ৰাস্তাৰ শিশু বুলিলে আমি চহৰৰ পদপথ বা ৰাস্তাত যিসকল শিশু থাকে তেওঁলোককে বুজো। এনে শিশু, পৰিয়ালৰ যত্ন আৰু সুৰক্ষাৰপৰা বঞ্চিত হয়। বেছিভাল পথৰ শিশুৰ বয়স ৫-১৭ বছৰৰ হয়। বেলেগে বেলেগে চহৰত ইয়াৰ সংখ্যা বেলেগ হয়। এই শিশুবোৰে সাধাৰণতে পৰিতক্ত ঘৰ, দোকানৰ বাৰাণ্ডা, ডাঠ কাগজৰ বাকচ, ৰাজহুৱা ঠাই আৰু ফুটপাথতে থাকে। পথৰ শিশুৰ ওপৰত যথেষ্ট আলোচনা হৈছে; কিন্তু ইয়াৰ মূল অসুবিধা হৈছে-এওঁলোকৰ কোনো নিৰ্দিষ্ট শ্ৰেণী বিভাগ নাই। কিছুমান শিশু আছে- গোটেই দিনটো ৰাষ্টাতে থাকে, কিন্তু নিশা অসংবদ্ধ এটি ঘৰত ডাঙৰ লোকৰ সৈতে শোঁৱে। কিছুমানে দিন-ৰাতি সকলো সময় পথতেই থাকে। ডাঙৰৰ যত্ন নাপায়। ইউনিচেফে পথৰ শিশুক দুটা প্ৰধান ভাগত ভাগ কৰিছে: পথৰ শিশুসকল কিবা এটা আৰ্থিক কাৰ্য্যকলাপৰ লগত জড়িত থাকে; যেনে, ভিক্ষা কৰা বা কিবা বস্তু বিক্ৰী কৰা। বেছিভাগেই নিশা ঘৰলৈ যায় আৰু দিনটোৰ উপাৰ্জন পৰিয়ালক দিয়ে। ইয়াৰে কিছুমানে বিদ্যালয়ত পঢ়িবও পাৰে কিছুমানে নপঢ়িবও পাৰে। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে এইবোৰ শিশুবোৰ শেষত পথতেই স্থায়ীভাৱে থাকি যায়। পথৰ শিশুবোৰ পথতেই থাকে (অথবা স্বাভাৱিক ঘৰুৱা পৰিবেশৰ বাহিৰত)। পৰিয়ালৰ বান্ধোন থাকিবও পাৰে কিন্তু সেয়া অতি দূৰ্বল আৰু কেতিয়াবা কিবা কাৰণতহে ইয়াৰ প্ৰকাশ ঘটে। ভাৰতৰ অনাথ আৰু পথৰ শিশুৰ স্থিতি। ভাৰতৰ জনসংখ্যা বৰ্তমান ১০০ কোটিতকৈও অধিক। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ। ইয়াত ৪০০ নিযুত শিশু আছে। বহু ভাষা, সম্প্ৰদায় আৰু ধৰ্মৰ লোক ইয়াত আছে। ইয়াত ১৫ টা চৰকাৰী ভাষা আৰু ৬৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে। প্ৰায় ৬৭৩ নিযুত হিন্দু, ৯৫ নিযুত মুছলমান, ১৯ নিযুত খ্ৰিষ্টান, ১৬ নিযুত শিখ, ৬ নিযুত বৌধ আৰু ৩ নিযুত জৈন ধৰ্মালম্বীৰ লোকে বসবাস কৰে। মুঠ জন সংখ্যাৰ প্ৰায় ২৬ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ৭২ শতাংশ লোক গাঁৱত বসবাস কৰে। যদিও ভাৰতবৰ্ষত এইডছ আই ভি/ এইডছ ৰোগীৰ শতকৰা হাড় মাত্ৰ ০.