বাতৰিকাকত আৰু টিভিত প্ৰতিদিনেই পৃথিৱীৰ যিকোনো প্ৰান্ততে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনা শুনিবলৈ পোৱা যায়। আজিৰ নাৰী প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সমানেই বা কোনো কোনো ক্ষেত্ৰত পুৰুষতকৈ বেছিহে পাৰ্গত। পুৰুষৰ দৰে নাৰীয়েও কৰ্মৰ খাতিৰত ৰাতি অকলশৰে চলা-ফুৰা কৰিবলৈ বাধ্য। আৰু এনে সময়তে নাৰীৰ ওপৰত আক্ৰমণৰ ঘটনা বেছি হয়। সেয়ে নিজৰ সুৰক্ষাৰ বাবে প্ৰতিগৰাকী নাৰীয়ে নিজেই কিছু উপস্থিত বুদ্ধি আৰু কৌশলৰ আশ্ৰয় ল’ব লাগে। আজি অধ্যয়ন বা কৰ্মৰ খাতিৰত ডাঙৰ চহৰত ঘুৰা-ফুৰা কৰিবলগা নাৰীসকলক কেইটামান সুৰক্ষাৰ সহজ কৌশল অৱগত কৰিব বিচাৰিছোঁ— যদি বহু ওপৰ মহলাৰ লিফ্ট এটাত এজন অচিনাকি পুৰুষৰ লগত অকলে উঠিব লগা হয়, তেনে আপুনি লিফ্টৰ আটাইকেইটা মহলাৰ বুটাম টিপি দিব। ধৰক আপুনি ৫ম মহলাৰ পৰা ১৩ মহলালৈ যাবৰ বাবে লিফ্টত উঠিছে—আৰু সেই সময়ত লিফ্টত এজন বা দুজন অচিনাকি ব্যক্তি আগৰে পৰা মজুত আছে তেন্তে আপুনি লিফ্টত সোমায়েই ৬নম্বৰৰ পৰা ১৩ নম্বৰলৈ আটাইকেইটা বুটাম টিপি দিব। লিফ্টো তেতিয়া প্ৰতিটো মহলাতে ৰৈ ৰৈ যাব। প্ৰতি মহলাত ৰৈ ৰৈ যোৱা লিফ্টৰ ভিতৰত কোনেও অশালীন ব্যৱহাৰ কৰিব নোৱাৰে। ঘৰত অকলে থকা সময়ত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিবলৈ উদ্যত হ’লে দৌৰি পাকঘৰলৈ যাব। পাকঘৰৰ জলকীয়া গুড়ি, মছলাৰ গুড়িৰ উপৰিও কাঁহী-বাটি, দা-কটাৰি—এই সকলোবোৰ আত্মৰক্ষাৰ সুন্দৰ অস্ত্ৰ। সুন্দৰ, দামী বা নতুন হ’লেও বাচনবোৰ দুৰ্বৃত্তৰ গালৈ দলিয়াই ভাঙিবলৈ চেষ্টা কৰিব। ভঙা কাঁচৰ বা চীনামাটিৰ পাত্ৰ বহুত বিপদজ্জনক অস্ত্ৰ।লগতে চিঞৰ-বাখৰ কৰি হুলস্থূল কৰিব, যাতে ওচৰ-চুবুৰীয়াই আপোনাৰ বিপদ হৈছে বুলি গম পায়। হুলস্থূল কৰিলে দুৰ্বৃত্তই ধৰা পৰাৰ ভয়ত পলাই যোৱাৰ সম্ভাৱনাই বেছি। কেতিয়াবা গাড়ী বা অটোৰিক্সাত অকলে যাওঁতে গাড়ীচালকে আপোনাক গন্তব্য স্থলৰ পৰিৱৰ্তে অন্য স্থানলৈ গাড়ীখন লৈ যোৱা যেন দেখিলে গাত লোৱা চুৰ্ণি বা চাদৰৰ আঁচল বা বেগৰ ৰচীডালেৰেই চালকজনৰ ডিঙিত জোৰকৈ টানি ধৰিব।যদি হাতত তেনে কোনো বস্তু নাই তেনে চালকৰ চাৰ্টৰ কলাৰখনত পিঠিৰ ফালৰ পৰা ধৰি জোৰকৈ টানিব।মূহুৰ্তৰ ভিতৰতে দুৰ্বৃত্ত চালকজনৰ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ব আৰু গাড়ীৰ গতিবেগ কমাবলৈ বাধ্য হ’ব। তেনে সময়তে সেইখন গাড়ীৰ পৰা ত্ক্ষণাত্ নামি আহিব। কোনো দুৰ্বৃত্তই ৰাতি অন্ধকাৰত মনে মনে অনুসৰণ কৰা যেন গম পালে ৰাস্তাৰ কাষতে থকা কোনোবা ঘৰ বা দোকানৰ ভিতৰত সোমাই যাব লাগে। ঘৰ বা দোকান নাথাকিলে ওচৰতে থকা কোনো এটা এ.টি.এম. বুথত সোমালেও সম্ভাৱ্য বিপদৰপৰা ৰক্ষা পাব পাৰি। এ.টি.এম. বুথত সদায় সুৰক্ষা কৰ্মী থকাৰ উপৰিও এ.টি.এম.ৰ ভিতৰত সকলো সময়তে কেমেৰাৰ(cctv)চোকা দৃষ্টি থাকে। এনে স্থানত কোনো দুৰ্বৃত্তই নাৰীৰ ওপৰত জোৰ-জবৰদস্তি কৰিবলৈ সাহস নকৰে। জীৱন আৰু কৰ্তব্যৰ তাগিদাত নাৰীয়ে যিকোনো সময়তে অকলে যিকোনো স্থানলৈ যাব লগা হ’ব পাৰে। গতিকে কোনো প্ৰতিকূল পৰিস্থিতিতে সাহস নেহেৰুৱাই নিজৰ উপস্থিত বুদ্ধি আৰু দৃঢ় মনোবলেৰে আগবাঢ়িলে সকলো সময়তে নিজক সুৰক্ষিত কৰি ৰাখিব পাৰিব। শিশুৰ ওপৰত যৌন উপীড়ন লেখিকা: অনুপমা বৰগোহাঁই, প্ৰিয় সখী