আমি এখন ভিন্নতাৰ পৃথিৱীত বাস কৰো-য’ত মানুহ ওখ আৰু চাপৰ, বগা আৰু ক’লা, ধনী আৰু দুখীয়া, শিক্ষিত আৰু অশিক্ষিত একেলগে জীয়াই থাকে। প্ৰথমে আমি সকলো মানুহ। সেইদৰেই বাধাগ্ৰস্ত ব্যক্তিসকলে প্ৰথমে এজন মানুহ- সমাজৰ এটা অমূল্য সম্পদ বাধাগ্ৰ্স্ত নোহোৱা ব্যক্তিসকলৰ দৰেই সকলো সুবিধা লাভ কৰিব পাৰে। যেনে-পঢ়িব পাৰে, খেলিব পাৰে আৰু সমাজত আনন্দ লাভ কৰিব পাৰে। সৃষ্টিমূলক কৰ্মৰ দ্বাৰা সমাজৰ অগ্ৰগতিত অৱদান আগবঢ়াব পাৰে। এইবিলাকৰ কাৰণে সমান সুযোগ আৰু সুবিধা লাভ কৰাতো অত্যন্ত জৰুৰী। সমাজৰ ফালৰ পৰা প্ৰতিবন্ধকতাখিনি আঁতৰাবৰ কাৰণে কৰণীয়খিনি তলত উল্লেখ কৰা হ’ল। শৰিৰীক প্ৰতিবন্ধকতা আঁতৰাবৰ বাবে এঢলীয়া চিৰি, হুইল চেয়াৰ ব্যৱহাৰ কৰিব লাগে। যোগাযোগৰ প্ৰ্তিবন্ধকতা আঁতৰাবৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ-যেনে- চিহ্ন ভাষা। শিক্ষাৰ প্ৰতিবন্ধকতা আঁতৰাবৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াই বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নামভৰ্ত্তি কৰিবলৈ সুবিধা দিব লাগে। বুজি পোৱাৰ প্ৰতিবন্ধকতা আঁতৰাবলৈ লাহে লাহে বা এটাৰ পাছত আনটোক বুজাব লাগে। বাধাগ্ৰস্ত ব্যক্তিসকলে বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতাৰ বাবে বিকাশ আৰু সমানভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে। শিকা আৰু বিকাশৰ প্ৰক্ৰিয়া কেনেকৈ আমাৰ সামৰ্থ্যৰ বিকাশ হ’ব? শিকাৰ মাধ্যমেৰে। কৰ্মৰ মাধ্যমেৰে। ভুল শুদ্ধৰ মাধ্যমেৰে। জীয়াই থকাৰ যোগেদি সকলো লোকেই জ্ঞান আৰু কৌশল আহৰণ কৰে। যিসকল ব্যক্তি মানসিক বাধাগ্ৰস্ত হয় তেওঁলোকৰো শিকা আৰু বিকাশ হোৱাৰ সামৰ্থ্য থাকে। মানসিক বয়স? অথবা প্ৰকৃত বয়স? বহুসময় ধৰি চিকিৎসক বা পেচাদাৰী ব্যক্তিসকলে মানসিক বাধাগ্ৰস্ত ব্যক্তিসকলৰ মানসিক বয়স বা বুদ্ধিমত্তা (আইকিউ)জুখি উলিয়াইছে। উদাহৰণস্বৰূপে- ১।মালতী এগৰাকী ২০ বছৰীয়া ছোৱালী,চিকিৎসকে কৈছে তাইৰ মানসিক বয়স ৯ বছৰহে মাথো তাই মানসিকভাৱে বাধাগ্ৰস্ত। ২।মোহনৰ বয়স ৩৫ বছৰ,কিন্তু মানসিকভাৱে সি বাধাগ্ৰস্ত হোৱাৰ বাবে তাৰ মানসিক বয়স ৩ বছৰ। মালতি আৰু মোহনেও আনৰ দৰে শিকিব পাৰে।