আজিৰ যুৱচামৰ একাংশই বিভিন্ন প্ৰকাৰে প্ৰদৰ্শন কৰা উশৃংখল আচৰনে অভিভাৱক সকলৰ লগতে সচেতন সকলক ব্যতিব্যস্ত কৰাৰ লগতে তেওঁলোকৰ ভবিষ্যত সম্পৰ্কে ভবাই তুলিছে । যুবচামৰ এই উশৃংখলতাৰ বাবে কেৱল যুবক-যুবতী সকলক দায়ী কৰা হয় যদিও এইটো সৰ্বস্বীকাৰ্য যে তেওঁলোকৰ প্ৰতিজনেই প্ৰৱল সম্ভাৱনাপুৰ্ন আৰু কোনো নহয় কোনো বিষয়ত সুপ্ত প্ৰতিভা তেওঁলোকৰ অন্তৰ্জগতত বিদ্যমান । গতিকে এই ক্ষেত্ৰত কেৱল যুৱচামক দোষাৰোপ কৰি নথাকি তেওঁলোকৰ দিক্-নিৰ্দেশনাৰ দায়িত্ব আবিভাৱক তথা সমাজেও কান্ধ পাতি লোৱাতো বাঞ্চনীয় । সচেতন মহলে যুৱচামৰ মাজত মূল্যবোধৰ শিক্ষা বিস্তাৰৰ বাবে দায়বদ্ধ হব লাগিব । মূল্যবোধৰ শিক্ষা এনে শিক্ষা যি যুৱচামক শাৰিৰীক, মানসিক,আৱেগিক আৰু বৌদ্ধিক ক্ষেত্ৰত সামঞ্জস্যপূৰ্ন উত্তৰণৰ বাবে উদ্বুদ্ধ কৰি তেওঁলোকক সমাজপ্ৰেমিক, বিনয়ী, বুদ্ধিদীপ্ত, দায়িত্বৱান নাগৰিক হিচাপে গঢ়ি তুলিব । যুৱচামৰ মাজত মুল্যবোধৰ শিক্ষা বিস্তাৰৰ বাবে সমাজে নিম্নলিখিত ব্যৱস্থাৱলী গ্ৰহন কৰিব পাৰে । ১) শিশু অৱস্থাতে খেলাধূলা, গীত-মাত, সাধুকথা আদিৰ জৰিয়তে তেওঁলোকক সংস্কাৰ ময় মনোভাৱাপন্ন কৰি তুলিবলৈ সপ্তাহত কমেওঁ এদিন বালক সংস্কাৰবৰ্গ অনুস্থিত কৰা- ২) কিশোৰ আৰু যুৱক সকলৰ মাজত কোনো সংস্কাৰ মূখী চিন্তা উদ্ৰেক কাৰী বিষয়ৰ ওপৰত অথৱা মহান ব্যক্তি সকলৰ জীৱন আৰূ কৰ্মভিত্তীক বিষয়ৰ ওপৰত সপ্তাহত কমেও এবাৰ স্বাধ্যায় অনুস্থান অনুস্থিত কৰ – ৩) কিশোৰ আৰূ যুৱক- যুৱতীৰ মাজত যোগাসন, প্ৰানায়াম, ধ্যান আদি জনপ্ৰিয়কৰনৰ ব্যৱস্থা কৰি তাক নিয়মিয়া অনুশীলনৰ ব্যৱস্থা কৰা । ৪) কিশোৰ আৰূ যুৱক-যুৱতী সকলে শৰীৰ সঞ্চালনকাৰী বিভিন্ন ক্ৰীড়া যেনে ফুট বল, বেডমিন্টন, দৌৰ, কাবাডী, আদি অনুশীলনৰ বাবে সু-ব্যৱস্থা কৰা – ৫) ৰাজহূৱা উৎসৱ-পাৰ্ৱন আদিত যুৱচামক আগ ভাগ দি সৰু সুৰা দায়িত্ব অৰ্পন কৰা । ৬) যুৱ-দিৱস, ৰাভা দিৱস, শিল্পী দিৱস, শিক্ষক দিৱস আদিৰ সাৰ মৰ্ম বুজি তাক আন্তৰিকতাৰে উদ্যাপনৰ বাবে যুৱক- যুৱতী সকলক উৎসাহিত কৰাৰ লগতে এনে দিৱসবোৰত সমাজিক শ্ৰমদানৰ কাৰ্যসূচী লবলৈও উৎসাহিত কৰিব পাৰে । এনেবোৰ মুল্যবোধ মিশ্ৰিত শিক্ষাই উঠিঅহা যুৱচামক নিশ্চিত ভাবে সক্ষম, শ্ৰদ্ধাশীল আৰূ দায়বদ্ধ হোৱাত সহায় কৰাৰ লগতে তেওলোকৰ উশৃংখলতাক বহূপৰিমানে নিয়ন্ত্ৰিত কৰিবলৈ সক্ষম হ”ব। লিখকৰ নাম: প্ৰকাশ ঠাকুৰ