০৯ শতাংশ তথাপিও ই পৃথিৱীত এই ৰোগৰ আক্ৰান্ত দেশৰ দ্বিতীয় স্থানত আছে। প্ৰথম স্থানত আছে দক্ষিণ আফ্ৰিকা। বিশ্বৰ ভিতৰত ভাৰতে বহুক্ষেত্ৰতে লেখত লবলগীয়া উন্নতিৰ স্বত্বেও লিংগৰ অসমতা, দৰিদ্ৰতা, নিৰক্ষৰতা, প্ৰাথমিকপৰিকাঠামোৰ অভাৱৰ বাবে এইডছ দৰে ৰোগ নিয়ন্ত্ৰণত সমস্যাৰ সৃষ্টি হৈছে। এইডছৰ সংকট কেনেকুৱা আৰু ইয়াৰ প্ৰভাৱ কেনে ধৰণে পৰিছে সেয়া বুজিব পৰা হোৱা নাই আৰু এইডছৰ বাবে অনাথ হোৱা শিশুৰ প্ৰকৃত নথিভূক্ত তথ্য পাবলৈ নাই। তথ্যমতে ভাৰতত এইডছৰ বাবে অনাথ হোৱা শিশুৰ সংখ্যা বিশ্বৰ আন দেশতকৈ বেছি। আগত ৫ বছৰৰ ভিতৰত এই সংখ্যা দুগুণ হোৱাৰ সম্ভাৱনা আছে। চিনাক্ত কৰা মুঠ ৫৫,৭৬৪ জন এইডছ আক্ৰান্তৰ ভিতৰত ২১১২ জনেই শিশু। তথ্য অনুসৰি ৪.২ নিযুত এইছ আই ভি/এইডছ সংক্ৰমিত ব্যক্তিৰ ১৪ শতাংশ ১৪ বছৰৰ তলৰ শিশু। আই এল ও য়ে কৰা এটা সমীক্ষা মতে সংক্ৰমিত পিতৃ-মাতৃৰ শিশুসকলক অতি বেছি অনাদৰ আৰু আতঁৰাই ৰখা হয়। ইয়াৰ ৩৫ শতাংশই প্ৰাথমিক সুবিধা খিনিও নাপায়। ১৭ শতাংশয়ে নিজৰ জীৱিকাৰ বাবে অতি ত্যুচ্ছ কাম কৰিবলৈ বাধ্য হয়। শিশু শ্ৰমিকৰ বিষয়টো ভাৰতবৰ্ষত এটা জটিল সমস্যা। দৰিদ্ৰতাই ইয়াৰ মূল কাৰণ। ১৯৯১ চনৰ জনগননাত দেখা গৈছে যে ভাৰতত ১১.২৮ নিযুত শিশু শ্ৰমিক আছে। এই শিশু শ্ৰমিকৰ ৮৫ শতাংশতকৈও অধিক গাওঁ অঞ্চলত থাকে। এই সংখ্যা যোৱা দহ বছৰত আৰু বৃদ্ধি পাইছে। ৰক্ষণশীল হিচাপ মতে ভাৰতত ৩০০,০০০ শিশু যৌন ব্যৱসায়ত জড়িত। দেবদাসীৰ দৰে প্ৰথাৰে কিছুমান ঠাইত শিশুৰ পতিতা বৃক্তি গ্ৰহনযোগ্য। সামাজিক ভাৱে সমস্যাত থকা সম্প্ৰদায়ৰ সৰু সৰু ছোৱালীবোৰক ভগৱানলৈ উচৰ্গা কৰা হয় আৰু তেওঁলোক ধৰ্মীয় পতিতা হৈ পৰে। দেবদাসীৰ দৰে প্ৰথা “প্ৰহিবেচন অফ ডেডিকেচন এক্ট ১৯৮২” ৰে নিষিদ্ধ কৰা হৈছে। এই ব্যৱস্থা অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ, উৰিষ্যা আৰু উত্তৰ প্ৰদেশত অসম বেছিকৈ প্ৰচলিত আছিল। দেবদাসীবোৰৰ ৫০ শতাংশ পাছলৈ বেশ্যালৈ পৰিণত হয়। তাৰে ৪৫ শতাংশ চহৰৰ বেশ্যালয়ত যৌন ব্যৱসায় চলায়। বাকী থকাসকলে নিজ নিজ অঞ্চলত এই কাৰ্য্য চলাই যায়। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ সীমাত ২,৫০,০০০ গৰাকী ছোৱালীক দেৱদাসী হিচাপে উৰ্চগা কৰা হৈছে। ১৯৯৩ চনৰ এক প্ৰতিবেদন মতে কৰ্ণাটকৰ বেলগাওঁ জিলাৰ দেৱদাসীবোৰৰ ৯ শতাংশই এইডছ আই ভি+। পথৰ শিশুসকলৰ বাবে পৰিয়ালতকৈ পথেই তেওঁলোকৰ বাবে প্ৰকৃত ঘৰ। এওঁলোকৰ কোনো সুৰক্ষা নাই, যত্ন ল’বলৈ বা দায়িত্বশীল ভাৱে নিৰ্দেশ দিবলৈ এওঁলোকৰ কোনো নাই। মানৱ অধিকাৰ অযোগৰ তথ্য মতে ভাৰতত প্ৰায় ১৮ নিযুত শিশুৱে পথত বাস কৰে। এইবোৰ শিশুৱেই ভাৰতত সংঘটিত হোৱা সৰহ সংখ্যক অপৰাধ, বেশ্যাবৃত্তি, দলগত অহিংসা, মাৰপিট আৰু নিষিদ্ধ নিছাযুক্ত দ্ৰব্যৰ প্ৰচলিত জড়িত। উত্স: আইএনডিজি দল।