এই আইন দৰিদ্ৰ শ্ৰমিকসকল শোষণৰ পৰা ৰক্ষা পাবৰ কাৰণে কাৰ্যকৰী কৰা হৈছে। এই আইন অনুসৰি শ্ৰমিকৰ কাৰণে নূন্যতম মজুৰী, কামৰ সময় নিৰ্দ্ধাৰণ, অতিৰিক্ত সময় কাম কৰাৰ বাবে দৰমহা ইত্যাদিৰ নিৰুপণ কৰা হয়। ইয়াৰোপৰি কেতিয়াবা কেতিয়াবা কিবা দোষ বা অপৰাধ কৰিলে, এই আইনমতে পৰিদৰ্শক নিযুক্তি দিয়ে। পৰিদৰ্শকে দৰমহা নিৰ্ণয় কৰে আৰু কতৃপক্ষৰ ওচৰত কম দৰমহা দিয়া আৰু একেবাৰে নিদিয়া আদি কথা দাবী কৰো। এই আইনৰ অধীনত শ্ৰমিকসকলক কাম কৰাৰ সময় এনে সুন্দৰকৈ নিৰুপণ কৰে যাতে ই দূপৰীয়া ভোজন বিৰতিকে ধৰি বাৰ ঘণ্টাৰ বেছি নহয়। এই আইনৰ উদ্দেশ্য হৈছে শ্ৰমিকক উক্ত আইনৰ সূচী স্ংশোধন কৰি নূন্যতম মজুৰি আদায় দিয়া। এই আইনে যদিও কিছুমান সা-সুবিধা বঢ়াই চৰকাৰক সবলিকৰণ কৰে তথাপি ইয়াৰ সূচীসমূহত বহুতো নিয়ম নিৰ্দ্ধাৰণ কৰা থাকে। এই আইনে কৰা নিয়মসমূহ: সময়-হাৰত দৰমহা খণ্ড-হাৰত দৰমহা নিশ্চিত সময়-হাৰত দৰমহা অতিৰিক্ত সময়-হাৰত বিভিন্ন কাম অনুযায়ী দৰমহা নূন্যতম মজুৰী হাৰত থকা নিয়ম অনুসৰি শ্ৰমিকে যাতে নিয়মিত আৰু সময়মতে দৰমহা পায় আৰু তেওঁলোকে যাতে শোষণৰ পৰা মুক্ত হয়। উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।