একোটা এলেকাত থকা বহুতো পৰিয়ালৰ মাজত আপুনি কিছুমান সমভাৱাপন্ন আৰু সমপৰ্য্যায়ৰ লোক থকা পৰিয়াল পাব। তেওঁলোকৰ মাজত মিল থকা বৈশিষ্ট্যবোৰ তলত দিয়া ধৰণৰ হ’ব পাৰে। দৰিদ্ৰতাৰ একেই অভিজ্ঞতা। বাসস্থানৰ একেই অৱস্থা বা ব্যৱস্থা। জীৱিকাৰ একেই আহিলা বা মানদণ্ড। একেই সম্প্ৰদায় বা জাতি। একেই বাস কৰা ঠাই। এই তথ্যসমূহৰ পৰা আপুনি কোন কেইটা পৰিয়াল একে লগ হ’ব সেইটো থিৰাং কৰিব পৰিব। গোটৰ সভা কেনেকৈ আহ্বান কৰিব লাগে? গোট গঠন কৰাৰ আগতে স্থানীয় সম্প্ৰদায়ৰ প্ৰতিনিধি তথা গাঁৱৰ বয়সস্থ ব্যক্তিসকল, পঞ্চায়তীৰাজ, অনুষ্ঠান বিষয়ববীয়াসকল, গাঁওবুঢ়া আৰু মহিলা সমিতিৰ সদস্যাসকলক আহ্বান কৰি এখন সভা পতিব লাগে। তেখেতসকলক গোট গঠনৰ পৰিকল্পনা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰক। তেখেতসকলৰ পৰা আপুনি এই বিষয়ত সহযোগিতা পাব আৰু এইটো বৰ দৰকাৰী। ইয়াকেই “ৰাইজৰ সহযোগিতা” বুলি কয়। এইটোৱে আপোনাক নিৰ্দিষ্ট গাঁৱত কাম কৰাৰ কাৰণে গ্ৰহণযোগ্যতা আনি দিব। এই সভাতে আপুনি এইটো স্পষ্ট কৰি দিব যে ইয়াৰ দ্বাৰা কোনো অনুদানৰ সম্ভাৱনা নাই। কিন্তু আছে দুখীয়া পৰিয়ালসকলৰ সংগঠিত হৈ নিজকে নিজে উন্নতি সাধন কৰি স্বাবলম্বী কৰাৰ প্ৰতিশ্ৰুতি। এই সভাতে আত্মসহায়ক গোটৰ বুনিয়াদী ধ্যান ধাৰণাৰ বিষয়ে বহলাই ব্যাখ্যা কৰি ৰাইজক বুজাই দিব পাৰিব। সজাগতা সভাত উপস্থিত থাকিব লগা ব্যক্তিসকল বাধ্যতামূলক কমেও ৫০ গৰাকী মহিলা আৰু ৫০ জন কৃষক। গাঁও পঞ্চায়তৰ সদস্যসকল। ঋণ সম্প্ৰসাৰণ বিষয়া। গাঁওবুঢ়া। স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক। সমন্বিত শিশুৰ বিকাশ প্ৰকল্প বিষয়া। বেচৰকাৰী সন্থাৰ প্ৰতিনিধি। গাওঁ এলেকাৰ নাৰ্চসকল। খণ্ড উন্নয়ন বিষয়া। ৰাইজৰ প্ৰতিনিধি। কৃষি সম্প্ৰসাৰণ বিষয়া। কৃষি সম্প্ৰসাৰণ কৰ্মী। পশুপালন ক্ষেত্ৰ কৰ্মী। মাতৃ গোট। মহিলা সমিতি। বাঞ্চনীয় খণ্ড উন্নয়ন বিষয়া। বেংকৰ শাখা পৰিচালক। জিলা পৰিষদৰ সদস্যসকল। গাঁও পঞ্চায়তৰ সদস্যসকল। বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি। উৎস: নেডফি