিয়োগৰ জৰিয়তে আয় উপাৰ্জন হয়, আৰু আঁচনি এটাৰ অধীনত লাভ কৰা মূলধন ইয়াৰ ইউনিট লোৱাসকলৰ মাজত, ইউনিটৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰা হয়।মুঠৰ ওপৰত সাধাৰণ মানুহৰ বাবে পাৰস্পাৰিক পুঁজি অতি সুবিধাজনক।ই তুলনামূলকভাবে কম মূল্যৰ আমানতৰ বিনিয়োগৰ জৰিয়তে বিত্তীয় যোগান ধৰে। মিউচুৱেল ফাণ্ড সংস্থা ইয়াৰ গঠনত বিভিন্ন অংশ থাকে। ইয়াৰ গঠন ব্যৱস্থা তলত দিয়া ধৰণৰ মিউচুৱেল ফাণ্ড গঠন মিউচুৱেল ফাণ্ডৰ ধৰণ ইয়াৰ আঁচনিবোৰ বেলেগ বেলেগ ধৰণৰ। ইয়াত প্ৰয়োজন অনুসৰি বয়স, বিত্তীয় সক্ষমতা, দায়ীত্ববহন, ঘুৰাই দিব পৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বিনিয়োগৰ বাবে ইয়াত সুবিধা আছে। যিয়েই নহওক এনে এটা আঁচনিয়ে আপোনাক এক বিত্তীয় লক্ষত উপনিত হোৱাত সহায় কৰিব। (A) গঠন মুক্ত আঁচনি এইবোৰ আঁচনিৰ নিৰ্দিষ্ট মেচিওৰিটি নাই। আপুনি সক্ৰিয় আৰু পুনৰপ্ৰাপ্তিৰ বাবে মিউচুৱেল ফাণ্ডৰ সৈতে লেন-দেন কৰিব পাৰে। ইয়াৰ ফলাফলটো মুক্ত। আপুনি যিকোনো সময়তে প্ৰকৃত পাবলগীয়া মূল্য অনুসৰি ইউনিট বেটা-কিনা কৰিব পাৰে। বদ্ধৰূপৰ আঁচনি নিৰ্দিষ্ট সময়ৰ ভিতৰত (২বছৰৰ পৰা ২৫ বছৰৰ ) সম্পূৰ্ণ হোৱা বাবে ইয়াক বদ্ধৰূপৰ আঁনি বোলে। আৰাম্ভণী ইচ্যুৰ সময়ত আপুনি এই আঁচনি আৰম্ভ কৰিব পাৰে আৰু তাৰ পাছত তালিকাভূক্ত ইউনিটবোৰ ষ্টক বিনিময় কেন্দ্ৰত বেচা- কিনা কৰিব পাৰে উপযোগীতা আৰু বিতৰণ ব্যৱস্থা, ইউনিটৰ গৰাকীৰ ইচ্ছা আৰু অন্যান্য বজাৰ ব্যৱস্থাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ মূল্য এন এ ভিৰ পৰা কম বেছি হব পাৰে।ইয়াৰ এটা বিশেষ বৈশিষ্ট হ’ল এন এ ভিত কৈ ইয়াৰ ব্যৱসায় কম মূল্যত হয়, কিন্তু মেচিওৰিটিৰ ওচৰচপা আৰু মূল্যৰ হ্ৰাসকৰণ কম। কিছুমান বদ্ধৰূপৰ আঁচনিয়ে আপোনাক আপোনাৰ ইউনিট মিউচুৱেল ফাণ্ডত এন এ ভিৰ লগত সম্পৰ্ক থকা মূল্যত বিক্ৰিৰ বাবে কিছুমান অতিৰিক্ত সুবিধা দিয়ে। এই আঁচনিৰ অধীনত আপোনাক যিকোনো দুটা অতিৰিক্ত সুবিধা দিয়াটো এন এ ভিয়ে নিশ্চিত কৰে। বিৰতি আচনি এইটো এটা মুক্ত আৰু বদ্ধৰূপৰ আঁচনিৰ সংমিশ্ৰিত ৰূপ। ষ্টক বিনিময় কেন্দ্ৰত ইয়াৰ ব্যৱসা হয় অথবা বিক্ৰিৰ বাবে এন এ ভিৰ লগত সম্পৰ্ক থকা মূল্যত বিক্ৰি বা মুকলি কৰি দিব পাৰে। (B) বিনিয়োগকাৰীৰ উদ্দেশ্য বিস্তাৰিত আঁচনি দীঘলীয়া সময়ৰ বাবে পুঁজি বিনিয়োগ কৰাটোৱেই হল ইয়াৰ উদ্দেশ্য। এই আঁচনিবোৰে সাধাৰণতে বৃহত্ অংশৰ পুঁজি ৱিনিয়োগ কৰে আৰু ভৱিষ্যতে হ্ৰস্বকালীন আৱন্তনৰ বাবে পুঁজি বিনিয়োগ কৰিব পাৰে। এই আঁচনিবোৰৰ বাবে সঞ্চয়কাৰী নিয়মিত অথবা নিৰ্দিষ্ট সময়ত ধন ঘুৰাই দিয়াৰ চৰ্ত নাই। ই উপযুক্ত- প্ৰাথমিক বৰ্ষত থকা বিনিয়োগকাৰীৰ বাবে দীঘলীয়া সময়ত বেছি পৰিমানৰ ধন বিচৰা বিনিয়োগকাৰীৰ বাবে- আয়ৰ আঁচনি বিনিয়োগকাৰীৰ বাবে নিয়মিত আৰু নিশিচত আয়ৰ উদ্দেশ্যত এই আঁচনি কৰা হৈছে। এই আঁচনিত সাধাৰণতে নিৰ্দিষ্ট পৰিমাণৰ আমানত আয়ৰ বাবে যেনে বণ্ড, ব্যৱসায়ৰ স্বত্ব আদিত ধন বিনিয়োগ কৰা হয়। ইয়াত পুঁজি বৃদ্ধি সীমীত। ই উপযুক্ত: অৱসৰপ্ৰাপ্ত লোকৰ নিৰ্দিষ্ট আয়ৰ বাবে- যিসকল বিনিয়োগকাৰীয়ে আয়ৰ পৰিপুৰক বিচাৰে, তেওঁলোকৰ বাব- সমতুল আঁচনি ইয়াৰ মূল উদ্দেশ্য হ’ল- আয় আৰু তাৰ বৃদ্ধিৰ ব্যৱস্থা কৰা। ইয়াৰবাবে তেওঁলোকে নিৰ্ধাৰিত তথ্য অুসৰি শ্বেয়াৰ আৰু স্থিৰ আয়ৰ সমানুপাতত বিনিয়োগ কৰিব লাগে।উৰ্দ্ধমূখী ষ্টক বজাৰ নিম্নগামী হলে এন এ ভি আঁচনিবোৰ স্বাভাৱিক হৈ নাথাকিবও পাৰে। ই উপযুক্ত- যিসকল বিনিয়োগকাৰীয়ে আয় আৰু তাৰ সন্তুলিত বৃদ্ধি আশা কৰে অৰ্থ বজাৰ/স্থিতিস্থাপক আঁচনি ইয়াৰ উদ্দেশ্য সহজ স্থিতিস্থাপক পুঁজি সংৰক্ষন আৰু পৰিমিত আয় আগবঢ়োৱা। এই আঁচনিবোৰে আয়ৰ সুৰক্ষা আৰু হ্ৰস্বকালীন তথ্য, যেনে ট্ৰেজাৰী বিল, জমা প্ৰমানপত্ৰ বানিজ্যিক কাৰবাৰ আৰু বেংকৰ মূলধন আদিৰ ভিত্তিত বিনিয়োগ কৰে। ঘুৰাই দিবলগীয়া ধনৰ ক্ষেত্ৰত বজাৰ ব্যৱস্থাৰ চলিত সুদৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত উত্থান-পতন ঘটে। ই উপযুক্ত- যিসকল যৌথ আৰু ব্যক্তিগত বিনিয়োগকাৰীয়ে হ্ৰস্বকালীন সময়ৰ বাবে অতিৰিক্ত ধন বিনিয়োগ কৰিব বিচাৰে বা অধিক লাভজনক বিকল্প বিনিয়োগৰ বাবে অপেক্ষা কৰিব বিচাৰে- অন্যান্য আঁচনি কৰ বচোঁৱা আঁচনি (ইকুইটি সংযোগী সঞ্চয় আঁচনি) কৰ আইনৰ অধীনত পাৰস্পাৰিক সূচীৰ জৰিয়তে সময়ে সময়য়ে এই আঁচনিয়ে কৰ ৰেহাইৰ ব্যৱস্থা কৰে আৰু পাৰস্পাৰিক সঞ্চয়ৰ জৰিয়তে দীৰ্ঘকালীন বিনিয়োগৰ বিস্তাৰ ঘটায়। ই উপযুক্ত- যিসকল বিনিয়োগকাৰীয়ে কৰ ৰেহায় বিচাৰে। বিশেষ আঁচনি সূচাংক আঁচনি ইয়াৰ ভিতৰত পৰে। কোনো নিৰ্দিষ্চ সূচীৰ কাৰ্যকাৰিতা , যেনে বি এচ ই সূচাংক, এন এচ ই ৫০ (এন আই এফ টি ওৱাই) বা বিশেষ আঁচনি যত কোনো নিৰ্দিষ্ট আঁচনিত ধন জমা ৰখা হয়, যেনে কাৰিকৰী ক্ষেত্ৰ, প্ৰাথমিক ক্ষেত্ৰ, বেংক, ফাৰ্মা আদি। ইয়াৰ উপৰিও আৰু কিছুমান আঁচনি আছে, যিবোৰ সম্পূৰ্ণৰূপে বজাৰ পুঁজিৰ বিশেষ অংশৰ যেনে-বৃহত্ অংশ, মজলীয়া অংশ, ক্ষুদ্ৰ অংশ, সুক্ষ্ম অংশ, প্থম স্তৰৰ শ্বেয়াৰ, যিবোৰ প্ৰাৰম্ভিক ৰাজহুৱা বিতৰণ আদিৰ লগত জৰিত। সূচাংকৰ প্ৰায় সমানভাবে ঘুৰাই পোৱাটো বিচৰা বিনিয়োগ কাৰীসকলৰ বাবে ই উপযুকেত। শাখা পুঁজি যিসকল বিনিয়োগকাৰীয়ে ইতিমধ্যে বিশেষ শাখা বা অংশত বিনিয়োগ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সেইসকলৰ বাবে উপযুক্ত। নিৰ্দিষ্ট মেচিউৰিটি আঁচনি ইয়াৰ বিনিয়োগ আঁচনি পাৰস্পাৰিক সঞ্চয় আঁচনিৰ ওপৰত নিৰ্ভৰ কৰে আৰু নিৰ্দিষ্ট সময়ত ইয়াৰ সমাপ্তি ঘটে। ইয়াৰ মেচিউৰিটি সময় এমাহৰ পৰা তিনি মাহ। এই আঁচনি সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল। অবশ্যে ইয়াৰে কিছুমানত ইকুইটী পোৱা য়ায়। ইয়াৰ উদ্দেশ্য হ’ল নিৰ্দিষ্ট মেচুৰীতিৰ সময়ত মুঠ জমা ঘুৰাই দিয়া হয়। বজাৰমূল্যৰ উত্থান পতনৰ পৰা বিনিয়োগকাৰীক সুৰক্ষা দিয়া হয়। ই এম পিয়ে মেচুৰিটিৰ সৈতে সংগতি ৰাখি বিশেষভাবে নিৰ্দিষ্ট আয় আঁচনি পৰিচালনা কৰে বিনিয়োগ বন্ধ কৰি ৰাখে। ই এম পি বোৰ নিশ্চত উত্পাদন নহয়। বিনিময় ব্যৱসায় পুঁজি এই পুজিবোৰ প্ৰকৃততে সূচক পুঁজি। বিনিয়োগৰ ক্ষেত্ৰত সূচকৰ দৰে ই বানিজ্যিকৃত আৰু তালিকাভূক্ত হয়। ই এফ টিয়ে আনুষ্ঠানিক বিনিয়োগকাৰীৰ তথা খুচুৰা বিক্ৰিৰ বাবে সামগ্ৰীক ভাবে কিছুমান নতুন ব্যৱস্থাৰ সৃষ্টি কৰিছে। ই বিনিয়োগকাৰীসকলক ষ্টক বজাৰত যথেষ্ট সুবিধা প্ৰদান কৰে আৰু একেদৰে কিছুমান বিশেষ স্তৰত প্ৰকৃত সময়ৰ ওপৰত নিৰ্ভশীল আৰু অন্য ব্যৱসায়ৰ তুলনাত কম খৰচত বিনিয়োগৰ সুবিধা প্ৰদান কৰে। ই এফ টি হল এটা ষ্টকৰ ভৰাল। ইয়াত এচ আৰু পি চি এন এক্স নিফটি, বি এচ ই চেনচেক্স, চি এন এচ বেংক সূচকচি এন এক্স পি এচ ইউ সূচক আদিৰ এটা সংমিশঅৰিত ৰূপ। ইয়াৰ ব্যৱসায়ীক মূল্য ষ্টকৰত অন্তৰ্নিহিত হৈ থকা লাভৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক ষ্টকৰ সৈতেও তুলনা কৰিব পাৰি, য’তপ্ৰকৃত বজাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি বেচা কিনা হয়। ভাৰতৰ প্ৰথম ই এফ টি হল বেঢ্চমাৰ্ক নিফচি বীজ। ইয়াক ১২ ডিচেম্বৰ ২০০১ত মুকলি কৰা হয় আৰু ৮ জানুৱাৰী, ২০০২ত এন এচ ইত তালিকাভূক্ত কৰা হয়। পুজি সুৰক্ষা সম্পৰ্কীয় আঁচনি ইয়ৰ প্ৰাথমিক উদ্দেশ্য হ’ল উচ্চ হাৰৰ আয়, নিৰ্দিষ্ট পুজি, আমানত ধন পুজি সুৰক্ষিত অৱস্থাত ৰখাটো আৰু ইকুইটি সম্পৰ্কীয় দিশবোৰ ইয়াৰ গৌণ উদ্দেশ্য।প্ৰথম ভাৰতীয় পুজি সম্পৰ্কীয় সঞ্চয়, ফ্ৰেঙ্কলীন টেম্প্লেচন কেপিটেল প্ৰটেকশ্যন ওৰিয়েণ্টেড ফাণ্ড বিক্ৰিৰ বাবে মুকলি কৰি দিয়া হয় ৩১ অকেটোবৰ, ২০০৬ত সোন বিনিময় বানিজ্য পুজি সোনৰ বজাৰত লোকচান নোহোৱাকৈ তিস্তিবৰ বাবে সোণ বিনিময় বানিজ্য পুজিয়ে বিনিয়োগকাৰীসকলৰ প্ৰতি সহাৰি জনায়। ষ্টক এক্সেঞ্জৰ জৰিয়তে ক্ৰয় বিক্ৰয়ৰ দ্বাৰা কেচা সোন বিনিময় নকৰাকৈ ই টি ইয়ে বিনিয়োগকাৰীসকলক আকৰ্শিত কৰে।