আঁচনি/আঁচনি সম্পৰ্কত দেশৰ যুৱশক্তিৰ কৌশল প্ৰশিক্ষণৰ বাবে কৌশল বিকাশ আৰু স্বনিয়োজন মন্ত্ৰালয়ৰ অধীনত NSDC ৰ দ্বাৰা প্ৰস্তুত এইখন এখন বিশেষ আঁচনি| এই আঁচনি খনে ২৪ লক্ষাধিক ব্যক্তিক সামৰি ল’ব| এই কৌশল প্ৰশিক্ষণ জাতীয় কৌশল অৰ্হতাৰ সাঁচত (NSQF) আৰু উদ্যোগ নিৰ্ধাৰিত মানদণ্ডত দিয়া হ’ব| এই আঁচনিত ত্ৰিপাক্ষিক মণ্ডলীৰ মুল্যায়ন আৰু প্ৰশংসা পত্ৰৰ ভিত্তিত প্ৰশিক্ষাৰ্থী সকলক এক আৰ্থিক বেতন দিয়া হয়| প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীৰ আৰ্থিক বেতন প্ৰায় ৮০০০ টকা নিৰ্ধাৰণ কৰা হৈছে| উপযুক্ত হিতাধিকাৰী-(উপকৃত হওঁতাজন) এই আঁচনি খনৰ উদ্দেশ্যে অনুসৰি, এই আঁচনি সেই সকল ভাৰতীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰয়োজ্য যি- কোনো উপযুক্ত প্ৰতিষ্ঠানৰ অধীনত, কোনো উপযুক্ত প্ৰশিক্ষকৰ পৰা কৌশল বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে| আঁচনিখন ৰুপায়নৰ দিনটোৰ পৰা এবছৰৰ ভিতৰত ত্ৰিপাক্ষিক মণ্ডলীৰ প্ৰশংসা পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে| আঁচনি খনৰ অধীনত প্ৰথম আৰু শেষবাৰৰ কাৰণে আৰ্থিক বেতন উপভোগ কৰি আছে| এজন পূৰ্ণ স্বীকৃত প্ৰশিক্ষাৰ্থীৰ যোগদানৰ পৰা অৰ্থ হস্তান্তৰলৈ সম্পুৰ্ণ প্ৰক্ৰিয়াটো এজন প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ সংগীৰ সৈতে কোনো এটা প্ৰশিক্ষণ কেন্দ্ৰৰ নিৰ্বাচিত এটা বিভাগত যোগদান কৰিব লাগিব| প্ৰশিক্ষাৰ্থীজনে প্ৰশিক্ষণ অংশীদাৰক বিষয় সম্পৰ্কিত সকলো তথ্য যোগান ধৰিব লাগিব| এই প্ৰশিক্ষণ অংশীদাৰে সকলো প্ৰশিক্ষাৰ্থীৰ তথ্য SDMS ত সংগ্ৰহ কৰে যাতে প্ৰশিক্ষণ অনুষ্ঠানটো সুগম হয়| প্ৰশিক্ষণ কেন্দ্ৰতে সকলো মুল্যায়ন হয়| মুল্যায়নৰ সফল ৰুপায়নৰ পাচত প্ৰশিক্ষণ অংশীদাৰৰ পৰা প্ৰমাণ পত্ৰ পোৱা যায়| আধাৰ পৰিচয়ৰ ভিত্তিত উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ লাভ কৰা প্ৰশিক্ষাৰ্থীৰ NSDC য়ে আৰ্থিক বেতন মুকলি কৰি দিয়ে| পূজিৰ অংশ নিৰুপণ ১১২০ কোটি টকা কেৱল ১৪ লাখ যুৱক প্ৰশিক্ষিত কৰিবৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে| আগতীয়া এটা প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে যাৰ কাৰণে ২২০ কোটি নিৰুপণ কৰা হৈছে| এই আঁচনিৰ প্ৰতি সজাগতা সৃষ্টি, সাংগঠনিক কাম-কাজ আৰু দৃষ্টি আকৰ্ষণৰ বাবদ ৬৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে| সাংগঠনিক কাম-কাজবোৰ ৰাজ্য চৰকাৰ, মিউনিচিপালিটি, গাওঁ পঞ্চায়ত আৰু অন্যান্য সামাজিক প্ৰতিষ্ঠান আদিয়ে স্থানীয় ভাৱে আয়োজক কৰা কৌশল প্ৰদৰ্শনৰ মেলাবোৰৰ পৰাই আৰম্ভ কৰা হৈছে| আঁচনি খনৰ অন্য এটা গুৰুত্ব হ’ল পৰামৰ্শ দান আৰু সংস্থাপনৰ সুবিধা প্ৰদান, যাৰ বাবে আঁচনি খনত ৬৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে| উত্তৰ পুৰ্বাঞ্চলৰ যুৱা সকলক প্ৰশিক্ষণৰ বাবদ ১৫০ কোটি টকা নিৰুপণ কৰা হৈছে| মুল্যায়ন থোৰতে কৌশল প্ৰশিক্ষণ হৈছে ২০১৩-২০১৭ চনলৈ NSDCৰ অধ্যয়নত পৰিলক্ষিত হোৱা কৌশলগত বা কাৰিকৰী যি সুৰক্ষা তাৰ ওপৰত ভিত্তি কৰি কৰা এক মুল্যায়নৰ ফল| আৰু এই মুল্যায়নৰ প্ৰয়োজন পুৰাবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়/ বিভাগ/ ৰাজ্য চৰকাৰ সমুহ, উদ্যোগ আৰু ব্যৱসায় সমুহৰ সৈতে পৰামৰ্শমুলক আলোচনা কৰা হৈছে| ইয়াৰ বাবে অতি সোনকালে এটা দাবী সমুদায় মঞ্চ এটা উদ্ভাৱন কৰা হ’ব| এই কৌশল নৈপুন্যৰ ধাৰণাটো বৰ্তমান সময়ত প্ৰতিপালিত হোৱা কিছুমান কাৰ্যসুচী যেনে-মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, নেচনেল ছ’লাৰ মিছন, স্বচ্চ ভাৰত অভিযান, আদিৰ সমান্তৰাল এক ধাৰনা| এই আঁচনি খনে মূলত: শ্ৰমিক বজাৰৰ নৱাগত সকল আৰু দশম আৰু দ্বাদশৰ শ্ৰেণী বৰ্জনকাৰী সকলক সাঙুৰি লয়| কাৰ্য্যকৰীকৰন আঁচনি খন NSDC ৰ প্ৰশিক্ষণ অংশীদাৰ সকলৰ জৰিয়তে ৰুপায়িত কৰা হ’ব| বৰ্তমান NSDC ৰ ২৩০০ কেন্দ্ৰত ১৮৭ সংখ্যক প্ৰশিক্ষণ অংশীদাৰ আছে| লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ প্ৰশিক্ষণ ব্যৱস্থা সমুহক এই আঁচনিত অন্তৰ্গত কৰা হৈছে| এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ আগতে সকলো প্ৰশিক্ষণ ব্যৱস্থাই নিৰ্দ্দিষ্ট নিয়ম ভুক্ত হ’ব লাগিব| প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাই উন্নত আৰু উন্নত প্ৰশিক্ষিত প্ৰশিক্ষকৰ প্ৰতি ধ্যান দিব লাগিব| প্ৰশিক্ষণটোৱে Soft skill, ব্যক্তিগত পৰিচ্ছন্নতাৰ অভ্যাগত পৰিৱৰ্তন, কৰ্মৰ নৈতিকতা আদি সামৰি লব| প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত প্ৰশিক্ষণ সমুহ ৰাজ্য চৰকাৰ আৰু Sector skill council ৰ পুংখানুপুংখ নিৰীক্ষণত থাকিব| উৎস: pmkvyofficial