নিজক পৰীক্ষা কৰা প্ৰশ্নবোৰ প্ৰশ্ন ১ IGMS পদটো প্ৰসাৰ কৰক। ১) বীমাৰ সাধাৰণ পৰিচালনা প্ৰণালী। ২) ভাৰতৰ সাধাৰণ পৰিচালনা প্ৰণালী। ৩) যৌথ অভিযোগ পৰিচালনা প্ৰক্ৰিয়া। ৪) বুদ্ধিমান অভিযোগ পৰিচালনা প্ৰক্ৰিয়া প্ৰশ্ন ২ তলৰ কোনটো গ্ৰাহক অভিযোগ নিবাৰণ এজেঞ্চীয়ে ২০ লাখৰ পৰা ১০০ লাখৰ ভিতৰৰ গ্ৰাহক নিষ্পত্তিবোৰ পৰিচালনা কৰে? ১) জিলা ফৰাম ২) ৰাজ্যিক আয়োগ ৩) ৰাষ্ট্ৰীয় আয়োগ ৪) জিলা পৰিষদ প্ৰশ্ন ৩ তলৰ কোনটো অভিযোগ এটা বৈধ গ্ৰাহক অভিযোগৰ ভেটিটো তৈয়াৰ নকৰে? ১) দ্ৰব্য এটাৰ বাবে দোকানীয়ে MRP তকৈ বেছি ধন দাবী কৰে ২) দোকানীয়ে গ্ৰাহকক শ্ৰেণীটোত থকা শ্ৰেষ্ঠ দ্ৰব্যটোৰ বিষয়ে পৰামৰ্শ নকৰাটো। ৩) দৰবৰ বটল এটাত সতৰ্কীকৰণ নিদিয়া ৪) ক্ৰটিপূৰ্ণ দ্ৰব্যবোৰ প্ৰশ্ন ৪ বীমা পলিচী সম্পৰ্কীয় অভিযোগবোৰ দাখিল কৰিবলৈ গ্ৰাহক এজনৰ বাবে তলৰ কোনটো আটাইতকৈ সঠিক বিকল্প ? ১) পুলিচ ২)উচ্চতম ন্যায়ালয় ৩) বীমা লোকপাল ৪) জিলা আদালত প্ৰশ্ন ৫ বীমা লোকপালৰ প্ৰাদেশিক ক্ষেত্ৰাধিকাৰ সাপেক্ষে তলৰ কোনটো উক্তি শুদ্ধ? ১) বীমা লোকপালৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰাধিকাৰ আছে ২) বীমা লোকপালৰ ৰাজ্যিক ক্ষেত্ৰাধিকাৰ আছে ৩) বীমা লোকপালৰ জিলা ক্ষেত্ৰাধিকাৰ আছে ৪) বীমা লোকপালে নিৰ্ধাৰিত প্ৰাদেশিক সীমাৰ ভিতৰত কাৰ্য্য কৰে। প্ৰশ্ন ৬ বীমা লোকপাল এটাৰ সৈতে কেনেকৈ অভিযোগ দাখিল কৰিব পাৰি? ১) অভিযোগটো লিখিতভাৱে দিব লাগে। ২) অভিযোগটো ফোনযোগে দিব লাগে। ৩) অভিযোগটো মুখামুখিকৈ মৌখিকভাৱে দিব লাগে। ৪) অভিযোগটো বাতৰি কাকতৰ বিজ্ঞাপনৰ জৰিয়তে দিয়া হয়। প্ৰশ্ন ৭ বীমা লোকপাল এটাৰ কাষ চপাৰ সময়সীমাটো কি? ১) বীমাকাৰীয়ে অভিযোগটো অগ্ৰাহ্য কৰাৰ দুবছৰৰ ভিতৰত। ২) বীমাকাৰীয়ে অভিযোগটো অগ্ৰাহ্য কৰাৰ তিনিবছৰৰ ভিতৰত। ৩) বীমাকাৰীয়ে অভিযোগটো অগ্ৰাহ্য কৰাৰ এক বছৰৰ ভিতৰত। ৪) বীমাকাৰীয়ে অভিযোগটো অগ্ৰাহ্য কৰাৰ এমাহৰ ভিতৰত। প্ৰশ্ন ৮ লোকপালত অভিযোগ এটা দাখিল কৰিবৰ বাবে তলৰ কোনটো আগতীয়া প্ৰয়োজন নহয়? ১) অভিযোগটো এজন ব্যক্তিৰ দ্বাৰা ‘ব্যক্তিগত লাইন’ বীমাৰ ওপৰত হ’ব লাগিব। ২) অভিযোগটো বীমাকাৰীয়ে অগ্ৰাহ্য কৰাৰ এবছৰৰ ভিতৰত অভিযোগ কৰা হ’ব লাগিব। ৩) লোকপালৰ আগতে অভিযোগকাৰীয়ে উপভোক্তা ফৰামৰ কাষ চপাৰ প্ৰয়োজন নাই। ৪) মুঠ সহায়ৰ পৰিমাণ ২০ লাখৰ ভিতৰত হ’ব লাগিব। প্ৰশ্ন ৯ লোকপালৰ সৈতে অভিযোগ দিবলৈ কোনো মাচুল/জৰিমনা দিব লাগে নেকি? ১) ১০০ টকাৰ মাচুল এটা পৰিশোধ কৰিব লাগে। ২) কোনো মাচুল বা জৰিমনা পৰিশোধ কৰিব নালাগে। ৩) সহায়ৰ মুঠ ২০% মাচুল হিচাপে পৰিশোধ কৰিব লাগিব। ৪) সহায়ৰ মুঠ ১০% মাচুল হিচাপে পৰিশোধ কৰিব লাগিব। প্ৰশ্ন ১০ ব্যক্তিগত বীমাকাৰী এটাৰ বিৰুদ্ধে অভিযোগ এটা দিব পাৰিনে? ১) অভিযোগবোৰ কেৱল ৰাজহুৱা বীমাকাৰীৰ বিৰুদ্ধে কৰিব পাৰি। ২) নিশ্চয়, ব্যক্তিগত বীমাকাৰীবোৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰি। ৩) ব্যক্তিগত বীমাকাৰীবোৰৰ বিৰুদ্ধে কেৱল জীৱন খণ্ডত অভিযোগ দাখিল কৰিব পাৰি। ৪) ব্যক্তিগত বীমাকাৰীবোৰৰ বিৰুদ্ধে কেৱল জীৱন খণ্ডত নপৰা অভিযোগ দাখিল কৰিব পাৰি। নিজক পৰীক্ষা কৰা প্ৰশ্নবোৰৰ উত্তৰ উত্তৰ ১ শুদ্ধ বিকল্পটো হ’ল IGMS য়ে যৌথ অভিযোগ পৰিচালনা প্ৰক্ৰিয়াটো বুজায়। উত্তৰ ২ শুদ্ধ বিকল্পটো হ’ল ৰাজ্যিক আয়োগ ২০ লাখৰ পৰা ১০০ লাখৰ ভিতৰৰ গ্ৰাহক নিষ্পত্তিবোৰ পৰিচালনা কৰিব। উত্তৰ ৩ শুদ্ধ বিকল্পটো হ’ল দোকানীয়ে গ্ৰাহকক শ্ৰেণীটোত থকা শ্ৰেষ্ঠ দ্ৰব্যটোৰ বিষয়ে পৰামৰ্শ নকৰাটোৱে বৈধ গ্ৰাহক অভিযোগৰ ভেটিটো তৈয়াৰ কৰে। উত্তৰ ৪ শুদ্ধ বিকল্পটো হ’ল অভিযোগ বীমা লোকপালত দিব লাগে যাৰ প্ৰাদেশিক ক্ষেত্ৰাধিকাৰৰ অধীনত বীমাৰ কাৰ্য্যালয়টো অন্তৰ্গত। উত্তৰ ৫ শুদ্ধ বিকল্পটো হ’ল বীমা লোকপালে কেৱল নিৰ্ধাৰিত প্ৰাদেশিক সীমাৰ ভিতৰত কাৰ্য্য কৰে। উত্তৰ ৬ শুদ্ধ বিকল্পটো হ’ল লোকপালত অভিযোগবোৰ লিখিতভাৱে দিব লাগে। উত্তৰ ৭ শুদ্ধ বিকল্পটো হ’ল বীমাকাৰীয়ে অভিযোগটো অগ্ৰাহ্য কৰাৰ এক বছৰৰ ভিতৰত অভিযোগকাৰীয়ে বীমা লোকপাল এটাৰ কাষ চপাটো অপৰিহাৰ্য্য। উত্তৰ ৮ শুদ্ধ বিকল্পটো হ’ল লোকপালৰ আগতে অভিযোগকাৰীয়ে উপভোক্তা ফৰামৰ কাষ চপাৰ প্ৰয়োজন নাই। উত্তৰ ৯ শুদ্ধ বিকল্পটো হ’ল লোকপালৰ সৈতে অভিযোগ দিবলৈ কোনো মাচুল বা জৰিমনা পৰিশোধ কৰিব নালাগে। উত্তৰ ১০ শুদ্ধ বিকল্পটো হ’ল ২) নিশ্চয়, ব্যক্তিগত বীমাকাৰীবোৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰি। উৎস: ভাৰতীয় বীমা সংস্থান।