সিহঁতক সিহঁতৰ সঠিক বয়স অনুযায়ী ব্যৱহাৰ কৰিব লাগে।সিহঁতৰো প্ৰাপ্তবয়স্ক লোকৰ দৰে আবেগ-অনুভূতি আছে,সিহঁত শিশু নহয়। মালতি আৰু মোহন গণনা,লিখা আৰু পঢ়াত হয়তো সিমান ভাল নহ’ব পাৰে,মাত্ৰ আমি বুজিব লাগিব সিহঁতৰ সামথ্যতা,য’ত নেকি মালতিয়ে ভালপায় চিলাই কৰি আৰু মোহনে ভাল পায় বাগিছা পাতি। মানসিক বাধাগ্ৰস্ত ব্যক্তি এজনক গণনা শিকাব পাৰিনে? অথবা কাম কৰা আৰু উপাৰ্জন কৰাৰ অৰ্হতা শিকাব পাৰিনে? আমি সিহঁতক ১ ৰ পৰা ১০০ লৈকে চিধাকৈ বা ওলোটাকৈ শিকাত সহায় কৰিছো নে আমি সিহঁতৰ কৌশল বিকাশ ঘটোৱাত সহায় কৰিছো?আৰু শেষত আপোনালোকে চাওঁক কোনটোৱে সিহঁতক টকা উপাৰ্জন আৰু সমাজ,পৰিয়াললৈ অৱদান যোগোৱাত সহায় কৰিব। উত্তৰটো আপোনাৰ হাততেই আছে। জীয়াই থকাৰ অধিকাৰ আমি সকলোৱে জীয়াই থকাৰ অধিকাৰ উপভোগ কৰো,বিশেষকৈ সমাজত বৰ্তী থকাৰ বিকাশ হোৱাৰ অধিকাৰ।আমি সকলোৱে আমাৰ পৰিৱেশৰ পৰা শিকো, আমি যলৈকে যাও তাৰেপৰাই,যেনে-বিদ্যালয়, মহাবিদ্যালয় আদি, আমি মা-দেউতাৰ পৰা শিকো, দাদা-বাইদেউৰ পৰা শিকো,আমাৰ বন্ধু-বান্ধৱী আৰু প্ৰকৃতিৰ পৰা শিকো। বাধাগ্ৰস্ত ব্যক্তিসকলকো এই জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে।আন সকলোৰে নিচিনাকৈ তেওঁলোকেও সমানে উপভোগ কৰিব পাৰিব লাগে।সকলো ধৰ্ম,জাতি,লিঙ্গ,বাধাগ্ৰস্ত বা সুস্থ সকলো লোকৰে সমানে জীয়াই থকাৰ অধিকাৰ আছে। বাধাগ্ৰস্ত ব্যক্তিসকলক সকলোৱে বুজা উচিত আন লোকক দিয়াৰ ধৰণে যদি বাধাগ্ৰস্ত ব্যক্তিকো সমান সুবিধা প্ৰদান কৰা হয়,তেনেহ’লে তেওঁলোকেও সমাজৰ বাবে অৰিহণা যোগাব পাৰে। সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে আৰু প্ৰত্যেকজন ব্যক্তিয়ে মূল্যবান। আমি জন্মগতভাৱে যি ভালপাওঁ তাকে জীৱনৰ বেছি ভাগ সময়ত ব্যৱহাৰ কৰো।তাৰে মাজৰে কিছুমান বাওঁহতিয়া,কিছুমানে আন্ধাৰক ভয় কৰে আৰু কিছুমান খেলা-ধূলাত বেয়া।তথাপিও আমি তেওঁলোকক বুকুৰ মাজত ৰাখি তেওঁলোকৰ আন আন সামৰ্থ্য সমূহত গুৰুত্ব আৰোপ কৰো। তেনেদৰে বাধাগ্ৰস্ত ব্যক্তিসকলকো উচিত সহায়ৰ হাত আগবঢ়াই তেওঁলোকৰ সামৰ্থ্যখিনি ব্যৱহাৰ কৰিব লাগে। জন্মৰ পৰা আমি কি শিকিছোঁ আৰু তাক ক’ত ক’ত ব্যৱহাৰ কৰিছো তাৰ দ্বাৰাই এটা সফল জীৱন গঢ়িব পাৰি। উৎস: আইএনডিজি দল।