আপুনি অকলশৰীয়া মহিলা হওক অথবা বিবাহিতা, আজিৰ জীৱন বাটত মহিলাসকলৰ সুৰক্ষাৰ বিষয়টো চিন্তনীয় হৈ পৰিছে। এনে কাৰণত নিজেও সাৱধানতা অৱলম্বন কৰা উচিত আৰু সুৰক্ষাৰ হেতু কিছুমান কথালৈ ধ্যান দিয়া উচিত। সদায় আত্মবিশ্বাস অটুত ৰাখিব। কোনো এখন ঠাই আপোনাৰ বাবে যদি অচিনাকিও হয়, তথাপি এইটো নেদেখুৱাব যে আপুনি ইয়াৰ বিষয়ে একো নাজানে। আত্মবিশ্বাস আপোনাৰ কথা বতৰাৰ লগতে শাৰীৰিক হাব-ভাবত ফুটি উঠা উচিত। সজাগ হৈ থাকক। নিজৰ ব্যৱহাৰ-পাতিত শালিনতা অটুট ৰখা উচিত; বিশেষকৈ অচিনাকি ব্যক্তিৰ সন্মুখত বা নতুনকৈ বন্ধুত্ব স্থাপন কৰাজনৰ ক্ষেত্ৰত। ওচৰে-পাঁজৰে কেনে ধৰণৰ মানুহ আছে আৰু তেওঁলোকে আপোনাক কেনে দৃষ্টিৰে চায়, তাৰ প্ৰতিও ধ্যান ৰাখক। ভুলতো নিৰ্জন বাটেৰে আহ-যাহ নকৰিব। অটো বা ৰিক্সাৰে গ’লেও যদি চালকজনে ‘শ্বৰ্ট-কাট’ বাটেৰে লৈ যোৱাৰ কথা কয়, তেতিয়া তেওঁক সেই বাটেৰেহে যাবলৈ কওক, যিটো বাট আপোনাৰ পৰিচিত। কোনোৱে যদি আপোনাক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে বা পিছ লয়, তেনে ক্ষেত্ৰত ওচৰ-পাঁজৰৰ মানুহৰ পৰা সহায় বিচাৰক বা পুলিচ ষ্টেচনলৈ খোজ লওক। প্ৰয়োজন হ’লে চিঞৰ-বাখৰ কৰক। নীৰৱে কাৰো অন্যায় সহি নাথাকিব। আপুনি মাত মাতিলে তেওঁ ভয় খাই দৌৰি পলাব। পাৰে যদি জুডো, কাৰাটেৰ প্ৰশিক্ষণ লওক। ই বৰ কামত আহে। অচিনাকি ব্যক্তিক নিজৰ নাম-ঠিকনা তথা ব্যৱসায়ৰ সৈতে জড়িত কোনো কথা বিতংকৈ নক’ব। ঘৰত থাকিলে, অচিনাকি ব্যক্তি আহিলে দুবাৰ নুখুলিব। খিৰিকী, দুৱাৰ আদিত গ্ৰিল লগাই ৰাখিব। যাতে কোনোৱে জোৰপূৰ্বক ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। ম’বাইলত ‘ৰং নম্বৰ’ দেখিলে কথা নাপাতিব আৰু আপুনি ক’ত থাকে সেই কথাও নজনাব। পোহনীয়া জন্তু ৰখাৰ চখ যদি আছে তেন্তে কুকুৰ ৰাখক। কুকুৰ যদি নাথাকেও, তথাপি বাহিৰত ব’ৰ্ডত লিখি ৰাখক যে কুকুৰৰ পৰা সাৱধান। এনে কৰিলে মানুহে ভাবিব যে আপোনাৰ ঘৰত কুকুৰ আছে। দুৱাৰৰ বাহিৰত কুকুৰ বন্ধা শিকলি, বেল্ট আদি ওলোমাই ৰাখক যাতে ভয় কৰে। ঘৰৰ ওচৰে-পাঁজৰে কোনো অচিনাকি ব্যক্তিয়ে যদি আহ-যাহ কৰি থাকে বা আপোনাৰ বিষয়ে সোধ-পোছ কৰি থকা দেখে, তেন্তে তৎক্ষণাৎ পুলিচত খবৰ দিয়ক। নিজৰ প্ৰতিবেশীৰ পৰা দূৰত্ব বঢ়াই নল’ব। প্ৰয়োজনৰ সময়ত তেওঁলোকেই