প্ৰত্যেক ক্ষুদ্ৰ আৰু বৃহৎ ব্যৱসায়ৰ প্ৰতি সমান সুবিধাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। শিশু ঋণ: ৫০,০০০ হেজাৰ টকা পৰ্য্যন্ত ঋণ। কিশোৰ ঋণ: ৫০,০০০ হেজাৰ টকাৰ পৰা ৫ লাখ টকা পৰ্য্যন্ত ঋণ। তৰুণ ঋণ: ৫ লাখ টকাৰ পৰা ১০ লাখ টকা পৰ্য্যন্ত ঋণ। ঋণৰ গুৰুত্বপূৰ্ণ দিশসমূহ (পৰোক্ষবিহীন) প্ৰচেছিং মাচুল বিহীন। কম সুদৰ হাৰ। আদায় দিয়াৰ সমুচিত সময়। মুদ্ৰা কাৰ্ডৰ জৰিয়তে প্ৰয়োজনীয় মূলধনৰ ঋণ। মুদ্ৰা কাৰ্ডৰ গুৰুত্বপূৰ্ণ দিশসমূহ জঞ্জালবিহীন আৰু নমনীয়। গোটৰ প্ৰয়োজনীয় মূলধনৰ যোগান ধৰে। বেংকৰ সকলোবোৰ শাখাতে উপলব্ধ। বেংক পোনপটীয়াকৈ অথবা এম এফ আইৰ জৰিয়তে জাৰি কৰে। ‘ৰূপে’ ডেবিট কাৰ্ডৰ ৰূপৰ জাৰি কৰা হয়। যিকোনো এটিএমৰ পৰা নগদ ধন উলিয়াব পাৰি অথবা পিঅএছ মেচিন ব্যৱহাৰ কৰি/ই-কৰ্মাচৰ জৰিয়তে ব্যৱসায়িক গোষ্ঠীৰ পৰা ক্ৰয় কৰিব পাৰি। অধিক তথ্যৰ বাবে আপোনাৰ সমীপৰ বেংকৰ শাখাৰে যোগাযোগ কৰক। বিত্ত সেৱা বিভাগ উৎস: বিত্ত সেৱা বিভাগ, বিত্ত মন্ত্ৰালয়, ভাৰত চৰকাৰ।