আজিৰ পৰা ৫০ বছৰ আগতে অৰ্থাৎ আমি যেতিয়া ২৫ বছৰীয়া আছিলো তেতিয়া অৱসৰ কাল কেনেকৈ কটাম সেই কথা বেছিভাগ চাকৰিয়াল মানুহে ভবা নাছিল। এতিয়া ভাবিবলৈ আৰম্ভ কৰিছে। আগতে অৱসৰৰ সময় ওচৰ চাপিলেহে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। আজিকালি ডেকাকালতেই, চাকৰি কৰি থাকোতেই গৃহ নিৰ্মাণ কৰিব পাৰে। তাৰ প্ৰধান কাৰণ হ’ল-গৃহ নিৰ্মাণৰ ঋণৰ সুবিধা আৰু আয়কৰৰ মুকুবৰ সুবিধাৰ বাবে। তাতোকৈ ডাঙৰ কথা চাকৰিয়াল মানুহৰ সলনি হোৱা মানসিকতাৰ বাবে। আজিকালি চাকৰিয়ালে ভাবি থাকে যে অৱসৰৰ সময়তো যাতে জীৱন-যাপনৰ মান একেদৰেই থাকে। আগতে সেই সক্ষমতাৰ কথা মানুহে ভবাই নাছিল। আজিকালি মানুহৰ স্বাস্থ্যৰ উন্নতিৰ লগে লগে মানুহৰ জীয়াই থকা কাল বাঢ়ি গ’ল। আগেয়ে ৫৫ বছৰ বয়সত অৱসৰ লৈছিল। তাৰ পিছত অৱসৰৰ বয়স হ’ল ৫৮। এতিয়া অৱসৰ হয় ৬০-৬৫ বছৰত। আগেয়ে এনে বয়সত মানুহে মৃত্যুক আঁকোৱালি লৈছিল। এতিয়া অৱসৰৰ পিচতো এক বুজনসংখ্যক মানুহ জীয়াই থাকে ৮০-৮৫ বছৰলৈকে সুস্বাস্থ্যৰে। কম সংখ্যক কিছুমান জীয়াই থাকে সুস্বাস্থ্যৰে ৯০ বছৰ বয়সলৈকে। অৰ্থাৎ অৱসৰৰ পিছতো প্ৰায় ২৫/৩০ বছৰ কেনেকৈ চলিব তাৰ বাবে চিন্তা কৰিবলগীয়া হয়। চাকৰিৰ কালো হয় ২৫/৩০ বছৰ। চাকৰি নকৰাকৈয়ো জীয়াই থকা হ’ল ২৫/৩০ বছৰ। সংসাৰ কেনেকৈ চলিব মানুহে ভাবিব লগা হ’ল এতিয়া। : আমাৰ এই দশা কিয় হ’ল? সুধিলে জয়ন্ত বৰাই ড০ ইছাহক আলীক। : প্ৰধানতে যৌথ পৰিয়াল ভাগি যোৱাৰ ফলত পৰিয়ালৰ অৰ্থনীতিৰ অৱস্থা দুৰ্বল হৈ পৰিল। ড০ আলীয়ে উত্তৰ দিলে। : আজিকালিতো একে ঠাইতে সকলোৱে চাকৰি নাপায় নহয়। কোনোবাই গুৱাহাটীত চাকৰি কৰে, এজনে মঙলদৈত খেতি পথাৰ চায়, তৃতীয়জনে হায়দৰাবাদত কাম পায়। যৌথ পৰিয়াল ভাগি পৰিবলৈ বাধ্য হ’ল। মানুহে কৰিব কি এতিয়া? : এতিয়া মানুহে, চাকৰিৰ কালত যেনেকৈ নিজে আৰ্জি নিজে খাইছিল, ঠিক তেনেকৈ অৱসৰৰ সময়ত খাই বৈ জীয়াই থাকিবলৈ নিজে ব্যৱস্থা কৰিবলগীয়া হ’ল, ড০ আলীয়ে জয়ন্ত বৰাক বুজাবলৈ ধৰিলে। : এৰা, এতিয়া মঙলদৈৰ পৰা চাউল-দাইল আনি হায়দৰাবাদত খাই বৈ সুখেৰে থকা কল্পনা হৈ পৰিল। অৰ্থাৎ আলীক সপোন। এতিয়া প্ৰভিডেন্ট ফাণ্ডৰ টকাৰেও অৱসৰ জীৱনৰ খৰচ নচলা হ’ল। কৰো কি কওকচোন বৰাই সুধিলে। : কৰিব কি আৰু সঞ্চয় কৰক ডেকাকালৰে পৰা। প্ৰভিডেন্ট ফাণ্ডৰ টকাৰে সংসাৰ আজিৰ দিনত অতি ভালকৈ চলিব নোৱাৰে। ড০ আলীয়ে ক’লে। : কিয় নচলে কওকচোন। প্ৰভিডেন্ট ফাণ্ডৰ বাহিৰে আন টকা সঞ্চয় কৰিবলৈ পাম ক’ত? ল’ৰা-ছোৱালীৰ পঢ়ুওৱাৰ খৰচ, বিয়াৰ খৰচ, গৃহ নিৰ্মাণৰ খৰচ, গাড়ী কিনাৰ খৰচ ইমান বেছি যে চিনেমা চোৱা, ভ্ৰমণ কৰা আৰু বাহিৰৰ ৰেস্তোৰাঁত খাবলৈকে মাহে মাহে খৰচ নোজোৰে। জোৰা মাৰিম কেনেকৈ? উপায় এটা দিয়ক। ড০ ইছাহক আলীয়ে বৰাক সুধিলে-আপোনাৰ বৰ্তমান ঘৰ চলোৱাৰ খৰচ প্ৰকৃততে কিমান? বৰাই উত্তৰ দিলে ৫০ হেজাৰ মাহে। যদি আপোনাৰ বয়স এতিয়া ৪০ বছৰ, তেনেহ’লে আৰু বিশ বছৰ পিছত সেই টকাৰ সমান খৰচ কৰিবলৈ লাগিব মাহে ১.৯৪ হেজাৰ টকা। গতিকে সঞ্চয়ৰ বাদে উপায় একো নাই। ২৫ বছৰ বয়সৰ পৰা যদি ৬০০০ হেজাৰ টকা প্ৰভিডেন্ট ফাণ্ডত থয়, তেনেহ’লে আপুনি ৬০ বছৰত পাব চাৰি কোটি ১৩ লাখ টকা। মূল্যবৃদ্ধিৰ ফলত এই টকাৰে অতি ভালকৈ চলিব নোৱাৰিব পাৰে। : তেনেহ’লে কি কৰিব লাগিব? : প্ৰভিডেন্ট ফাণ্ডত দৰমহাৰ নিজৰ ফালৰ পৰা ২০ শতাংশ পৰ্য্যন্ত থ’ব পাৰে। তাত সঞ্চয় কৰক। ইয়াৰ উপৰি পি পি এফত টকা সঞ্চয় কৰক। : তেতিয়াও সকলো খৰচ ৬০ বছৰৰ পৰা ৯০ বছৰলৈ চলাব পাৰিমনে? : নোৱাৰিব পাৰে। হয়তো পাৰিবও পাৰে। যদি খৰচ কমাব পাৰে। : খৰচ ক’ত কমাব পাৰিম? : বাহিৰত খোৱা কমাওক, ফুৰিবলৈ যোৱা কমাওক, ড্ৰাইভাৰ ৰক্ষা বন্ধ কৰক। পেট্ৰ’লৰ খৰচ কমাওক। বিদেশ ভ্ৰমণ কমাওক। তেতিয়া হ’লে পাৰিব। : নহ’লে? : এতিয়াৰ পৰা দীৰ্ঘম্যাদৰ বাবে- মিউচুৱেল ফাণ্ডত ‘চিপ’ পদ্ধতিত ১৫/২০ বছৰৰ বাবে টকা জমা কৰক ভাল ফাণ্ডত। : ভাল ফাণ্ডত সন্ধান ক’ত পাম? : ভেল্যু ৰিচাৰ্ছত পাব। ‘ৱেব পেজ’ চাওক। পঞ্চ আৰু চতুৰ্থ তাৰকা বিশিষ্ট ফাণ্ডত টকা খটুৱাওক। : টকা ক’ত পাম? : অলাগতিয়াল খৰচ- চিগাৰেট খোৱা খৰচ, চিনেমা চোৱা খৰচ, দান দিয়া খৰচ, ভ্ৰমণ খৰচ কমাওক। সেই টকাৰে সঞ্চয় কৰক ড০ আলীয়ে ক’লে। ড০ ইছাহক আলীয়ে তাৰ পিছত কেইটামান গুৰুত্বপূৰ্ণ কথা ক’লে জয়ন্ত বৰাক। প্ৰভিডেন্ট ফাণ্ডত নাইবা পি পি এফ ত টকা থোৱা ভাল। কিন্তু মনত ৰাখিব লাগিব ইয়াৰ পৰা মাজে মাজে যাতে টকা উলিয়াই নাথাকে। প্ৰভিডেন্ট ফাণ্ডৰ পৰা টকা উলিয়াই থাকিলে- টকাৰ পৌন:পুনিক বৃদ্ধি নোহোৱা হয়। ফলত বহুত বছৰৰ মূৰতো পুঁজি বৃহৎ হৈ নপৰে। ইছাহক আলীয়ে জয়ন্ত বৰাক এটা গল্প ক’লে। মহেশ ডেকা, এজন উদ্যোগৰ বিষয়া আছিল। তেওঁৰ প্ৰায়ে কাহ হৈ থকা বাবে ডাক্তৰক দেখুৱালে। ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি ঔষধ দিলে। কিন্তু ক’লে যে ঔষধৰ উপৰি এটা বস্তু এৰিব লাগিব। চিগাৰেট। তেওঁ দিনে দুপেকেট চিগাৰেট হুপিছিল। ডাক্তৰৰ পৰামৰ্শমতে চিগাৰেট হুপিবলৈ এৰিলে। চিগাৰেট দুপেকেটৰ দাম আছিল এশ টকা। সেই এশ টকা তেওঁ গৃহিণীক খৰচ কৰিবলৈ দি গ’ল। তেওঁৰ গৃহিণী ৰূপাই টকা খৰচ নকৰি পিপিএফ ত জমাই গ’ল। এদিন মহেশ ডেকা অৱসৰ ল’লে। গৃহিণীয়ে ক’লে যে ‘তুমি দিয়া টকা এশ প্ৰতিদিনে বেংকত জমাই গৈছিলো ষ্টেট বেংকৰ পি পি এফ ত’। দুয়ো বেংকলৈ গ’ল। পি পি এফৰ পাছবুকখন ‘আপডেট’ কৰিলে। একাউন্টত জমা টকা দেখি গৃহিণীয়ে বিশ্বাস কৰিবলৈ টান পালে। বেংকৰ মেনেজাৰক সুধিলে ‘একাউন্টটো ঠিক আছেতো? আকৌ এবাৰ চাই দিয়ক’। বেংকৰ মেনেজাৰে একাউন্টটো ভালকৈ চালে আৰু চহী কৰি দিলে। মহেশ ডেকাই বহীখন চালে আৰু দেখিলে গৃহিণীৰ একাউন্টত জমা হোৱাৰ টকা আছিল ত্ৰিশ লাখ টকা। দুয়ো হাঁহি ঘৰলৈ উভতিলে। : জয়ন্ত বৰাই গল্পটো শুনি সুধিলে-‘আমি বাৰু পি পি এফ ত টকা থ’ম। পিচে ইয়াতকৈ ভাল ৰিটাৰ্ন ক’ত পাম। : ৰিটাৰ্ন দীৰ্ঘম্যাদত পাব-শ্বেয়াৰত। ভাল শ্বেয়াৰত। ভাল বেংকৰ শ্বেয়াৰ কিনক। ভাল আই টি কোম্পানীৰ শ্বেয়াৰ কিনক। আই টি চি ৰ শ্বেয়াৰ কিনক। আই টি চি ৰ শ্বেয়াৰ কিনক। এল এণ্ড টি ৰ কিনা উচিত। কিন্তু ভুল নকৰিব অন্তত: ১০ ৰ পৰা ১৬ বছৰলৈ এইবোৰ শ্বেয়াৰত টকা খটুৱালেহে ভাল ৰিটাৰ্ন পাব। ইউলিপৰ কথা কি ভাবে? জয়ন্তই সুধিলে। : এসময়ত ইউলিপৰ ক্ষেত্ৰত বহুতো মিছা কথা কৈ বিক্ৰী কৰা হৈছিল। ফলত ইউলিপৰ বদনাম হৈছিল। বৰ্তমান ইউলিপৰ নিয়ম-কানুন সলনি কৰি নতুন ৰূপত সজাই তুলিলে। এতিয়া ইউলিপত বিনিয়োগ কৰিব পাৰে। ৰিটাৰ্ন শ্বেয়াৰ সমান নহ’লেও বেছ ভাল লাভ পাব। : নতুন পেন্সন আঁচনিৰ কথা কি ভাবে? : এন পি এছ অপূৰ্ব আঁচনি। ডেকা বয়সৰ পৰা এই আঁচনিত বিনিয়োগ কৰক। চৰকাৰী বিষয়া আৰু সাধাৰণ নাগৰিকৰ বাবে আঁচনি একেই। মাথোন চৰকাৰী বিষয়াৰ ক্ষেত্ৰত চৰকাৰে আধা টকা নিজে দিব লাগে। এই আঁচনি অপূব আঁচনি। ড০ ইছাহক আলীয়ে ক’লে। প্ৰকৃততে অৱসৰৰ ব্যৱস্থা ডেকা কালতে কৰিব লাগিব। নিজৰ ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। লিখক: গৌতম প্ৰসাদ বৰুৱা, অসমীয়া প্ৰতিদিন।