গোটৰ এজন সদস্য পৰিচালক হিচাবে থাকিব। প্ৰশ্ন: গোটৰ এই পৰিচালকজন কেনেকৈ চিনাক্তকৰণ কৰা হ’ব। গোটৰ সদস্যসকলৰ মাজত তলত উল্লেখিত প্ৰশ্নসমূহ উপস্থাপন কৰিব লাগে: প্ৰশ্নসমূহ: ১) গোটৰ কাৰণে কোনে সকলোবোৰ সিদ্ধান্ত ল’ব? উত্তৰ: গোটৰ সকলোবোৰ সদস্যই সিদ্ধান্ত ল’ব। ২) গোটৰ পৰা কোন লাভৱান হ’ব? উত্তৰ: গোটৰ পৰা সকলোবোৰ সদস্যই লাভৱান হ’ব। ৩) গোটৰ কামবোৰ কোনে সমভাৱে কৰিব? উত্তৰ: গোটৰ কামবোৰ সদস্যবোৰে সমভাৱে কৰিব। ৪) গোটৰ কামবোৰ সকলোবোৰ সদস্যই কি ধৰণে কৰিব? উত্তৰ: ক্ৰমাগতভাৱে একোজনকৈ ব্যক্তিক সৰ্বসন্মতভাৱে নিৰ্বাচন কৰি তেওঁৰ দ্বাৰা গোটৰ কামবোৰ চলাব। এই ধৰণে গোটৰ সদস্যসকলে এই উত্তৰসমূহৰ ভিত্তিত গোটটোৰ সকলো পৰিচালনা পৰ্য্যায়ক্ৰমে অহা দায়িত্ববোধৰ কাৰণসমূহ বুজি উঠিব আৰু এই উত্তৰসমূহৰ ভিত্তিতেই গোটটোৱে এজন পৰিচালক নিযুক্ত আৰু তেওঁৰ দায়িত্ব- হিচাব-নিকাচ ৰখা পদ্ধতি। সভা গঠন ইত্যাদি। উৎস: নেডফি