আত্ম সহায়ক গোটে তেওঁলোকৰ গোটৰ সভাবিলাকৰ কাৰণে এটা দিন বা বাৰ নিৰ্ধাৰণ কৰি লোৱা উচিত। ইয়ে সদস্য তথা সদস্যাসকলক গোটৰ সাপ্তাহিক সভাবিলাকত নিয়মিতভাৱে উপস্থিত থাকিব পৰাকৈ তেওঁলোকে সচৰাচৰ কৰি থকা কামবিলাকৰ বিষয়ে আঁচনি কৰাত সহায় কৰিব। ৰাজহুৱা স্থানত সভা আহ্বান কৰিলে পোৱা সুবিধাসমূহ: ৰাজহুৱা সম্পত্তিৰ সদ ব্যৱহাৰ হোৱাৰ লগতে ৰক্ষণাবেক্ষণো পাব। সদস্যসকল উপস্থিত থাকিবৰ বাবে কুন্ঠবোধ নকৰিব। গাঁৱৰ ৰাইজে সভাৰ বিষয়ে অৱগত হ’ব। সদস্যা গৰাকীৰ পৰিষ্কাৰ-পৰিচন্নতা বৃদ্ধি পাব। ব্যক্তিগত মনোমালিন্য হ্ৰাস পোৱাৰ লগতে সা-সম্পত্তি বৃদ্ধি পাব। দায়িত্ব বোধ আহিব। সভাত উপস্থিত থাকিবলৈ অসুবিধা পোৱা সদস্যা গৰাকী সভাত উপস্থিত থাকিবলৈ বাধ্য হ’ব। সাপ্তাহিক সঞ্চয় প্ৰতি সপ্তাহতে গোটৰ সকলো সদস্য বা সদস্যাই সঞ্চয় কৰিব পাৰে। তেওঁলোকে সাপ্তাহিক সভাবিলাকতেই পুঁজিৰ লেন-দেন কৰিব পাৰে। ইয়ে সদস্য তথা সদস্যাসকলৰ মাজত নিয়মিত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাত সহায় কৰিব। সঞ্চয়ে আত্ম সহায়ক গোটবিলাকক ঋণ লাভৰ ক্ষেত্ৰতো সহায় কৰিব। সঞ্চয়ৰ যোগেদি সদস্য তথা সদস্যাসকলে গোটত জমা ৰখা ধনৰ কাৰণে তেওঁলোকক কোনো সুদ দিয়া নহ’ব। গোটত থকা নিজৰ জমা ধনৰ বিপৰীতে গোটক তেওঁলোকে আদায় দিবলগীয়া ঋণৰ কিস্তিৰ ধন মিলাই ল’বলৈ গোটৰ সদস্য তথা সদস্যাসকলক উৎসাহিত কৰা নহব। অত্যন্ত এৰাব নোৱাৰা পৰিস্থিতিহে এনেদৰে ধন মিলাই লোৱা কথাটো গোটে বিবেচনা কৰিব। নথি-পত্ৰৰ যথোচিত সংৰক্ষণ আত্ম সহায়ক গোটে হিচাপৰ বিভিন্ন বহী আৰু অলাগতিয়াল নথি-পত্ৰসমূহ সংৰক্ষণ কৰিব লাগিব আৰু এইবিলাক নিয়মিতভাৱে অদ্যাবিধি অৱস্থাত ৰাখিব লাগিব। এইটোৱে ভাল কাম-কাজ বিলাকৰ লেখ ৰখাত গোটক আশাতীতভাৱে সহায় কৰিব। তদুপৰি নিয়াৰি আৰু যথোচিত ধৰণে নথি-পত্ৰ সংৰক্ষণ কৰা কাৰ্য্যই নিজৰ গোটটোৰ প্ৰতি সদস্য তথা সদস্যাসকলৰ বিশ্বাস বৃদ্ধি কৰি তুলিব। বেংকৰ যুটীয়া হিচাপ গোটৰ নামত স্থানীয় বেংকৰ এটি শাখাত এটা যুটীয়া হিচাপ খুলিব লাগিব। গোটৰ দলনেতাজন আৰু আন এগৰাকী সদস্য বা সদস্যাই যুটীয়াভাৱে এই হিচাপৰ ধন লেনদেন কৰিব পাৰিব। গোটৰ সিদ্ধান্তমৰ্মে ক্ৰমানুসাৰে সময়ে সময়ে তেওঁলোকক সলনি কৰি থকা হ’ব। ইয়াৰ ফলত ক্ৰমানুসাৰে গোটৰ প্ৰতিগৰাকী সদস্য বা সদস্যাই কোনো কোনো সময়ত দলনেতা হ’ব লাগিব। সেইকাৰণেই এনে প্ৰক্ৰিয়াই গোটৰ সদস্য তথা সদস্যসকলক বেংকৰ লগত লেনদেন কৰা সম্পৰ্কত জানি বুজি লোৱাত যথেষ্ট সহায় কৰিব। উৎস: নেডফি