দুৰ্ঘটনাই কন্দুৱাই, সুৰক্ষাই হহুৱাই গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰক। আঘাতৰ পৰা মূৰ ৰক্ষা কৰিবলৈ হেলমেট পৰিধান কৰক। পথত পালনীয় নিয়মাৱলী পথত গাড়ী চলাওতে গাড়ীখন যিমান পাৰে বাওঁপিনে ৰাখিব আৰু সন্মুখৰ পৰা অহা গাড়ীবোৰ সোঁপিনেৰে পাৰ হৈ যাবলৈ দিব। বাওঁপিনে ঘূৰিবলগীয়া হ’লেও পথৰ বাওঁকাষেৰে আগবঢ়াব আৰু কোনো পথত সোমাবলগীয়া হ’লেও বাওঁফালেৰেই আগবাঢ়িব। সোপিনে ঘূৰিবলগীয়া হ’লে পথৰ সোঁমাজভাগেৰে যাব যদিও পথত উঠাৰ পিছতেই বাওঁপিনেৰে আগবাঢ়িবলৈ নাপাহৰিব। আপুনি জানেনে? গাড়ী ক্ৰয় কৰা প্ৰথমজন ভাৰতীয় আছিল জামজেদজী টাটা (১৯০১) সোঁপিনে ঘূৰাব বিচৰা এখন গাড়ী পথৰ সোমাজলৈ নিব লাগে আৰু পিছত থকা অন্য গাড়ীবোৰ বাঁওপিনেৰে পাৰ হৈ যাবলৈ দিব লাগে। একে দিশে গৈ থকা গাড়ীবোৰে আগে আগে গৈ থকা গাড়ীক সোঁফালৰ পৰা ‘অভাৰটেক’ কৰিব লাগে। যদিহে কোনো এখন গাড়ীয়ে একে দিশে গৈ থকা আন এখন গাড়ীক অভাৰটেক কৰিব খোজে, তেন্তে গাড়ীখনে (যিখনক অভাৰটেক কৰা হ’ব) গতিবেগ বঢ়াই নিদি আনখন গাড়ীক ভালদৰে অভাৰটেক কৰাৰ সুবিধা দিব লাগে। পথে সংযোগস্থলত গাড়ীৰ গতিবেগ কমাব আৰু তেনে স্থান, জংচন বা ক্ৰছিং নিৰাপদ নোহোৱা পৰ্যন্ত প্ৰৱেশ নকৰিব। উপ-পথৰ পৰা যান-বাহন নিয়ন্ত্ৰণত সুবিধা নথকা প্ৰৱেশ পথত প্ৰৱেশ কৰাৰ সময়ত সেই পথেৰে যাতায়ত কৰা যান-বাহনবোৰৰ প্ৰতি অগ্ৰাধিকাৰ দিব। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী বা এম্বুলেন্স দেখিলে নিজেই পথৰ বাওঁফালে গৈ এই গাড়ীবোৰক পথ এৰি দিব। খোজ কাঢ়ি যোৱা বা চাইকেল চালকৰ বাবে থকা ফুটপাথেৰে কেতিয়াও গাড়ী চলাই নাযাব। ‘ইউটাৰ্ণ’ লোৱা নিষেধ কৰা স্থানত টাৰ্ণ নল’ব। ‘ইউটাৰ্ণ’ লোৱাৰ সুবিধা থাকিলে ছিগনেল দি আৰু ‘ৰিয়াৰ কিউ’ চাইহে টাৰ্ণ ল’ব। নিৰাপদ গাড়ী চালনাৰ বাবে চিট বেল্ট ব্যৱহাৰ কৰক। ম’বাইল ফোনত কথা পাতি চলোৱা এক ডাঙৰ অপৰাধ। সাৱধানেৰে গাড়ী চলাওক সাহসিকতাৰে নহয়। দুখ কৰাতকৈ দুখৰ প্ৰতিৰোধ কৰক। গাড়ীৰ গতিবেগ কমালে সোঁহাতখন বাহিৰ উলিয়াই হাতৰ পতাখন কেবাবাৰো তল-ওপৰ কৰি ইংগিত দিহে গতিবেগ হ্ৰাস কৰিব। ৰৈ যাব খুজিলে সোঁহাতখন কান্ধৰ সমান্তৰালকৈ সোঁফালে মেলি দি ইংগিত দিব লাগে। সোঁফালে ঘূৰিলে বা আন এখন গাড়ীক অভাৰটেক কৰিলে সোঁহাতখন অনুভূমিক দিশত মেলি দি হাতৰ তলুৱাখন সন্মুখৰ পিনে ঘূৰাই দিব লাগে। বাওঁপিনে ঘূৰোতে সোঁহাতখন মেলি দি ঘড়ীৰ কটাৰ বিপৰীত