: ছাৰ, সূচক হঠাৎ বাঢ়িছে ইমানকৈ কিয়?- চঞ্চল সৰকাৰে ইছাহক আলীক টেলিফোন কৰি সুধিলে। চঞ্চল সৰকাৰ এজন ডাক্তৰ। নতুনকৈ এম ডি কৰিছে। চাকৰিত সোমোৱা তিনি মাহমান হৈছে। চাকৰিত সোমায়েই অৰ্থনীতিবিদ আৰু আৰ্থিক উপদেষ্টা ইছাহক আলীৰ ওচৰলৈ গৈ ব্যক্তিগত বিত্তীয় ব্যৱস্থা কেনেকৈ কৰিব লাগিব সেইটো শিকি আহিছিল। ইছাহক আলীয়ে ডাক্তৰ সৰকাৰক পোনেই শ্বেয়াৰ বজাৰত সোমাবলৈ হাগ দিছিল। প্ৰথমে পি পি এফ, পেন্সন, স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰাৰ পিচতহে ইকুইটিত হাত দিবলৈ কৈছিল। ডা: সৰকাৰে এতিয়া দেখিলে তিনি মাহৰ ভিতৰত ১৯ হেজাৰ ছেনছেক্সৰ পৰা ২৮ হেজাৰ হ’লহি। তেওঁৰ বন্ধুখিনিয়ে বেছ ভাল লাভ কৰিলে- আগষ্ট মাহৰ শেষত। সেয়েহে ইছাহক আলীক প্ৰশ্ন কৰিলে-ছাৰ, হঠাৎ সূচক বাঢ়িল কিয়? : সূচক বাঢ়িলে পৰিবলৈ-ইছাহকে উত্তৰ দিলে। : নুবুজিলো ছাৰ। : ভাবি চাওক সূচক সদায় বৃদ্ধি হৈ নাথাকে। : চাব, ন-দহ দিনৰ মূৰত পৰিব। ঠিক, ইছাহক আলীয়ে কোৱাৰ দৰে ৯ দিনৰ মূৰত ছেনছেক্সৰ সূচক ২৮,২০০ ৰ পৰা পৰি আকৌ ২৭,০০০ হ’ল। সেয়ে ২৮ হেজাৰত কিনিছিল- তেওঁলোকে মনত বৰ দুখ পালে। দুদিনতে লোকচান হ’ল’। ইছাহক আলীয়ে বুজাই ক’লে-ইকুইটিত সোমালে তেনেকৈ ভাবিবলৈ এৰিব লাগিব। দুদিনত নাইবা দুমাহত ভাল ৰিটাৰ্ন পোৱা অসম্ভৱ। ইকুইটিত নিৰ্ভৰ কৰিলে দীৰ্ঘম্যাদৰ বাবে বিনিয়োগ কৰিব লাগিব। কম সময়ত লাভ হয় কম। দীৰ্ঘ সময়ত লাভ হোৱাৰ আশা বেছি, ইছাহকে ক’লে। ২০০০ চনত ইকুইটি পৰি গ’ল ৫০ শতাংশ। অৰ্থাৎ ছেনছেক্সৰ সূচক ২১ হেজাৰৰ পৰা পৰি ১০ হেজাৰ হৈছিল। পিচত আৰু কমি গৈছিল। কিন্তু যিখিনি মানুহে ভাল ভাল মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা টকা উলিয়াই নল’লে, আজি তেওঁলোকে বেছ ভাল লাভ কৰিব পাৰিব যদিহে তেওঁলোকে ইতিমধ্যে টকা উলিওৱা নাছিল। মাথো টকা এতিয়াহে উলিয়াব খোজে- কাৰণ এতিয়া ছেনছেক্স ২২ হেজাৰৰ কাষ চাপিলে। এতিয়া সূচকাংক বাঢ়িছে। সেয়ে ২০০০ চনত বা ২০০৮ চনত যিখিনিয়ে বিনিয়োগ কৰিছিল, তেওঁলোকে এতিয়া উলিয়ালেও লাভ কৰিব পাৰিব। ইছাহকে ক’লে- ধৈৰ্য ধৰক, প্ৰকৃততে বজাৰ পৰিব লাগে ২০১৬-১৭ চনত। : কিয় ২০১৬-১৭ চনত। : পুৰণা অভিজ্ঞতাৰে চালে দেখা যাব ভাৰতত শ্বেয়াৰ বজাৰৰ গতি বিধি সলনি হয় প্ৰতি ৮ বছৰত। বজাৰ সলনি হৈছিল- ১) ২০০০ চনত, ২) ২০০৮ চনত, ৩) ১৯৯২ চনত, সেয়েহে ২০১৬ চনত আশা কৰিব পাৰে ২০১৭ চনত। তাৰ মানে শ্বেয়াৰ বজাৰ তুংগত থাকিব ২০১৬ চনত। এই সময়ত বয়স্ক মানুহ ইকুইটিৰ পৰা ওলাই আহক। উলিয়াই অনা টকা প্ৰবীণ নাগৰিকে (৭৫ বছৰীয়াসকলে) ৰাখক বেংকত। আদহীয়াসকলে উলিয়াই আনি ‘ছিপ’ পদ্ধতিত বিনিয়োগ কৰক। ইয়াৰ পৰা আঠ বছৰৰ মূৰত ভাল লাভ কৰিব। শ্বেয়াৰ বজাৰ এতিয়া উঠা-নমা কৰি থাকিব। ২০১৬ বা ২০১৭ ত শ্বেয়াৰ বজাৰ তুংগত থাকিব। তেতিয়া টকা উলিয়াবৰ সময়। এবাৰ শ্বেয়াৰ বজাৰ পৰিলে টকা বিনিয়োগ কৰিব পৰা যায়। সাধাৰণে দীৰ্ঘম্যাদৰ বাবেহে বিনিয়োগ কৰিব লাগিব। চঞ্চল সৰকাৰে সুধিলে-খাদ্য সামগ্ৰীৰ দাম বাঢ়িব নেকি? : হয়তো বাঢ়িব। তথাপি চৰকাৰে চেষ্টা কৰিব- মজুত খাদ্যপণ্যৰ পৰা ঘাটি পূৰণ কৰিবৰ বাবে। অন্তত: খাদ্যপণ্যৰ সৰবৰাহ কমাৰ আংশকা নাই। : জাতীয় আয় বাঢ়িবনে? : জাতীয় আয় বাঢ়িছে ৫.৭ শতাংশ হাৰে। : এতিয়া ইকুইটি ইমান বাঢ়িলে কিয়? : আশাত, আগামী দিনত বিদেশীসকলে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ভাল হ’ব বুলি ভাবে? : যদি তেওঁলোকৰ দেশৰ অৱস্থাও ভাল হয়? : আমাৰ বজাৰ পৰিব। কাৰণ দেশীয় মানুহতকৈ বিদেশীয়ে ধন লগাইছে বেছি। : তেনেহ’লে শ্বেয়াৰ বজাৰ ২০১৪-১৫ ত বাঢ়ি যাব পাৰে? – চঞ্চল সৰকাৰে সুধিলে। : নিশ্চয় পাৰে। ২০১৪ ৰ শেষৰ পৰা ২০১৫ শেষলৈ শ্বেয়াৰ বজাৰ উঠা-নমা কৰিবই। বজাৰ তুংগত থাকিব ২০১৬ চনত। তেতিয়া বজাৰৰ পৰা ওলাই অহা বুদ্ধিমানৰ কাম হ’ব। : টকাৰ যদি তেতিয়া প্ৰয়োজন নাথাকে? তেতিয়া কৰিম কি? : উত্তম প্ৰশ্ন। টকা বেংকত থ’ব আৰু ‘ছিপ’ পদ্ধতিত টকা আকৌ ১০ বছৰৰ বাবে ‘ছিপ’ত খটুৱাব পাৰিব। : এইবছৰ কৰ মুক্ত বণ্ড নাহিব নেকি? : আশা কম। নহ’লে বাজেটত ঘোষণা কৰিলেহেঁতেন। কিন্তু বজাৰৰ পৰা কিনিব পাৰে। ৰিটাৰ্ন হ’ব প্ৰায় ৮ শতাংশ। আয়কৰ নালাগে। এই বণ্ডসমূহ বেছি আয়কৰ দিয়া মানুহৰ বাবে ভাল। যেনে ডাক্তৰ, উকীল, কোম্পানীৰ ডাইৰেক্টৰ আদিয়ে। তেওঁলোকে ৩০ শতাংশ আয়কৰ দিয়ে-গতিকে তেওঁলোকৰ বাবে টেক্স কৰ বণ্ড বেছ উপযোগী হ’ব। চঞ্চল সৰকাৰে সুধিলে-এইবাৰ প্ৰভিডেন্ট ফাণ্ডৰ ওপৰত ৮.৭৫ শতাংশ সুদ দিয়া হ’ব। যিহেতু প্ৰভিডেন্ট ফাণ্ডত ইমান ভাল সুদ দিয়ে, তাত বেছি টকা থ’ব পাৰিম নেকি? : নিশ্চয়। ইছাহক আলীয়ে ক’লে। দৰমহাৰ ২০ শতাংশ তাত জমা থওক। চৰকাৰে আৰু কোম্পানীয়ে ১২ শতাংশ হে দিয়ে। নিজৰ পৰা ২০ শতাংশ দিয়ক। এইটো বুদ্ধিমানৰ কথা হ’ব। : পি পি এফ একা? –সৰকাৰে সুধিলে। : তাত ১.৫০ লাখ থ’ব পাৰিব বছৰে। চঞ্চল সৰকাৰে সুধিলে-এতিয়া শ্বেয়াৰ বিক্ৰী কৰিব লাগে নে কিনিব লাগে? ইছাহক আলীয়ে ক’লে- ১) এতিয়া ২০১৪ ৰ ছেপ্টেম্বৰত যদি ইতিমধ্যে ২০ শতাংশৰ লাভ কৰিছে, তেনেহ’লে বিক্ৰী কৰি আকৌ ‘ছিপ’ পদ্ধতিত কিনিব পাৰে। ২) যদি ধৈৰ্য আছে ২০১৬ ত তুংগত উঠিলে বিক্ৰী কৰিব পাৰে। ৩) যিহেতু আপুনি ডেকা আৰু ১০ বছৰ নুলিয়াব-টকা ইকুইটিত সাঁচি যাওক। ৪) প্ৰবীণ নাগৰিকে ৭৫ বছৰ হ’লে ইকুইটিত টকা নথ’ব। লিখক: গৌতম প্ৰসাদ বৰুৱা, অসমীয়া প্ৰতিদিন।