১৯৯৯ চনত লোকসভাৰ দ্বাৰা গঠিত/নিৰ্মিত এখন আইন। ভাৰত চৰকাৰৰ, সামাজিক ন্যায় আৰু সৱলিকৰণ মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় ন্যাস হৈছে এটা বিধিসন্মত স্ংস্থা। উদ্দেশ্য সমূহ অক্ষম ব্যক্তিসকলক যথাসম্ভৱ স্বাধীন চেতীয়াকৈ জীৱন যাপন কৰিবলৈ আৰু তেওঁলোকক সমাজৰ লগত নিবিড় সম্বন্ধ বজাই ৰখাৰ সামৰ্থ আৰু ক্ষমতা প্ৰদান কৰা। অক্ষম ব্যক্তিসকলক তেওঁলোকৰ নিজৰ পৰিয়ালৰ লগত বসবাস কৰিবলৈ সমৰ্থন প্ৰদান কৰিব পৰাকৈ সুবিধাৰাজি প্ৰদান কৰা। অক্ষম ব্যক্তি থকা পৰিয়ালে সন্মুখীন হোৱা সুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সেৱা আগবঢ়াব পৰাকৈ স্ংস্থাসমূহক পঞ্জীকৃত কৰাত সহায়-সহযোগিতা কৰা। যাবতীয় সহায় সহযোগ কৰিবলৈ পৰিয়ালবৰ্গ নথকা অক্ষম ব্যক্তিসকলে সন্মুখীন হোৱা সমস্যা সমূহক আঁতৰ কৰাত সহায় কৰা। অক্ষম ব্যক্তিসকলক মাক-দেউতাক বা অভিভাৱকৰ মৃত্যুৰ পিছত সিহঁতক যত্ন আৰু সুবিধা প্ৰদান কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা। সুৰক্ষা আৰু যত্নৰ প্ৰয়োজন থকা অক্ষম ব্যক্তিসকলৰ বাবে অভিভাৱক আৰু পৃষ্ঠপোষক নিয়োগ কৰাৰ প্ৰক্ৰিয়া কৰা। অক্ষম ব্যক্তিসকলক সমান সুযোগ সুবিধাৰ অনুভৱ কৰোৱা,অধিকাৰ স্ংৰক্ষণ কৰা আৰু পূৰ্ণাংগ অংশীদাৰীৰ সুবিধা প্ৰদান কৰা। উপৰোক্ত উদ্দেশ্যৰ লগত স্ংঘটিত অন্য যিকোনো কামক সম্পাদন কৰা। ৰাষ্ট্ৰীয় ন্যাস অধীনত বাধাগ্ৰস্থতা অটিজ’ম চাৰিত্ৰিক বা প্ৰাকৃতিক ভাৱে বা সাধাৰণতে মস্তিষ্কৰ সামাজিক আৰু অনুভৱৰ ক্ষেত্ৰখনত প্ৰভাৱ পেলায়, যাৰ বাবে ভাৱ-বিনিময়ত, সামাজিক সম্পৰ্ক গঢ়াত আৰু কল্পনাত বাধা আহি পৰে। শান্তনু বৰাৰ টি.ভি. মেৰামতি কৰা, ইলেক্ট্ৰিকেল ৱায়াইৰিং কৰা আৰু মাল্টি মিডিয়া প্ৰয়োগ কৰাত ডিপ্লমাৰ প্ৰমাণ পত্ৰ আছে। তেওঁ একচন ফৰ অটিজ’মৰ বাবে লিখা আৰু প্ৰকাশনৰ কাম খিনি চায়। তেওঁ টি.ভি.ত বাতৰি চায়, ইন্টাৰনেটত কাম কৰি আৰু ভ্ৰমণ কৰি ভাল পায়।