ভাৰতবৰ্ষৰ মূল সংবিধানে মৌলিক কৰ্তব্যবোৰ সন্নিবিষ্ট কৰা নাছিল| সংবিধান নিৰ্মাতাসকলে সংবিধানত কোনো কৰ্তব্যৰ উল্লেখ কৰাটো প্ৰয়োজন বুলি ভবা নাছিল| কাৰণ, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক সকল কৰ্তব্যৰ বিষয়ে সজাগ থাকিব লাগিব| তেওঁলোকক সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে আৰু এই অধিকাৰে কৰ্তব্যক সূচায়| সেয়েহে সংবিধানৰ নিৰ্মাতা সকলে ভাবিছিল যে ভাৰতীয় নাগৰিকৰ অধিকাৰৰ মাজতে তেওঁলোকৰ কৰ্তব্য লুকাই আছে| কিন্তু অৱশেষত দেখা গ’ল যে ভাৰতবৰ্ষৰ মানুহ নিজৰ কৰ্তব্য সম্পৰ্কে সজাগ নহয়| তেওঁলোকে নিজৰ স্বাৰ্থৰ বিষয়ে ভালদৰে জানে, কিন্তু ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি তেওঁলোকৰ কি দায়িত্ব বা কৰ্তব্য আছে সেই সম্পৰ্কে তেওঁলোক একেবাৰে উদাসীন| নাগৰিকৰ এনে মনোভাৱে যিকোনো গণতান্ত্ৰিক ৰাষ্ট্ৰক বিপদৰ পথলৈ লৈ যাব পাৰে|

ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰাৰ কথা চৰকাৰে গভীৰ ভাৱে চিন্তা কৰিছিল আৰু এই বিষয়ে পৰামৰ্শ দানৰ বাবে স্বৰণ সিঙৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল| এই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সমুহ লিপিবদ্ধ কৰা হয়| সংবিধানৰ ৪২ তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্য সমুহ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়| সংবিধানৰ চতুৰ্থ অংশৰ ৫১ এ নং অনুচ্ছেদত এই মৌলিক কৰ্তব্য সমুহ স্থান দিয়া হৈছে| মৌলিক কৰ্তব্য সমুহে সাংবিধানিক আইন হিচাপে ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মৰ্যাদা লাভ কৰে| গতিকে এতিয়া প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি কিছুমান মহান কৰ্তব্য আছে| সেই কৰ্তব্য সমুহ তলত উল্লেখ কৰা হ’ল-

১) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা;

২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শ সমুহ পোষণ আৰু অনুসৰণ কৰা;

৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা;

৪) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;

৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা;

৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা;

৭) বনানি, হ্ৰ্দ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াপৰৱশ হোৱা;

৮) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা;

৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা; আৰু

১০) ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰ্ত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা;

১১) ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব|” এইটো হ’ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য|

মৌলিক কৰ্তব্যৰ প্ৰকৃতি

মৌলিক কৰ্তব্য সমুহ সংবিধানৰ IVA অংশত লিপিবদ্ধ কৰা হৈছে| এই কৰ্তব্য সমুহ পালন কৰাটো নাগৰিকৰ বাবে আইনমতে বাধ্যতামুলক নহয়| এই কৰ্তব্য সমুহ ন্যায়ালয়ৰ জৰিয়তে বলৱৎ কৰিব নোৱাৰি| তাৰোপৰি নাগৰিকে এই কৰ্তব্যসমুহ পালন নকৰিলে সংবিধানে কোনো শাস্তিৰো বিধান কৰা নাই| কিন্তু মৌলিক কৰ্তব্য সমুহ ভাৰতীয় সংবিধানৰ অংশ| মৌলিক কৰ্তব্য সমুহৰ কোনো বিধিগত শক্তি নাই| অৱশ্যে, এই কৰ্তব্য সমুহৰ নৈতিক প্ৰ্ভাৱ থাকিব পাৰে| সংবিধানত মৌলিক কৰ্তব্য সমুহক সাধাৰণভাৱে বৰ্ণনা কৰা হৈছে| ইয়াত কোনো বিশেষ কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই|

