সমগ্ৰ দেশৰ লগতে দিল্লীৰ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদে ১৯৫৩ চনৰ পৰাই সমাজৰ মহিলা সকলৰ অৰ্থনীতি সৱলীকৰণ আৰু অন্যান্য দিশত কল্যাণৰ উন্নয়ণৰ অৰ্থে এক অবিৰত প্ৰচেষ্টাৰে বিভিন্ন আঁচনিৰ ৰুপায়ণৰ জৰিয়তে এক যোগসূত্ৰ স্থাপন কৰি আহিছে। যিটো মাধ্যমৰ জৰিয়তে সমগ্ৰ দেশৰ মহিলাসকলে তেওঁলোকৰ আত্মনিয়োজন বা আত্মসহায়কৰ সুবিধাসমূহ ৰুপায়িত কৰা দেখা গৈছে। অঁচনিসমূহ ৰুপায়ণৰ ক্ষেত্ৰত আবেদন কৰাৰ বাবে নিম্নলিখিত চৰ্ত্ত অনুযায়ী স্বেচ্ছাসেৱী স্ংগঠন সমূহে আবেদন কৰিব পাৰে। অনুষ্ঠান সমূহে এই আঁচনি অনুসৰি তলত উল্লেখিত চৰ্ত্তসমূহৰ সাপেক্ষে অনুদান পাবলৈ যোগ্য। ক) অনুষ্ঠান বিধি অনুসৰি পঞ্জীয়ন ভূক্ত হ’ব লাগিব। অথবা কোনো পঞ্জীভূক্ত অনুষ্ঠানৰ নিয়মিতভাৱে গঠিত শাখা হ’ব লাগিব।(এই বিষয়ত কোনো পঞ্জীয়নভূক্ত অনুষ্ঠানৰ স্বীকৃতিপ্ৰাপ্ত স্বীকৃতি পালেই নহ’ব। খ) অনুষ্ঠানৰ বিষয়ববীয়া সকল ইজনৰ লগত সিজনৰ কোনো পাৰিবাৰিক সম্পৰ্ক থাকিব নালাগিব। গ) অনুষ্ঠানটো পঞ্জীয়ন হোৱা দুই বছৰ হ’ব লাগিব। তেতিয়াহে পৰিষদৰ অনুদানৰ বাবে অবেদন কৰিব পাৰিব। কিন্তু পৰিয়াল পৰামৰ্শদান আঁচনিৰ বাবে অনুষ্ঠানটো পঞ্জীয়ন হোৱা তিনি বছৰ হ’ব লাগিব। কিছুমান এই ক্ষেত্ৰ্ত চৰ্ত্ত শিথিল কৰ হৈছেঃ ১। পাহাৰীয়া, অগম্য সীমান্তত অৱস্থিত আৰু পিচপৰা জনজাতীয় আৰু বস্তি অঞ্চলৰ অনুষ্ঠানৰ ক্ষেত্ৰত। ২। যিবোৰ ঠাইত নতুনকৈ এনে ধৰণৰ সেৱা আগবঢ়াবৰ বাবে আগ্ৰহাম্বিত অনুষ্ঠান। ৩। অনুষ্ঠানক যিবোৰ কামৰ বাবে অনুদানৰ দৰকাৰ সেই বিষয়ত অনুষ্ঠানৰ কাম-কাজ কৰাৰ সুবিধা, পদ পৰিচালনাৰ পাৰদৰ্শিতা আৰু অভিজ্ঞতা আদি থাকিব লাগিব। ৪) অনুষ্ঠানৰ কাম-কাজ সমূহ ৰাজ্যিক পৰিষদৰ দ্বাৰা সন্তোষজনকভাৱে চলা বুলি প্ৰতিবেদন থাকিব লাগে। ৫) অনুষ্ঠানৰ আৰ্থিক অৱস্থা স্বচ্ছ্ল হ’ব লাগিব আৰু প্ৰয়োজন অনুযায়ী ওপৰঞ্চি অৰ্থ স্ংগ্ৰহ কৰি পুঁজি টনকিয়াল কৰিব পৰা হ’ব লাগিব। ৬) অনুষ্ঠান, জাতি, ধৰ্ম, বৰ্ণ, অথবা ভাষা নিৰ্বিশেষে সকলো ভাৰতীয়ৰ বাবে মুকলি থাকিব লাগিব। স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে নিৰ্দ্ধাৰিত প্ৰ-পত্ৰত দুই কপিকৈ দৰ্খাস্ত নিম্নলিখিত নথিপত্ৰ সমাজ কল্যাণ পৰিষদৰ কাৰ্য্যালয়ত দাখিল কৰিব লাগিব। ক) পঞ্জীয়ন প্ৰমাণ পত্ৰ খ) অনুষ্ঠানৰ নিয়মাৱলী/স্মাৰক লিপি। গ) বিগত তিনি বছৰৰ প্ৰগতি হিচাপ। ঘ) বিগত তিনি বছৰৰ প্ৰগতি বিৱৰণ। ঙ) অনুষ্ঠানৰ সাম্প্ৰতিক কাৰ্য্যনিৰ্বাহক কমিতিৰ সদস্যৰ তালিকা। চ) বেংক হিচাপৰ বিত্ং বিৱৰণ। উৎস: কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