পণ্য বিনিময় প্ৰথা

বিনিময় ব্যৱস্থা মানুহৰ সকলো পাৰ্থিৱ অৱস্থানৰ মূল উপাদান। খাদ্য, বস্ত্ৰ আৰু বাসস্থান হৈছে জীৱন ধাৰণৰ ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী। মানৱ সমাজৰ উন্নয়ন আৰু প্ৰগতিৰ লগে লগে মানুহৰ অভাৱ আৰু চাহিদাৰ পৰিমাণো ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। পুৰণিকালত মানুহে জীৱন ধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ নিজেই উৎপাদন কৰি লৈছিল আৰু কিছুমান সামগ্ৰী নিজৰ উৎপাদিত বস্তুৰ লগত বিনিময়ৰ যোগেদি সংগ্ৰহ কৰিছিল। যি ব্যৱস্থাত পণ্য বা দ্ৰব্যৰ লগত দ্ৰব্যৰ বিনিময় হয় তাক পণ্য বিনিময় প্ৰথা বোলে। পণ্য বিনিময় প্ৰথাত প্ৰত্যক্ষভাৱে দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় সংঘটিত হয়। জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগত পণ্য বিনিময় প্ৰথাৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ব্যৱহাৰৰ লগে লগে এনে ব্যৱস্থাৰ অসুবিধাসমূহ আঁতৰি যায়।

পণ্য বিনিময় ব্যৱস্থাৰ অসুবিধাসমূহ

পণ্য বিনিময় ব্যৱস্থাৰ অসুবিধাসমূহ ব্যাখ্যা কৰা হ’ল

(১) অভাৱৰ পাৰস্পৰিক সংগতিহীনতা:

অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্ৰথা কাৰ্যকৰী নহয়। যিকোনো গতিশীল সমাজত অভাৱৰ পাৰস্পৰিক সামঞ্জস্য উলিওৱাটো কঠিন। বিনিময় প্ৰথা কাৰ্যকৰী হোৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক হ’ব লাগে। অৰ্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ’ব লাগিব। উদাহৰণস্বৰূপে ধৰি লোৱা হ’ল যে- এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত কাপোৰ বিচাৰে। এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলোকৰ অভাৱ পৰস্পৰৰ পৰিপূৰক। পৰস্পৰৰ পৰিপূৰক বা সংগতিপূৰ্ণ এনে অভাৱৰ ক্ষেত্ৰত বিনিময় কাৰ্য সংঘটিত হ’ব পাৰে। কিন্তু কাপোৰৰ গৰাকীজনে কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ’ব আৰু এনে অৱস্থাত বিনিময় প্ৰথা কাৰ্যকৰী নহ’ব।

(২) মূল্য নিৰ্ধাৰণৰ অসুবিধা:

পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ উমৈহতীয়া একক নাথাকে। এনে অৱস্থাত সকলো সামগ্ৰীক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে। দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ সাধাৰণতে অভাৱৰ তীব্ৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে। যিহেতু সকলো সামগ্ৰীৰ মূল্য একে নহয়, গতিকে বস্তু এটাৰ কিমান পৰিমাণৰ বিপৰীতে আনটো বস্তুৰ কিমান পৰিমাণ সংগ্ৰহ কৰা যাব তাৰ কোনো নিৰ্দ্দিষ্ট মাপকাঠী বিনিময় প্ৰথাত নাছিল। কোনো বস্তুৰ মূল্যাংকনৰ নিৰ্দ্দিষ্ট মাপকাঠী নথকাৰ বাবে বিভিন্ন কাৰ্যত বিভিন্ন জটিলতাৰ সৃষ্টি হৈছিল।

(৩) বিভাজ্যতাৰ অসুবিধা:

সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্ৰথাৰ সমস্যাৰ সৃষ্টি কৰে। কিছুমান সামগ্ৰী অবিভাজনীয়। এইবোৰৰ লগত আন বস্তুৰ বিনিময় লাভজনক নহ’ব পাৰে। উদাহৰণস্বৰূপে হাতীৰ সলনি কিছু পৰিমাণ চাউলৰ বিনিময় লাভজনক নহয় কাৰণ চাউলৰ পৰিমাণ অনুযায়ী হাতীক ভাগ কৰিব নোৱাৰি। বিভাজনীয়তা গুণ নথকাৰ বাবে বিনিময় প্ৰথাত বিনিময় কাৰ্য কঠিন হৈ পৰিছিল।

(৪) সঞ্চয়ৰ অসুবিধা:

সঞ্চয় আয়ৰ এটা অংশ। ভৱিষ্যতৰ নিৰাপত্ত, লেন-দেন বা উপাৰ্জনৰ বাবে মানুহে সঞ্চয় কৰিব বিচাৰে। পণ্য বিনিময় প্ৰথাত সঞ্চয় বুলিলে উৎপাদিত বস্তুৰ সঞ্চয়ক বুজায়। কিন্তু উৎপাদিত সামগ্ৰীবোৰ দীৰ্ঘদিন সঞ্চয় কৰি ৰখা সম্ভৱ নহয়। কিছুমান বস্তু আছে যিবিলাক অতি সহজে বিনষ্ট হ’ব পাৰে। সঞ্চয়ৰ অসুবিধা বস্তু বা পণ্য বিনিময় প্ৰথাৰ এটা প্ৰধান সমস্যা আছিল।

মুদ্ৰা অৰ্থনীতি

পণ্য বিনিময় প্ৰথাৰ অসুবিধাবোৰেই ইয়াৰ বিলুপ্তিৰ কাৰণ। মুদ্ৰাৰ আৱিষ্কাৰৰ ফলত বিনিময় প্ৰথাৰ সমস্যাসমূহৰ অৱসান ঘটে। মানৱ সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰত মুদ্ৰাৰ আৱিষ্কাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু মুদ্ৰাৰ প্ৰচলন পৰিকল্পিতভাৱে হোৱা নাই। বিভিন্ন ক্ৰমবিকাশৰ মাজেদি মুদ্ৰাই বৰ্তমানৰ প্ৰচলিত ৰূপ ধাৰণ কৰিব পাৰিছে। সভ্যতাৰ ক্ৰমবিৱৰ্তনত বিভিন্ন ধৰণৰ মুদ্ৰাৰ ব্যৱহাৰ দেখা গৈছিল। কাগজী মুদ্ৰাৰ প্ৰৱৰ্তনৰ আগতে তাম, ৰূপ আৰু স্বৰ্ণ ধাতুৰে তৈয়াৰ কৰা মুদ্ৰাৰ প্ৰচলন আছিল। আধুনিককালত বিশ্বৰ সকলো দেশতে কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে লগতে ধাতু মুদ্ৰাৰো প্ৰচলন আছে। আধুনিক বজাৰ ব্যৱস্থাত যাৱতীয় সেৱাকাৰ্য আৰু দ্ৰব্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সংঘটিত হয়। সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্যও মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। মুদ্ৰা বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠী। যাৱতীয় উপাৰ্জন আৰু সঞ্চয় মুদ্ৰাৰ যোগেদি সম্পাদন কৰা হয়। আধুনিক যুগত মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আইনৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰা হয়। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্য যিকোনো এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয় তাক মুদ্ৰা বোলে। অৰ্থনীতিবিদ জন হিক্সৰ মতে মুদ্ৰাৰ কাৰ্যাৱলীৰদ্বাৰা মুদ্ৰাৰ সংজ্ঞা নিৰূপণ কৰা হয়। তেওঁৰ মতে ‘যাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হয় সিয়ে মুদ্ৰা’। ৱাকাৰৰ মতে ‘মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা’। অৰ্থনীতিবিদ জিয়ফ্ৰি ক্ৰাউথাৰে মুদ্ৰাৰ সংজ্ঞা এনেদৰে দিয়ে: ‘যি বিনিয়োগৰ মাধ্যম, সাধাৰণভাৱে গ্ৰহণযোগ্য আৰু লগতে মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে- সিয়ে মুদ্ৰা’।

মুদ্ৰাৰ প্ৰকাৰ

মুদ্ৰাৰ প্ৰধান প্ৰকাৰসমূহ তলত দিয়া হ’ল:

(১) হিচাপৰ মুদ্ৰা:

যি মুদ্ৰাৰ যোগেদি দেশৰ সকলো কিনা-বেচা আৰু লেন-দেনৰ হিচাপ প্ৰকাশ কৰা হয় তাক হিচাপৰ মুদ্ৰা বুলি কোৱা হয়। চৰকাৰী ঋণৰ হিচাপ, দ্ৰব্যমূল্য স্তৰৰ পৰিমাপ, মুদ্ৰাৰ ক্ৰয়ক্ষমতাৰ নিৰ্ধাৰণ আৰু আন্তৰ্জাতিক ক্ষেত্ৰত বৈদেশিক মূল্যৰ প্ৰকাশ হিচাপৰ মুদ্ৰাৰ জৰিয়তে সম্পন্ন কৰা হয়। ভাৰতৰ হিচাপ-নিকাচ ‘টকা’ৰ মানত আৰু আমেৰিকাৰ ‘ডলাৰ’ৰ মানত প্ৰকাশ কৰা হয়। গতিকে ভাৰতৰ টকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ হৈছে হিচাপৰ মুদ্ৰা।

(২) প্ৰকৃত মুদ্ৰা:

দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বোলে। এই মুদ্ৰাৰ জৰিয়তে যাৱতীয় বিনিময় কাৰ্য সম্পাদন কৰা হয়। বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা হৈছে প্ৰকৃত মুদ্ৰা।

(৩) কাগজী মুদ্ৰা:

বিশ্বৰ সকলো দেশতে কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰ হাতত অৰ্পণ কৰা হৈছে। কাগজী মুদ্ৰা প্ৰচলনৰ বিপৰীতে শতকৰা ১০০ ভাগ মূল্যৰ সোণ নাইবা মূল্যৱান ধাতু জমা ৰাখিলে তাক প্ৰতিনিধিমূলক কাগজী মুদ্ৰা বোলা হয়। যিবিলাক কাগজী মুদ্ৰাক ধাতু মুদ্ৰা বা ধাতুৰ পৰিমাণেৰে পৰিৱৰ্তন কৰিব পৰা যায় তেনে মুদ্ৰাক পৰিৱৰ্তনীয় কাগজী মুদ্ৰা বোলা হয়। কিন্তু অপৰিৱৰ্তনীয় কাগজী মুদ্ৰাৰ ক্ষেত্ৰত কাগজী মুদ্ৰাক ধাতুৰ পৰিমাণেৰে পৰিৱৰ্তন কৰিব নোৱাৰি।

(৪) ধাতু মুদ্ৰা:

তাম, ৰূপ, সোণ আদি ধাতুৰে তৈয়াৰী মুদ্ৰাক ধাতু মুদ্ৰা বোলে। ধাতু মুদ্ৰা দুই প্ৰকাৰৰ (ক) পূৰ্ণ মূল্য মুদ্ৰা আৰু (খ) প্ৰতীক বা নিদৰ্শন মুদ্ৰা।

(ক) পূৰ্ণ মূল্য মুদ্ৰা:

মুদ্ৰাৰ ধাতু মূল্য বা অন্তৰ্নিহিত মূল্য আৰু লিখিত মূল্য একে থাকিলে তাকে পূৰ্ণ মূল্য মুদ্ৰা বোলে। পূৰ্ণ মূল্য মুদ্ৰাক মান মুদ্ৰা বোলে।

(খ) প্ৰতীক বা নিদৰ্শন মুদ্ৰা:

মুদ্ৰাৰ লিখিত মূল্য ইয়াৰ ধাতু মুল্যতকৈ বেহি হ’লে তাকে প্ৰতীক মুদ্ৰা বা নিদৰ্শন মুদ্ৰা বোলে। বৰ্তমান কালত প্ৰচলিত প্ৰায় সকলোবোৰ ধাতু মুদ্ৰা প্ৰতীক মুদ্ৰা।

(৫) আদেশ মুদ্ৰা:

চৰকাৰৰ আদেশ অনুযায়ী প্ৰচলিত মুদ্ৰাক আদেশ মুদ্ৰা বোলে। কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা আদেশ মুদ্ৰাৰ উদাহৰণ। এনে মুদ্ৰাৰ লিখিত মূল্য অন্তৰ্নিহিত মূল্যতকৈ বেছি থাকে।

(৬) বিহিত মুদ্ৰা:

বিধি সন্মতভাৱে গ্ৰহণযোগ্য মুদ্ৰাক বিহিত মুদ্ৰা বোলে। এই মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনৰদ্বাৰা স্বীকৃত। বিনিময়ৰ মাধ্যম হিচাপে বিহিত মুদ্ৰা গ্ৰহণ কৰিবলৈ কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু যদি কৰে তেনে ক্ষেত্ৰত আইনমতে দণ্ডনীয় হ’ব পাৰে। ভাৰতবৰ্ষত প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা।

(৭) অবিহিত মুদ্ৰা:

যিবোৰ মুদ্ৰা লেন-দেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু আইনৰ স্বীকৃতি লাভ নকৰে তেনে মুদ্ৰাক অবিহিত মুদ্ৰা বোলে। বৰ্তমান যুগত ব্যাপকভাৱে ব্যৱহাৰ হোৱা বেংকৰ চেক অবিহিত মুদ্ৰাৰ উদাহৰণ। অবিহিত মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। ইয়াৰ কাৰণ এইবোৰৰ গ্ৰহণযোগ্যতা বাধ্যতামূলক নহয়। মানুহে এইবোৰ মুদ্ৰা গ্ৰহণ কৰিব পাৰে, নকৰিবও পাৰে।

(৮) আমানত মুদ্ৰা বা ঋণ মুদ্ৰা:

বাণিজ্যিক বেংকবোৰে সৃষ্টি কৰা আমানতক আমানত মুদ্ৰা বা ঋণ মুদ্ৰা বোলে। ঋণ প্ৰদানৰ যোগেদি বেংকবোৰে আমানতৰ সৃষ্টি কৰে। আমানত মুদ্ৰা বিহিত মুদ্ৰা বা প্ৰকৃত মুদ্ৰা নহয়। কিন্তু দেশৰ মুদ্ৰা সৃষ্টিৰ ক্ষেত্ৰত আমানত মুদ্ৰাৰ ভূমিকা যথেষ্ট বেছি।

(৯) ধনাদেশ মুদ্ৰা:

বৰ্তমান যুগত বিভিন্ন লেন-দেনৰ ক্ষেত্ৰত ধনাদেশৰ বহল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কিন্তু ধনাদেশ বিহিত মুদ্ৰা বা প্ৰকৃত মুদ্ৰা নহয়। অৱশ্যে প্ৰকৃত মুদ্ৰা নহ’লেও অতি কম সময়ৰ ভিতৰত ধনাদেশ এখনক মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পৰা যায়। সেই কাৰণে ধনাদেশক ‘নিকট মুদ্ৰা’ বুলিও কোৱা হয়।

মুদ্ৰাৰ কাৰ্যাৱলী

মুদ্ৰাৰ কাৰ্য চাৰিবিধ:

(১) বিনিময়ৰ মাধ্যম

(২) মূল্যৰ মাপকাঠী

(৩) মূল্যৰ ভাণ্ডাৰ আৰু

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড

(১) বিনিময়ৰ মাধ্যম:

সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ বিনিময় মাধ্যম হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰা হয়। সেই কাৰণে মুদ্ৰাক বিনিময়ৰ মাধ্যম বুলিও কোৱা হয়। বিনিময়ৰ মাধ্যম মুদ্ৰাৰ মুখ্য বা প্ৰাথমিক কাৰ্য। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্ৰেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। ক্ৰেতা এজনে এক নিৰ্দ্দিষ্ট পৰিমাণ মুদ্ৰা প্ৰদান কৰি এক নিৰ্দ্দিষ্ট পৰিমাণ বস্তু বিক্ৰেতাৰ পৰা সংগ্ৰহ কৰে। এনেদৰে বিক্ৰেতাজনেও এক নিৰ্দ্দিষ্ট পৰিমাণ বস্তুৰ বিনিময়ত ক্ৰেতাৰপৰা এক নিৰ্দ্দিষ্ট পৰিমাণ মুদ্ৰা সংগ্ৰহ কৰি লয়। এনে কাৰ্যক বিনিময় বুলি কোৱা হয়। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থকা বাবে যিকোনো সামগ্ৰী বা সেৱা কাৰ্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পন্ন কৰাটো সহজসাধ্য হৈ উঠিছে।

(২) মূল্যৰ মাপকাঠী:

মুদ্ৰাই মূল্যৰ মাপকাঠী হিচাপে কাৰ্য কৰে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপন কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। অৰ্থাৎ, মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰায়েই মূল্যৰ মাপকাঠী।

(৩) মূল্যৰ ভাণ্ডাৰ:

মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্ৰাৰ যোগেদি এই সঞ্চয় কাৰ্য সম্পাদন কৰা হয়। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গূণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ। অন্যান্য সামগ্ৰীৰ দৰে মুদ্ৰা সহজে নষ্ট নহয়। সঞ্চয়ৰ যোগেদি মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। মানুহে ভৱিষ্যতৰ নিৰাপত্তা, ভৱিষ্যতৰ লেন-দেন আৰু ভৱিষ্যতৰ উপাৰ্জনৰ বাবে সঞ্চয় কৰিব বিচাৰে। সেই কাৰণে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে মুদ্ৰাৰ সঞ্চয় অধিক সুবিধাজনক।

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড:

মুদ্ৰা কেৱল বিনিময়ৰ মাধ্যম, মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰেই নহয়, মুদ্ৰা স্থগিত দেনা-পাওনাৰো মানদণ্ড। মুদ্ৰাই ঋণ গ্ৰহণ, ঋণ প্ৰদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে। আধুনিক অৰ্থ ব্যৱস্থাই কেৱল চলিত লেন-দেনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱাৰে। দেশ এখনৰ উৎপাদন আৰু ব্যৱসায়-বাণিজ্য ঋণ ব্যৱস্থাৰ ওপৰত ভালেখিনি নিৰ্ভৰশীল হ’ব লাগে। বেংক আৰু আন আন বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰধান কাৰ্য ঋণ আগবঢ়োৱা। এইবোৰ প্ৰতিষ্ঠানৰপৰা ঋণ গ্ৰহণ কৰি উৎপাদন কাৰ্যত অৰ্থ বিনিয়োগ কৰা হয়। কোনো ব্যক্তি বা সংগঠনেও বেংকৰপৰা ঋণ গ্ৰহণ কৰিব পাৰে। মুদ্ৰাই ঋণ গ্ৰহণ, ঋণ প্ৰদান আৰু ঋণ পৰিশোধ কাৰ্য সহজ কৰি তুলিছে।

আধুনিক অৰ্থব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব

আধুনিক অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব অপৰিসীম। এখন দেশৰ সকলো অৰ্থনৈতিক কাৰ্যকলাপ মুদ্ৰাৰ লগত জড়িত। সেই কাৰণে আধুনিক অৰ্থনীতিক মুদ্ৰা অৰ্থনীতি বুলিও আখ্যা দিয়া হয়। বিনিময় প্ৰথাৰ অসুবিধাবোৰ মুদ্ৰা অৰ্থনীতিয়ে দূৰ কৰিব পাৰিছে। বিনিময়ৰ মাধ্যম, মূল্যৰ মাপকাঠী, সঞ্চয়ৰ ভাণ্ডাৰ আৰু স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাৰ্য কৰাৰ উপৰিও মুদ্ৰাৰ বিভাজনীয়তা গুণ আৰু সাধাৰণ প্ৰৱাহৰ মূল উপাদান হৈছে মুদ্ৰা। বৰ্তমান যুগত মুদ্ৰাৰ গুৰুত্ব ইমানেই বেছি যে মুদ্ৰাৰ অবিহনে অৰ্থনৈতিক কাৰ্যকলাপ কল্পনা কৰিব নোৱাৰি। মুদ্ৰাই প্ৰতিটো সামগ্ৰী আৰু বিনিময়যোগ্য সেৱাকাৰ্যৰ ওপৰত এক স্পষ্ট দাবী প্ৰতিষ্ঠা কৰিব পাৰে। এইটোৱেই হৈছে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান।

(১) অৰ্থনৈতিক লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মুদ্ৰাৰ গুৰুত্ব:

মুদ্ৰাই অৰ্থনৈতিক লক্ষ্য নিৰ্ধাৰণত সহায় কৰে। এটা অৰ্থনীতিয়ে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব, কিমানখিনি উৎপাদন কৰিব আৰু কেনেকৈ এইবোৰ বণ্টন কৰিব, মুদ্ৰাৰ ব্যৱহাৰে গোটেইবোৰ সহজসাধ্য কৰি তোলে। এই লক্ষ্যসমূহ পূৰণ কৰিবলৈ সম্পদৰাজিৰ প্ৰয়োজন আৰু মুদ্ৰাৰ মাধ্যমেৰে সম্পদৰাজিৰ মূল্য প্ৰকাশ কৰা হয়।

(২) বিত্তীয় ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব:

ৰাষ্ট্ৰ এখনৰ বিত্তীয় ব্যৱস্থাত মুদ্ৰাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। মুদ্ৰাই সঞ্চয় আৰু ঋণ ব্যৱস্থাৰ আনুষ্ঠানিক সুবিধা আগবঢ়াই প্ৰত্যেক দেশৰে বেংক আদি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান গঢ়ি তোলাত সহায় কৰিছে। চৰকাৰী আয়-ব্যয় নিৰ্ধাৰণ, চৰকাৰী কৰ সংগ্ৰহ আৰু চৰকাৰী ঋণ পৰিচালনাৰ বাহন হিচাপে মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰৰ বছৰেকীয়া বাজেটত মুঠ আয়-ব্যয়ৰ হিচাপ, কৰ আৰু ঋণ সংগ্ৰহৰ পৰিমাণ মুদ্ৰাৰ মাধ্যমেৰে উত্থাপিত হয়। চৰকাৰে বিত্তীয় লক্ষ্যসমূহ মুদ্ৰাৰ মাধ্যমেৰেই নিৰ্ধাৰণ কৰে।

(৩) অৰ্থনৈতিক উন্নয়নত মুদ্ৰাৰ ভূমিকা:

গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিকল্পনাসমূহ বিত্তীয় পৰিকল্পনা। এইবোৰ মুদ্ৰা ভিত্তিক। পৰিকল্পনাৰ বিভিন্ন প্ৰকল্পসমূহ ৰূপায়নৰ বাবে সম্পদ সংগ্ৰহ কৰিব লাগে। এইবোৰ পৰিকল্পনাৰ সম্পদৰাজি মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰা হয়। মুদ্ৰাৰ প্ৰচলনে মানুহৰ আৰ্থ-সামাজিক উন্নয়নৰ পথ সহজ কৰি তুলিছে। দেশৰ সঞ্চয় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত মুদ্ৰাৰ বিকল্প নাই। সঞ্চয় বৃদ্ধি কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে দ্ৰুত হাৰত মূলধন গঠন কৰিব পাৰিছে। মূলধন গঠনে ঔদ্যোগিক উন্নয়নৰ বৃদ্ধি আৰু অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰাত সহায় কৰিছে।

(৪) দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত মুদ্ৰাৰ গুৰুত্ব:

বজাৰ অৰ্থনীতিৰ মূল ভিত্তি ইয়াৰ দৰ প্ৰণালী। বজাৰত উপভোক্তা আৰু বিক্ৰেতাৰ মাজত বস্তুৰ দৰ নিৰ্ধাৰণ হৈ থাকে। এই দৰ নিৰ্ধাৰণ প্ৰণালীত বিক্ৰেতা আৰু উপভোক্তা উভয়ে লাভৱান হয়। মুদ্ৰা ব্যৱস্থাত মুদ্ৰাৰ মাধ্যমেৰেই বস্তুৰ দৰ নিৰ্ণয় হয়। মুদ্ৰাৰ পৰিমাণেৰে স্থিৰ কৰা বস্তুৰ দৰে বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত ভাৰসাম্য স্থাপন কৰে।

(৫) বিতৰণৰ ক্ষেত্ৰত মুদ্ৰাৰ গুৰুত্ব:

উৎপাদন কাৰ্যৰ বিভিন্ন সামগ্ৰী বা উপাদানৰ মূল্য মুদ্ৰাৰ ৰূপত পৰিমাপ কৰা হয়। বৰ্তমান যুগত শ্ৰমিকৰ মজুৰি বা চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা ইত্যাদি মুদ্ৰাৰ পৰিমাণেৰে প্ৰদান কৰা হয়। উৎপাদকৰ আয়-ব্যয়ৰ হিচাপো মুদ্ৰাৰ যোগেদি কৰা হয়। ব্যৱসায়-বাণিজ্যৰ লাভ-লোকচান মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়।

(৬) ভোগ আৰু উৎপাদন কাৰ্যত মুদ্ৰাৰ গুৰুত্ব:

মুদ্ৰাৰ ব্যৱহাৰে বিনিময় ব্যৱস্থাৰ অসুবিধাসমূহ দূৰ কৰাৰ লগতে উপভোক্তাসকলক প্ৰয়োজনীয় সামগ্ৰীবোৰ সংগ্ৰহ আৰু উপভোগ কৰাত সহায় কৰিছে। বজাৰত উপভোক্তাই স্বাধীনভাৱে নিজৰ পচন্দ অনুযায়ী সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে। উপভোক্তাৰপৰা চাহিদাৰ সৃষ্টি হ’লে উৎপাদনকাৰীয়ে অৰ্থ বিনিয়োগ বৃদ্ধি কৰে। ফলস্বৰূপে, অৰ্থনৈতিক উৎপাদন বৃদ্ধি পায়। মুদ্ৰাৰ ব্যৱহাৰৰ বাবেই বৃহৎ আকাৰৰ উৎপাদন ব্যৱস্থা গঢ়ি উঠা সম্ভৱ হৈছে।

মুদ্ৰাৰ প্ৰচলনে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনি দিব পাৰিছে। মুদ্ৰাক কেন্দ্ৰ কৰি সকলো অৰ্থনৈতিক কাৰ্যকলাপ গঢ়ি উঠাৰ কাৰণ ইয়াৰ সাৰ্বজনীন ক্ৰয় ক্ষমতা। বিভিন্ন ৰাষ্ট্ৰৰ ঔদ্যোগিক উন্নয়ন, ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ, পৰিবহন ব্যৱস্থাৰ উন্নয়ন, শিক্ষাৰ প্ৰসাৰ, স্বাস্থ্যসেৱাৰ উন্নতি, উন্নত জীৱন প্ৰণালী এই গোটেইখিনি সম্ভৱ হৈছে মুদ্ৰাৰ বিনিময় শক্তি বা ক্ৰয়ক্ষমতাৰ বাবে। দেশৰ আয়, সঞ্চয় আৰু বিনিয়োগ ব্যৱস্থা সুচল কৰি তুলি মুদ্ৰাই ৰাষ্ট্ৰীয় উৎপাদন আৰু বিতৰণ ব্যৱস্থাত উল্লেখনীয় বৰঙণি আগবঢ়াইছে। বজাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ, ব্যৱসায়-বাণিজ্যৰ উন্নতি আৰু বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ বিস্তাৰ মুদ্ৰাৰ প্ৰচলন ক্ষমতাৰ বাবেই সম্ভৱ হৈছে। মুদ্ৰাৰ কাৰণেই সৃষ্টি হৈছে মুদ্ৰা বজাৰ আৰু মূলধন বজাৰ। উন্নয়নশীল ৰাষ্ট্ৰসমূহে সম্প্ৰসাৰিত মুদ্ৰানীতি গ্ৰহণ কৰি দ্ৰুত উন্নয়নৰ পথত আগবাঢ়িব পাৰিছে। মুদ্ৰাৰ প্ৰচলনৰ বাবেই আধুনিক অৰ্থব্যৱস্থা গতিশীল হৈছে। সেইকাৰণে, মুদ্ৰা কেৱল বিনিময়ৰ মাধ্যম নহয়, ই অৰ্থনৈতিক প্ৰগতিৰো মাধ্যম।

