প্ৰধানমন্ত্ৰী জন-ধন-যোজনা আচঁনি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে এই জন-ধন-যোজনা আচঁনি ঘোষনা কৰিছিল যত দেশৰ পিছপৰা শ্ৰেনীক আৰ্থীক সুৰক্ষা প্ৰদান কৰাটোৱেই এই আচঁনিৰ মূল উদ্দেশ্য আছিল।এই আচঁনিৰ অধীনত দেশৰ সকলো দুখীয়া শ্ৰেনীৰ নাগৰিকেক বেংক সেৱাৰ লগত জড়িত কৰা তথা যি ব্যক্তিৰ কোনো বেংক একাউন্ট নাই তেনে সকলো নাগৰিকক এই আচঁনিৰ জৰিয়তে বেংক একাউন্ট মুকলি কৰিব পাৰিব। এই আচঁনিখনৰ মূল বৈশিষ্টবোৰ হল দেশৰ সকলো নগৰ –চহৰৰ নাগৰিকে এই আচঁনিয়ে সাঙুৰি লব তথা ইয়াৰ সুবিধা লব পাৰিব। এই যন-ধন যোজনা আচঁনিৰ অধীনত দূখীয়া শ্ৰেনীৰ নাগৰিকে ০% বেলেঞ্চত নিজৰ বেংক একাউন্ট খুলিব পাৰিব। এই আচঁনিৰ অধীনত বেংক একাউণ্ট ধাৰকে ১ লাখ টকা পৰ্যন্ত দূৰ্ঘটনাজনিত বিমা ৰাশি সুবিধা লাভ কৰিব। এই আচঁনিৰ অধীনত বেংক একাউণ্ট ধাৰকে লোনৰ সুবিধা লাভ কৰিব। এই আচঁনিৰ অধীনত বেংক একাউণ্ট ধাৰকক ৰোপিয়া কাৰ্ড প্ৰদান কৰা হব যি সাধাৰন এটিএম কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পৰা যাৱ। এই আচঁনিৰ অধীনত বেংক একাউন্ট ধাৰকে চৰকাৰী যিকোনো আচঁনিৰ সুবিধা বা লাভলাভ পোনে পোনে নিজৰ একাউণ্টত লাভ কৰিব। এই আচঁনিৰ কাৰ্যকৰীকৰনৰ বিস্তৃত বিৱৰন এই আচঁনি দুটা পৰ্য্যায়ত কাৰ্য্যকৰী কৰা হব।ইয়াৰ বিত্ং তথ্য তলত দাঙি ধৰা হল- প্ৰথম পৰ্য্যায়-১৫ আগষ্ট ২০১৪ পৰা ১৪ আগষ্ট ২০১৫লৈ: দেশৰ সকলো নাগৰিককে বেংক সেৱাৰ সুবিধাৰ দ্বাৰা জড়িত কৰাটোৱেই এই আচঁনিৰ প্ৰধান লক্ষ্য। বিত্তিয় সাক্ষৰতা অভিযান গ্ৰাম্য নাগৰিকৰ মাজলৈ লৈ যোৱ হব। চৰকাৰী বিভিন্ন আচঁনিৰ লাভলাভ এই আচঁনিৰ উপভোক্তাই পোনে পোনে নিজৰ একাউন্টত লাভ কৰিব বা জমা হব। দেশৰ প্ৰতিটো পৰিয়ালৰ একোজন নাগৰিকক ৰোপিয়া কাৰ্ড প্ৰদান কৰা হব তথা দূৰ্ঘটনামূলক বীমা ১ লাখ পৰ্য্যন্ত এই আচঁনিৰ দ্বাৰা প্ৰদান কৰা হব। দ্বিতীয় পৰ্য্যায়-১৫ আগষ্ট ২০১৫ পৰা ১৪ আগষ্ট ২০১৮লৈ: ক্ষুদ্ৰ ইনচুৰেন্স নাগৰিকক প্ৰদান কৰা। বিভিন্ন পেন্সনমূলক আচঁনি কাৰ্যৰীত কৰা হব। দেশৰ যিকোনো নাগৰিকে নিজৰ দুখন পাচপোৰ্ট ফটো প্ৰদান কৰিয়েই এই জন-ধন যোজনা আচঁনিৰ বেংক একাউন্ট খুলিব পাৰিব—বিত্ত মন্ত্ৰী। দেশৰ বিত্তমন্ত্ৰীয়ে ঘোষনা কৰিছে যে দেশৰ যি নাগৰিকৰ কোনো আধাৰা বা অন্য প্ৰমানমূলক প্ৰতিলিপি নাই তেনে নাগৰিকেক কেৱল দুখন পাচপোৰ্ট ফটো প্ৰদান কৰিয়েই এই আচঁনিৰ বেংক একাউণ্ট খুলিব পাৰিব। এনে ধৰনৰ একাউন্টক সাধাৰন একাউন্ট হিচাপে বিবেচনা কৰা হব আৰু ১২ মাহলৈ এই একাউন্ট সক্ৰিয় হৈ থাকিব কিন্ত যদি পৰৱৰ্তি সময়ত ব্যক্তিয়েই প্ৰমানমূলক নথি-পত্ৰ যোগান ধৰিব পাৰে তেনেহলে এই একাউন্ট আগলৈ সক্ৰিয় হৈ থাকিব। যিকোনো আগ্ৰ্হী ব্যক্তিয়েই নিজৰ অঞ্চলৰ নিকটৱৰ্তী বেংকত এই সেৱা লাভ কৰিবৰ বাবে যোগাযোগ কৰিব পাৰে বা এই এক পৃষ্ঠাৰ আৱেদন পত্ৰ তলত দিয়া লিংকত ক্লিক কৰি অনলাইন লাভ কৰিব পাৰে। ৰাজ্যভিত্তিক বেংক শাখা আৰু টেলিফোন নম্বৰ: ৰাজ্য বেংকৰ নাম টেলিফোন ন্ং টোলফি ন্ং আন্ধ্ৰপ্ৰদেশ আন্ধ্ৰ বেংক ৯৬১৮৫৯০৩০৩ ০৪০-২৩২৩৪৬১৫ ১৮০০৪২৫৮৫২৫ আন্দমান নিকোবৰ দ্বিপুনঞ্জ ষ্টেট বেংক অফ ইণ্ডিয়া ৯৬৭৪৭১০০১২ 1800-345-4545 অৰুনাচল প্ৰদেশ ষ্টেট বেংক অফ ইণ্ডিয়া 9435706688 1800-345-3616 অসম ষ্টেট বেংক অফ ইণ্ডিয়া 9435706688 1800 345 3756 বিহাৰ ষ্টেট বেংক অফ ইণ্ডিয়া 9955991636 1800-345-6195 চণ্ডীগড় পাঞ্জাৱ নেচনেল বেংক 852797117 1800-180-1111 দাদৰ আৰু নগৰ হেভেলি দেনা বেংক 9979118149 1800-233-1000 দমন আৰি দিও দেনা বেংক 9979118149 1800-233-1000 দিল্লী অৰিয়ন্টেল বেংক অফ কৰ্মাচ 8130418866 1800-1800-124 গোৱা ষ্টেট বেংক অফ ইণ্ডিয়া 9769445588 0832-241-6666 গুজৰাট দেনা বেংক 9979118149 1800-233-1000 হাৰিয়ানা পাঞ্জাৱ নেচনেল বেংক 8527971117 1800-180-1111 হিমাচল প্ৰদেশ ইউকো বেংক 9464660415 1800-180-8053 জন্মু কাশ্মীৰ ঝাৰখণ্ড বেংক অফ ইণ্ডিয়া 9431086222 1800-345-6576 কৰ্নাটক চিণ্ডিকেট বেংক 9449860113 1800-4259-7777 কেৰেলা কানাড়া বেংক 9895744777 1800-425-11222 লক্ষদ্বীপ চিণ্ডিকেট বেংক 9449860113 1800-4259-7777 মধ্যপ্ৰদেশ চেন্ট্ৰেল বেংক ইণ্ডিয়া 0755-2674022, 20 (F) 0755-2552019 9406900134 1800-233-4035 মনিপুৰ ষ্টেট বেংক অফ ইণ্ডিয়া 9771469967 Setup in progress মেঘালয় ষ্টেট বেংক অফ ইণ্ডিয়া 8133014444 Setup in progress মিজোৰাম ষ্টেট বেংক অফ ইণ্ডিয়া 8133014444 Setup in progress নাগালেণ্ড ষ্টেট বেংক অফ ইণ্ডিয়া 8133014444 1800 345 3707 উৰিষ্যা ইউকো বেংক 9937814609 1800-345-6551 পণ্ডিচেৰী ইণ্ডিয়ান বেংক 9488366780 1800-4250-0000 পাঞ্জাৱ পাঞ্জাৱ নেচনেল বেংক 8146649400 1800-180-1111 ৰাজস্থান বেংক অফ বৰোডা 1800-180-6546 চিকিম ষ্টেট বেংক অফ ইণ্ডিয়া 0119668068 1800-345-3256 তামিলনাডু ইণ্ডিয়ান অভাৰছিছ বেংক 8939939552 1800-425-4415 তেলেংগনা ষ্টেট বেংক অফ হাইদাৰাবাদ 7674088842 1800-425-1825 ত্ৰিপুৰা ইউনাইটেড বেংক অফ ইণ্ডিয়া 9831021619 1800-345-3343 উত্তৰ প্ৰদেশ বেংক অফ বৰোডা 9839076446,0522-6677607 1800-223-344/1800-102-4455 উত্তৰাখণ্ড ষ্টেট বেংক অফ ইণ্ডিয়া 8130259955 1800-180-4167 পশ্চিমবংগ ইউনাইটেড বেংক অফ ইণ্ডিয়া 9831021619 1800-345-3343 মহাৰাষ্ট্ৰ বেংক অফ মহাৰাষ্ট্ৰ 9730000508 1800-102-2636 ছত্ৰিশগড় ষ্টেট বেংক অফ ইণ্ডিয়া 7770956333 1800-233-4358 এই আচঁনিৰ কিছু সাধাৰন জানিবালগীয়া প্ৰশ্ন উত্তৰ (১)সংযুক্ত একাউন্ট এই আচঁনিৰ অধীনত খুলিব পাৰিনে? হয় এই আচঁনিৰ অধিনত স্ংযুক্ত একাউন্ট খুলিব পাৰে। (২)ৰোপিয়া ডেবিট কাৰ্ড কি হয়? ৰোপিয়া ডেবিট কাৰ্ড হল এখন ঘৰুৱা পদ্ধতিৰ ডেবিট কাৰ্ড যাক নেচনেল পেয়মেন্ট কৰপৰচেন অৱ ইণ্ডিয়াই (NPCI)দ্বাৰা জাৰি কৰা হয়।এই কাৰ্ডখন দেশৰ সকলো এটিএম বেংক সেৱাত ব্যৱহাৰ কৰিব পাৰি। (৩) এই জন ধন যোজনা আচঁনি খুলিবলৈ কেনেধৰনৰ নথি পত্ৰ আৱশ্যক হয়? যদি ব্যক্তিৰ আধাৰ কাৰ্ড আছে তেনেহলে আন কোনো অন্য নথি পত্ৰৰ আৱশ্যক নাই।এই অধাৰ কাৰ্ডৰ জৰিয়তে ব্যক্তিয়েই এই আচঁনি একাউণ্ট খুলিব পাৰিব। যদি ব্যক্তিৰ আধাৰ কাৰ্ড নাথাকে তেনেহলে তলৰ যিকোনো এখন নথিপত্ৰ দ্বাৰা এই জন-ধন যোজনা আচঁনিৰ একাউণ্ট খুলিব পাৰিব: ভোটাৰ কাৰ্ড পান কাৰ্ড এনৰেগা কাৰ্ড ইত্যাদি। যদি ব্যক্তিৰ ওপৰত উল্লেখিত কোনো নথি পত্ৰ নাই তেনেহলে চৰকাৰী বিষয়াৰ দ্বাৰা স্বাক্ষৰিত যিকোনো পৰিচয় পত্ৰ জৰিয়তে এই জন ধন যোজনাৰ বেংক একাউন্ট খুলিব পাৰিব।যদি কোনো ৰাজপত্ৰ বিষয়াই তেওঁৰ পৰিচয় পত্ৰত স্বাক্ষৰিত কৰে তেনেহলে সেই পৰিচয় পত্ৰৰ সৈতেও এই জন ধন যোজনাৰ আচঁনি বেংক একাউন্ট খুলিব পাৰে। (৪) এই জন ধন যোজনা আচঁনিত চেক বোক লাভ কৰিব পাৰিনে? সাধাৰনতে জন ধন যোজনা একাউন্ট ০% বেলেঞ্চত খোলা হয়।যদি কোনো ব্যক্তিয়েই এই আচঁনিৰ অধীনত চেক বোকৰ সুবিধা লাভ কৰিব খোজে তেনেহলে তেওঁ বেংকক কিছু পৰিমানে আগতীয়া ধন জমা দি এই সুবিধা লাভ কৰিব পাৰিব। (৫) ১৮ বছৰৰ তলৰ ব্যক্তিয়েই এই জন ধন যোজনা আচঁনিৰ একাউন্ট খুলিব পাৰেনে? ১০ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়েই এই জন ধন যোজনা আচঁনি একাউন্ট খুলিব পাৰে। (৬)কোনো ব্যক্তি যদি স্থান সলনি কৰিব লগা হয় তেওঁ এই জন ধন যোজনা আচঁনিৰ সক্ৰিয় একাউণ্ট অন্য চহৰ বা ৰাজ্যলৈ স্থানান্তৰ কৰিব পাৰিনে? এই জন ধন যোজনা আচঁনিৰ বেংক ধাৰকে তেওঁৰ এই সক্ৰিয় একাউণ্ট তেওঁ সলনি হোৱা যিকোনো ৰাজ্য নগৰ-চহৰ সেই ঠাইৰ বেংকলৈ স্থানান্তৰ কৰিব পাৰে মাথো তাৰ বাবে তেও এখন সংলিষ্ট বেংকক আৱেদন পত্ৰ দিব লাগিব। উৎস: PMJDY