দুখীয়া আৰু দৰিদ্ৰতাৰ প্ৰমাণ পত্ৰ থকা যুৱক-যুৱতীৰ বাবে এটা সুবৰ্ণ সুযোগ পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰত সংস্থাপনৰ সৃষ্টিৰ লক্ষ্যৰে, গ্ৰামীণ বিকাশ মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ গ্ৰামীণ বিকাশ যোজনাৰ অধীনত জাগ্ৰুতি সংস্থানৰ দ্বাৰা কৰ্মমুখী, বৃত্তি মূলকশিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। জাগ্ৰুতি সংস্থানৰ দ্বাৰা বিগত বহুত বছৰৰ পৰা স্বাধীন ৰুপত অন্ধ্ৰ প্ৰদেশ, উড়িষা, বিহাৰ, পশ্চিম বংগ আদি ৰাজ্যত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক সকলক সহায় আগবঢ়ায় থকা হৈছে। এই সংস্থাই যোৱা বিগত ২০০৯ বৰ্ষৰ পৰা পৰ্য্যটন আৰু হোটেল খণ্ডত কৰ্ম সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে চেষ্টা কৰি আহিছে। এই সংস্থাই বিনামূলীয়াকৈ শিক্ষা আৰু নিয়োগৰ উপায় কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে। শৈক্ষিক বিৱৰণ ৩ মাহৰ আৱশ্যকীয় শিক্ষা আৰু প্ৰশিক্ষণ। প্ৰশিক্ষণৰ পাছত কৰ্ম সংস্থাপনৰ ব্যৱস্থা। প্ৰশিক্ষণৰ কাল ছোৱাত বিনামূলীয়া খাদ্য আৰু থকাৰ ব্যৱস্থা। বৃত্তিগত জ্ঞানৰ বাহিৰে ইংৰাজী, কম্পিউটাৰ আদিত শিক্ষণ দিয়া হয়। প্ৰশিক্ষণত উপস্থিতি ৯০ শতাংশ অনিবাৰ্য। এই তিনি মাহৰ অন্তৰ্গত আবাসীক শিক্ষণৰ ব্যৱস্থা কৰা হয়, য’ত থকা-খোৱাৰ সু-ব্যৱস্থা কৰা হয়। এই তিনি মাহৰ ট্ৰেইনিঙৰ পাছত ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষণ প্ৰতিষথানৰ ফালৰ পৰা মূল্যৱান প্ৰমাণ পত্ৰ পাব। এযোৰ ইউনিৰ্ফম প্ৰশিক্ষণৰ কাল ছোৱাত বিনামূলীয়াকৈ লাভ কৰিব। ই সম্পূৰ্ণৰুপে বিনামূলীয়া প্ৰশিক্ষণ আৰু এই সময় ছোৱাত খোৱা-থকা বিনামূলীয়া। নিৰ্দ্ধহাৰিত ব্লকৰ পৰা শৈক্ষিক কেন্দ্ৰলৈ যোৱাৰ সামগ্ৰিক দায়িত্ব সংস্থাৰ। যোগ্যতা অৰ্জনৰ বাবে আৱশ্যকীয় প্ৰমাণ পত্ৰ দৰিদ্ৰ সীমা ৰেখাৰ প্ৰমাণ পত্ৰ বা অন্তোদয় অন্ন যোজনা ৰেচন কাৰ্ডৰ এটা জেৰক্স কপি। বয়সৰ সীমা ১৮ ৰ পৰা ৩৫ বছৰলৈকে (বয়সৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি) স্কুল এৰাৰ প্ৰমাণ পত্ৰ। পৰিচয় প্ৰমাণ পত্ৰ। স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ। জাতিগত প্ৰমাণ পত্ৰ। পাঁচ কপি পাছ পৰ্ট আকাৰৰ ৰঙীন ফটো। কৰ্ম সংস্থাপনৰ বিভিন্ন উৎসসমূহ বেল বয় হোটেল প্ৰৱেশ দ্বাৰত ৰৈ থাকি অতিথি সকলক স্বাগতম জনোৱাতো আৰু তেওঁলোকৰ বয়-বস্তু কঢ়িয়াই ৰুমলৈ লৈ যোৱাটো তেওঁলোকৰ কাম। চাৰ্ভিচ বয় ভোজন কক্ষত অতিথি সকলক আল-পৈচান ধৰাটো তেওঁলোকৰ কাম। হাওচ কিপিং বয় হোটেলৰ ভিতৰত সৰ্বজনীন স্থান যেনে- ফুলনি, ভোজন কক্ষ, জিম, চুইমিং পুল আদি চাফ-চিকুণ ৰখাতো। ৰান্ধনি শালৰ সহায়ক ৰান্ধনি ঘৰ আৰু তাৰ আশে পাশে থকা চাফ-চিকুন আৰু ব্যৱস্থাপূৰ্ণ কৰি ৰখাতো। হোটেল চিকিউৰিটি হোটেলত থকা বা অহা অতিথি সকলক সুৰক্ষা প্ৰদান কৰাতো। কৰ্ম সংস্থাপন ক’ত ক’ত পাব ষ্টাৰ হোটেল ডাঙৰ কাৰখানা স্বপিং মল কোম্পানী অফিচ ৰেলৱে খোৱা-বোৱ বিভাগ ৰেষ্টোৰেণ্ট হস্পিতাল ৰিজৰ্ট স্বাস্থ্য কেন্দ্ৰ ডাঙৰ সামগ্ৰী বিক্তী কৰা দোকান এয়াৰ্পোট নিয়োগ নিয়োগৰ প্ৰথম অৱস্থাত দৰমহা সৰ্বনিম্ন ৬,০০০-৮,০০০ টকা আৰু থকা-খোৱা পাব। হাইদৰাবাদ, মুম্বাই, দিল্লি, বাংগালোৰৰ নিচিনা ডাঙৰ চহৰত নিয়োগ পাব। ৰাজ্যৰ বাহিৰত নিয়োগ পালে দৰমহাৰ উপৰিও প্ৰত্যেক মাহে ১০০০ টকাকৈ মাহেকীয়া ভাট্টা প্ৰথম ৬ মাহৰ বাবে সৰ্বমুঠ ৬,০০০ টকা প্ৰদান কৰা হ’ব। নিজ ৰাজ্যৰ ভিতৰত নিয়োগ পালে তিনি মাহৰ বাবে সৰ্বমুঠ ৩,০০০ টকা মাহেকীয়া ভাট্টা প্ৰদান কৰা হ’ব। প্ৰত্যেক মাহতে সংস্থাৰ ফালৰ পৰা প্ৰতিনিধি গৈ নিয়োগ পোৱা স্থানত প্ৰশিক্ষাৰ্থীৰ জাননী এই আচঁনিৰ অধীনত প্ৰশিক্ষাৰ্থীক কোনো ধৰণৰ চৰকাৰী চাকৰি পোৱাৰ নিশ্চয়তা প্ৰদান কৰা নহয়। নিয়োগ, নিয়োগৰ স্থান, দৰমহা নিৰ্ধাৰণ সম্পূৰ্ণ ৰুপে প্ৰশিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰতিভা আৰু নিয়োগ পোৱা প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিব। উৎস: জাগ্ৰুতি গ্ৰামীণ বিকাশ সংস্থা, গুৱাহাটী