ধপাতে স্বাস্থ্যৰ ক্ষতি কৰে বুলি ধাৰণা থাকিলেও, সৰহভাগ মানুহে ধপাতে কিমান ক্ষতি কৰিব পাৰে, সেই সম্পৰ্কে সজাগ নহয়। ধপাত কোম্পানীসমূহে পেকেট আৰু অন্যান্য বিজ্ঞাপন কৌশলেৰে ধপাতক আকৰ্ষণীয় কৰি তোলে। ধপাতে যে স্বাস্থ্য ধ্বংস কৰে সেই ৰূঢ় বাস্তৱতা সম্পৰ্কে গ্ৰাহকক বিভ্ৰান্ত কৰে। এইটো প্ৰমাণিত কথা যে, পেকেটত থকা সতৰ্কীকৰণটো ধপাত সেৱনৰ প্ৰকৃত ফল দেখুৱাই দিয়াৰ সুলভ আৰু শক্তিমানী উপায়। সতৰ্কীকৰণত ধপাতে কৰা ক্ষতিৰ ছবিও দিয়া হয়। যি নিৰ্দিষ্টভাৱে ধপাত সেৱনৰ বিপদ সম্পৰ্কে জনোৱা আৰু ধপাত সেৱন ত্যাগ কৰা বা হ্ৰাস কৰাৰ দৰে পৰিবৰ্তনৰ বাবে বুজনি দিয়ে। তেওঁলোকে ধপাতৰ পেকেটবোৰৰ সামগ্ৰিক আকৰ্ষণ হ্ৰাস কৰে- যিটো সামগ্ৰীবিধৰ বাবে গুৰুত্বপূৰ্ণ, যাৰ নতুন গ্ৰাহক সকল হৈছে উঠি অহা প্ৰজন্মৰ লোক আৰু তেওঁলোক প্ৰতীক আৰু ব্ৰেণ্ড সচেতন। এই বিপদৰ সঁহাৰি হিচাবে আৰু বিভিন্ন দেশে ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ দাবী কৰাৰ ফলত বিশ্ব ধপাত বিৰোধী দিৱস ২০০৯ৰ প্ৰচাৰে নিম্নোক্ত বাৰ্তাৰ ওপৰত জোৰ দিয়ে: কথা আৰু ছবিৰে ধপাতৰ পেকেটত স্বাস্থ্য সম্পৰ্কে সতৰ্কীকৰণ কৰাটো ধপাত সেৱনৰ গুৰুতৰ ক্ষতি সম্পৰ্কে জন সজাগতা বৃদ্ধি আৰু ধপাত সেৱন হ্ৰাস কৰাৰ সবাতোকৈ সুবিধাজনক উপায়। চিগাৰেটৰ ক্ষতিকাৰক প্ৰভাৱ ধপাত মৃত্যুৰ এক গুৰুত্বপূৰ্ণ কাৰণ। প্ৰতি বছৰে ৫ নিযুতৰো অধিক লোক ধপাত সেৱনৰ ফলত মৃত্যু হয়। ই এইচ আই ভি/ এইডচ্, মেলেৰিয়া আৰু যক্ষ্মা ৰোগত হোৱা মৃত্যুতকৈ বেছি। ইয়েই একমাত্ৰ আইনী সামগ্ৰী যাক সেৱন কৰি মৃত্যুক সাৱতি লোৱা হয়। চিগাৰেট খোৱা আধা সংখ্যক লোকৰ ধপাত-জনিত ৰোগত মৃত্যু হয়। দ্বিতীয়তে, চিগাৰেটৰ ধোৱাৰ প্ৰভাৱত পৰা সকল ক্ষতিগ্ৰস্ত হয়। ধপাত কোম্পানীসমূহ নতুন লোকক আসক্ত কৰাৰ বাবে আৰু বৰ্তমানে চিগাৰেট খাই থকা সকলক চিগাৰেট ত্যাগৰ পৰা বিৰত ৰাখিবলৈ প্ৰতি বছৰে বহু কোটি টকা খৰছ কৰে। বিজ্ঞাপন আৰু আটক ধুনীয়া পেকেট ডিজাইনকে ধৰি বিভিন্ন প্ৰচাৰ অভিযানৰ মাজেৰে ধপাত উদ্যোগে ইয়াৰ মাৰাত্মক প্ৰভাৱৰ পৰা মনোযোগ আঁতৰাই নিব বিচাৰে। ধপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অভিবৰ্তনৰ আহ্বান অনুযায়ী ধপাতৰ পেকেটসমূহত ক্ষতিকাৰক প্ৰভাৱ ৰেখাচিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰাৰ দাবী জনাই আহিছে বিশ্বৰ বহুত দেশে। এই আন্তৰ্জাতিক চুক্তিৰ অধীনত তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণত সহায়ক হোৱাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰস্তুত কৰা কাৰিকৰী সহায়ক পেকেজ ব্যৱহাৰ কৰে। কাৰ্য্যকৰী স্বাস্থ্য সতৰ্কীকৰণ, বিশেষভাৱে ছবিসমূহ এতিয়াও আসক্ত নোহোৱাসকলৰ ধপাত সেৱন কমোৱা আৰু ধপাত ত্যাগ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱশালী প্ৰমাণিত হৈছে। এই তথ্য সত্বেও বিভিন্ন দেশৰ ১০ জন মানুহৰ ৯ জনৰ বাবেই ধপাত পেকেজসমূহত ছবিসহ সতৰ্কীকৰণৰ প্ৰয়োজন নহয়। নিকটিন হৈছে অত্যন্ত আসক্তি কাৰক পদাৰ্থ। ইয়াৰ পৰা হোৱা বিপদ সম্পৰ্কে সঁচা সতৰ্কীকৰণ আগবঢ়োৱাৰ ফলত ধপাত আসক্তি বহু কমি যাব। ধপাত পেকেজসমূহত সতৰ্কীকৰণ এক সৰল, কম খৰছী আৰু কাৰ্য্যকৰী কৌশল যি ধপাত সেৱন সাংঘাটিক হাৰত কমাব পাৰে আৰু মানুহৰ জীৱন বচাব পাৰে। উৎস: আইএনডিজি দল