দিশত হাতখন ঘূৰাই ইংগিত দিব লাগে। গাড়ীৰ পঞ্জীয়ন নম্বৰ তথা অন্য চিহ্নবোৰ স্পষ্টকৈ চিনি পোৱাকৈ লিখিব লাগে। ‘ৱান ৱে’ ত কেতিয়াও যেনিতেনি গাড়ী নচলাব, সঠিক পথত চলাওক। যদিহে পথত গাড়ীৰ অহা-যোৱাৰ বাবে লেন-ঠিক কৰি দিয়া থাকে, তেন্তে সেই লেনৰেহে যাব। লেন সলনি কৰিলেও উপযুক্ত ছিগনেল দিহে কৰিব। যেতিয়া পথ হালধীয়া লাইনেৰে বিভক্ত কৰা হয়, তেনে হালধীয়া লাইন স্পৰ্শ কৰি অভাৰটেক নকৰিব। যেতিয়া পথ সংযোগস্থলত যিকোনো লাইন বগা, কলা বা হালধীয়া ৰঙেৰে অংকন কৰা হয়, তেনে গাড়ী ৰাখোতে লাইনডাল স্পৰ্শ নকৰিব। মাথোঁ যান্ত্ৰিকভাৱে অক্ষম যান-বাহন, পঞ্জীকৃত ট্ৰেইলাৰ সংলগ্ন বাহন আৰু অসম্পূৰ্ণ যান-বাহনকহে ডেলিভাৰীৰ বাবে, ফিলিং ষ্টেচন লৈ আৰু গেৰেজলৈ টানি নিয়াৰ অনুমতি আছে। বৈধ চালকৰ অনুজ্ঞাপত্ৰ অবিহনে কোনো গাড়ীতে চালকক উঠিবলৈ অনুমতি নিদিব। দুখন বাহনৰ মাজত যথেষ্ট ব্যৱধান ৰাখক যাতে সন্মুখত ৰখাই দিলে বা বন্ধ হৈ গ’লে দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰে। আপুনি জানেনে? বিশ্বৰ প্ৰথমখন নামফলক ১৯৯৩ চনত ফ্ৰান্সত আৰক্ষী কৰ্তৃপক্ষই জাৰি কৰিছিল। নৰকৰ সংগী হোৱাতকৈ হেলমেট পৰিধান কৰক। সতৰ্কতা আৰু সাৱধানতাৰে অভাৰটেক কৰক। সূৰ্য্য অস্তৰ আগতে হেড লাইট জ্বলাওক। নিৰ্দেশনা মানি চলক, দুৰ্ঘটনা এৰাই চলক। সুন্দৰকৈ গাড়ী চলাওক, জৰিমনা ভৰাৰ পৰা আঁতৰি থাকক। হঠাৎ ব্ৰেক ব্যৱহাৰ নকৰিব, যদিহে ইয়াৰ প্ৰয়োজন নহয়। পাহাৰীয়া আৰু ওখ পথত ওপৰৰ দিশৰ পৰা অহা গাড়ীখনক ঠাই উলিয়াই অগ্ৰাধিকাৰ দিয়ক। গাড়ী চালনাত ব্যাঘাত জন্মোৱা কোনো ঠাইতে কোনো ব্যক্তিক বহা বা থিয় দিবলৈ নিদিব। শোভাযাত্ৰা বা ৰাস্তাত পথ মেৰামতি কৰি থকা লোকক অতিক্ৰম কৰিবলৈ হ’লে ২৫ কিলোমিটাৰকৈ অধিক বেগত গাড়ী নচলাব। কোনো ব্যক্তিকে উঠাই ট্ৰেক্টৰ নচলাব। মালবাহী গাড়ীৰ চালকৰ কক্ষত অনুমতি প্ৰদান কৰা সংখ্যাতকৈ অধিক লোকক বহিব নিদিব। পঞ্জীয়ন নম্বৰৰ ফলক আৰু হেড লাইটত দেখা নোপোৱাকৈ সামগ্ৰী বোজাই নিদিব। মালবাহী গাড়ীত অনুমতি প্ৰদান কৰা নিৰ্ধাৰিত সীমাতকৈ অধিক সামগ্ৰী পিছফালে বা কাষত ওলাই থকাকৈ বহন নকৰিব। বাহনৰ প্ৰয়োজনীয় ইন্ধন বা তেলজাতীয় সামগ্ৰীৰ বাহিৰে কোনো বিস্ফোৰক বা দাহ্য সামগ্ৰী নকঢ়িয়াব। পিছফালৰ বাহন বা পথিকৰ বিপদ হ’ব পৰা দূৰত্বলৈ গাড়ী ‘বেক’ নকৰিব। (পিছুৱাই নিনিব) দুচকীয়া বাহন চলোৱাৰ সময়তে প্ৰতিজন আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। হেলমেট আই.