মৌলিক কৰ্তব্য সমুহৰ গুণ

মৌলিক কৰ্তব্য সমুহৰ যথেষ্ট গুৰুত্ব আছে| এইবোৰ মুল্যহীন নহয়|

১) মৌলিক কৰ্তব্য সমুহে নাগৰিক সকলক তেওঁলোকৰ কৰ্তব্যসমুহ সম্পৰ্কে সজাগ কৰিব পাৰে|

২) শৈক্ষিক দিশৰ পৰাও মৌলিক কৰ্তব্য বিলাক বৰ গুৰুত্বপুৰ্ণ| ইয়াৰ দ্বাৰা জনসাধাৰণক তেওঁলোকৰ কৰ্তব্য সম্পৰ্কে শিক্ষিত কৰিব পাৰি|

৩) মৌলিক কৰ্তব্য সমুহৰ নৈতিক মূল্যও আছে| কৰ্তব্য পালন কৰাটো যে নাগৰিকৰ নৈতিক কৰ্তব্য সেইটো তেওঁলোকে এই মৌলিক কৰ্তব্য সমুহ অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰিব|

৪) ভাৰতবৰ্ষৰ অধিকাংশ লোক ৰাজনৈতিক বিষয়ত সচেতন নহয়| সংবিধানত মৌলিক কৰ্তব্যৰ অন্তৰ্ভুক্তিয়ে তেওঁলোকক সচেতন নাগৰিক হিচাপে গঢ়াত সহায় কৰিব|

৫) নাগৰিক সকলে অধিকাৰৰ লগতে যে ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি তেওঁলোকৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে সেইটো ভালদৰে বুজিব পাৰিব|

মৌলিক কৰ্তব্য সমুহৰ দোষ

মৌলিক কৰ্তব্য সমুহৰ বহুতো দোষ আছে| সেই দোষ সমুহ হ’ল-

১) এই কৰ্তব্য সমুহৰ প্ৰধান দোষ হ’ল এয়েই যে এইবোৰ জনসাধাৰণৰ ওপৰত বাধ্যতামুলক নহয়| জনসাধাৰণে এই কৰ্তব্য সমুহ পালন কৰিবও পাৰে বা নকৰিবও পাৰে| ভাৰতবৰ্ষৰ জনসাধাৰণে এই কৰ্তব্য সমুহ পালন নকৰাৰ সম্ভাৱনাই বেছি|

২) মৌলিক কৰ্তব্যৰ তালিকা সম্পুৰ্ণ নহয়| ইয়াৰ কিছুমান বোধগম্য নহয়|

৩) সংবিধানে জনসাধাৰণৰ কিছুমান বিশেষ কৰ্তব্যৰ উল্লেখ কৰিব লাগিছিল, যিবোৰ ৰাষ্ট্ৰৰ আৰু সামাজিক স্বাৰ্থৰক্ষাৰ কাৰণে বৰ গুৰুত্বপুৰ্ণ| কিন্তু এই সম্পৰ্কে সংবিধান নিমাত| গতিকে জনসাধাৰণৰ ওপৰত ইয়াৰ বেছি প্ৰভাৱ পৰা নাই|

৪) ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা মৌলিক কৰ্তব্য সমূহৰ বিধিগত শক্তি নাই| আইনৰ জৰিয়তে এইবোৰক বলৱৎ কৰিব নোৱাৰি|

৫) মৌলিক কৰ্তব্য সমুহক বলৱৎ কৰিবৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই|

