এই আইনে মহিলাৰ স্বাৰ্থত ওকালতি কৰিব পৰা এটা ব্যৱস্থা তৈয়াৰ কৰে। এই আয়োগে মহিলাসকলৰ সজাগতা বৃদ্ধি কৰি বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰাই বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতি মহিলাক অগ্ৰাধিকাৰ প্ৰদান কৰে। এই আয়োগে বৰ্তমানে চলি থকা স্ংবিধানখনৰ স্ংশোধনৰ কামো হাতত লৈছে। পঞ্চায়ত আৰু স্থানীয় নিকাই আইন (অসম) এই আইনে পঞ্চায়ত আৰু স্থানীয় নিকায়লৈ নিৰ্বাচিত হোৱা মহিলা প্ৰাৰ্থী সকলক প্ৰশিক্ষণ দি আগবঢ়াই নিয়াত সহায় কৰে। মহিলাসকলক ৩০% ৰাজনৈতিক আৰক্ষণৰ সুবিধা প্ৰদান কৰি সবল কৰাত এই আইন উল্লেখযোগ্য। মহিলাক সুৰক্ষা দিবলৈ পাৰিবাৰিক হিংসা আইন ২০০৫: উদ্দেশ্য: যিকোনো ধৰণৰ পাৰিবাৰিক হিংসাৰ পৰা মহিলাক সুৰক্ষা প্ৰদান কৰা। এই আইনে কাক সাঙুৰিব? মহিলাক, যিসকল নিৰ্যাতনকাৰীৰ সম্পৰ্কীয় নাইবা তেওঁলোকৰ লগত এতিয়াও সম্পৰ্ক আছে য’ত দুয়ো পক্ষই একোটা ঘৰতে বসবাস কৰি আছে আৰু যাৰ লগত তেওঁৰ তেজৰ সম্পৰ্ক, বৈবাহিক ভাবে পৰিয়াল কেন্দ্ৰীক নাইবা তোলনীয়া হিচাপে আছে। গৃহ হিংসা মানে কি? শাৰীৰিক নিৰ্যাতন, যৌননিৰ্যাতন, মৌখিক নিৰ্যাতন, মানসিক নিৰ্যাতন আৰু অৰ্থনৈতিক নিৰ্যাতন। যৌতুকৰ বাবে মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন। কোনে গোচৰ তৰিব পাৰিব? মহিলা গৰাকীয়ে নিজে যি কোনোৱে, যিয়েই ভাবে যে তেওঁ গৃহ হিংসাৰ বলী হৈছে নাইবা হোৱাৰ লক্ষণ দেখা পাইছে। তেওঁ কাক যোগাযোগ কৰিব? ন্যায়াধীশক পোণপটিয়াকৈ যোগাযোগ কৰিব পাৰিব। ৰাজ্য চৰকাৰে নিযুক্তি দিয়া সুৰক্ষা বিষয়াৰ সহায় ল’ব পাৰিব নাইবা সেৱা প্ৰদানকাৰী, এন জি অ’ৰ সহায়ত গোচৰ তৰিব পাৰিব। এই আইনখনে কেনেধৰণৰ সুৰক্ষা দিব পাৰে? বাসিন্দাৰ আদেশ জাৰিৰ দ্বাৰা স্বামীগৃহ নাইবা তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগত একেলগে থকাৰ অধিকাৰ, যদিও তেওঁৰ একেলগে থকাৰ স্বত্ব নাইবা অধিকাৰ থাকক বা নাথকক। সুৰক্ষা আদেশৰ সহায়ত নিৰ্যাতিতা গৰাকীক নাইবা তেওঁৰ পৰিয়াল বৰ্গ নাইবা তেওঁক এই ক্ষত্ৰত পৰিত্ৰাণ পাবলৈ সহায় কৰা কোনো লোকক সুৰক্ষা দিয়া, কৰ্মস্থলি নাইবা যি কোনো ঠাইত নিৰ্যাতিতা গৰাকীক নিৰ্যাতনকাৰীৰ পৰা আৰু মৌখিক নিৰ্যাতনৰ পৰা ৰক্ষা কৰা। নিৰ্যাতিতাগৰাকীক তেওঁৰ সন্তানক অস্থায়ী ভাৱে লগত ৰাখিবলৈ অধিকাৰ প্ৰদান কৰা। সুৰক্ষা আইন উলংঘা কৰিলে দোষী গৰাকীয়ে মোকৰ্দমাৰ সন্মুখীন হ’ব আৰু ই এটা জামিন অপৰাধ যিহৰ বাবে এবছৰ কাৰাবৰণ খাটিব লাগিব আৰু বিশ হাজাৰ টকা জৰিমনা ভৰিব লাগিব নাইবা দুয়োটাই প্ৰযোজ্য হ’ব। পুনৰ স্ংস্থাপন সেৱা: আশ্ৰয় ঘৰে নিৰ্যাতিতা গৰাকীক আশ্ৰয় প্ৰদান কৰিব। চিকত্সা সেৱাৰ দায়িত্বত থকা লোকে নিৰ্যাতিতা গৰাকীক চিকিত্সা কৰিব। মোকৰ্দমাৰ সন্মুখীন হোৱা গৰাকীৰ দায়িত্ব: ন্যায়াধীশে বান্ধি দিয়া সময়ৰ ভিতৰত মোকৰ্দমাৰ সন্মুখীন হোৱা গৰাকীয়ে আৰ্থিক সাহাৰ্য দিব লাগিব। মোকৰ্দমাৰ সন্মুখীন হোৱা লোকজনক নিৰ্যাতিতা গৰাকীক নিৰ্যাতিতা হোৱা স্বাস্থ্য, মানসিক আৰু অন্যান্য ক্ষতিৰ ক্ষতিপূৰণ আদায় দিবলৈ আদেশ দিব পাৰে। মহিলাৰ অধিকাৰ আৰু আৰক্ষী (আপোনাৰ অধিকাৰ): গ্ৰেপ্তাৰ কৰাৰ সময়ত: আপোনাক গ্ৰেপ্তাৰ কৰাৰ কাৰণ জনাব বিশেষ পৰিস্থিতিৰ বাদে সূৰ্যাস্তৰৰ পাছত আৰু সূৰ্যোদয়ৰ আগত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। অনিবাৰ্য পৰিস্থিতিতো প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আগতীয়া অনুমতি সাপেক্ষেহে আৰু কেৱল মহিলা আৰক্ষী বিষয়াৰ দ্বাৰাহে গ্ৰেপ্তাৰ কৰিব পাৰিব। আপোনাৰ গ্ৰেপ্তাৰৰ ২৪ ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰিবলৈ দাবী কৰাব। আৰক্ষী থানাত: আপোনাক মহিলাৰ লকাপত ৰাখিবলৈ দাবী কৰাৰ। এজন দণ্ডাধীশক আপোনাৰ ডাক্তৰী পৰীক্ষা কৰাবলৈ কোৱা। তালাচী লোৱাৰ সময়ত আপোনাৰ শৰীৰৰ তালাচী কেৱল আন এগৰাকী মহিলাৰ দ্বাৰা শালীনভাৱে লবলৈ দাবী কৰাব। প্ৰথম তথ্য প্ৰতিবেদন (এফ আই আৰ) দাখিল কৰাৰ সময়ত: আপোনাৰ এফ আই আৰ পঞ্জীয়ন কৰোৱাৰ বাবে দাবী কৰাৰ এফ আই আৰ বা অন্য ক’ৰবাত আপুনি চহী কৰাৰ আগতে আপোনাক পঢ়ি শুনাবলৈ কোৱা। এফ আই আৰৰ এটা নকল বিনামূল্যে আপুনি পোৱা। যদি আৰক্ষীয়ে অপোনাৰ এফ আই আৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে আপুনি জেষ্ঠ্য আৰক্ষী বিষয়া বা আপোনাৰ এলেকাৰ দণ্ডাধীশৰ কাষ চপা। উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।