ভাৰতত প্ৰথম সোণ বিনিময় কেন্দ্ৰ বেঞ্চমাৰ্ক জি ই টি এফ বিক্ৰিৰ বাবে মুকলি কৰা হয় ১৫ ফেব্ৰুৱাৰী, ২০০৭ চনত আৰু ই এন এচ ইৰ তালিকাভূক্ত হয় ১৭ এপ্ৰিল, ২০০৭ চনত। সাংখ্যিক পুজি ই সংখ্যাগত বিশ্লেষণৰ ভিত্তিত আমানত নিৰ্ধাৰণ কৰে। ইয়াৰ মেনেজাৰসকলে কম্পিউটাৰৰ ভিত্তিত ইয়াৰ আকৰ্শনীয়তাৰ আৰ্হি নিৰ্ধাৰণ কৰে। কিনা আৰু বেচাৰ শেষ সিদ্ধান্ত নিৰ্ভৰ কৰে বিশুদ্ধ কুৱাণ্ট চপত নিৰ্ধাৰণ কৰা আৰ্হিত ওপৰত। মধ্য। অৱস্থানত মেনেজাৰে নিজৰ ওপৰত নিৰ্ভৰ কৰিয়েই সাংখ্যিক আৰ্হিৰ সৈতে সিদ্ধান্ত। ভাৰতবৰ্ষত প্ৰথম কুৱাণ্ট ভিত্তিক পাৰস্পাৰিক পুজিৰ আৰ্হি- লটাচ এজাইল ফাণ্ড বিক্ৰিৰ বাবে মুকলি কৰা হয় ২৫ অক্টোবৰ,২০০৭ত। বৈদেশিক বিনিয়োগ পুজি ভাৰতীয় অৰ্থনীতিত মুক্ত বাণিজ্য নীতি প্ৰয়োগ হোৱাৰ লগে লগে পাৰস্পাৰিক পুজি বিনিয়োগৰ ক্ষেত্ৰত বিদেশী আমানত/আমেৰিকান ডিপজিটৰী ৰিচিপ্ত / গ্লোৱেল ডিপজিটৰী ৰিচিপ্ত আদিৰ বাবে ই মুকলি হৈ পৰিল। তেনে কিছুমান আঁচনিত বৈদেশীক বিনিয়োগৰ বাবে ব্যৱস্থা ৰখা হয় আৰু কিছু অংশ ঘৰুৱা বিনিয়োগৰ বাবে ৰখা হয়। ইয়াৰ বেছিভাগ বিনিয়োগেই কেইখনসান নিৰ্দিষ্ট দেশৰ বাবে নিৰ্ধাৰিত কৰা হয়। পুজিৰ বাবে বুজি পুঁজিৰ পুঁজিত আঁচনি সমূহে অন্য অংশাদাৰী পুঁজিৰ আঁচনিত বিনিয়োগ কৰা কখা বুজায় I আঁচনিখনত থকা বিষয়-ববীয়া সকল কেৱল অন্য অংশীদাৰী পুজিৰ আৰু কেচ/ টকা বজাৰ আমানত /হ্রস্বকালীন বাকী খকা সুবিন্যাস গোটৰ দ্বাৰা গঠিত Iপ্রথম এফ ও এফ-টো ফ্রেংকলীন টেম্পলেটন অংশীদাৰী পুঁজিৰ দ্বাৰা ১৭ অক্টোবৰ ,২০০৩ ত উন্মোচন কৰা হৈছিল I ই ক্ষেত্ৰ নিৰ্ধাৰিত, যেনে ৰিয়েল ইষ্টেট, বিষয় নিৰ্দিষ্ট যেনে ইকুইটি, বস্তু নিৰ্দিষ্ট যেনে- জীৱন স্তৰ বা শৈলী নিৰ্দিষ্ট যেনে- উত্সাহী, সচেতন ইত্যাদি। অনুগ্ৰহ কৰি মনত ৰাখিব যেযিকোনো এটা আঁচনিতেই সকলোসময়তে প্ৰয়োজনীয় সকলোবোৰ পোৱা নাযায়।আপুনি আপোনাৰ ধন ন্যসংগতভাবে বিভিন্ন আঁচনিত খচুৱাব লাগে, যাতে তাৰ পৰা মিশ্ৰিত আয়, লাভ আৰু সুৰক্ষা পায়। মনত ৰাখিব অধিক লাভ বিচাৰিলে অধধিক দায়ীত্বও লবলৈ প্ৰস্তুত থাকিব লাগিব। আপুনি কিয় পাৰস্পাৰিক পুজিত বিনিয়োগ কৰিব? ইয়াত বিনিয়োগ কৰাৰ সুফল হ'ল- ব্যৱসায়ীক পৰিচালনা: আপুনি আপোনাৰ অভিজ্ঞতা আৰু কুশলতা প্ৰয়োগ কৰিব পাৰে। যিজনে নিষ্ঠাসহকাৰে বিনিয়োগ কৰি লাভ পাব তেওঁ বিনিয়োগ কৰাৰ সময়ত ভালদৰে বিচাৰ কৰি চাব, কোনটো কোম্পানী বা কোন খন আঁচনি তেওঁৰ বিনিয়োগৰ বাবে উপযুক্ত হ’ব। 2.সলনিকৰণএখন: বহল ক্ষেত্ৰত এই পুজিয়ে বেলেগ বেলেগ ধৰণে পুজি বিনিয়োগ কৰে। এই বিভিন্নতাই ভয় কমায় কাৰণ সকলো ষ্টক একে সময়তে নিমনমুখী নহয়। গতিকে কম টকা বিভিন্ন ক্ষেত্ৰত পাৰস্পাৰিক পুজিৰ জৰিয়তে বিনিয়োগ কৰি অধিক লাভ পাব পৰা যায়। 3.উপযুক্ত পৰিচালনা: ইয়াত কাগজপত্ৰ কাম কম, যিয়ে আপোনাক বহুতো সমস্যাৰ পৰা ৰেহায় দিয়ে, উদাহৰণ স্বৰুপে- বেয়া ডেলিভাৰী, পলমকৈ ধন দিয়া, আৰু দালাল আৰু কোম্পানীৰ অদৰকাৰী কামকাজ আদি।ই আপোনাৰ সময় বচায় আৰু বিনিয়োগ সহজ কৰি তোলে। 4.ঘুৰাই পোৱাৰ সুবিধা: বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰাৰ বাবে মধ্য আৰু দীৰ্ঘ সময়ৰ বাবে কৰা বিনিয়োগত অধিক লাভ পোৱা য়ায। 5.কম ব্যয়-: এই পুজি ব্যৱস্থা প্ৰত্যক্ষভাবে বিনিয়োগ কৰাৰ বাবে কম ব্যয় সাপেক্ষ।কাৰণ দালালৰ লাভ, ৰক্ষণ আৰু অন্যান্য ফীজ বিনিয়োগকাৰীৰ বাবে কম খৰচী হয়। 6.তাৰল্য : মুক্ত আঁচনিত আপুনি নিশ্চতভাবে পাৰস্পাৰিক পুজিৰ অনুপাতে আপোনাৰ ধন ঘুৰাই পাব। বদ্ধ আঁচনিত আপুনি আপোনাৰ ইউনিট ষ্টক বিনিময় কেন্দ্ৰৰ জৰিয়তে চলিত বজাৰ মূল্যত বিক্ৰি কৰিবলগীয়া হয় অথবা পাৰস্পাৰিক পুজিৰ জৰিয়তে এই পুজিৰ সম হাৰত পুণৰ ক্ৰয় কৰিবলগীয়া হয়, যিটো সুবিধা আপোনাক বদ্ধআঁচনিৰ লগতে অন্যান্য আঁচনি কিছুমানেও দিয়ে 7.স্পষ্টতা: আপোনাৰ আঁচনিৰ মূল্য সম্পৰ্কে আপুনি নিয়মিত খবৰ পোৱাৰ লগতে সেই আঁচনিৰ বিশেষ সুবিধা বিনিয়োগৰ অনুপাত, আৰু পদ্ধতি সম্পৰ্কে বাতৰি পাই থাকিব। 8.স্থিতিস্থাপকতা: পদ্ধতিগত বিনিয়োগ আঁচনি, পদ্ধতিগত উলিওৱা আঁচনি আৰু ডিভিডেণ্চ পুণৰবিনিয়োগ আঁচনিৰ জৰিয়তে আপুনি পদ্ধতিগত ভাবে ধন বিনিয়োগ আউ উলিওৱা কাৰ্য কৰিব পাৰিব। 9.আঁচনিৰ বাচনি: এই পুজিত বিভিন্ন প্ৰকাৰৰ আঁচনি থাকে যৰ পৰা আপুনি আপোনাৰ বাবে উপযুক্ত বুলি ভবা আঁচনি এখন বিচাৰি উলিয়াব পাৰে। 10.সুস্থভাবে পৰিচালিত: সকলো পাৰস্পাৰিক পুজিয়েই এচ ই বি আইত পঞ্জীয়নূক্ত আৰু নিৰ্দিষ্ট নিয়মৰ মাজেদি পৰিচালিত হয। সাম্ভাব্য বিপদ সম্পৰ্কে বুজি লোৱা আৰু তাক চম্ভালা সকলো ধৰণৰ বিনিয়োগ লাগিলে শ্বেয়াৰেই হওক বা ডিবেঞ্চাৰ জমাই হওক বিপদ থাকিবই। কোম্পানীৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি শ্বেয়াৰৰ মূল্য নিম্নগামী হবই, উদ্যোগ, পুজি বজাৰ ব্যৱস্থাৰ পাম আৰু অৰ্থনীতিত সাধাৰণতে দীঘলীয়া সময়ত বিপদ কম হয়। কোম্পানীয়ে জমাধনৰ ওপৰত সূদ/মূল দিব নোৱাৰিব পাৰে বিনিয়োগৰ সুত নিম্নগামী হব পাৰে আৰু তাৰ মূল্যই ক্ৰয়শক্ত হ্ৰস কৰিব পাৰে। যেতিয়া দেখা যায় যে বিপদ কেতিয়াও আতৰাব নোৱাৰি, তেতিয়া পৰিচালনাৰ দক্ষতাৰ দ্বাৰা তাক বহু পৰিমানে কমাব পাৰে। পাৰস্পাৰিক পুজিয়ে ইয়াৰ বিনিয়োগৰ বিভান্নতাৰ বাবে এনে বিপদ কমাব পাৰে।