শান্তনু বৰা এজন বিবাহিত ব্যক্তি। তেওঁৰ অটিজ’মৰ বাধাগ্ৰস্ততা আছে। মস্তিষ্ক পক্ষাঘাত পাৰম্পৰিক বা প্ৰচলিত ভাষাত কোৱা হয় যে মেধাৱী শক্তি সম্পন্ন মস্তিষ্কই এটা অবাধ্য শৰীৰৰ লগত হোৱা স্ংযোজন, যাক কোৱা হয় মটৰ ডিস্ফাঞ্চন। গ্ৰচ্ মটৰ অৰ্থাৎ উঠা-বহা, খোজ কঢ়া ইত্যাদি। ফাইন মটৰ অৰ্থাৎ লিখা, চিলাই কৰা, ছবি অকাঁ ইত্যাদিত অসমৰ্থতা আৰু এই বাধাগ্ৰস্ততাই কথা কোৱাতো প্ৰভাৱ পেলায়। ইমৰাণ খান সমাজ বিজ্ঞানৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। তেওঁ মহাবিদ্যালয়ত এডভেনচাৰ, নাচ-গান আদি আৰু মহাবিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত সক্ৰিয় অংশগ্ৰহণ কৰে। তেওঁ স্থায়ী পৰ্য্যায় সমিতিৰ এজন সদস্যও। তেওঁ স্থায়ী পৰ্য্যায় সমিতিৰ এজন সদস্যও। তেওঁ স্থায়ী পৰ্য্যায় সমিতিৰ এজন সদস্যও। তেওঁ মস্তিষ্ক পক্ষাঘাতৰে গ্ৰ্স্ত এজন ব্যক্তি। মানসিক বাধাগ্ৰস্ততা মস্তিষ্কৰ জ্ঞান সম্বন্ধীয় ক্ষেত্ৰখনক প্ৰভাৱিত কৰে। যাৰ বাবে শিকা, ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ বহুত ধীৰে ধীৰে হয়। যিকোনো কথা শিকিবলৈ বা বুজি পাবলৈ বহুত সময় লাগে, আৰু তেওঁলোকক সহজ-সৰল শব্দত এটা-এটাকৈ বুজাব লাগে। স্বয়মক্ৰুচি এটা সংস্থা, চিকন্দ্ৰাবাদত প্ৰতিষ্ঠিত, যিটোৱে মানসিক বাধাগ্ৰস্ত ডেকা আৰু প্ৰাপ্তবয়স্ক মহিলাসকলক আবাস প্ৰদান কৰে। যিটো এটা কলনিৰ মাজত প্ৰতিষ্ঠিত আৰু তাত স্ব-সহায়তা কৰা আৰু ঘৰুৱা কাম-কাজ কৰাৰ কৌশল শিকোৱা হয় প্ৰশিক্ষণ দিয়া হয়। এনেদৰে তেওঁলোকে সামূহিক কাৰ্য্যকলাপ, উৎসৱ আদিত অংশগ্ৰহণ কৰে। বহু বাধাগ্ৰস্ততা বহু বাধাগ্ৰস্ততাৰ অৰ্থ হৈছে দুটা বা ততোধিক বাদাগ্ৰস্ততাৰ সমন্বয়। যেনে-কাণেৰে শুনা নোপোৱা আৰু দৃষ্টিহীন, মস্তিষ্ক পক্ষাঘাতৰ লগতে মানসিক বাধাগ্ৰস্ততা আৰু দৃষ্টিহীনতা। ওপৰোক্ত বাধাগ্ৰস্ততা থকা ব্যক্তিসকলেও প্ৰশিক্ষণ পোৱাৰ পাছত পৰিয়াল তথা সমাজৰ ৰচনাত্মক যোগদান কৰিব পাৰে। প্ৰভাকৰ এজন বিবাহিত ব্যক্তি আৰু তেওঁৰ এজনি ছোৱালী সন্তানো আছে। তেওঁ চেন্নাই স্থিত এটা প্ৰতিস্থানত সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। তেওঁৰ বহু বাধাগ্ৰস্ততাৰে গ্ৰ্স্ত এজন লোক। ভাৰত বহু বাধাগ্ৰস্ততাৰে গ্ৰ্স্ত এজন ব্যক্তি। তেওঁ বিবাহিত আৰু তেওঁৰ এজনী ছোৱালীও আছে আৰু তেওঁ মাদুৰইত ‘মালী’ হিচাপে কাম কৰে। ৰাজবালা তেওঁৰ পতী আৰু সন্তানৰ সৈতে দিল্লীত থাকে। তাই ৰান্ধী আৰু টি ভি চাই ভাল পায়। তাই বহু বাধাগ্ৰস্ততাৰে গ্ৰস্ত এগৰাকী মহিলা। উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস।