স্বচ্ছ ভাৰত অভিযানৰ মূল লক্ষ্য হ’ল আমাৰ চাৰিওকাষৰ পৰিৱেশ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ পৰিচন্নতা। যাৰ ফলত আমি সুস্থ স্বাস্থ্য আৰু সুস্থ পৰিৱেশৰ অধিকাৰী হ’ব পাৰো। আৰু ইয়াৰ কাৰণে দৰকাৰ সুস্থ মানসিকতাৰ। যিয়ে আমাক এখন সুস্থ সৱল-পৰিষ্কাৰ পৰিচন্ন ভাৰত গঢ়ি তোলাত সহায় কৰিব। আমাৰ ভাৰতবৰ্ষখন যথেষ্ট পিছপৰা আৰু অপৰিচন্ন দেশ। কিন্তু আমি নিজৰ সুস্থ মানসিকতাৰ জৰিয়তে এখন সৱল দেশ গঢ়ি তুলিব পাৰিম। কিন্তু তাৰ বাবে প্ৰথমতে আমি নিজৰ চিন্তাধাৰা পৰিবৰ্তন কৰিব লাগিব কিয়নো মানুহে কেৱল নিজৰ কথা ভাবিলেই নহ’ব অৰ্থাৎ নিজৰ ঘৰখনৰ কথা ভাবিলেই নহ’ব কাৰণ আজিকালিৰ মানুহে নিজৰ ঘৰখন পৰিষ্কাৰ কৰি লেতেৰা আৱৰ্জনাবোৰ বাহিৰত পেলাই দিয়ে যাৰ ফলত লেতেৰা দুৰ্গন্ধ ওলায় আৰু মানুহৰ স্বাস্থ্যৰ যথেষ্ট হানি হয় আৰু নানা ধৰণৰ ৰোগে দেখা দিয়ে। ইয়াৰ বাহিৰেও মানুহে নিজৰ ঘৰখন পৰিপাটিকৈ ৰাখে আৰু ঘৰৰ বাহিৰত দেৱালত য’তে ত’তে থু-খেকাৰ, তামোলৰ পিক্ পেলায় লেতেৰা কৰে আৰু এওঁলোকে নিজৰ চিন্তাধাৰা সলনি কৰিবৰ হ’ল। তেওঁলোকে নিজৰ ঘৰখন যিদৰে সুন্দৰ পৰিষ্কাৰ কৰি ৰাখে ঠিক সেইদৰে দেশখনকো নিজৰ ঘৰ বুলি ভাবি পৰিষ্কাৰ কৰিব লাগে। কিয়নো দেশখনো আমাৰ ঘৰৰ দৰে। ইয়াক যদি সুন্দৰ কৰি ৰাখো আনে বুলিব কিন্তু যদি আমি লেতেৰাকৈ ৰাখো তেতিয়া ঘিণাব কাৰণ দেশখনক পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য। দেশৰ সুনাম হ’লে সৰ্বসাধাৰণ নাগৰিকৰে ভাল। সেয়েহে আমি সদায় নিজৰ দেশৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে। যিয়ে আমাৰ দেশৰ উন্নতি হোৱাত সহায় কৰে। আমাৰ পৰিবেশৰ প্ৰদূষণ পৰিবেশৰ প্ৰদূষণ বিভিন্ন কাৰণত হ’ব পাৰে। তাৰে কেইটামান কাৰণ হ’ল- বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ বায়ু প্ৰদূষণ বায়ু প্ৰদূষণ বিভিন্ন কাৰণত হ’ব পাৰে। গাড়ী-মটৰৰ ধোৱা, কলকাৰখানাৰ ধোৱা, প্লাষ্টিক পুৰিলে তাৰ পৰা নিৰ্গত হোৱা ধোৱা ইত্যাদি। এই ধোৱাই আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি সাধন কৰে। আৰু তাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। পানী প্ৰদূষণ পানী প্ৰদূষণো বিভিন্ন কাৰণত সংঘটিত হয়। পানীত বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ মিহলি