এছ.আই চিহ্নযুক্ত হ’ব লাগিব। পাগুৰি পিন্ধা শিখ সম্প্ৰদায়ৰ লোক আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰেহাই দিয়া লোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। গাড়ী চলোৱাৰ সময়ত অনুজ্ঞাপত্ৰ, পঞ্জীয়নৰ প্ৰমাণপত্ৰ, বীমাকৰণৰ প্ৰমাণপত্ৰ, প্ৰদূষণমুক্ত প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক। তদুপৰি কৰ্তৃত্বশীল বিষয়াক গাড়ীৰ অনুমতি পত্ৰ বা সক্ষমতাৰ প্ৰমাণপত্ৰ দেখুওৱাটো বাধ্যতামূলক। প্ৰতিজন চালকে ‘যান বাহন আইন ১৯৮৮ ৰ ১১২, ১১৩, ১২১, ১২২, ১২৫, ১৩২, ১৩৪, ১৮৫, ১৮৬, ১৯৪, ২০৬ আৰু ২০৭ ধাৰাৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী। সংকেত ৰেখাৰ আগত গাড়ী ৰখাওক। সতৰ্কতাৰে গন্তব্যস্থানত উপনীত হওঁক। নকৰিব/কৰিব নালাগে খোজ কাঢ়োতে অভিভাৱক অবিহনে কণ-কণ ল’ৰা-ছোৱালীক পথত খোজ কাঢ়িবলৈ নিদিব। খোজ কাঢ়োতে দলবদ্ধ বন্ধু সংগীবাদ দিয়ক, কাৰণ ইয়ে নিজৰ লগতে আনৰ বাবেও সমস্যা বঢ়ায়। চাইকেলত দুজন উঠাটো এৰাই চলক। বাছত ভ্ৰমণ কৰোতে হুৰমূৰকৈ বাছত নুঠিব, সুস্থিৰ আৰু শৃংখলাবদ্ধভাৱে বাছত উঠক। উঠা-নমা কৰোতে আনক অশান্তি নিদিব। বাছৰ ফুটবোৰ্ড/পাউদানিত উঠি ভ্ৰমণ নকৰিব। বাছৰ ওপৰত উঠি নাযাব। খিড়িকীৰে বাছৰ বাহিৰলৈ মূৰ উলিয়াই নাযাব। ধঁপাত বা নিচাজাতীয় সামগ্ৰী সেৱন কৰি বাছত উঠা অপৰাধ। বাছৰ চালকৰ লগত চুপতি নামাৰিব, কাৰণ ইয়ে চালকৰ মনোযোগ ব্যাহত কৰে। যাত্ৰীবাহী বাছৰ ওপৰত দাহ্য সামগ্ৰী নকঢ়িয়াব বা সন্দেহজনক ৰাসায়নিক সামগ্ৰী নকঢ়িয়াব। মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বাবে গাড়ীৰ পঞ্জীয়ন নম্বৰ স্থানীয় আৰক্ষী থানাত অৱগত কৰক। সাৱধানেৰে পথটো ভগাই লওঁক। কাইলৈ জীয়াই থাকিবলৈ, আজিয়েই সজাগ হঁক। চিট বেল্ট ব্যৱহাৰ কৰক, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাওক। অলপ সাৱধানতাই জীৱন মধুৰ আৰু সুন্দৰ কৰে। নিশা ডীপাৰ ব্যৱহাৰ কৰক, সন্মুখৰ জনক সহায় কৰক। সতৰ্কতা আৰু মনোযোগ দুৰ্ঘটনা হ্ৰাস কৰে। প্ৰথমে সাৱধান হওঁক, পিছত গাড়ী চলাওঁক। পথ সজাগতা জীৱনৰ পাথেয় কৰি লওঁক। যান-বাহন আইন, জীৱন সুৰক্ষাৰ চাবি-কাঠি। যান-বাহন আইন মানি চলক, জীৱন আৰু তেল বচাওঁক। গতি হ্ৰাস কৰক, ধ্বংস হোৱাৰ পৰা ৰক্ষা পাওঁক। গতিবেগ যদিও স্ফূৰ্তিদায়ক, ই সদায় মৃত্যুক হাতবাউলি মাতে। উৎস: গুৱাহাটী ট্ৰেফিক পুলিচ।