৬) মৌলিক কৰ্তব্য সমুহক ন্যায়ালয়ৰ জৰিয়তে বলৱৎ কৰিব নোৱাৰি|

৭) কোনোবাই মৌলিক কৰ্তব্য পালন নকৰিলে ইয়াৰ শাস্তিৰো কোনো বিধান নাই|

৮) মৌলিক কৰ্তব্য সমুহক সংবিধানৰ চতুৰ্থ অংশৰ অন্তৰ্ভুক্ত কৰি এইবোৰৰ গুৰুত্ব কমাই দিয়া হৈছে|

৯) পাল্কিওৱালাৰমতে ভাৰতীয় নাগৰিক সকলৰ মৌলিক কৰ্তব্য সমুহ যুক্তিসংগত নহয়| তেওঁৰ মতে এই দেশৰ প্ৰায় দুই-তৃতীয়াংশ লোক শিক্ষিত নহয়| গতিকে এওঁলোকৰ পক্ষে বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰাটোক সম্ভৱপৰ নহয়|

মৌলিক কৰ্তব্যৰ গুৰুত্ব

মৌলিক কৰ্তব্য সমুহৰ গুৰুত্ব ভাৰতবৰ্ষৰ জনসাধাৰণৰ বিবেক-বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে| আশা কৰিব পাৰি যে বিবেকৰ নিৰ্দেশত নাগৰিক সকলে এই কৰ্তব্যসমুহ পালন কৰিব| মৌলিক কৰ্তব্যৰ আইনগত বাধ্যবাধকতা নাথাকিলেও এইবোৰক মূল্যহীন বুলি ক’ব নোৱাৰি|

এখন স্বাধীন দেশৰ নাগৰিকে নিজৰ স্বাৰ্থৰক্ষাৰ কাৰণে এই কৰ্তব্য সমুহ পালন কৰিব লাগিব, নহ’লে নিজে নিজৰ ভৰিত কুঠাৰেৰে আঘাত কৰাৰ দৰে হ’ব| গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকসকলে নিজ নিজ কৰ্তব্য পালন নকৰিলে গণতন্ত্ৰ কেতিয়াও কৃতকাৰ্য হ’ব নোৱাৰে| ভাৰতীয় গনতন্ত্ৰৰ ভৱিষ্যত এই দেশৰ নাগৰিক সকলৰ কৰ্তব্য পালনৰ ওপৰত নিৰ্ভৰ কৰে| সংবিধানত এই কৰ্তব্য সমুহ সংযোজিত হোৱাৰ পিচত নাগৰিকসকল কৰ্তব্য পালনৰ ওপৰত নিৰ্ভৰ কৰে| সংবিধানত এই কৰ্তব্য সমুহ সংযোজিত হোৱাৰ পিচত নাগৰিক সকল এই বিষয়ত অধিক সচেতন আৰু কৰ্তব্যপৰায়ণ হোৱা উচিত|

মৌলিক কৰ্তব্য সমুহক বাধ্যতামুলক নহ’লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি| সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিক সকলক এই কৰ্তব্য সমুহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি| আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱপৰ নহয়| ইয়াৰ বাবে প্ৰয়োজন ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ সহযোগিতা| গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই| এই শক্তিক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্য সমূহৰ উদ্দেশ্যে সাৰ্থক হ’ব|

মৌলিক কৰ্তব্য পালনে যে আমাৰ দেশত গণতন্ত্ৰৰ ভেঁটি অধিক শক্তিশালী কৰিব সেই বিষয়ত কোনো সন্দেহ নাই| দেশৰ সকলো জনসাধাৰণক এই কৰ্তব্য সম্পৰ্কে সজাগ কৰা উচিত| এই কাৰ্যত সকলোৱে অংশগ্ৰহণ কৰিব লাগিব| এইখিনিতে এই কথাটো মনকৰিবলগীয়া যে জনগণৰ কৰ্তব্য পালনৰ অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰগতিৰ পথত আগুৱাই যাব নোৱাৰে| সেয়েহে সকলোৰে মহান দায়িত্ব হ’ল ওপৰত কৈ অহা কৰ্তব্য সমুহ আখৰে আখৰে পালন কৰা|

উৎস: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা