গোটৰ সদস্য আৰু সদস্যাসকলৰ দায়িত্ব আৰু কৰ্তব্য সকলো সদস্য বা সদস্যাই পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব আৰু গোটৰ ঐক্য আৰু সংহতি অক্ষুন্ন ৰাখিব লাগিব। সকলো সদস্য তথা সদস্যাই গোটৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিব লাগিব আৰু সকলোৰে কাৰণে সমান সুযোগ আৰু সুবিধা সৃষ্টি কৰিব লাগিব। সদস্য তথা সদস্যাসকলে যথোচিতভাৱে আৰু বিবেচনাপূৰ্বক সম্পদৰাজি কামত লগাব লাগিব আৰু ইচ্ছাকৃতভাৱে বাকীদাৰ হৈ থকা লোকসকলৰ পৰা ঋণ আদায় কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গোটৰ সকলো সদস্য তথা সদস্যাই উন্নয়নমূলক কাৰ্য্যসূচীসমূহৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ সৈতে নিজকে জড়িত কৰিব লাগিব। আত্ম সহায় গোটৰ নিয়ম আৰু বিনিময়বিলাক প্ৰস্তুতৰ পৰ্য্যায় আত্ম সহায় গোট এটা গঠন কৰাৰ আৰম্ভণীৰ পৰ্য্যায়তেই, অৰ্থাৎ গোটটোৰ বাবে সদস্য তথা সদস্যাসকল চিনাক্ত কৰি লোৱাৰ পাছত আৰু কিছু পৰিমাণে গোটটোৱে স্থায়ী ৰূপ এটা ল’বলৈ আৰম্ভ কৰাৰ সময়ত আত্ম সহায় গোটটোৰ নিয়ম আৰু বিনিময়বিলাক গ্ৰহণ কৰা ভাল। প্ৰথম পৰ্য্যায়ত এটা আত্ম সহায় গোটে কৰা প্ৰগতিৰ অন্যান্য আৱশ্যকীয় সূচকবিলাক তলত উল্লেখ কৰা হ’ল: সদস্য তথা সদস্যসকলে সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছে। গোটৰ প্ৰতিনিধি হিচাপে দুগৰাকী সদস্য বা সদস্যাক সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছে। গোটটোৱে বেংকত যুটীয়া হিচাপ এটা খুলিছে। গোটটোৱে ইয়াৰ নথি-পত্ৰসমূহ ভালদৰে সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছে। গোটটোৱে নিয়মিতভাৱে প্ৰতি সপ্তাহত লগ লাগিবলৈ বা সভা পাতিবলৈ আৰম্ভ কৰিছে। উৎস: নেডফি