এটা গোটৰসংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰসংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল। বিশ্বনাথ চাৰিআলি গোট সম্পর্কে বিশ্বনাথ চাৰিআলি গোট অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ ভিতৰত পৰে। বিশ্বনাথ চাৰিআলি গোটটো 568 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 45 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে।এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে। বেত আৰু বাঁহ বেত আৰু বাঁহ অসমৰ দৈনন্দিন জীৱনত খুব সাধাৰণভাবে ব্যৱহাৰ হোৱা দুবিধ বস্তু। ঘৰুৱা ব্যৱহার্য সামগ্রীৰ পৰা বাসগৃহ, বয়ন সামগ্রী, বাদ্য-যন্ত্র আদিলৈকে সকলো বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয়। হস্তশিল্প, যিটো এটা প্রধান কুটীৰ শিল্প তাঁত কোনো ধৰণৰ যান্ত্রিক সঁজুলি ব্যৱহাৰ কৰা নহয়। বাস্কেট বনোৱাৰ উপৰিও ঘৰ সজোৱা আৰু বেৰ আদি দিয়াত প্রধানকৈ বাঁহ ব্যৱহাৰ কৰা হয়। হস্তশিল্পই পৰম্পৰাগত ভাবে কৃষক সকলক কৃষিৰ কাম কম থকা সময়ত অংশকালীন নিয়োগ প্রদান কৰে, অৱশ্যে এতিয়া ক্রমাগত ভাবে শিল্পীসকলে বাণিজ্যিক কার্য-কলাপত নিজকে সম্পূর্ণভাবে নিয়োজিত কৰা দেখা গৈছে।বাঁহৰ দ্বাৰা উপাদিত বস্তু অসমৰ সকলো ঠাইতেই পোৱা যায়। ব্যৱহাৰৰ প্রয়োজন অনুসৰি অসংখ্য ধৰণৰ আৰু আকৃতিৰ বাঁহৰ বাস্কেট পোৱা যায়। ঘৰৰ পুৰুষ সকলেই সাধাৰণতে বাঁহৰ বাস্কেট বোৰ গুঁঠে। প্রতিখন জিলাৰেই স্বকীয় আর্হি আছে। সাধাৰণতে শংকু আকৃতিৰ বাস্কেটবোৰ বস্তু কঢ়িয়াবলৈ আৰু বর্গাকৃতি অথবা ঘূৰণীয়া তলিৰ বাস্কেটবোৰ বস্তু-বাহানি ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়। শিলচৰত তৈয়াৰ হোৱা অসমীয়া বাঁহৰ বাস্কেট বোৰকেই উদাহৰণ হিচাবে ল'ব পাৰি। এইবোৰৰ তলিবোৰ বর্গাকৃতি কিন্তু ভিতৰলৈ সোমোৱা বাবে চুকবোৰে ভাৰ বহন কৰাত সহায় কৰে আৰু এইবোৰৰ মুখ বোৰ বহল হয়। এইবোৰ তামোল থ'বলৈ ব্যৱহাৰ কৰা হয়। বড়ো বাঁহৰ বাস্কেটবোৰ তৈয়াৰ কৰিবলৈ এটা সাঁচৰ সহায়লৈ মুখ আৰু গলৰ আকৃতি অনা হয়। গলৰ পৰা তলিলৈকে মুগা কাগজেৰে শংকু এটা তৈয়াৰ কৰি বাস্কেটটোৰ ভিতৰত এনেদৰে ৰখা হয় যাতে জোঙটোৱে তলিখন স্পর্শ কৰি থাকে। আকৃতিটো ৰক্ষা কৰিবলৈ ভিতৰত বালি ভৰাই দিয়া হয় আৰু গুঁঠনটোৱে শংকুৰ আকৃতি লৈ গৈ থাকে। পৰম্পৰাগত ভাবে ৰ'দ-আচ্ছাদন হিচাবে ব্যৱহাৰ হোৱা অতিকৈ চিনাকি জাপিটো বাঁহেৰে নির্মিত বস্তু। বিখ্যাত চীনা পযর্টক হিউয়েন চাং অসমলৈ অহাৰ সময়ৰ পৰাই এইটো ব্যৱহাৰ হৈ আহিছে। ৰঙ-বিৰঙৰ আর্হি আৰু বৈচিত্রৰে নির্মিত এই জাপিৰে অতিথিক আদৰণি জনোৱা হয়। পুতলা আৰু খেলা বস্তুও বেত আৰু বাঁহেৰে তৈয়াৰ কৰা হয়। মানুহ আৰু জন্তুৰ অৱয়বৰ উপৰিও, পুতলা বন্দুক আৰু বাদ্য-যন্ত্রও তৈয়াৰ হয়। বাঁহেৰে নির্মিত ছাতিৰ হাতলৰ এটা বিশেষত্ব আছে আৰু পাত, লতা, উদ্ভিদ, আঙুঠি আৰু ধাতব পাতৰ নক্সা আদি ইয়াৰ ওপৰত খোদিত কৰা হয়। মুলি নামৰ এবিধ বিশেষ ধৰণৰ বাঁহ এই হাতলবোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ব্যৱহৃত কেঁচা মাল অসম কেঁচা মালৰ বাবে চহকী হোৱাৰ কাৰণে ইয়াত বৃহ বৈচিত্রৰ সুন্দৰ দ্রব্যবোৰ উপন্ন হয়। পাহাৰ আৰু ভৈয়ামৰ মানুহৰ প্রত্যেকৰে নিজস্ব শৈলী আৰু আর্হি আছে। বাস্কেট বনোৱাৰ উপৰিও, তুলনামুলক ভাবে অধিক আধুনিক ধাৰাত বেত আৰু বাঁহক আচবাব পত্রলৈ ৰূপান্তৰিত কৰে। বেত আৰু বাঁহৰ দ্বাৰা তৈয়াৰী সামগ্রী এবিধ অতি পুৰণি মানুহৰ সৃষ্টিকার্য, কম সঁজুলি ব্যৱহাৰ কৰি ঘাঁহৰ লগত ঘাঁহ জোৰা লগাই আৰু পাতবোৰ পৰস্পৰৰ লগত ফিটাৰে যুক্ত কৰা হয়। এইটো ধর্মীয় কামত পবিত্র বুলি গণ্য কৰা হৈছিল। বেতৰ কাম অসমৰ শিল্প দক্ষতাৰ এটা উকৃষ্ট উদাহৰণ। কেঁচা সামগ্রী যথেষ্ট ভাবে সকলো ফালে আৱৰি থকা অৰণ্যত প্রচুৰ পৰিমাণে পোৱা যায় আৰু এইটোৱে উদ্যোগ বোৰক শক্তি আৰু পুষ্টি যোগায়। অসমৰ প্রত্যেকখন জিলাই বেতৰ উপন্ন দ্রব্যৰ বাবে চহকী। বেতৰ ব্যৱহাৰেৰে সমসাময়িক শিল্প উপন্ন কৰি ৰপ্তানীৰ বিকাশ আৰু উন্নতি সাধনৰ বাবে স্বতন্ত্র উদ্যোগী সকলে নতুন বজাৰৰ অন্বেষণ কৰিছে। পদ্ধতি বেত আৰু বাঁহৰ গোটেই কাণ্ডটো কৰতেৰে কাটি, দাৰে দীঘলীয়াকৈ ফালি নানা আকাৰৰ কৰা হয়। বেতডাল সাধাৰণতে কেৰাচিনৰ চাকিৰ কম জুইত নমনীয় কৰাৰ বাবে গৰম কৰা হয়। বস্তুটো দুই ধৰণৰ ভিন্ন আকৃতিত কৰা যায়- বাস্কেটৰ বাবে পকোৱা আৰু মেটৰ বাবে গুঁঠা। পকোৱা বাস্কেটৰ মূল গাঠনিটো প্রথমতে সোঁমাজত এডাল বেতৰ পাক তৈয়াৰ কৰা হয়। এইটো সর্পিল ভাবে আৰম্ভ কৰি যেতিয়ালৈকে বিচৰা উচ্চতাটো পোৱা নহয় ক্রমান্বয়ে প্রস্থটো বেছি কৰি গৈ থকা হয়। পতিবোৰ চিলাই কৰি পাকবোৰ একেলগে যোৰা লগোৱা হয়, যিটো দুই ধৰনে সংযুক্ত কৰিব পৰা যায়। প্রত্যেকটো চিলাই গাঠনি পাকটোৰ এটা নতুন অংশৰে পাৰ হৈ যায়। আঠ সংখ্যাটোৰ অৱয়ব কৰা হয় যেনে, চিলাইটো পিছফালেদি ওপৰলৈ যায়, আগৰ পাকটোৰ ওপৰ আৰু তলেৰে আৰু ঠিক নতুন পাকটোৰ ওপৰেৰে যায়। তেনেকৈ পকোৱা বস্তুটো পতিৰ সহায়ত চিলাই কৰি এটা বাস্কেট তৈয়াৰ কৰা হয়। বাস্কেটবোৰৰ অংলকৰণ ফিটা, কাগজ আৰু খোলাৰ নৈপুণ্যৰ দ্বাৰা কৰা কৰিব পৰা যায়। শিল্পী সকলে বাঁহডাল বিচৰা দৈর্ঘ অনুযায়ী দা নামৰ কটাৰ সঁজুলীৰ সহায়ত কাটে। বাঁহৰ দৈর্ঘ ঘনত্ব অনুযায়ী বিভিন্ন ধৰণৰ ছুৰীৰ সহায়ত কাটে। সাজু কৰা বস্তুবোৰ কোনো এটা বস্তুৰ ফ্রেম বা আচবাবৰ বনোৱাৰ বাবে ব্যৱহৃত হয়, আনহাতে আর্হি বা বন্ধা কামৰ বাবে পেঞ্চিল বেত ব্যৱহাৰ কৰা হয়। মোটা বেতবোৰ কোনো এটা বস্তুৰ ফ্রেম বা আচবাব বনোৱাৰ বাবে ব্যৱহৃত হয়, আনহাতে আর্হি বা বন্ধা কামৰ বাবে পেঞ্চিল বেত ব্যৱহাৰ কৰা হয়। বেতডাল কোনো আচবাব বা বস্তুৰ বাবে বিচৰা আকৃতি অনুযায়ী ব্ল'-পাম্পৰ গৰম কৰা প্রক্রিয়াৰ দ্বাৰা ভাঁজ কৰা হয়। মূৰবোৰ আঠা আৰু গজালেৰে জোৰা লগোৱা হয় আৰু জোৰাবোৰ পেঞ্চিল বেতৰ পতিৰে বন্ধা হয়। বেত আৰু বাঁহেৰে তৈয়াৰ কৰা বস্তুবোৰ চিৰিচ কাগজেৰে পৰিস্কাৰ কৰি বার্নিছেৰে মসৃণ কৰা হয়। বেত আৰু বাঁহৰ সামগ্রীবোৰ উপাদন কৰিবলৈ কৰতেৰে গোটেই কাণ্ডডাল কাটিব লাগে আৰু এইবোৰ বিভিন্ন আকাৰত দাৰে চকলাই (কামি) টুকুৰা কৰি ল'ব লাগে। কামিবোৰ দীঘলীয়াকৈ ঘন আঁহবোৰৰ মাজেৰে ফালি উলিওৱা হয় আৰু কাণ্ডডালত প্রয়োজনীয় পৰিমাণৰ আর্দ্রতা দর্কাৰ হোৱা এইটো অতি সূক্ষ্ম কার্য। বেতডালৰ আকৃতিটো ভাঁজ কৰাৰ আগতে কেৰাচিনৰ চাকিৰে গৰম কৰা হয়। কৌশল বেতৰ দ্রব্যবোৰ উপাদন কৰাৰ বাবে প্রথমতেই অৰণ্যৰ পৰা কেঁচা সামগ্রী সংগ্রহ কৰাৰ পৰা আৰম্ভ হৈ বিভিন্ন পর্যায় পাৰ কৰিব লগা হয়। এটা মিহি পৃষ্ঠ পাবলৈ বেতৰ ওপৰৰ তৰপটো চাচি পেলোৱা হয়। দীঘল বেতৰ লাঠিবোৰ সৰু সৰু টুকুৰা কৰি কটা হয় আৰু পিছত পতিবোৰ পাতল কৰিবলৈ ফালি লোৱা হয়। বেতবোৰ পিছত আকৌ বেছি পাতল কৰিবলৈ ফালিব পৰা যায়। ফালি লোৱা বেতবোৰ ব্ল'-লেম্প ব্যৱহাৰ কৰি ভাঁজ কৰা হয়, ইয়াৰ ফলত পৃষ্ঠভাগ অলপ পুৰি যোৱাৰ নিচিনা হ'ব পাৰে; এইবোৰ চিৰিচ কাগজেৰে ঘহি তুলি পেলোৱা হয়। ইয়াৰ পিছত বেতখিনি সজাব খোজা আর্হিৰ শৈলী অনুসৰি গুঁঠিব পৰা যায়। কামটো শেষ কৰাৰ পিছত বজাৰলৈ পঠোৱাৰ আগতে উপন্ন দ্রব্যবোৰত বার্নিছৰ এটা প্রলেপ দিব পৰা যায়। কেনেকৈ উপস্থিত হ'ব নিকটতম পথ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্রায় 10 কি:মি দূৰৈত অৱস্থিত শালনি নিকটতম বিমানবন্দৰ, যিটো গুৱাহাটীৰ পৰা 181 কিল'মিটাৰ দূৰত। নিকটতম ৰে'লৰ মূখ্যস্থান তেজপুৰৰ পৰা নিয়মীয়া অহা-যোৱা বাছ সেৱা আছে আৰু ই অসমৰ অন্যান্য মহানগৰবোৰৰ লগত সুন্দৰ ভাবে সংযুক্ত। নিকটতম বিমানবন্দৰ ভালুকপুঙৰ পৰা 60 কিল'মিটাৰ দূৰৈত ৰঙাপাৰা নিকটতম ৰে'ল ষ্টেচন, যিটো শোণিতপুৰ জিলাৰ উদ্যানৰ পৰা 21 কিল'মিটাৰ দূৰৈত। উৎপন্ন দ্রব্যৰ কোড: EB2 উপন্ন দ্রব্যৰ নাম: ৰন্ধন সামগ্রী শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB3 উপন্ন দ্রব্যৰ নাম: আৱর্জনা দানি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB6 উপন্ন দ্রব্যৰ নাম: ভাজ কৰিব পৰা ট্রে শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB8 উপন্ন দ্রব্যৰ নাম: ওলোমা বন্তি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB10 উপন্ন দ্রব্যৰ নাম: ৰান্ধনীশালৰ বাস্কেট শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB15 উপন্ন দ্রব্যৰ নাম: কাগজ ৰখা বাস্কেট শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB16 উপন্ন দ্রব্যৰ নাম: কলম ষ্টেণ্ড শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB21 উপন্ন দ্রব্যৰ নাম: ঘূৰণীয়া বেতৰ ট্রে শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB1 উপন্ন দ্রব্যৰ নাম: মুদ্রা সঞ্চয় কৰা পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB4 উপন্ন দ্রব্যৰ নাম: ফুল দানি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB5 উপন্ন দ্রব্যৰ নাম: ফুল দানি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB7 উপন্ন দ্রব্যৰ নাম: ফল থোৱা পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB9 উপন্ন দ্রব্যৰ নাম: ধূপ দানি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB11 উপন্ন দ্রব্যৰ নাম: ক্ষুদ্র বাগিচা শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB12 