হ’লে, তেল জাতীয় পদাৰ্থ মিহলি হ’লে আৰু পানীত কীটনাশক দ্ৰৱ্য মিহলি হ’লে, নদীত কাপোৰ ধোওঁতে ওলোৱা চাবোন পানী মিহলি হ’লে, গৰু ম’হে পানী খালে পানী প্ৰদূষিত হয়। মাটি প্ৰদূষণ মাটি প্ৰদূষণ মাটিত ৰাসায়নিক সাৰৰ পৰিমাণ বৃদ্ধি হ’লে আৰু বিভিন্ন কাৰণত মাটি প্ৰদূষণ সংঘটিত হয়। উক্ত কাৰণসমূহৰ বাবে পৰিবেশ প্ৰদূষিত হয়। পৰিবেশ প্ৰদূষণ ৰোধ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ আমি বিভিন্ন পদক্ষেপ হাতত ল’ব পাৰো। যেনে আমি প্ৰত্যেকজন দেশৰ নাগৰিকে পৰিবেশৰ প্ৰতি সচেতন হ’ব লাগিব। আৰু পৰিবেশ সুস্থ কৰাত গছে যথেষ্ট পৰিমাণে সহায় কৰে। গছে বায়ু পৰিষ্কাৰ কৰাত সহায় কৰে আৰু সেয়েহে আমি গছ ৰুব লাগে। আমি আমাৰ পৰিবেশৰ আৱৰ্জনা সমূহ মানুহ নথকা ঠাইত পেলাব লাগে যাতে তাৰ পৰা কাৰো অপকাৰ নহয়। আৰু মানুহে সদায় পৰিবেশ পৰিচন্ন কৰি ৰাখিব লাগে। যাতে মানুহ সুস্থ পৰিবেশত থাকিব পাৰে। মানুহে নিজে পৰিষ্কাৰ হৈ থকা টোকে পৰিষ্কাৰ নুবুজায় তাৰ বাবে প্ৰয়োজন তেওঁ দেশৰ প্ৰতি কিমান সচেতন আৰু পৰিবেশৰ প্ৰতি কিমান সচেতনতা অৱলম্বন কৰে। চৰকাৰৰ পদক্ষেপ চৰকাৰে দেশৰ পৰিচন্নতাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান আমাৰ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিষয়ত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। তেওঁ পৰিবেশ পৰিচন্ন কৰিবলৈ স্বচ্ছ ভাৰত অভিযানৰ কামত হাত দিছে। কিন্তু এয়া তেওঁৰ প্ৰথম পদক্ষেপ। পিছলৈ দেখা যাব তেওঁ এই ক্ষেত্ৰত কিমান সফল হৈছে? অসমতো মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ‘নিৰ্মল অসম’ নামে এটা পদক্ষেপ হাতত লৈছে। ইয়াৰ আগতেও বহুকেইজন নেতা যেনে- মহাত্মা গান্ধীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিছিল। সামৰণি পৰিবেশ পৰিচন্ন মানে এখন সমাজ পৰিচন্ন আৰু এখন সমাজ পৰিচন্ন মানে এখন দেশ পৰিচন্ন আৰু সেয়েহে ভাৰতবৰ্ষক নিজৰ ঘৰ বুলি ভাবি ইয়াক পৰিচন্ন কৰি ৰখাৰ দায়িত্ব আমাৰ। আৰু তেতিয়াহে এই স্বচ্ছ ভাৰত অভিযান মিছনটো আৰু নিৰ্মল অসম মিছন সফল হ’ব আৰু ভাৰতবৰ্ষখন এখন পৰিষ্কাৰ দেশ্ হিচাপে পৰিগণিত হ’ব। দ্বিতীয় পুৰষ্কাৰপ্ৰাপ্ত: অনিন্দিতা ফুকন। বিদ্যালয়ৰ নাম: গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। শ্ৰেণী: দশম মান।