ইয়াৰ অভিজ্ঞ পৰিচালনা আৰু প্ৰাথমিক ভাবে নিশ্চিত আমানতৰ বাবে বিভিন্ন ধৰণে বিনিয়োগ কৰাৰ ফলত বিপদ কমহয় আৰু লাভ অধিক পোৱা যায়। মিউচুৱেল ফাণ্ডত কেনেকৈ বিনিয়োগ কৰিব প্ৰথম স্তৰ -আপোনাৰ বিনিয়োগৰ উপযোগীতা নিৰ্ণয় কৰক আপোনাৰ বয়স, জীৱন ধাৰণৰ পদ্ধতি, অৰ্থনৈতিক স্বতন্ত্ৰতা, পৰিয়ালৰ সহায়, আয়ৰ পৰিমাণ আৰু ব্যয়কে আদি কৰি বিভিন্ন কাৰকৰ বাবে অৰ্থনৈতিক উদ্দেশ্যৰ সলনি হব পাৰে। সেয়েহে আপোনাৰ প্ৰথম উদ্দেশ্য হব লাগিব আপোনাৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা। ইয়াৰ বাবে নিজকে তলৰ প্ৰশ্নকেইটা কৰক- 1. মোৰ বিনিয়োগৰ উদ্দেশ্য কি? সাম্ভাব্য উত্তৰ-মই নিয়মিত আয় বিচাৰো বা ওটা ঘৰ কিনিব বিচাৰো বা বিয়াৰ বাবে খৰচ কৰিব বিচাৰো বা লৰা-ছোৱালীক পঢ়াব বিচাৰো বা এই আতাইবোৰেই মোৰ প্ৰয়োজন। 2. মই কিমান বিপদ মুৰ পাতি লবলৈ সক্ষম? সাম্ভাব্য উত্তৰ-ণই একেবাৰে কম পৰিমানৰ বিপদ সহনব পাৰিম বা মই বিনিয়োগকৰা ধন কম বেছি হব পৰাটো মানি লব পাৰিম বা দীৰ্ঘম্যাদী কিবা এটা পাবলৈ কম পৰিমানে লোকচানৰ মুখামুখী হব পাৰিম। 3. কিমান ধনৰ বৃদ্ধি হোৱাটো বিচাৰো? সাম্ভাব্য উত্তৰ-মই নিয়মিত ধন বৃদ্ধি হোৱাটো বিচাৰো বা এটা বিশেষ প্ৰয়োজনৰ বাবে কিবা এটা লাভ হলেই হব বা মোক নিয়মিত আয়ৰ প্ৰয়োজন নাই কিন্তু ভৱিষ্যতৰ বাবে বৃহত্ পৰিমানৰ লাভ হোৱাটো বিচাৰো। এনে ধৰণৰ অনুশীলনৰ দ্বাৰা আপোনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পাৰিব আৰু এটা নিশ্চিত পাৰস্পাৰিক পুজিৰ বাবে এটা ভেটি তৈয়াৰ কৰি লব পাৰিব। দ্বিতীয় স্তৰ উপযুক্ত পাৰস্পাৰিক পুজি বাচি লওক আপোনাৰ মনত স্পষ্ট ধাৰণা এটো হোৱাৰ পাছত কোনটো পুজিত বিনিয়োগ কৰিব তাক বাচি উলিয়াব লাগিব। আঁচনিৰ বাবে আগবঢ়োৱা পুজিৰ তথ্য সম্পৰ্কে চালি জাৰি চাব। এই ক্ষেত্ৰত আপুনি মন কৰিবলগীয় কথা কেইটামান হল- যোৱা কিছু বছৰত অন্যান্য পুজিৰ তুলনাত ইয়াৰ কাৰ্যকাৰীতা কেনে ধৰণৰ। ইয়াৰ সুবিধা উদ্যোগ আৰু ব্যক্তিগত সেৱা কেনে ধৰণৰ। হিচাপ নিকাচ, যোগাযোগ লেন দেন আদিত কিমান নিৰ্ভুল তৃতীয় স্তৰ কেৱল বিনিয়োগ কৰিলেই আপোনাৰ সকলো প্ৰয়োজনীয়তা পুৰণ নহয়। আপুনি লক্ষত উপনিত হবলৈ বিভিন্ন আঁচনিত মিশ্ৰিতভাবে বিনিয়োগ কৰিব লাগিব। তলৰ তালিকাই এনে মিশ্ৰিত বিনিয়োগৰ বাবে আপোনাক বট দেখুৱাব পাৰে। এই আঁচনি উপযুক্ত হব পাৰে- বিনিয়োগকাৰীৰ প্ৰথম বছৰৰ আয় আৰু অধিক বিপদ মুৰ পাতি লোৱাৰ আগ্ৰহ। এটা দীৰ্ঘসময়ৰ বাবে বিনিয়োগ কৰি তাৰ পৰা লাভ পোৱাৰ ইচ্ছা। বৃদ্ধিৰ আঁচনি আয়ৰ আঁচনি সংযুক্ত আঁচনি ধন বজাৰ আঁচনি এই আঁচনি উপযুক্ত হব পাৰে- বিনিয়োগকাৰীয়ে আয় আৰু সন্তুলিত বৃদ্ধি বিচাৰে দ্ধিৰ, স্থিৰতা আৰু সন্তুলিত বিপদ গ্ৰহণ কৰে। এই আঁচনি উপযুক্ত হব পাৰে- অৱসৰপ্ৰাপ্ত ব্যক্তি আৰু অন্য বিনিয়োগকাৰী যিয়ে মূলধনৰ সুৰক্ষা আৰু নিয়মিত আয় বিচাৰে। বৃদ্ধিৰ আঁচনি চতুৰ্থ স্তৰ- নিয়মিত বিনিয়োগ কৰক আমাৰ বহতৰ বাবে এটা নিৰিদষ্ট সময়ৰ অন্তৰে অন্তৰে যেনে প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমানৰ ধন বিনিয়োগ কৰাটোৱেই কাম্য।প্ৰতিমাহতে এটা নিৰ্দিষ্ট পৰিমাণে বিনিয়োগ কৰিলে মূল্য অধিক হোৱাৰ সময়ত কম পৰিমাণৰ ইউনিট পোৱা যাব আৰু মূল্য কম থাকিলে ইউনিট বেঠি পোৱা যাব। এইদৰে আপোনাৰ প্ৰতি ইউনিটৰ গড় খৰচ কমি যাব। ইয়াক গড় হিচাপত টাৰ মূল্য বুলিব পাৰি। ই সমগ্ৰ বিশ্বতে বিনিয়োগকাৰীসকলে ব্যৱহাৰ কৰা এটা ব্যৱস্থা বুলিব পাৰি। পঞ্চম স্তৰ কৰবোৰ মনৰ ভিতৰত ৰাখক চলিত কৰ আইন অনুসৰি ডিভিডেণ্ট, আয়ৰ বিতৰণ পৰস্পাৰিক পুজিৰ দ্বৰা কৰিলে কৰ ৰেহায় পোৱা যায়। ঋণ আঁচনিৰ ডিভিডেণ্ট, আয় বিতৰণ ডিভিডেণ্ট বিতৰণ অনুসৰি হয়। ইয়াৰ উপৰিও ইয়াত কিছুমান অন্য সুবিধা পোৱা যায়। গতিকে আপুনি কৰ পৰাৰ্শদাতাৰ পৰা পৰামৰ্শ লোৱা উচিত। ষষ্ঠ স্তৰ বিনিয়োগ সোনকালে এটা নিয়মিত আঁচনিত আৰম্ভ কৰিব লাগে। আপুনি যদি এতিয়া আৰম্ভ কৰে পাচত বিনিয়োগ কৰাতকৈ অধিক লাভ পাব। এইবোৰ সংযোগ হৈ আপোনাৰ আটৰ পৰিমাণ বৃদ্ধি হব আৰু সেইবোৰে এটা বুজন পৰিমানৰ আয় আনি দিব। সপ্তম স্তৰ আপোনালোকে সকলোসময়তে পাৰস্পাৰিক পুজিৰ সৈতে কেনেদৰে যোগাযোগ কৰি থাকিব লাগে সেইটো জনা উচিত। পাৰস্পাৰিক পুজি সকলোপ্ৰকাৰৰ বিনিয়োগকাৰীৰ বাবেই উপযুক্ত, যিসকলে দিপদ কম, বৃদ্ধি অধিক, বা অধিক আয় হোৱাটো বিচাৰে মিউচুৱেল ফাণ্ডত আপোনাৰ অধিকাৰ ইউনিট লওঁতা হিচাপে আপুনি এচ ই বি আইৰ অধীনৰ তলৰ সুবিধাবোৰ ভোগ কৰিব পাগিব- 1. মুক্ত আঁচনিত ইউনিট প্ৰমানপত্ৰ বা একাউণ্টৰ বিৱৰণ বন্ধ বোৱাৰ ৩০ দিনৰ ভিতৰত লাভ কৰিব বা আপোনাৰ অনুৰোধৰ ছয় প্তাহৰ ভিতৰত ইউনিট প্ৰমাপত্ৰ লাভ কৰিব। 2. বিনিয়োগ আঁচনি, বিনিয়োগৰ উদ্দেশ্য, বিত্তীয় অৱস্থা আদিৰ বিষয়ে তথ্য পাব। 3. ঘোষনাৰ ৩০ দিনৰ ভিতৰত ডিভিডেণ্ট লাভ কৰিব আৰু স্বত্ব আৰু পুণৰক্ৰয়ৰ ক্ষেত্ৰত ১০টা কৰ্মদিনৰ ভতৰত পাৰয়োজনীয় তথ্য লাভ কৰিব। 4. নিয়ম অনুসৰি ভোট দিয়ক। a. প্ৰপ্যধনৰ কোম্পানীৰ সলনি কৰক b. আঁচনি সলনি কৰক 5. ট্ৰাষ্টিৰ লগত বিত্তীয় পৰিৱৰ্তণৰ বাবে যোগাযোগ ৰাখক বা পৰিৱৰ্তিত আঁচনিলৈ ধন পৰিৱৰ্তন কৰক, যাতে তেওঁলোকে ওলাই যোৱা মূল্যৰ বাবে অতিৰিক্ত হেচা বহন কৰিবলগীয়া নহয়। 6. অফাৰ ডকমেন্টৰ আঁচনিত নির্দিষ্ট কৰা আংশীদাৰী পুঁজিৰ তথ্য-পাতি পৰীক্ষা কৰকI নিৰ্দিষ্ট আঁচনিৰ নথিপত্ৰ পৰীক্ষ কৰি লওক। নিয়ম অনুমৰি এন এ ভি প্ৰকাশৰ বাবে দৈনিক মুক্ত পুজিত আৰু প্ৰতি সপ্তাহত বদ্ধ পুজিৰ বাব- অপেন-ইনডেড আঁচনিৰ ক্ষেত্রত দৈনিক আৰু ক্লজ-ইনডেড আঁচনিৰ ক্ষেত্রত সপ্তাহত এদিন আইনখনৰ মতে তেওঁলোকৰ এন এ ভি প্রকাশ কৰিবI বছৰত দুবাৰ সমগ্র বিষয়-ববীয়াসকল আপোনাৰ আঁচনিত প্রকাশ কৰিব, ছমাহত গণনা নকৰা বিত্তীয় ফলাফল আৰু গণনা কৰা বছৰেকীয়া একাউন্টত বছৰেকত এবাৰ কৰিব লাগিবI অতিৰিক্তভাৱে বহুতো আংশীদাৰী পুঁজি নিউজলেটাৰত সময়ে সময়ে প্রকাশ কৰা হয় I. আপোনাৰ আঁচনি প্ৰকাশৰ বাবে গোতেইখিনি কাম বছৰত দুবাৰ হব লাগিব, হিচাপ নকৰা বিত্তীয় ফলাফল ছমাহতআৰু পৰীক্ষীত হিচাপ বছৰেকৰ মূৰত, বঙতো পাৰস্পাৰিক পুজিয়ে নিয়মিতভাবে নিউজলেটাৰ প্ৰকাশ কৰে। পাৰস্পাৰিক পুজিৰ ১০ টা সুবিধা ব্যৱসায়ধৰ্মী পৰিচালনা বিভিন্নতা উপযুক্ত পৰিচালনা কম খৰচী তাৰল্য স্পষ্টতা স্থিতিস্থাপকতা বাচনিৰ সুবিধা সুস্থভাবে পৰিচালিত ভালভাৱে নিয়ন্ত্রিত প্ৰায়ে ব্যৱহাৰ হোৱা পৰিভাষা প্ৰায়ে ব্যৱহাৰ হোৱা পৰিভাষাবোৰ তলত উল্লেখ কৰা হ'ল- নেট এচেট ভেলু ই হল আঁচনিৰ মাজেৰে পাবলগীয়া ধনৰ বজাৰমূল্য । প্ৰতি ইউনিট এন এ ভিৰ বজাৰ মূল্যক ইউনিটৰ সংখ্যৰে মূল্য উলিওৱা দিনত হৰণ কৰা হয়। বিক্ৰি মূল্য আপুনি আঁচনিত দিয়া ধনিৰ পৰিমাণেই ইয়াৰ বিক্ৰিমূল্য। ইয়াক অফাৰ মূল্যও বোলে। ইয়াত বিক্ৰিৰ হেঁচা থাকে। পুনৰক্ৰয়ৰ মূল্য পাৰস্পাৰিক পুজিৰ দ্বাৰা মুক্ত আঁচনিত ক্ৰয় কৰা ইউনিটৰ মূল্য। পুনৰ্পাপ্তিৰ মূল্য বদ্ধ আঁচনিত মেচিউৰিটিৰ সময়ত দিয়া ধন। ই এন এ ভিৰ লগত সম্পৰ্কযুক্ত। বিক্ৰি হেচা ইউনি বিক্ৰি কৰাৰ সময়ত আঁচনিৰ পৰা আদায় কৰা ধন। ইয়াক সমুখ ভাগৰ হেচা বুলিও কোৱা হয়। যিবিলাক আঁচনিত এনে হেচা নাথাকে সেইবিলাকক হেচাবিহীন আঁচনি বোলা হয়। পুণৰক্ৰয়কৰণ বা পশ্চাত্ বৰ্তী হেচা ইউনিটলওঁতাৰ পৰা ইউনিট পুণৰ ক্ৰয় কৰিলে যি ধন লোৱা হয়, তাকে পুনৰক্ৰয়কৰণ বাব পশ্চাতবৰ্তী হেচা বোলা হয়। উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।