যৌতুক এক সামাজিক ব্যাধি। ইয়াৰ ফলত মহিলাৰ ওপৰত কল্পনাতীত অত্যাচাৰ আৰু অপৰাধৰ ঘটনা সংঘটিত হৈছে। এই ব্যাধিয়ে দৰিদ্ৰ, মধ্যবিত্ত বা ধনী যিয়েই নহওক, সমাজৰ সকলো স্তৰৰ মহিলাৰ জীৱন কাঢ়ি নিছে। কিন্তু দৰিদ্ৰ লোকসকলৰ মাজত সজাগতা আৰু শিক্ষাৰ অভাৱৰ বাবে তেওঁলোকৰ সবাতোকৈ বেছি ক্ষতি হৈছে । যৌতুক প্ৰথা বৰ্তি থকা বাবেই কন্যা সন্তানক পুত্ৰৰ সমান মূল্য দিয়া নহয়। সমাজত বাৰে বাৰে দেখিবলৈ পোৱা গৈছে যে, কন্যা সন্তানক বোজা হিচাবে গণ্য কৰা হয়। তেওঁলোকক প্ৰায়বোৰ ক্ষেত্ৰতে বশ কৰি ৰখা হয়। শিক্ষাই হওঁক অথবা অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰতেই হওঁক তেওঁলোকক দ্বিতীয় পৰ্য্যায়ৰ হিচাবে গণ্য কৰা হয়। আজিকালি মাথো যৌতুক প্ৰথা নিৰ্মূলকৰণৰ বাবেই নহয়, বিভিন্ন আঁচনিৰে কন্যা সন্তানৰ মানদণ্ড উন্নীতকৰণৰ বাবে বহু আইন-কানুন আৰু সংস্কাৰ কাৰ্যসূচীৰে চৰকাৰ আগবাঢ়ি আহিছে। এতিয়া সমগ্ৰ সমাজ সজাগ হব লাগিব আৰু পৰিস্থিতি বুজিব লাগিব। আমি সকলোৱে যৌতুক দিয়া বা যৌতুক লোৱা বন্ধ কৰিব লাগিব। আমি প্ৰথমতে কন্যা সন্তানক উচিত মূল্য দিব লাগিব, যাতে তেওঁলোকে ডাঙৰ-দীঘল হ’লে বাকীসকলে তেওঁলোকৰ মূল্য বুজি পায়। এই দিশত কৰিবলগীয়া কেইটামান প্ৰাথমিক অনুশীলন হৈছে- কন্যা সন্তানক শিক্ষিত কৰা। তেওঁলোকক নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে উত্সাহিত কৰা। তেওঁলোকক স্বাধীন আৰু দ্বায়িত্বশীল হোৱাৰ বাবে শিক্ষা দিয়া। তেওঁলোকৰ প্ৰতি বৈষম্য নকৰি সমানে গুৰুত্ব দিয়া। যৌতুক দিয়া বা যৌতুক লোৱা কোনোটোকে উদগনি দিব নালাগে। এইখিনি কাম কৰিলে মানুহৰ বৰ্তমানৰ মনোভাৱৰ সলনি হব। যি পৰিবৰ্তন অতি জৰুৰী, যিবোৰ মনোভাৱৰ পৰিবৰ্তন ঘটাব লাগিব, সেইবোৰ হৈছে: মাক-দেউতাকে ছোৱালীক শিক্ষাদানৰ ক্ষেত্ৰত বেছি গুৰুত্ব নিদিয়ে, কিয়নো তেওঁলোকে ভাৱে যে ভবিষ্যতে স্বামীয়ে তেওঁলোকক সকলো দিব। দৰিদ্ৰ পৰিয়ালৰ ছোৱালীক বাহিৰৰ কাম কৰি ধন উপাৰ্জন কৰিবলৈ পঠোৱা হয়, যাতে তেওঁলোকে যৌতুকৰ বাবে ধন গোটোৱাত সহায় কৰিব পাৰে। মধ্যবিত্ত আৰু উচ্চ বিত্ত পৰিয়ালে ছোৱালী স্কুললৈ পঠিয়ায়, কিন্তু কেৰিয়াৰ গঢ়াৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। অতি ধনী মাক-দেউতাকে কন্যা সন্তানৰ বাবে আনন্দেৰে বিয়া নোহোৱা পৰ্যন্ত খৰছ কৰে আৰু যৌতুকৰ নামত বহু ধন পৰিশোধৰ সামৰ্থ তেওঁলোকৰ থাকে। গতিকে, শিক্ষা আৰু স্বাধীনতা হৈছে অতি শক্তিশালী আৰু মূল্যবান উপহাৰ, যিটো আপোনাৰ জীয়ৰিক আপুনি প্ৰদান কৰিব পাৰে। ইয়েই তেওঁলোকক আৰ্থিকভাৱে সবল কৰি তুলিব আৰু পৰিয়ালত সন্মান তথা সঠিক মৰ্যাদা প্ৰদান কৰিব। সেয়ে কন্যা সন্তানক উপযুক্ত শিক্ষা প্ৰদান আৰু নিজৰ ইচ্ছা অনুযায়ী কেৰিয়াৰ বাচি লোৱাৰ বাবে উত্সাহিত কৰাই হৈছে তেওঁলোকৰ প্ৰতি সবাতোকৈ উত্তম যৌতুক, যিটো সকলো মাক-দেউতাকে নিজৰ জীয়েকক দিব পাৰে। উৎস: আইএনডিজি দল