আন সকলো লোকৰ দৰে বাধাগ্ৰস্ত লোকসকলৰো স্বাস্থ্যৰ অধিকাৰ আছে। সমপৰিমাণ, গুণ, মানদণ্ড আদি বজাই ৰাখি বাধাগ্ৰস্ত নোহোৱা ব্যক্তি এজনক যিধৰণে স্বাস্থ্যৰ যত্ন লোৱা হয়, ঠিক তেনেদৰে বাধাগ্ৰস্ত ব্যক্তি এজনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব লাগে। বাধাগ্ৰস্ততাৰ কাৰণে বিশেষভাৱে আগতীয়া চিনাক্তকৰণ, হস্তক্ষেপৰ ব্যৱস্থা কৰিব লাগে। সুবিধাসমূহ ওচৰতে আৰু পৰ্যাপ্ত পৰিমাণৰ হ’ব লাগে নিজৰ ঘৰত, গাঁৱত, চুবুৰিত। বাধাগ্ৰস্ত ব্যক্তিসকলৰো তথ্য জনাৰ অধিকাৰ আছে। তেওঁলোকে নিজে সিদ্ধান্ত লব পাৰে, যে তেওঁলোকক কেনেকুৱা ধৰণৰ সুবিধা লাগে। এইটো আগতীয়াকৈ ভাবি ল’ব নালাগে যে মানসিক বাধাগ্ৰস্ত লোকসকলে কোনো কথা বুজি নাপায় আৰু কোনো ধৰণৰ সিদ্ধান্ত ল’ব নোৱাৰে। বাধাগ্ৰস্ততা আছে বুলি কোনো ব্যক্তিক স্বাস্থ্য সম্বন্ধীয় সেৱাসমূহ খোৱা-বোৱা আদিত অৱহেলা কৰিব নালাগে, তেনে কৰিলে তেওঁলোকৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিম্নগামী হ’ব। বাধাগ্ৰস্ততা আছে বুলিয়ে কোনো ব্যক্তিক স্বাস্থ্য বীমাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সেৱাসমূহ সহজে বুজি পোৱা আৰু সহজতে ব্যৱহাৰ কৰিব পৰা হ’ব লাগে বাধাগ্ৰস্ত ব্যক্তিসকলে স্বাধীনচেতীয় জীৱন যাপন আৰু সহজে ব্যৱহাৰ কৰিব পৰা সুবিধাসমূহ পাব লাগে। বাধাগ্ৰস্ত ব্যক্তিসকলে সহজতে পাব লগা সুবিধাসমূহ হ’ল- তথ্য যাতায়ত-চাপৰ মজিয়া থকা বাছৰ ব্যৱস্থা, ৰেলৱে ষ্টেছনত হুইল চেয়াৰ যাব পৰা সুব্যৱস্থা থকা, ৰেলগাড়ী আৰু মেট্ৰো ৰেল, দৃষ্টিহীন ব্যক্তিসকলৰ বাবে শব্দৰ দ্বাৰা আস্থান আৰু প্ৰস্থানৰ জাননী জাৰি কৰা। পৰিৱেশ-এঢলীয়া চিৰি আৰু লিফটৰ সুবিধা কেইবামহলীয়া ঘৰত, দোকান বা আন কোনো প্ৰতিস্থানত ঘোষণা কৰাৰ ব্যৱস্থা থকা। তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাত বিশেষ বুটামৰ স্ংযোজন কৰা, যিসকল ব্যক্তিয়ে কি-বৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে, ৱেব পেজত কি হৈছে শব্দৰে প্ৰকাশ কৰা, সঠিক সময়ত জাননী দিয়া পদ্ধতি……..ইত্যাদি। সেৱা সমূহ-তাৎক্ষনিক সেৱা সমূহ। সুবিধা বা সেৱাসমূহ জনসাধাৰণৰ মাজত মুকলি হ’ব লাগে চহৰতেই হওঁক বা পিছপৰা অঞ্চল সমূহতেই হওঁক, ঘৰত হওঁক বা বাহিৰত হওঁক। সবাতোকৈ বেছি দেখিবলৈ পোৱা অসুবিধাসমূহ হৈছে ওখ ঘৰবোৰত, ৰাস্তাত, ধৰ্মীয় অনুষ্ঠানবোৰত, পুৰণি অট্টালিকা সমূহত, জিৰণী সময়ৰ ঠাই সমূহত, এঢলীয়া চিৰি, শব্দ-চিহ্ন আদিৰ নুন্যতম ব্যৱস্থাখিনি স্ংলগ্ন কৰিবলৈ অট্টালিকা নিৰ্মাণ কৰা ঠিকাদাৰ সমূহক জাননী দিয়া। তথ্য আৰু যোগাযোগৰ প্ৰযুক্তিবিদ্যা সমূহত- প্ৰযুক্তিবিদ্যাই বহুতো সম্ভাৱনাৰ পথ মুকলি কৰি দিয়ে-যিটো সকলোৰে বাবে সহজলভ্য হোৱা উচিত। প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি বাধাগ্ৰস্ত লোকসকলে তেওঁলোকৰ জীৱন সহজ সাধ্য কৰিব পাৰে। উদাহৰণস্বৰুপে-কম্পিউটাৰৰ জৰিয়তে বিকল্প ব্যৱস্থাৰে শিকোৱা, প্ৰাথমিক ভাৱে যিসকলে কথা ক’ব নোৱাৰে…….ছবি আদিৰে যোগাযোগ কৰা। স্ংস্থাপন আৰু পুনঃস্ংস্থাপন বাধাগ্ৰস্ত ব্যক্তিসকলৰো কাম কৰাৰ সমানেই অধিকাৰ আছে। বাধাগ্ৰস্ততা থকা বুলিয়েই কোনো ব্যক্তিক কোনো কাম কৰাৰ পৰা বিৰত ৰাখিব নালাগে। কৰ্মৰত অৱস্থাত যদি কোনো ব্যক্তিক বাধাগ্ৰস্ততাই লগ দিয়ে তেনেহ’লে কোনো ব্যক্তিক আমি কামৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰো। সকলোৰে জীয়াই থাকিবৰ বাবে উপাৰ্জন কৰাৰ অধিকাৰ আছে, আৰু প্ৰ্ত্যেকেই নিজৰ উপাৰ্জন পথ বাচি ল’ব পাৰে,মাত্ৰ সুবিধাৰ প্ৰয়োজন হয়। কৰ্মৰ ক্ষেত্ৰসমূহত সকলোধৰণৰ ব্যক্তিৰেই সহজে কাম কৰাৰ সুবিধা থকাতো প্ৰয়োজন। ইয়াত বাধাগ্ৰস্ত ব্যক্তিয়ো ব্যতিক্ৰম নহয়। বাধাগ্ৰস্ত ব্যক্তিসকলো আন সকলো লোকৰ দৰেই কৰ্ম আৰু বেপাৰ বাণিজ্যৰ অংশীদাৰ হ’ব পাৰে। আমাৰ সকলোৰে বাবে কাম কৰাৰ ভাল আৰু উপযুক্ত পৰিৱেশ পোৱাৰ অধিকাৰ আছেঃ সমান অধিকাৰ সমান কামৰ সমান দৰমহা বা আয় কাম কৰাৰ স্বাস্থ্য সন্মত সুৰক্ষা হাৰাশাস্তীৰ পৰা সুৰক্ষা কৰ্মক্ষেত্ৰত বাধাগ্ৰস্ত ব্যক্তিসকলৰ বাবে কৰ্মৰ সাল-সলনি হ’ব লাগে। উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস।