আদৰ্শ আত্মসহায় গোটৰ বৈশিষ্ট্যসমূহ হ'ল গোটৰ সদস্যৰ সংখ্যা ১৫ ৰ পৰা ২০ জনৰ ভিতৰত হ’ব লাগে। গোটৰ সদসমূহ অতি দুখীয়া শ্ৰেণী পৰিয়ালৰ হ’ব লাগে। গোটৰ সভা এমাহত কমেও চাৰিখন হ’ব লাগে। গোটৰ সভা আবেলি ৩ বজাৰ পিছত অথবা ৰাতি হ’ব লাগে। গোটৰ সদস্যসকলৰ সভাত উপস্থিত কমেও শতকৰা ৯০ ভাগতকৈ বেছি হ’ব লাগে। গোটৰ সদস্যসকলৰ অংশ গ্ৰহণ সক্ৰিয় আৰু উচ্চমান বিশিষ্ট হ’ব লাগে। গোটৰ সদস্যসকলৰ পৰা সঞ্চয়ৰ বাবে বৰঙণি কমেও মাহেকত চাৰিবাৰকৈ সংগ্ৰহ কৰিব লাগে। গোটৰ সঞ্চয়ৰ টকা বেংকত নিৰ্দ্ধাৰিত পুঁজি হিচাপে ৰাখিব লাগে। গোটৰ ভিতৰত ঋণৰ লেন-দেনসমূহ বিষয়ভিত্তিক হ’ব লাগে। গোটে জমআ ৰখা সঞ্চয়ৰ পুঁজি সম্পূৰ্ণৰূপে সদস্যসকলৰ মাজত ঋণ দিয়া কামত ব্যৱহাৰ কৰিব লাগে। গোটে সদস্যসকলৰ মাজত বিতৰণ কৰা ঋণসমূহ কমেও শতকৰা ৯০ ভাগতকৈও আদায় হ’ব লাগিব। গোটৰ হিচাব-নিকাচৰ নথি-পত্ৰসমূহ নিয়মীয়াকৈ আৰু সম্পূৰ্ণকৈ লিখি যাব লাগিব। গোটৰ সঞ্চয় দুই হাজাৰ টকাৰ পৰা পাঁচ হাজাৰ টকাতকৈ অধিক হ’ব লাগিব। গোটৰ নীতি-নিয়ম তথা অন্যান্য বিষয় সম্পৰ্কে সকলো সদস্যৰে জ্ঞান থাকিব লাগিব। গোটৰ তিনিৰ পৰা পাঁচজনতকৈ অধিক সদস্যই লিখিব আৰু পঢ়িব জানিব লাগিব। গোটৰ সকলোবোৰ সদস্যই চৰকাৰী আঁচনি বিলাকৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগিব। গোটৰ প্ৰত্যেকজন সদস্যৰ লগত পাছবুক বহী থাকিব লাগিব আৰু নিয়মীয়াকৈ লিপিবদ্ধ কৰিব লাগিব। গোটৰ প্ৰত্যেকখন সভাত সম্পাদক/সম্পাদিকাই হিচাপ পত্ৰৰ বহীসমূহৰ লগতে বিভিন্ন খতিয়ান সদস্যসকলৰ আগত দেখুৱাই পাঠ কৰিব লাগিব। গোটৰ সদস্যসকলে সঞ্চয় আৰু ঋণৰ ওপৰত মনোনিৱেশ কৰিব লাগিব। লগতে গোটে বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰিব লাগিব। উৎস: নেডফি