উপন্ন দ্রব্যৰ নাম: দাপোণৰ ফ্রেম শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB13 উপন্ন দ্রব্যৰ নাম: দাপোণৰ ফ্রেম শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB14 উপন্ন দ্রব্যৰ নাম: তেল বন্তি শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB17 উপন্ন দ্রব্যৰ নাম: কলম ষ্টেণ্ড শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB18 উপন্ন দ্রব্যৰ নাম: কলম ষ্টেণ্ড শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB19 উপন্ন দ্রব্যৰ নাম: কলম ষ্টেণ্ড শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB20 উপন্ন দ্রব্যৰ নাম: পাত্র শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB22 উপন্ন দ্রব্যৰ নাম: সেন্দুৰ থোৱা বাকছ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB23 উপন্ন দ্রব্যৰ নাম: চামুচ ধাৰক শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EB24 উপন্ন দ্রব্যৰ নাম: টাইলছ্ শিল্পৰ নামসমূহ: ধাতুৰ সামগ্রী গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-001 উপন্ন দ্রব্যৰ নাম: মেজ বন্তি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-002 উপন্ন দ্রব্যৰ নাম: মেজ বন্তি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-005 উপন্ন দ্রব্যৰ নাম: মেজ বন্তি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-016 উপন্ন দ্রব্যৰ নাম: মেজ বন্তি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-017 উপন্ন দ্রব্যৰ নাম: মেজ বন্তি শিল্পৰ নামসমূহ: বেত আৰু বাঁহ গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-003 উপন্ন দ্রব্যৰ নাম: কুর্টী শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-004 উপন্ন দ্রব্যৰ নাম: দীঘল দলিচা শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-006 উপন্ন দ্রব্যৰ নাম: কুর্টী শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-007 উপন্ন দ্রব্যৰ নাম: কুর্টী শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-008 উপন্ন দ্রব্যৰ নাম: কুর্টী শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-009 উপন্ন দ্রব্যৰ নাম: চুর্ণি শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-010 উপন্ন দ্রব্যৰ নাম: বিচনাৰ আৱৰণ শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-011 উপন্ন দ্রব্যৰ নাম: বিচনাৰ আৱৰণ শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-012 উপন্ন দ্রব্যৰ নাম: মোনা শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-013 উপন্ন দ্রব্যৰ নাম: মোনা শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি উৎপন্ন দ্রব্যৰ কোড: EIG-015 উপন্ন দ্রব্যৰ নাম: কুর্টী শিল্পৰ নামসমূহ: বস্ত্র-শিল্প (হাতেৰে কৰা এম্ব্রইডাৰী) গোটৰ নাম: বিশ্বনাথ চাৰিআলি ৰূপায়ণ কৰা এজেঞ্চীৰ বিশদ বিৱৰণ: এইট্ ব্রাদার্চ ছ'ছিয়েল ৱেলফেয়াৰ চ'চাইটী উৎস: বস্ত্ৰশিল্প মন্ত্ৰালয়, ভাৰত চৰকাৰ।