আজি ইং …………………………. তাৰিখে নিম্নলিখিত ব্যক্তিবৰ্গৰ মাজত এই মৰ্মে চুক্তিপত্ৰ সম্পাদিত কৰা হ’ল যে এই ব্যক্তিসকল ……………………………………………………………………………………………………….. আত্মসহায় গোটৰ সদস্য আৰু ইয়াৰ পিছত একেলগে গোটৰ সদস্য হিচাপে জনা যায়। প্ৰত্যেক সদস্য বা সদস্যাৰ আইন সন্মত উত্তৰাধিকাৰী, গোটৰ পক্ষত স্বাক্ষৰকাৰী বা পৰিচালকসমূহ এই চুক্তিপত্ৰৰ অন্তৰ্ভুক্ত হ’ব। আত্মসহায় গোটৰ সদস্যবৃন্দ ……………………………………গাঁও ………………………………………. মহকুমা ………………..জিলা ………………….. অসমৰ বাসিন্দা আৰু পৰিচিত। উপৰোক্ত সকলো সদস্যই স্বেচ্ছাই সঞ্চয়, ঋণ আৰু অৰ্থনৈতিক কাৰ্য্যৰ সহায়েৰে নিজৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে আৰু পাৰস্পৰিক সুবিধা লাভৰ উদ্দেশ্যেৰ এই গোট গঠন কৰিছে আৰু এইক্ষেত্ৰত তলত উল্লেখ কৰা চৰ্তসমূহ প্ৰযোজ্য হ’ব। ১) গোটৰ প্ৰত্যেক সদস্যই সঞ্চয় হিচাপে ………………… টকা (……………………… টকা মাত্ৰ) বা গোটে নিৰ্দ্ধাৰণ কৰা পৰিমাণৰ টকা সাপ্তাহিক/পষেকীয়া/মাহিলী হিচাপে গোটে/মনোনীত কৰা সদস্য এজনৰ ওচৰত জমা দিব। ২) প্ৰত্যেক সদস্যই গোটৰ উন্নতিৰ বাবে চেষ্টা কৰিব আৰু গোটৰ স্বাৰ্থ বা কামত ব্যাঘাত জন্মা কোনো কাম নকৰিব। ৩) গোটৰ সদস্যবৃন্দ একক বা সন্মিলিতভাৱে গোটে লোৱা ঋণৰ বাবে দায়বদ্ধ হ’ব। ৪) আত্মসহায় গোটে উপাৰ্জন কৰা/সংগ্ৰহ কৰা/আমদানি কৰা সকলো ধৰণৰ সম্পদ বা সামগ্ৰীত গোটৰ সদস্যসকলৰ যৌথ মালিকী স্বত্ব থাকিব আৰু গোটৰ দ্বাৰা মনোনীত সদস্যৰ তত্বাৱধানত থাকিব। এই সামগ্ৰী আদি গোটৰ কাৰ্য্য পৰিচালনাৰ্থেৰ দায়িত্বত থাকিব আৰু গোটৰ সকলো সদস্যৰ সন্মতি অবিহনে স্থান পৰিৱৰ্তন কৰিব নোৱাৰিব। ৫) আত্ম সহায়ক গোটৰ সদস্যসকলে গোটৰ আৰু গোট সংক্ৰান্তীয় সকলো কাম-কাজ সুচাৰুৰূপে চলাই নিয়া আৰু পৰিচালনাৰ বাবে নিম্নলিখিত সদস্যসকলক নিয়োগ কৰিছে: ক) শ্ৰী/শ্ৰীমতী/কুমাৰী _______________________________ (পদৰ নাম) খ) শ্ৰী/শ্ৰীমতী/কুমাৰী _______________________________ (পদৰ নাম) গ) শ্ৰী/শ্ৰীমতী/কুমাৰী _______________________________ (পদৰ নাম) এই সকলো গোটৰ প্ৰতিনিধি হিচাপে কাম কৰিব আৰু গোটক প্ৰতিনিধিত্বও কৰিব। প্ৰয়োজন অনুসাৰে এই পদত থকা সদস্য সলনি কৰি ভোটৰ জৰিয়তে নতুন সদস্য নিৰ্বাচিত কৰা হ’ব। ৬) এই আত্মসহায়ক গোটৰ সকলো সদস্যই উক্ত নিৰ্বাচিত সদস্য (কাৰ্য্যবাহী) সকলে গোটৰ বাবে কৰা সকলো স্বীকৃতি দিয়াৰ বাবে সন্মত। ৭) এই নিৰ্বাচিত সদস্যসকলে গোটৰ দৈনন্দিন কাম-কাজৰ সিদ্ধান্ত ল’ব আৰু প্ৰত্যেক সদস্যই সক্ৰিয়ভাৱে জড়িত হৈ গোটৰ দৈনন্দিন কাম-কাজত সহযোগিতা কৰিব বিশেষকৈ নিম্নলিখিত ক্ষেত্ৰত: প্ৰত্যেক সদস্যই উক্ত মনোনীত সদস্য বা প্ৰতিনিধিসকলক এই মৰ্মে অধিকাৰ প্ৰদান কৰে যে-উক্ত ব্যক্তিসকলে গোটৰ বাবে/গোটৰ হৈ ঋণৰ আবেদন কৰিব, এই সম্পৰ্কীয় যাৱতীয় দলিল বা চুক্তিপত্ৰত স্বাক্ষৰ কৰিব, বেংকৰ পৰা ঋণ গ্ৰহণ কৰি বেংকৰ সঞ্চয়ী জমা একাউন্টত জমা কৰিব আৰু পৰৱৰ্ত্তী সময়ত এই টকা গোটৰ সিদ্ধান্তমৰ্মে সদস্যসকলক ঋণ হিচাপে আগবঢ়াব আৰু আদায় দিয়া ঋণ পৰিশোধৰ কিস্তি গোটৰ নামত বেংকত থকা নিৰ্দিষ্ট ঋণৰ বহীত/একাউন্টত জমা দিব। ৮) গোটৰ সদস্যসকলে উক্ত প্ৰতিনিধিসকলক এই বিশেষ অধিকাৰ অৰ্পণ কৰে যে: ক) গোটৰ সিদ্ধান্তমৰ্মে বেংকত গোটৰ নামত সঞ্চয়ী জমা, দীৰ্ঘম্যাদী জমা বা অন্যান্য একাউন্ট খুলিব আৰু এই একাউন্ট সম্পৰ্কীয় কাম-কাজ নিম্নোক্ত প্ৰতিনিধিসকলে যুগ্মভাৱে (যি কোনো দুগৰাকীয়ে মাত্ৰ) চলাব। ক) শ্ৰী/শ্ৰীমতী/কুমাৰী _______________________________ খ) শ্ৰী/শ্ৰীমতী/কুমাৰী _______________________________ গ) শ্ৰী/শ্ৰীমতী/কুমাৰী _______________________________ খ) গোটৰ সঞ্চয় জমা, সংগৃহীত ঋণ বা ঋণ পৰিশোধ সম্পৰ্কীয় যাৱতীয় হিচাপ ৰক্ষা কৰা বা ৰক্ষাৰ যথাযথ ব্যৱস্থা গ্ৰহণ কৰা আৰু গোটৰ সকলো সদস্যৰ উপস্থিতিত সমস্ত হিচাপ দিয়া আৰু গোটৰ অনুমোদন লোৱা (গোটৰ সিদ্ধান্তমৰ্মে হিচাপ বছৰত এবাৰ, দুবাৰ বা গোটে নিৰ্দিষ্ট কৰা সময় সাপেক্ষে গোটৰ সদস্যসকলক হিচাপ দিব। গ) গোটৰ পাব লগা ৰাশি গ্ৰহণ আৰু প্ৰাপ্তি স্বীকাৰ কৰা বিনিময়ত ৰছিদ প্ৰদান কৰা। ঘ) গোটৰ সদস্যসকলৰ হৈ/গোটৰ সদস্যসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে আইন সংক্ৰান্ত পৰামৰ্শ বা আইনগত সুযোগ সুবিধা গ্ৰহণ কৰা আৰু প্ৰয়োজনীয় ব্যয় বহন কৰা। ৯) কোনো সদস্যৰ মৃত্যু হ’লে মৃতকৰ আইনসন্মত উত্তৰাধিকাৰীয়ে মৃতকৰ পাব লগা সুযোগ সুবিধা পাব আৰু মৃত সদস্যৰ বাকী থকা ঋণ পৰিশোধ বা দেনা-পাওনাৰ বাবে দায়বদ্ধ হ’ব। ১০) সকলো সদস্যৰ অনুমতি অবিহনে কোনো সভ্য বা সদস্য গোটৰ অন্তৰ্ভূক্ত কৰা নহ’ব। এই চুক্তিপত্ৰত _____________________________ আত্মসহায়ক গোটৰ সকলো সদস্যই সৰ্বসন্মতিক্ৰমে আৰু নিম্ন স্বাক্ষৰকাৰীৰ সাক্ষীৰ উপস্থিতিত আজি দিন _________________ ইং চনৰ ____________মাহৰ ______________ দিনা চহী কৰিলোঁ। আত্মসহায়ক গোটৰ সদস্যৰ নাম পিতা বা স্বামী চহী বা বুঢ়া আঙুলিৰ চাপ ১)_______________________________________________________________________ ২)_______________________________________________________________________ ৩) ______________________________________________________________________ ৪)_______________________________________________________________________ ৫) ______________________________________________________________________ ৬) ______________________________________________________________________ ৭) ______________________________________________________________________ ৮) ______________________________________________________________________ ৯) ______________________________________________________________________ ১০) _____________________________________________________________________ ১১) _____________________________________________________________________ ১২) _____________________________________________________________________ ১৩) _____________________________________________________________________ ১৪) _____________________________________________________________________ ১৫) _____________________________________________________________________ ১৬) _____________________________________________________________________ ১৭) _____________________________________________________________________ ১৮) _____________________________________________________________________ ১৯) _____________________________________________________________________ ২০) _____________________________________________________________________ সাক্ষী চহী ১) ______________________ ______________________ ২) ______________________ ______________________ উৎস: নেডফি