<p style="text-align: justify; "> </p> <p style="text-align: justify; ">শিক্ষা হৈছে সফলতাৰ প্ৰথম চাবি-কাঠী।আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ।গতিকে উচিত শিক্ষা প্ৰদানৰ জৰিয়তে এটি শিশুক গঢ় দিব পাৰিলেহে আমাৰ দেশৰ ভৱিষৎ উজ্জ্বল হ’ব।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাজ্যৰ শিক্ষা খণ্ডৰ সামগ্ৰিক উন্নয়ন দিনক দিনে নতুন দিগন্তলৈ ধাৱমান হৈছে।শিক্ষা খণ্ডৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰখনে কেতবোৰ কল্যাণকামী আঁচনি ৰুপায়ণ কৰিছে।উক্ত আঁচনিসমুহৰ সফল ৰুপায়ণৰ ফলত ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ক’ৰা-ছোৱালীৰ পৰা আঢ্যৱন্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীও উপকৃত হৈছে।ইতিমধ্যে অসম চৰকাৰে এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিদ্যালক্ষ্মী নামৰ এক আঁচনি প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিছিল।সেই কথা বাস্তৱত ৰুপায়িত কৰি যোৱা ২২ মাৰ্চত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ সৈতে চলোৱা এক আলোচনাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনি অসম চৰকাৰে ষ্টেট বেংক কৰ্তৃপক্ষৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি উক্ত বিদ্যালক্ষ্মী আঁচনিখন ৰুপায়ণ কৰে।উক্ত বিদ্যালক্ষ্মী আঁচনিৰ অধীনত ৰাজ্যৰ কৰ্মচাৰীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণ প্ৰদান কৰা হ’ব।উক্ত বিদ্যালক্ষ্মী আঁচনিৰ অধীনত কৰ্মচাৰীসকলে ৪ শতাংশ সুদৰ হাৰত বেংকত ঋণ পৰিশোধ কৰিব লাগিব।বাকী ৭ শতাংশ ৰাজ্য চৰকাৰে প্ৰদান কৰিব।উক্ত আঁচনিখনৰ যোগেদি ঋণ লাভ কৰি কৰ্মচাৰীজনে নিজৰ সন্তানক উচ্চ শিক্ষা প্ৰদান কৰিব পাৰিব যাৰ ফলত সন্তানৰ ভৱিষৎ উজ্জ্বল হ’ব।একো বন্ধকত নৰখাকৈয়ে চৰকাৰী কৰ্মচাৰীক এই ঋণ প্ৰদান কৰা হ’ব।উক্ত বিদ্যালক্ষ্মী আঁচনিৰ ঋণ পৰিশোধ কৰাৰ সময় ১৫ বছৰ ধাৰ্য কৰা হৈছে।চৰকাৰী কৰ্মচাৰীয়েহে এই আঁচনিৰ সুবিধা অৰ্জন কৰিব পাৰিব।কৰ্মচাৰীজনে বিদ্যালক্ষ্মী আঁচনিৰ প্ৰ-পত্ৰ সঠিকভাৱে পুৰণ কৰি ৰাজ্যিক ডি ডি অ’সকলক জমা দিব লাগিব।ডি ডি অ’সকলে প্ৰ-পত্ৰসমুহ ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি বেংকলৈ প্ৰেৰণ কৰিব।উক্ত বিদ্যালক্ষ্মী আঁচনিখনৰ সুবিধা অৰ্জন কৰিবলৈ বা বিতংভাৱে জানিবলৈ ষ্টেট বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব</p> <p style="text-align: justify; "><i><b>উৎস:ৰাইজৰ বাতৰি</b></i></p>