কেন্দ্ৰীয় চৰকাৰে শিশুৰ লিংগ আনুপাতিক হ্ৰাসৰ বিষয়টো লৈ বেটি বচাঁও বেটি পঢ়াঁও এই অভিযান ১১ খন ৰাজ্যৰ ৬১ জিলালৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ সম্প্ৰসাৰিত কৰিছে।নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীয়ে নতুন দিল্লীৰ এটি অনুষ্ঠানত এই কথা ঘোষনা কৰে। এই আচঁনি খন শিশুৰ লিংগ আনুপাতিক হ্ৰাস আৰু নাৰীৰ সবলীকৰনৰ বিষয়টো ওপৰত অধিক গুৰুত্ব দিয়া হব। ইয়াৰ মূল উদ্দেশ্য হৈছে লিংগ বৈষম্যৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰি দোষীক শাস্তি প্ৰদান কৰা। এই আচঁনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিশুৰ লিংগ আনুপাতিক হ্ৰাস্ৰ সমস্যাটোৰ ওপৰত উচিত পদক্ষেপ লোৱাৰ উদ্দেশ্য ২০১৫ জানুৱাৰী পৰা ভাৰতৰ ১০০ জিলাত বলবৎ হোৱাকৈ এই আচনিঁ হাৰিয়ানাত উদ্ধোধন কৰিছিল। নাৰী আৰু শিশুৰ উন্নয়ন মন্ত্ৰালয় এই আচঁনিৰ মুখ্য অভিকৰন কেন্দ্ৰ। অধিক তথ্যৰ বাবে ইয়াত চাওক: কাৰেন্ট এফেয়াছ