গোটৰ বিকাশ স্থানীয় সম্প্ৰদায়ৰ লোক তথা প্ৰতিনিধি সকলৰ সভাৰ পিছত আপুনি গোটৰ সভা আহ্বান কৰিবলৈ প্ৰস্তুত হওক। প্ৰত্যেকটো চিনাক্তকৰণ কৰা পৰিয়ালৰ পৰা একোজনকৈ প্ৰতিনিধি লৈ সুবিধাজনক দিনত সভা আহ্বান কৰক। ইয়াকে “সভাৰ আৰম্ভণি” বুলি কব পাৰি। সভাৰ সময়ছোৱাত আপুনি যথেষ্ট প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ পৰা পোৱা উত্তৰবোৰে তেখেতসকলক লাহে লাহে সমস্যাবোৰ বুজি পৰৱৰ্তী পৰ্য্যায়লৈ আগবাঢ়ি যোৱাত সহায়ক হ’ব। অনুগ্ৰহ কৰি আপুনি আত্ম সহায় গোটৰ গঠন সম্পৰ্কে বুজিব বা জানিবৰ কাৰণে তেখেতসকলক যথেষ্ট পৰিমাণৰ সময় দিয়ক। আত্ম সহায় গোট গঠন প্ৰক্ৰিয়াটোৱে সচৰাচৰ ৫ মাহৰ পৰা ৬ মাহ সময় লয়। এবাৰ যেতিয়া গোট এটা গঠন হয় তেতিয়া এই গোটটোৱে এটা স্থায়ী পৰ্য্যায় পাবলৈ কমেও এবছৰৰ পৰা ডেৰ বছৰ সময় লাগে। সদস্য ভৰ্ত্তি সভাৰ আৰম্ভণিৰ সময়ছোৱাত তলত উল্লেখিত সমস্যাসমূহ উদ্ভৱ হ’ব পাৰে। কিছুমান সদস্য সভাৰ পৰা উঠি যাব। কিছুমান নতুন সদস্য সভালৈ আহিব। কিছুমান সদস্যই সভাৰ বিষয় বস্তুৰ বিষয়ে লাহে লাহে শিকাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিব। সদস্যসকলে সভাৰ কাৰ্য্যসূচী চলাবলৈ শিকিব। সদস্যসকলে যাৱতীয় নথি পত্ৰৰ মূল্যৰ বিষয়ে বুজিব পাৰিব। সদস্যসকলে একেলগে বাস কৰাৰ লগতে ইজনে-সিজনক সহায় কৰিবলৈ বিচাৰিব। এইবোৰ হৈছে স্বাভাৱিক অৱস্থা। এইবিলাকেই আপোনাক শুদ্ধ পথত আগবঢ়াৰ কাৰণে এটা আত্ম বিশ্বাস আনি দিব। উৎস: নেডফি