সহায় হয়। তেওঁলোকৰ সৈতে কথা-বতৰা হৈ থাকিব, যাতে তেওঁলোকেও আপোনাৰ খবৰ ৰাখিব পাৰে। কিবা পুৰণা কাগজ-আলোচনী আদি যদি বিক্ৰী কৰিব বিচাৰে, তেনেহ’লে সেই সময়ত কিবা কাৰণত আপোনাৰ নাম-ঠিকনা লিখা থাকিলে, বিক্ৰীৰ আগমুহুৰ্তত ফালি পেলাব। বহুত বেছি দামী গহণা পিন্ধি ভ্ৰমণ নকৰিব। এইটোও নক’ব যে আপুনি কি কামত, ক’লৈ গৈ আছে। অকলে চহৰৰ বাহিৰলৈ যাবলৈ ওলায় যদি সদায় ষ্টেচন বা এয়াৰপৰ্টৰ পৰাহে বাহন ভাৰালৈ ল’ব। অচিনাকিজনক লিফ্ট নুখুজিব। ম’বাইলেৰে কথা-বতৰা হওঁতেও সাৱধান হ’ব; যাতে কোনেও আপোনাৰ পৰিকল্পনাৰ বিষয়ে বিশেষ জানিব নোৱাৰে। অকলে যদি গাড়ূ চলাই গৈ থাকে, তেন্তে দুৱাৰখন ‘লক’ কৰি ৰাখিব আৰু নভবা-নিচিন্তাকৈ কাকো লিফ্ট নিদিব। আপোনাৰ ম’বাইল সদায় ‘চাৰ্জ’ কৰি ৰাখিব আৰু অতি প্ৰয়োজনীয় নম্বৰখিনি ‘ছেভ’ কৰি ৰাখিব। কোনো ধৰণৰ লেট-নাইট পাৰ্টীলৈ অকলে নাযাব। সদায় নিজৰ বন্ধু-বান্ধৱৰ সৈতে যাব আৰু একেলগে উভতিও আহিব। লিফ্টত কেতিয়াও পিছফালে চুকত গৈ থিয় নহ’ব। সদায় দুৱাৰৰ একেবাৰে সন্মুখত থিয় দি থাকিব। কোনো অচিনাকি ব্যক্তিয়ে যদি ঠিকনা সোধে বা চেল’ ফোনৰ ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে সাৱধান হ’ব; কিয়নো তেওঁ আপোনাৰ ওচৰ চাপিবলৈ যত্ন কৰিবও পাৰে। মানুহক সহায় কৰাটো বেয়া কথা নহয়। কিন্তু সাৱধান হোৱাও দৰকাৰ; কিয়নো আপোনাৰ সুৰক্ষাৰ কথাও আছে। অনবৰতে টেলিফোনত ব্যস্ত থাকিলে আৰু ওচৰ-পাঁজৰৰ মানুহৰ ব্যৱহাৰ পাতিলৈ ধ্যান নিদিলে কোনোৱে অন্যায় কৰাৰ সুযোগ ল’ব পাৰে। হঠাতে যদি কোনোৱে কয় যে আপোনাৰ কোনো আত্মীয়ৰ দুৰ্ঘটনা হৈছে আৰু তেওঁক হাস্পাতাললৈ নিয়া হৈছে-তেতিয়া তেওঁৰ কথা বিশ্বাস কৰি তেওঁৰ লগত যোৱাৰ পূৰ্বে আপুনি ফোন কৰি আচল কথাষাৰ জানি লওক। ঘৰত কাম কৰা মানুহ ৰখাৰ পূৰ্বে তেওঁৰ বিষয়ে বিতংকৈ জানি লওক। কাম কৰি মানুহৰ সন্মুখত টকা-পইচাৰ হিচাপ নকৰিব আৰু বেংক একাউন্ট বা গহণা আদিৰ কথাও নাপাতিব। নিজৰ ব্যক্তিগত জীৱনৰ কথা যিকোনো ব্যক্তিৰ ওচৰত প্ৰকাশ নকৰিব। একেদৰে আপুনি বৰ্তমান ক’ত আছে, ঘৰত কোন কোন আছে, আজি আপুনি অকলে আছে নেকি ইত্যাদি কথা ভুলতো নজনাব। অকস্মাৎ যদি কোনোৱে আক্ৰমণ কৰে ভয়-ভীত নহ’ব। বৰঞ্চ চিঞ্চৰ-বাখৰ কৰি সুৰক্ষাৰ উপায়েহে বিচাৰিব। লেখিকা: ৰীণা দেৱী, দৈনিক অসম।