<p style="text-align: justify; "> </p> <p style="text-align: justify; ">দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো কল্যাণকামী আঁচনি ৰূপায়ণ কৰি আহিছে। তাৰ ভিতৰত অন্ত্যোদয়া অন্ন যোজনা অন্যতম। উক্ত আঁচনিৰ অন্তৰ্ভুক্ত পৰিয়ালসমূহলৈ প্ৰতি মাহত তিনি টকা দৰত ৩৫ কেজি চাউল আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা ৰূপায়ণ কৰা হৈছে। অন্ত্যোদয়া অন্ন যোজনা আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ নিৰ্বাচিত হিতাধিকাৰীলৈ দুই প্ৰকাৰৰ ৰেচন কাৰ্ড আগবঢ়োৱা হয়। প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰতি কে.জি. চাউল ৩ টকা আৰু ঘেঁহু ২ টকা দৰত দিয়াৰ ব্যৱস্থা আছে। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ হিতাধিকাৰীসকলৰ প্ৰতিজন সদস্যলৈ প্ৰতি মাহত ৩ টকা দৰত ৫ কে.জিকৈ চাউল যোগন ধৰা হয়। আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ অস্ম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰক।</p> <p style="text-align: justify; "><b><i>উৎস: ৰাইজৰ বাতৰি</i></b></p>