মুদ্ৰাৰ কুফল

মুদ্ৰাৰ ব্যৱহাৰ সঠিকভাৱে নহ’লে ই সমাজৰ অকল্যাণ সাধন কৰিব পাৰে।

প্ৰথমতে, মুদ্ৰাই মূল্যৰ স্থিৰতা হেৰুৱাব পাৰে। এনে অৱস্থাত অৰ্থনীতিত মুদ্ৰাসফীতি বা মুদ্ৰাসংকোচনে দেখা দিয়ে। নিৰৱচ্ছিন্নভাৱে দ্ৰব্যমূল্য স্তৰ বৃদ্ধি পালে বা মুদ্ৰামূল্য হ্ৰাস পালে তাকে মুদ্ৰাসফীতি বোলে। আনহাতে, নিৰৱচ্ছিন্নভাৱে দ্ৰব্যমূল্য স্তৰ হ্ৰাস পালে বা মুদ্ৰামূল্য বৃদ্ধি পালে তাকে মুদ্ৰাসংকোচন বোলে। মুদ্ৰাসফীতি বা মুদ্ৰাসংকোচনে অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি কৰে। ফলস্বৰূপে দেশৰ বিনিয়োগ আৰু উৎপাদন প্ৰক্ৰিয়াত অনিশ্চয়তাৰ সৃষ্টি হয় আৰু সাধাৰণ মানুহৰ জীৱন দুৰ্দশাগ্ৰস্ত হৈ পৰে।

দ্বিতীয়তে, মুদ্ৰা অৰ্থনীতিৰ আয় বণ্টন ব্যৱস্থা বৈষম্যমূলক। মুদ্ৰা উপাৰ্জনৰ পৰিমাণ একে নথকাৰ বাবে সমাজত ধনী আৰু দুখীয়াৰ মাজৰ পাৰ্থক্য ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু কিছুমান লোকৰ হাতত সম্পদ পুঞ্জীভূত হয়।

তৃতীয়তে, অধিক মুদ্ৰা উপাৰ্জনৰ বাবে কিছু সংখ্যক লোক লালসাগ্ৰস্ত আৰু দুৰ্নীতিপৰায়ণ হৈ উঠে। মুদ্ৰাৰ প্ৰতি লালসাই সামাজিক অপৰাধৰ সৃষ্টি কৰে আৰু সমাজখনত নৈতিক মূল্যবোধৰ পতন ঘটায়।

চতুৰ্থতে, অৰ্থনৈতিক অপৰাধ আৰু চৰকাৰক কৰা ফাঁকি দিয়াৰ লগত জড়িত মুদ্ৰা অৰ্থনীতিৰ এটা প্ৰধান সমস্যা হৈছে হিচাপবিহীন টকা বা ক’লা ধনৰ বৃদ্ধি। অসৎ উপায়েৰে উপাৰ্জন কৰা ক’লা ধনে বজাৰত কৃত্ৰিম চাহিদাৰ সৃষ্টি কৰি দ্ৰব্যমূল্য ঊৰ্দ্ধগামী কৰাত সহায় কৰে আৰু সমাজত আয়ৰ বৈষম্য বৃদ্ধি কৰি একশ্ৰেণীৰ ক’লা বেপাৰীৰ জন্ম দিয়ে।

মুদ্ৰা ব্যৱস্থা আৰু মুদ্ৰানীতি

দেশ এখনৰ মুদ্ৰা ব্যৱস্থা ইয়াৰ নিৰ্দ্দিষ্ট মুদ্ৰাৰ প্ৰচলন, মুদ্ৰাৰ মান আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। এখন ৰাষ্ট্ৰত কেনেধৰণৰ মুদ্ৰা বিহিত মুদ্ৰা হিচাপে গণ্য কৰা হ’ব আৰু ইয়াৰ মুদ্ৰামান কি হ’ব এইটো নিৰ্ভৰ কৰিব চৰকাৰী নীতিৰ ওপৰত। কাগজী মুদ্ৰাৰ প্ৰচলন হোৱাৰ আগতে বিভিন্ন দেশত ধাতু মুদ্ৰাৰ প্ৰচলন আছিল। স্বৰ্ণ মুদ্ৰামানে এটা সময়ত বিশেষ গুৰুত্ব লাভ কৰিছিল। তাম, ৰূপ আৰু স্বৰ্ণ মুদ্ৰাৰ প্ৰচলনে অৰ্থব্যৱস্থাত স্থিৰতা সৃষ্টি কৰিব পাৰিছিল। কিন্তু তাম, ৰূপ আৰু স্বৰ্ণ মুদ্ৰাৰ প্ৰচলনো কোনো এটা সময়ত বন্ধ হৈ পৰে। ধাতু মুদ্ৰাৰ সলনি কাগজী মুদ্ৰাৰ প্ৰৱৰ্তন ঘটে। বৰ্তমানে সমগ্ৰ বিশ্বত কাগজী মুদ্ৰাৰ প্ৰচলন দেখিবলৈ পোৱা যায়। মুদ্ৰা ব্যৱস্থাত মুদ্ৰাৰ প্ৰচলনেই যথেষ্ট নহয়। দেশত কি পৰিমাণ মুদ্ৰাৰ প্ৰচলন হ’ব আৰু মুদ্ৰাৰ যোগানৰ ফলত অৰ্থনীতিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব নাইবা কি কি লক্ষ্য পূৰণ কৰিব এইবোৰ সঠিকভাৱে নিৰূপণ কৰাৰ কাৰণে এটা সুস্থ মুদ্ৰানীতিৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় বেংকৰ। অন্যান্য বিত্তীয় প্ৰতিষ্ঠানবোৰ কেন্দ্ৰীয় বেংকৰ নিয়ন্ত্ৰণাধীন থাকে। কেন্দ্ৰীয় বেংকে চৰকাৰৰ অনুমোদন সাপেক্ষে মুদ্ৰানীতি গ্ৰহণ কৰে। মুদ্ৰা ব্যৱস্থাৰ লগত জড়িত দেশৰ মুদ্ৰা আৰু ঋণৰ যোগানৰ পৰিচালনা আৰু বিত্তীয় ব্যৱস্থা আৰু সুদৰ হাৰৰ নিয়ন্ত্ৰণ নীতিক মুদ্ৰানীতি বোলে। মুদ্ৰানীতিৰ লক্ষ্যসমূহ বেলেগ বেলেগ হ’ব পাৰে। নিয়ন্ত্ৰণ প্ৰণালীৰ যোগেদি অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰাটো উন্নত ৰাষ্ট্ৰসমূহৰ মুদ্ৰানীতিৰ লক্ষ্য। এই ৰাষ্ট্ৰসমূহৰ মুদ্ৰানীতি নিয়ন্ত্ৰণমূলক। কিন্তু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মুদ্ৰানীতি অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত। দ্ৰুত অৰ্থনৈতিক উন্নতি উন্নয়নশীল ৰাষ্ট্ৰৰ মুদ্ৰানীতিৰ মূল লক্ষ্য। বৈদেশিক লেন-দেনৰ সমতা ৰক্ষা কৰা আৰু আভ্যন্তৰীণ দ্ৰব্যমূল্য স্তৰৰ স্থিৰতা ৰক্ষা কৰা উন্নয়নশীল অৰ্থনীতিৰ মুদ্ৰানীতিৰ দুটা গুৰুত্বপূৰ্ণ উদ্দেশ্য।

কেন্দ্ৰীয় বেংক

কেন্দ্ৰীয় বেংক দেশৰ উচ্চতম চৰকাৰী বেংক। কেন্দ্ৰীয় বেংকে দেশৰ মুদ্ৰা ব্যৱস্থাৰ পৰিচালনা কৰে, বাণিজ্যিক বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰে আৰু দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক স্থিৰতাৰ লক্ষ্য পূৰণ কৰিবলৈ মুদ্ৰা আৰু ঋণ নিয়ন্ত্ৰণৰ দায়িত্ব গ্ৰহণ কৰে। দেশৰ মুদ্ৰা বজাৰত কেন্দ্ৰীয় বেংকৰ অৱস্থান আটাইতকৈ গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংকসমূহৰ পৰিদৰ্শক, নিয়ন্ত্ৰক আৰু নিৰ্দেশক। অৰ্থনীতিবিদ চেমুৱেলচনৰ মতে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক। ইয়াৰ দায়িত্ব হৈছে দেশৰ মুদ্ৰা ব্যৱস্থা আৰু মুদ্ৰাৰ যোগানৰ নিয়ন্ত্ৰণ কৰা। ‘ভাৰতৰ ৰিজাৰ্ভ বেংক’ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক। ‘বেংক অৱ ইংলেণ্ড’ ইংলেণ্ডৰ কেন্দ্ৰীয় বেংক আৰু ‘ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক।

কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী

কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল:

(১) কাগজী মুদ্ৰাৰ যোগান:

কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰ। ইয়াৰ বাবে কেন্দ্ৰীয় বেংকে এক নিৰ্দ্দিষ্ট হাৰত সোণ জমা হিচাপে ৰাখিব লাগে। বৰ্তমানকালত জমা ব্যৱস্থাৰ নীতি শিথিল কৰি দিয়া হৈছে। এতিয়া নিম্নতম জমা ব্যৱস্থাৰ নীতিত মুদ্ৰা ছপোৱা হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিৰ ভিত্তিত মুদ্ৰা ছপায়। নিম্নতম জমা ব্যৱস্থাৰ ক্ষেত্ৰত এক নিৰ্দ্দিষ্ট পৰিমাণৰ সোণ আৰু বৈদেশিক মুদ্ৰা জমা থাকিব লাগে।

(২) চৰকাৰৰ বেংক:

কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় বেংক হৈছে (ক) চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা, (খ) চৰকাৰৰ পৰামৰ্শ দাতা আৰু (গ) চৰকাৰৰ এজেণ্ট বা প্ৰতিনিধি। কেন্দ্ৰীয় চৰকাৰৰ ঘাটি বাজেট পূৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰাৰ সৃষ্টি কৰি বিত্তৰ যোগান আগবঢ়ায়। কেন্দ্ৰীয় বেংকে চৰকাৰী ঋণৰ তদাৰকী কৰে। প্ৰয়োজন অনুসৰি কেন্দ্ৰীয় বেংকে চৰকাৰক বিভিন্ন অৰ্থনৈতিক পৰামৰ্শও প্ৰদান কৰে। চৰকাৰৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় বেংকে চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ ৰাখে।

(৩) বেংকসমূহৰ বেংক:

কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ এটা অংশ কেন্দ্ৰীয় বাণিজ্যত জমা ৰাখিব লাগে। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে। প্ৰয়োজন হ’লে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকৰপৰা ঋণ গ্ৰহণ কৰিব পাৰে। বেংকসমূহৰ পৰিশোধৰ নিষ্পত্তি হিচাপেও কেন্দ্ৰীয় বেংকে কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিষ্পত্তি কৰে। কোনো বেংকৰ আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য আগবঢ়ায়। কাৰণ কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংকসমূহৰ অন্তিম ঋণদাতা।

(৪) ঋণ নিয়ন্ত্ৰণ:

কেন্দ্ৰীয় বেংকে দেশৰ ঋণ ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰে। বাণিজ্যিক বেংকৰ ঋণ সম্প্ৰসাৰণৰ ফলত দেশৰ মুঠ মুদ্ৰাৰ যোগান বৃদ্ধি পায় আৰু দ্ৰব্যমূল্যস্তৰ উৰ্দ্ধমুখী হয়। উন্নয়নশীল ৰাষ্ট্ৰত মুদ্ৰাসফীতিৰ এটা প্ৰধান কাৰণ বেংক ঋণৰ দ্ৰুত সম্প্ৰসাৰণ। কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণমূলক পদ্ধতিসমূহ প্ৰয়োগ কৰি মুদ্ৰাসফীতিৰ হাৰ কমাব পাৰে।

(৫) উন্নয়নমূলক কাৰ্য:

উন্নয়নশীল ৰাষ্ট্ৰত কেন্দ্ৰীয় বেংকে অৰ্থনৈতিক উন্নয়নত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। দেশৰ বেংকসমূহক উন্নয়নমুখী কৰি তোলাটো কেন্দ্ৰীয় বেংকৰ দায়িত্ব। দেশৰ ঋণ ব্যৱস্থাক উৎপাদনৰ লগত জড়িত কৰি কেন্দ্ৰীয় বেংকে অৰ্থনৈতিক উন্নতিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে। আনহাতে উদাৰ মুদ্ৰানীতি গ্ৰহণ কৰি আৰু সুদৰ হাৰ হ্ৰাস কৰি কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ সম্প্ৰসাৰণত উৎসাহ প্ৰদান কৰে। কেদ্ৰীয় বেংকে কৃষি আৰু উদ্যোগখণ্ডত দীৰ্ঘকালীন ঋণ প্ৰদান কৰাৰ কাৰণে উন্নয়ন বেংক আদি বিত্তীয় প্ৰতিষ্ঠানসমূহৰ স্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।

(৬) অন্যান্য কাৰ্য:

কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসমূহ হ’ল-

(ক) বৈদেশিক বিনিময় মুদ্ৰাৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা,

(খ) দেশৰ অৰ্থনৈতিক তথ্যপাতি সংগ্ৰহ কৰা আৰু প্ৰকাশ কৰা আৰু

(গ) বিশ্ববেংক আদি আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহত চৰকাৰৰ প্ৰতিনিধিত্ব কৰা।

বাণিজ্যিক বেংক

যিবোৰ বিত্তীয় অনুষ্ঠানে ব্যক্তি বা সংগঠনৰপৰা ধন জমা ৰাখে আৰু অন্য ব্যক্তি, সংগঠন বা ব্যৱসায় প্ৰতিষ্ঠানক ঋণ প্ৰদান কৰে তাকে বাণিজ্যিক বেংক বোলে। বাণিজ্যিক বেংক ব্যক্তিগত খণ্ডত নাইবা চৰকাৰী খণ্ডত গঢ়ি উঠিব পাৰে। ভাৰতৰ কেইটামান বাণিজ্যিক বেংক বেচৰকাৰী বেংক, বাকীবোৰ ৰাষ্ট্ৰীয়কৃত বেংক। ১৯৬৯ চনত ভাৰতৰ প্ৰধান ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ইয়াৰ আগতে একমাত্ৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বাহিৰে সকলো বেংক বেচৰকাৰী বেংক আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰক বাদ দি পৃথিৱীৰ সকলো দেশতে বাণিজ্যিক বেংকৰ অধিক শাখা থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰত একক বেংক ব্যৱস্থা থকাৰ কাৰণে বেংকৰ কোনো শাখা নাথাকে। বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যসমূহৰ পৰিধিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে।

বাণিজ্যিক বেংকৰ কাৰ্যাৱলী

বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যসমূহ তলত দিয়া হ’ল:

(১) সঞ্চয় গ্ৰহণ:

বাণিজ্যিক বেংকবোৰে বিভিন্ন ব্যক্তি আৰু সংগঠনৰপৰা সঞ্চয় গ্ৰহণ কৰে। বাণিজ্যিক বেংকত জমা ৰখা সঞ্চয়ক বেংক জমা বোলে। বেংক জমা তিনি প্ৰকাৰৰ-

(ক) চলিত জমা বা চাহিদা জমা,

(খ) সঞ্চয় জমা আৰু

(গ) স্থিৰ জমা বা কাল জমা।

আমানত বা জমাকাৰীয়ে বেংকৰপৰা যিকোনো সময়তে চলিত আমানত উলিয়াই ল’ব পাৰে। চলিত আমানতৰ ওপৰত বেংকে কোনো সুদ নিদিয়ে। সঞ্চয় আমানতৰ ক্ষেত্ৰত বেংকে সুদ দিয়ে, কিন্তু সুদৰ হাৰ কম থাকে। জমাকাৰীয়ে যিকোনো সময়ত গোটেইখিনি সঞ্চয় উলিয়াব নোৱাৰে। স্থিৰ বা কাল জমাৰ এটা নিৰ্দ্দিষ্ট সময় বা কাল নিৰ্ধাৰিত থাকে। স্থিৰ জমাৰ বিপৰীতে বেংকে অধিক হাৰত সুদ আগবঢ়ায়। জমাকাৰীয়ে প্ৰয়োজন হ’লে স্থিৰ জমা নিৰ্দ্দিষ্ট সময়ৰ পূৰ্বে উলিয়াই আনিব পাৰে। কিন্তু বেংকে সুদৰ এটা অংশ তাৰ পৰা কাঢ়ি ৰাখে। বাণিজ্যিক বেংকৰ ব্যৱসায়ৰ মূল ভিত্তি হৈছে বেংক আমানত। আমানতৰ পৰিমাণ বঢ়াব নোৱাৰিলে বেংকে যথেষ্ট পৰিমাণে ঋণ প্ৰদান কৰিব নোৱাৰে।

(২) ঋণৰ যোগান:

