আপোনাৰ নাম সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰ(এন এছ কে)ত ৰখা আংশিক খচৰাৰ ছপা কৰা প্ৰতিলিপিত ১ জানুৱাৰী ২০১৮ তাৰিখে পুৱা ৮.০০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ আৰু ২ জানুৱাৰী ২০১৮ৰ পৰা ৩১ জানুৱাৰী ২০১৮ তাৰিখলৈ সকলো কৰ্মদিনৰ পুৱা ১০.০০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ চাব পাৰিব। আংশিক খচৰাত আপোনাৰ নাম অনলাইনযোগে চাব পাৰিব: www.nrcassam.nic.in www.assam.mygov.in www.assam.gov.in আৰু www.homeandpolitical.assam.gov.in আংশিক খচৰাত নিজৰ নাম থকাৰ সন্দৰ্ভত স্বয়ংক্ৰিয়ভাৱে এছএমএছ প্ৰাপ্তিৰ জৰিয়তে 9765556555 বা 9108464438 নম্বৰলৈ এছএমএছ পঠিয়াই আপোনাৰ মোবাইল নম্বৰটো আগতীয়াকৈ পঞ্জীয়ন কৰাই লওক। যদি আপুনি আগতীয়া পঞ্জীয়নৰ সুবিধা গ্ৰহণ কৰে, তেন্তে ৩১ ডিচেম্বৰ ২০১৭ তাৰিখৰ মাজনিশাৰ পিছত আংশিক খচৰাত আপোনাৰ নাম থকাৰ সম্পৰ্কে আপুনি স্বয়ংক্ৰিয় এছএমএছ বাৰ্তা পাব। আগতীয়া পঞ্জীয়নৰ বাবে আৰ্হি হ’ল ARN ঠাই এৰি আবেদনপত্ৰ প্ৰাপ্তিৰ নম্বৰ(ARN)। উদাহৰণস্বৰূপে যদি আপোনাৰ 101856721980000087961 হয়, তেন্তে 10185672198000007961 লিখি 9765556555 বা 9108464438 বা 9108464450 নম্বৰলৈ পঠিয়াই দিব। এই সেৱা ইতিমধ্যেই সক্ৰিয় হৈছে আৰু ৩১ ডিচেম্বৰ ২০১৭ তাৰিখৰ বিয়লি ৬.০০ বজা পৰ্য্যন্ত সক্ৰিয় হৈ থাকিব। আংশিক খচৰাত আপোনাৰ নাথ থকা সন্দৰ্ভত বিচাৰিলেই পাব পৰা এছএমএছৰ জৰিয়তে আপুনি আংশিক খচৰাত নাম থকা সন্দৰ্ভত জানিবলৈ ৩১ ডিচেম্বৰ ২০১৭ তাৰিখৰ মাজনিশাৰ পিছত ARN ঠাই এৰি আবেদনপত্ৰ প্ৰাপ্তিৰ নম্বৰ(ARN) লিখি 9765556555 বা 9108464438 বা 91084644450 নম্বৰলৈ পঠিয়াব পাৰে। উদাহৰনস্বৰূপে- যদি আপোনাৰ *ARN 101856721980000087961 হয়, তেতিয়াহ’লে ARN 101856721980000087961 লিখি 9765556555 বা 9108464438 বা 9108464450 নম্বৰলৈ পঠিয়াই দিব। উত্তৰত আংশিক খচৰাত নাম থকা সন্দৰ্ভত এছএমএছ যোগে আপোনাক জনাই দিয়া হ’ব। আমাৰ 24*7 বিনামূলীয়া হেল্পলাইন নম্বৰ 15107 লৈ(অসমৰ বাবে) আৰু 18003453762 লৈ(অসমৰ বাহিৰৰ পৰা) ফোন কৰি আপোনাৰ নাম আংশিক খচৰা এন আৰ চি’ত থকা সম্পৰ্কে জানিব পাৰিব। মনত ৰাখিব: যিসকল আবেদনকাৰীৰ মোবাইলত DO NOT DISTURB(DND) সক্ৰিয় হৈ আছে, তেওঁলোকে কোনো সঁহাৰি নাপায়। তেওঁলোকে অন্য নম্বৰ ব্যৱহাৰ কৰি, য’ত DND পঞ্জীয়ন নাই, আগতীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। বৰফলা আখৰত ARN টাইপ কৰিব। অনুগ্ৰহ কৰি মন কৰক: গুৱাহাটী মহানগৰীৰ আবেদনকাৰীসকলে পূৰ্বৰ ৬০টা ৱাৰ্ড অনুসাৰে ৱাৰ্ড নম্বৰ উল্লেখ কৰিব লাগিব। ARN মানে এপ্লিকেচন ৰিচিপ্ট নম্বৰ(Application Receipt Number) বিশদভাৱে জানিবলৈ আৰু সহায়ৰ বাবে: আমাৰ 24*7 বিনামূলীয়া হেল্পলাইন নম্বৰত ফোন কৰক 15107(অসমৰ বাবে) 18003453762(অসমৰ বাহিৰৰ পৰা) আমাৰ ৱেবচাইট: www.nrcassam.nic.in @NRCupdateAssam ত আমাক অনুকৰণ কৰক। উৎস: জনহিতাৰ্থে ৰাজ্যিক সমন্বয়ক, এন আৰ চি, অসম চৰকাৰ, নাগৰিক পঞ্জীয়নৰ মহা পঞ্জীয়ক, গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰ।