মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটা নগৰৰ কৃষ্টি-সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পিছত মহাপুৰষজনাৰ শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে এই ভেঁটিক টনকিয়াল কৰি থৈ গৈছিল। বৰপেটা কীৰ্তন ঘৰ সত্ৰ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ সহিতে তেওঁৰ শিষ্যসকলে বৰপেটাত কেবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল। এই সত্ৰসমূহক আঞ্চলিক সংস্কৃতিৰ প্ৰশিক্ষণস্থলীৰ লগতে মঠ হিচাপেও গণ্য কৰা হয়। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই সত্ৰসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যদিও এই সত্ৰসমূহ মূলতঃ বৈষ্ণৱ চিন্তাধাৰাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল, সময়ৰ লগে লগে সত্ৰসমূহ শিক্ষা, সংগীত, নৃত্য, নাট্য, কলা, হাতীদাঁতৰ কৰ্ম আদি বিষয় সন্নিবিষ্ট একো একোটা মুকলি সাংস্কৃতিক কেন্দ্ৰত পৰিণত হৈছে। কেইখনমান উল্লেখযোগ্য সত্ৰ: পাটবাউসী গনককুছি জনীয়া সুন্দৰীদিয়া বৰপেটা বাৰাদি কনৰা মইনাবাৰী সত্ৰ গৰেমাৰী বনিয়াৰা পাৰা বজাৰ পাটবাউসী সত্ৰ- পাটবাউসী সত্ৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ বৰপেটা মূল নগৰৰ পৰা ২ কিঃমিঃ আঁতৰত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰৰ পৰাই ধৰ্মীয় আদৰ্শ, সাহিত্য, কলা-সংস্কৃতি আৰু কৰ্ম সংস্কৃতিৰ প্ৰসাৰ কৰিছিল। এই সত্ৰতে তেওঁ অতি গুৰুত্বপূৰ্ণ ১৮ বছৰ কটাইছিল যিখিনি সময়ত কীৰ্তন-ঘোষা ৰচনা কৰাৰ উপৰিও ২০ টাকৈ বৰগীত ৰচনা কৰিছিল। পিছলৈ এই সত্ৰৰ পৰাই শ্ৰীমাধৱদেৱ, শ্ৰীদামোদৰদেৱ আৰু শ্ৰীহৰিদেৱ-এ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মহাপুৰুষসকলে ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে। গণককুছি সত্ৰ এই সত্ৰ বৰপেটা এলেকাৰ ভিতৰতে অৱস্থিত। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱে এতোলা সোণৰ (প্ৰায় ১০ গ্ৰাম) বিনিময়ত এই সত্ৰৰ মাটি ক্ৰয় কৰিছিল আৰু শ্ৰীমাধৱদেৱক উক্ত সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মনোনীত কৰিছিল। শ্ৰীমাধৱদেৱে ১৮ বছৰ ধৰি উক্ত সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে। জনীয়া সত্ৰ- বৰপেটা-জনীয়া পথত বৰপেটা নগৰৰ পৰা ৮ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইয়াত বহুসংখ্যক ভক্তিমূলক গীত ৰচনা কৰিছিল। সুন্দৰীদিয়া সত্ৰ- গনককুছি সত্ৰ এৰাৰ পিছত শ্ৰীমাধৱদেৱে এই সত্ৰ স্থাপন কৰিছিল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীমথুৰা দাস বুঢ়া আতাই আদিতে এই সত্ৰতেই আহি শ্ৰীমাধৱদেৱৰ শৰণ লৈছিল। এই সত্ৰতে শ্ৰীমাধৱদেৱে পালনাম আৰু বীৰনাম বা থিয়ানামৰ শুভাৰম্ভ কৰিছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা বহুসংখ্যক আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে। বৰপেটা সত্ৰ- বৰপেটা সত্ৰৰ মূল ভৱন শ্ৰীমাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। ইয়াতেই তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। এই বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল। এই সত্ৰত কেবাটাও গৃহ আছে। সন্মুখৰ প্ৰৱেশদ্বাৰক বাটচ’ৰা বুলি কোৱা হয়। নাম কীৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা মূল কীৰ্তনঘৰটো স্থপত্যবিদ্যাৰ সুন্দৰ নিদৰ্শন। আগেয়ে সজোৱা এই ঘৰটো ১৯৫২ চনত ডাঙৰ খুটাৰে আৰু চিত্ৰ খোদিত বেৰেৰে পকীকৰণ কৰা হয়। জগমোহন ঘৰত সত্ৰৰ ভকতসকলে যিকোনো ধৰণৰ অসুবিধাসমূহ আলচ কৰে। ভজঘৰত যোৱা ৪০০ বছৰ ধৰি অক্ষয় বন্তি নামেৰে এগছ বন্তি ক্ৰমাগতভাৱে জ্বলি আছে। দৌল ঘৰৰ চৌহদত শ্ৰীকৃষ্ণৰ দৌল উত্সৱ পালন কৰা হয়। ইয়াত এখন সৰু “চিৰিয়াখানা” আৰু ৰঙীয়াল বাগিছা আছে। চৌহদৰ ভিতৰত সাংস্কৃতিক বিদ্যালয়, কেলি কদম গছ, শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা পুথিভঁৰাল, অধ্যয়ন কক্ষ, কাৰ্যালয় আৰু পাকঘৰ আছে। শ্ৰীমথুৰা দাস বুঢ়া আতাই প্ৰচলন কৰা সত্ৰৰ সংবিধান এতিয়াও বলবৎ আছে। বাৰাদি সত্ৰ বৰপেটা নগৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২ কিঃমিঃ। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু অতি কম সময়ৰ বাবে তেওঁ ইয়াত আছিল। বাৰাদি সত্ৰ মাধৱদেৱৰ আদি সত্ৰ। শিক্ষাৰ কেন্দ্ৰ হিচাপে লৈ বাৰাদি সত্ৰৰ পৰাই দশোদিশে শংকৰী সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰিছিল। হোলি বা ফাকুৱা উত্সৱ এই সত্ৰত পালন কৰা উত্সৱসমূহৰ এটা প্ৰধান উত্সৱ। সত্ৰ কনৰা বৰপেটাৰ পৰা ১৬ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। শ্ৰী শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ স্থাপন কৰিছিল। প্ৰাকৃতিক দুৰ্যোগে এই সত্ৰত ক্ষতিগ্ৰস্ত কৰে। সত্ৰ পৰিচালনাত বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰে। ফলত এই ঠাইত বসবাস কৰা লোকসকল বৰপেটাৰ গজিয়া আৰু গনককুছিলৈ উঠি আহে। মইনবাৰী সত্ৰ এই সত্ৰ সৰভোগত অৱস্থিত। মইনবাৰী সত্ৰ পঞ্চদশ শতিকাৰ শেষ ভাগত শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় মিত্ৰ নাৰায়ণ দাস ঠাকুৰ আতাই স্থাপন কৰিছিল। উৎস: আইএনডিজি দল