মজুৰী আইন হ’ল কোনো কাৰখানা, ঔদ্যোগিক প্ৰতিষ্ঠানত বা বৃক্ষৰোপন কাৰ্যত নিয়োজিত শ্ৰমিকৰ দৰমহা নিৰ্দ্ধাৰণ কৰা। এই আইনৰ মুখ্য উদ্দেশ্য হৈছে শ্ৰমিকৰ বেআইনীভাবে দৰমহা কৰ্তন কৰা আৰু দৰমহা বিলম্ব হোৱাত বাধা দিয়া। মজুৰি আইনৰ ভিতৰত সকলো ধৰণৰ দৰমহা আৰু ভাট্টা বা ব’নাচ শ্ৰমৰ বিনিময়ত ধন বা টকাৰে মূল্যাঙ্কণ কৰি প্ৰদান কৰা-তেনেধৰণৰ নিযুক্তি বিলাক হৈছে- পুৰস্কাৰ হিচাপে পোৱা যিকোনো ধৰণৰ ব’নাচ দুয়ো পক্ষৰ মাজত নিস্পতি কৰা। শ্ৰমিকক অতিৰিক্ত কামৰ বাবদ, বন্ধ বাৰত বা ছুটীৰ সময়ত দিবলগীয়া প্ৰাপ্য দৰমহা। নিযুক্তিৰ নিয়ম বা আইন অনুসৰি অতিৰিক্তভাৱে পাবলগীয়া ব’নাচ। নিযুক্তিৰ সময় পাৰ হৈ যোৱাৰ পাছত পাবলগীয়া যিকোনো পৰিমাণৰ বেতন। এই আইনৰ উদ্দেশ্য হৈছে-নিযুক্ত প্ৰাৰ্থীক এটা নিৰ্দিষ্ট নিয়মত বিৰতিৰ পাছত তেওঁলোকৰ বেতন অ-কৰ্তৃত্বহীন ভাৱে কটা নহয়। এই আইন মাহেকীয়া বেতনভোগী কৰ্মচাৰীৰ কাৰণে প্ৰযোজ্য হয়। হাজিৰা বা মজুৰি নিৰ্দ্ধাৰণৰ সময়: মজুৰি দিয়াত দায়বদ্ধ হোৱা, প্ৰত্যেক ব্যক্তিয়েই কৰ্মচাৰীক দিব পৰাকৈ বেতন নিৰ্দ্ধাৰণ কৰিব লাগে। বেতন দিয়াৰ ম্যাদ এমাহতকৈ বেছি হ’ব নোৱাৰিব। নিযুক্তি দিয়া প্ৰত্যেক ব্যক্তিক যিয়ে ৰেলৱে কাৰখানা বা ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰে আৰু য’ত এহেজাৰৰ কম শ্ৰমিক থাকে তেওঁলোকক সাত দিনৰ ভিতৰত বেতন আদায় দিব লাগে। ৰেলৱে, কাৰখানা বা কোনো ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকক দহ দিনৰ ভিতৰত বেতন আদায় দিয়া। এই আইনৰ ৬ ন্ং দফা অনুসৰি নিয়োগকৰ্তাই চলিত মুদ্ৰা বা নোট দি বেতন দিব পাৰিব। নিয়োগকৰ্তাই লিখিত অধিকাৰ পত্ৰৰে শ্ৰমিকক চেক বা তেওঁলোকৰ একাউণ্টত বেংকত জমা দিব পাৰিব। উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।