ঋণ প্ৰদানৰ যোগেদি বাণিজ্যিক বেংকে লাভ উপাৰ্জন কৰে। ঋণৰ বিপৰীতে বেংকে সুদ পায়। সাধাৰণতে বাণিজ্যিক বেংকে হ্ৰস্বকালীন ঋণ প্ৰদান কৰে। বেংকে জমাকাৰীৰ প্ৰাথমিক জমাৰ পৰা এটা অংশ নগদ পুঁজি হিচাপে সংৰক্ষণ কৰি আমানতৰ বাকী অংশ ঋণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিন্তু বেংকৰ সুদৰ হাৰৰ পৰিৱৰ্তন সময়ে সময়ে হৈ থাকে। কেন্দ্ৰীয় বেংকৰ সুদৰ হাৰৰ হ্ৰাস-বৃদ্ধিৰ লগত বাণিজ্যিক বেংকবোৰেও সুদৰ হাৰৰ পৰিৱৰ্তন ঘটায়। ঋণ প্ৰদানৰ ক্ষেত্ৰত বেংকে মাটি, সম্পত্তি, সোণ, চৰকাৰী ঋণপত্ৰ আদি বন্ধকী হিচাপে গ্ৰহণ কৰে। কৃষি, উদ্যোগ, ব্যৱসায় প্ৰতিষ্ঠান, ব্যক্তি বা সংগঠনক বেংকে ঋণৰ যোগান ধৰে।

(৩) ঋণ মুদ্ৰা বা আমানতৰ সৃষ্টি:

বাণিজ্যিক এংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। বেংকৰ আমানত দুই প্ৰকাৰৰ- (ক)প্ৰাথমিক বা নগদ আমানত আৰু (খ) মাধ্যমিক বা উদ্ভুত আমানত। সঞ্চয়কাৰীৰ জমাক প্ৰাথমিক বা নগদ আমানত বোলে। বেংকে প্ৰাথমিক আমানতৰপৰা মাধ্যমিক বা উদ্ভুত আমানত সৃষ্টি কৰে। এই উদ্ভুত আমানত সৃষ্টিকেই ঋণমুদ্ৰা সৃষ্টি বুলি কোৱা হয়। বেংকে প্ৰাথমিক আমানতৰপৰা বিভিন্ন ব্যক্তি, সংগঠন, ব্যৱসায়ী, উদ্যোগ প্ৰতিষ্ঠান আদিক ঋণ প্ৰদান কৰে। কিন্তু বেংকে ঋণৰ পৰিমাণ নগদ টকাৰে নিদিয়ে, ধনাদেশৰ সহায়ত আগবঢ়ায়। বেংকে ঋণ লওঁতাজনৰ নামত এটা হিচাপ খোলে। এই নতুন হিচাপ বা আমানতক আৰু এটা ঋণৰ উৎসৰূপে গণ্য কৰা হয়। কিন্তু ঋণ প্ৰদানৰ ক্ষেত্ৰত এক নিৰ্দ্দিষ্ট জমা অনুপাত প্ৰাথমিক আমানতৰপৰা বাদ দিব লাগে। প্ৰাথমিক আমানতৰপৰা নগদ জমা অনুপাত বাদ দিলে যিখিনি থাকে তাক অতিৰিক্ত জমা বোলে। বাণিজ্যিক বেংকে অতিৰিক্ত জমাখিনিক ঋণ হিচাপে আগবঢ়ায়। এটা প্ৰাথমিক আমানতৰপৰা কেইবাটাও উদ্ভুত আমানত বা ঋণ মুদ্ৰাৰ সৃষ্টি হ’ব পাৰে। যিহেতু বেংক আমানত দেশৰ মুঠ মুদ্ৰা যোগানৰ এটা অংশ, সেইহেতু বাণিজ্যিক বেংকে ঋণমুদ্ৰা সৃষ্টি কৰি মুদ্ৰাৰ মুঠ যোগানৰ সম্প্ৰসাৰণ ঘটায়।

(৪) অন্যান্য কাৰ্য:

বাণিজ্যিক বেংকে টকা জমা ৰখা আৰু ঋণ দিয়াৰ উপৰিও বিভিন্ন সেৱাকাৰ্য আগবঢ়ায়। আমানতকাৰীৰ টেলিফোন বিল, বিদ্যুৎ বিল আদি পৰিশোধ কৰাৰ ব্যৱস্থা কৰে। জমাকাৰীয়ে মূল্যৱান অলংকাৰপাতি, নথিপত্ৰ বেংকত নিৰাপদে ৰখাৰ সুবিধা লাভ কৰিব পাৰে। আজিকালি মানুহে বেংকৰ ক্ৰেডিট কাৰ্ড বা ভিছা কাৰ্ডৰ সহায়ত মূল্যৱান বস্তু বজাৰৰপৰা ক্ৰয় কৰিব পাৰে। মানুহে এঠাইৰপৰা আন ঠাইলৈ অতি সহজেৰে টকা পঠিয়াব পাৰে। জমাকাৰীয়ে ঘৰত বহি বেংকক নিৰ্দেশ দিব পাৰে আৰু বেংকৰ সেৱা লাভ কৰিব পাৰে। ইণ্টাৰনেট সেৱা আৰু কম্পিউটাৰৰ মাধ্যমেৰে এইবোৰ সম্ভৱ হৈ উঠিছে। বাণিজ্যিক বেংকৰ এইবোৰ সেৱাকাৰ্যক ‘উপযোগিতা সেৱা’ বুলি কোৱা হয়।

অৰ্থনৈতিক উন্নয়নত বাণিজ্যিক বেংকৰ ভূমিকা

উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বাণিজ্যিক বেংকে বিশেষ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নতো বাণিজ্যিক বেংকৰ স্থান অতি গুৰুত্বপূৰ্ণ। দেশৰ ঋণ ব্যৱস্থা ৰাষ্ট্ৰীয় উৎপাদনৰ এটা প্ৰধান উপাদান। আনহাতে সঞ্চয় বৃদ্ধিও মূলধন গঠনৰ বাবে অপৰিহাৰ্য। উন্নয়নৰ এই দুটা প্ৰধান কাৰ্য বাণিজ্যিক বেংকে পূৰণ কৰিব পাৰে। বৰ্তমানকালত দ্ৰুত শাখা সম্প্ৰসাৰণ আৰু বিভিন্ন আকৰ্ষণীয় সঞ্চয় আঁচনি গ্ৰহণ কৰি বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহৰ ওপৰত গুৰুত্ব দিছে। বেংকৰ ঋণৰ যোগেদি কৃষিখণ্ড, উদ্যোগখণ্ড আৰু ব্যৱসায়-বাণিজ্যৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। বেংকৰ ঋণ উৎপাদনমুখী হোৱাৰ ফলত উৎপাদনৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি পাইছে। বেংকৰ ঋণৰ সুবিধা গ্ৰহণ কৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়েস্ব-নিয়োজন প্ৰকল্পসমূহ গ্ৰহণ কৰিব পাৰিছে। কেন্দ্ৰীয় বেংকৰ উদাৰ মুদ্ৰানীতিৰ অধীনত বাণিজ্যিক বেংকে সুদৰ হাৰ কমাই দিয়ে আৰু কম সুদত উন্নয়নমূলক কাৰ্যত ঋণৰ সুবিধা আগবঢ়ায়। গাওঁ অঞ্চলত খেতিয়ক, ক্ষুদ্ৰ উদ্যোগী, মীনপালক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু আন আন পিছ পৰা শ্ৰেণীৰ মানুহক অগ্ৰাধিকাৰ দি কম সুদত ঋণ প্ৰদান কৰি বাণিজ্যিক বেংকে গ্ৰাম্য ঋণৰ অভাৱ ভালেখিনি দূৰ কৰিব পাৰিছে। লগতে উপাৰ্জনৰ উৎসবোৰ সৃষ্টি কৰি বাণিজ্যিক বেংকে দৰিদ্ৰতা দূৰীকৰণত সহায় কৰিছে। গাওঁ আৰু অন্যান্য পিছপৰা অঞ্চলত শাখা সম্প্ৰসাৰণ কৰি বাণিজ্যিক বেংকে সাধাৰণ মানুহৰ মাজত বেংকৰ সুবিধা আগবঢ়াইছে।

ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণ

ভাৰতবৰ্ষৰ বাণিজ্যিক বেংকসমূহ ১৯৬৯ চনৰ পূৰ্ৱবৰ্তী কালছোৱাত ব্যক্তিগত খণ্ডৰ বেংক আছিল। বেংকসমূহৰ নিয়ন্ত্ৰণ কেইজনমান ব্যক্তি আৰু কিছুমান ঔদ্যোগিক সংগঠনৰ হাতত কেন্দ্ৰীভূত হৈ আছিল। বৃহৎ উদ্যোগ প্ৰতিষ্ঠানলৈ ঋণ প্ৰদান আৰু লাভ উপাৰ্জনেই আছিল এইবোৰৰ একমাত্ৰ উদ্দেশ্য। সেই কাৰণে কেৱল উদ্যোগ অঞ্চল বা নগৰ অঞ্চলত বেংকৰ ব্যৱসায় কেন্দ্ৰীভূত হৈ আছিল। ভাৰতৰ ষ্টেট বেংক ১৯৫৫ চনৰপৰা ৰাজহুৱাখণ্ডৰ বেংক হিচাপে স্বীকৃতি আভ কৰে। ষ্টেট বেংক অৱ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক। ১৯৬৯ চনৰ ১৯ জুলাই তাৰিখে ভাৰতৰ ১৪ টা বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। বেংক ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যসমূহ আছিল-

(১) সস্তীয়া কৃষি ঋণৰ যোগান ধৰা,

(২) গাঁও আৰু পিছ পৰা অঞ্চলত দ্ৰুত গতিত শাখা সম্প্ৰসাৰণ কৰা,

(৩) বেংকসমূহৰ ব্যক্তিগত মালিকীস্বত্ব আৰু একচেটিয়া নিয়ন্ত্ৰণৰ বিলোপ সাধন কৰা,

(৪) ক্ষিপ্ৰগতিত সঞ্চয় সংগ্ৰহ কৰা,

(৫) দেশৰ বেংক সেৱা উন্নয়নমুখী কৰি তোলা আৰু

(৬) অগ্ৰাধিকাৰ খণ্ডলৈ গুৰুত্ব আৰোপ কৰি ঋণৰ যোগান বৃদ্ধি কৰা।

বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ সমাজতন্ত্ৰৰ পথত এটা প্ৰধান পদক্ষেপ বুলি অভিহিত কৰা হৈছিল। অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ আগবঢ়োৱাটো আছিল বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰাথমিক লক্ষ্য। ইয়াৰে বাবে কৃষি, ক্ষুদ্ৰ উদ্যোগ, ঘৰুৱা শিল্প, ক্ষুদ্ৰ ব্যৱসায়ী আদিক চিহ্নিত কৰি দিয়া হৈছিল। কম সুদৰ হাৰত অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ প্ৰদান কৰি ৰাষ্ট্ৰায়ত্ত বেংকসমূহে উৎপাদন বৃদ্ধিৰ লগতে পিছ পৰা শ্ৰেণীৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়নত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। নিবনুৱা সমস্যাৰ সমাধান আৰু গ্ৰাম্য দাৰিদ্ৰ্য দূৰীকৰণত অগ্ৰাধিকাৰ খণ্ডৰ আঁচনিয়ে যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিছে।

আঞ্চলিক গাঁৱলীয়া বেংক ব্যৱস্থা

ভাৰতীয় অৰ্থনীতি কৃষিৰ ওপৰত অধিক নিৰ্ভৰশীল। ভাৰতৰ প্ৰায় ৭০ শতাংশ লোক গাওঁ অঞ্চলত বসবাস কৰে। কৃষিয়েই মানুহৰ প্ৰধান জীৱিকা। বাণিজ্যিক বেংকসমূহে উন্নয়ন কাৰ্যত সক্ৰিয় অংশ গ্ৰহণ কৰিলেও এইবোৰ মূলত: লাভ ভিত্তিক বিত্তীয় প্ৰতিষ্ঠান। গতিকে গ্ৰাম্য ঋণৰ অভাৱ সম্পূৰ্ণৰূপে পূৰণ কৰিব লাগিলে বিশিষ্ট বেংক সেৱাৰ দৰকাৰ। এনে উদ্দেশ্য আগত ৰাখি ১৯৭৬ চনত ভাৰতবৰ্ষত গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হয়। অসমতো ১৯৭৬ চনত পাঁচটা গাঁৱলীয়া বেংক স্থাপন কৰা হৈছিল। অসমৰ গাঁৱলীয়া বেংককেইটা হ’ল-

(১) লখিমী গাঁৱলীয়া বেংক,

(২) প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক,

(৩) সোৱনশিৰি গাঁৱলীয়া বেংক,

(৪) কাছাৰ গ্ৰামীণ বেংক আৰু

(৫) দিহাংগী গাৱঁলীয়া বেংক।

গাঁও অঞ্চলৰ খেতিয়ক আৰু ক্ষুদ্ৰ উদ্যোগীসকলক সস্তীয়া ঋণৰ যোগান ধৰি গাঁৱলীয়া বেংকসমূহে দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ বেংক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে। ২০০৬ চনত গাঁৱলীয়া বেংকসমূহক একেলগ কৰি ‘অসম গ্ৰামীণ বিকাশ বেংক’ নামেৰে নামকৰণ কৰা হৈছে।

সমবায় বেংক

ভাৰতবৰ্ষত সমবায় সমিতি আইনখন গ্ৰহণ কৰা হৈছিল ১৯০৪ চনত আৰু এই আইনখনৰ যোগেদিয়েই সমবায় আন্দোলনৰ ভিত্তি স্থাপন কৰা হৈছিল। ১৯১২ চনৰ সমবায় সমিতি আইনৰ যোগেদি প্ৰাথমিক পৰ্যায়ৰ সমবায় কৃষি ঋণদান সমিতিবোৰ স্থাপন কৰা হয়। ভাৰতবৰ্ষত কেইবাপ্ৰকাৰৰ ঋণদান সমবায় সমিতি দেখিবলৈ পোৱা যায়। সমবায় ঋণদান সংগঠনবোৰ দুই শ্ৰেণীৰ-

(১) কৃষি জাত আৰু

(২) অনাকৃষি জাত।

কৃষি ঋণদান সংগঠনসমূহে ঋণদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। এইবোৰে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন ঋণ আগবঢ়ায়। হ্ৰস্বকালীন কৃষি ঋণদান অনুষ্ঠানবোৰে হ্ৰস্বকালীন ঋণৰ চাহিদা পূৰণ কৰে। এইবোৰ তিনি পৰ্যায়ৰ-

(ক) শীৰ্ষ স্থানীয়- ৰাজ্যিক সমবায় বেংক,

(খ) জিলা ভিত্তিক- কেন্দ্ৰীয় সমবায় বেংক আৰু

(গ) গাঁও ভিত্তিক- প্ৰাথমিক ঋণদান সমিতি।

ভূমি উন্নয়ন বেংকসমূহে দীৰ্ঘকালীন ঋণ আগবঢ়ায়। সমবায় বেংকসমূহৰ শীৰ্ষস্থানীয় বেংক হৈছে ৰাজ্যিক সমবায় বেংক। ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত এটাকৈ ৰাজ্যিক সমবায় বেংক আছে। অসমত ১৯৪৮ চনত অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়। প্ৰাথমিক, কেন্দ্ৰীয় আৰু আন আন সমবায় অনুষ্ঠানবোৰে ৰাজ্যিক সমবায় বেংকৰ সদস্য হ’ব পাৰে। সাধাৰণ ব্যক্তিসকলেও এই বেংকৰ সদস্য হ’ব পাৰে। ৰাজ্যিক বেংকে আন আন বেংকৰ দৰে জমা গ্ৰহণ কৰে আৰু ঋণ প্ৰদান কৰে। অসমত জিলা ভিত্তিক কেন্দ্ৰীয় সমবায় বেংক নথকাৰ কাৰণে অসমৰ সমবায় বেংক দুখলপীয়া, ৰাজ্যিক সমবায় বেংক আৰু প্ৰাথমিক সমবায় ঋণদান সমিতি। প্ৰাথমিক সমবায় ঋণদান সমিতিবোৰৰ কাৰ্যসমূহৰ তদাৰকী কৰে। এই বেংকে কেন্দ্ৰীয় সমবায় বেংক আৰু প্ৰাথমিক কৃষি ঋণদান সমিতিবোৰৰ সমন্বয় ৰক্ষী বেংক হিচাপে কাম কৰে। ৰাজ্যৰ বিভিন্ন সমবায় সংগঠনলৈ ৰাজ্যিক সমবায় বেংকে বিত্তৰ যোগান আগবঢ়ায়। অনা-ঋণদান সমবায় সমিতিবোৰে গাঁৱৰ কৃষিজাত সামগ্ৰী, হস্ত-তাঁত আৰু হস্তশিল্পজাত দ্ৰব্যৰ কিনা-বেচাত সহায় কৰে। ভাৰতৰ সমবায় আন্দোলনে আশানুৰূপ সফলতা অৰ্জন কৰিব পৰা নাই। সমবায় আন্দোলনৰ দুৰ্বলতাৰ বহুতো কাৰণ আছে।

প্ৰথমতে, গাঁও অঞ্চলৰ সমবায় সমিতিবোৰ আৰ্থিকভাৱে দুৰ্বল, এইবোৰৰ পুঁজিৰ পৰিমাণ কম।

দ্বিতীয়তে, সময়মতে ঋণ পৰিশোধ নকৰা সমিতিবোৰৰ এটা প্ৰধান সমস্যা। ফলস্বৰূপে অনাদায় ঋণৰ পৰিমাণ বৃদ্ধি পাই থাকে।

তৃতীয়তে, সমবায় সমিতিবোৰ সমাজৰ কেইজনমান ধনী আৰু প্ৰভাৱশালী ব্যক্তিৰ মাজত সীমাবদ্ধ। দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্ব নথকাৰ বাবে সমিতিবোৰৰ মূল উদ্দেশ্য সফল হোৱা নাই।

চতুৰ্থতে, সমিতিবোৰে গ্ৰাম্য ঋণগ্ৰস্ততা দূৰ কৰিবলৈ ব্যৰ্থ হৈছে। সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ ঋণৰ প্ৰয়োজন সমবায় সমিতিবোৰে পূৰণ কৰিব পৰা নাই।

পঞ্চমতে, উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ অভাৱত সমিতিবোৰৰ পৰিচালনাত দুৰ্বল, দুৰ্নীতিগ্ৰস্ত আৰু ন্যস্তস্বাৰ্থ জড়িত।

ষষ্ঠতে, জনপ্ৰিয়তাৰ অভাৱ সমবায় আন্দোলনৰ ব্যৰ্থতাৰ এটা মূল কাৰণ।

ভাৰতৰ সমবায় আন্দোলন শক্তিশালী কৰি তুলিবলৈ হ’লে চৰকাৰৰ পৃষ্ঠপোষকতাৰ দৰকাৰ। বিত্তীয় সাহায্যৰ লগত প্ৰশিক্ষণপ্ৰাপ্ত পৰিচালকৰ নিয়োগ আৰু সময়মতে হিচাপ পৰীক্ষা কৰা সমবায় সমিতিবোৰৰ কাৰ্য দক্ষতা বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰি তুলিব নোৱাৰিলে ভাৰতৰ সমবায় আন্দোলন সফল হোৱা অসম্ভৱ।

উন্নয়ন বেংক

ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত মূলধনৰ যোগান অপৰিহাৰ্য। উপযুক্ত মূলধন অবিহনে দেশৰ ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তোলা অসম্ভৱ। ভাৰতৰ বাণিজ্যিক বেংকসমূহে হ্ৰস্বকালীন ঋণ আগবঢ়ায়। কিন্তু উদ্যোগ স্থাপন আৰু উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন। এই কথা উপলব্ধি কৰি ভাৰত চৰকাৰে বাণিজ্যিক বেংকৰ উপৰিও বিকাশ বেংকসমূহৰ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে উদ্দেশ্যেৰে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ তত্ত্বাৱধানত ভাৰতৰ অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ গঢ়ি উঠে। উন্নয়ন বেংক সাধাৰণ শ্ৰেণীৰ বেংক নহয়। অৰ্থনৈতিক উন্নয়ন আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত এই বেংকবোৰে বিশিষ্ট সেৱা আগবঢ়ায়। উন্নয়ন বেংকসমূহৰ দুটা প্ৰধান উদ্দেশ্য হৈছে-

(ক) ঋণ প্ৰদানৰ যোগেদি বেংক সেৱা আগবঢ়োৱা আৰু

(খ) অন্যান্য সেৱাকাৰ্যৰ জৰিয়তে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা।

উন্নয়ন বেংকসমূহ বাণিজ্যিক বেংকতকৈ ভিন্ন ধৰণৰ। যেনে-

(ক) বাণিজ্যিক বেংকৰ দৰে উন্নয়ন বেংকসমূহে সাধাৰণ মানুহৰপৰা জমা গ্ৰহণ নকৰে।

(খ) বাণিজ্যিক বেংকে হ্ৰস্বম্যাদী ঋণ আগবঢ়ায়, কিন্তু উন্নয়ন বেংকসমূহে দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰে।

(গ) বাণিজ্যিক বেংকৰ তুলনাত উন্নয়ন বেংকসমূহে স্থায়ী মূলধন যোগানৰ উপৰি ঔদ্যোগিক বিকাশৰ বাবে বিভিন্ন উন্নয়নমূলক কাৰ্য সম্পাদন কৰে।

উন্নয়ন বেংকৰ প্ৰধান কাৰ্যসমূহ হৈছে-

(১) উদ্যোগসমূহক মধ্যকালীন আৰু দীৰ্ঘকালীন মূলধনৰ যোগান ধৰা,

(২) বিপদ সম্ভাৱনাময় মূলধনৰ যোগান ধৰা,

(৩) নতুন ঋণ পত্ৰত ক্ষতিপূৰণৰ স্বাক্ষৰ প্ৰদান কৰা,

(৪) দীৰ্ঘম্যাদী ঋণৰ জামিনদাৰ হিচাপে কাম কৰা,

(৫) বৈদেশিক মুদ্ৰাৰ ঋণ যোগানৰ ব্যৱস্থা কৰা,

(৬) উদ্যোগ প্ৰতিষ্ঠানসমূহক কৌশলিক উপদেশ প্ৰদান কৰা,

(৭) বিনিয়োগ যোগ্য প্ৰকল্পসমূহক চিহ্নিত কৰা,

(৮) বিনিয়োগ প্ৰকল্পসমূহৰ উন্নয়নৰ মূল্যায়ন আৰু সমীক্ষা প্ৰস্তুত কৰা,

(৯) বজাৰ বিষয়ক তথ্য আৰু পৰিচালনা সেৱা আগবঢ়োৱা।

ভাৰতবৰ্ষৰ উন্নয়ন বেংকসমূহক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে-

(ক) কৃষি উন্নয়ন বেংক আৰু

(খ) ঔদ্যোগিক উন্নয়ন বেংক

(ক) কৃষি উন্নয়ন বেংক:

(১) ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি উন্নয়ন বেংক হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক।

(২) ৰাজ্যিক পৰ্যায়ৰ কৃষি উন্নয়ন বেংক হৈছে ৰাজ্যিক ভূমি উন্নয়ন বেংক

(৩) স্থানীয় পৰ্যায়ৰ কৃষি উন্নয়ন বেংক হৈছে প্ৰাথমিক ভূমি উন্নয়ন বেংক আৰু ৰাজ্যিক ভূমি উন্নয়ন বেংকৰ শাখাসমূহ।

(খ) ঔদ্যোগিক উন্নয়ন বেংক:

(১) ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঔদ্যোগিক উন্নয়ন বেংকসমূহৰ প্ৰধানকেইটা হৈছে-

(ক) ভাৰতৰ ঔদ্যোগিক বিত্তীয় নিগম।

(খ) ভাৰতৰ ঔদ্যোগিক বিকাশ বেংক।

(গ) ভাৰতৰ ঔদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম।

(ঘ) ভাৰতৰ ঔদ্যোগিক পুনৰগঠন বেংক।

(২) ৰাজ্যিক পৰ্যায়ৰ ঔদ্যোগিক উন্নয়ন বেংকসমূহৰ প্ৰধান দুটা হৈছে-

(ক) ৰাজ্যিক বিত্ত নিগম।

(খ) ৰাজ্যিক ঔদ্যোগিক বিকাশ নিগম।

অসমৰ ঔদ্যোগিক উন্নয়ন বেংক

অসম বিত্তীয় নিগম

ৰাজ্যিক বিত্ত নিগম আইনৰ যোগেদি ১৯৫১ চনত ৰাজ্য চৰকাৰসমূহক বিত্ত নিগম স্থাপন কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল। সেই মৰ্মে ১৯৫৪ চনত অসম বিত্তীয় নিগম প্ৰতিষ্ঠা কৰা হয়। অসম বিত্তীয় নিগমৰ প্ৰধান কাৰ্য ঔদ্যোগিক মূলধনৰ যোগান ধৰা। এই ক্ষেত্ৰত নিগমে মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ আগবঢ়ায়। অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বিত্তীয় প্ৰয়োজন পূৰণ কৰাটো আছিল নিগমৰ প্ৰধান উদ্দেশ্য। অসম বিত্তীয় নিগমৰপৰা বিত্তীয় সাহায্য লৈ বিভিন্ন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন কৰা হৈছে। এই উদ্যোগবোৰে স্ব-নিয়োজনৰ ক্ষেত্ৰতো ভালেখিনি বৰঙণি যোগাইছে। নিগমে আগবঢ়োৱা ঋণ পৰিশোধৰ সৰ্বোচ্চ সময় সীমা দহ বছৰ।

উত্তৰ-পূব উন্নয়ন বিত্ত নিগম

ভাৰতৰ ঔদ্যোগিক বিকাশ বেংকৰ নেতৃত্বত ১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ-পূব উন্নয়ন বিত্ত নিগম স্থাপন কৰা হয়। এই নিগমৰ সদৰ কাৰ্যালয় গুৱাহাটীত। উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ প্ৰধান উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ পিছ পৰা ৰাজ্যসমূহৰ ঔদ্যোগিক উন্নয়ন তৰান্বিত কৰা। নিগমৰ অনুমোদিত পুঁজিৰ পৰিমাণ ৫০০ কোটি টকা। ভাৰতৰ ঔদ্যোগিক বিকাশ বেংক, ভাৰতৰ ঔদ্যোগিক বিত্ত নিগম, ইউনিট ট্ৰাষ্ট অৱ ইণ্ডিয়া, ষ্টেট বেংক অৱ ইণ্ডিয়া, ভাৰতীয় জীৱন বীমা নিগম আৰু সাধাৰণ বীমা নিগমে ইয়াৰ প্ৰাৰম্ভিক মূলধন ১০০ কোটি টকাৰ যোগান আগবঢ়াইছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানক ঋণ আগবঢ়োৱাৰ উপৰিও উত্তৰ-পূব উন্নয়ন বিত্ত নিগমে এই অঞ্চলৰ ক্ষুদ্ৰ আৰু হস্ত-শিল্পজাত সামগ্ৰীসমূহৰ বিক্ৰী আৰু বজাৰ সম্প্ৰসাৰণৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে।

উৎস: সমাজ বিজ্ঞান।