অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক (নিয়োগ নিয়ামক আৰু সেৱা চৰ্ত) আইন ১৯৯৬-ৰ অধীনত অসম চৰকাৰৰ দ্বাৰা সৃষ্ট আৰু গৃহীত অসম বিধি ২০০৭-ৰ জৰিয়তে ৰাজ্যৰ অসংগঠিত খণ্ডৰ গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ্থে গৃহীত কল্যাণমূলক আঁচনিসমূহৰ বিৱৰণঃ সন্তানৰ এককালীন শিক্ষাসাহায্য শ্ৰমিকৰ অধ্যয়নৰত ল’ৰা-ছোৱালীক যেনে- প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ বছৰি ১৫০০/- টকা পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ বছৰি ২৭৫০/- টকা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বছৰি ৪০০০/- টকা একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীত ক্ৰমে ৭০০০/- টকাকৈ স্নাতক পৰ্যায়ত বছৰি ১০,০০০/- টকা, স্নাতকোত্তৰ বা তাৰ সমপৰ্যায়ত অভিযান্ত্ৰিক আৰু চিকিত্সা অধ্যয়নত বছৰি ২০,০০০/- টকাকৈ সাহায্যৰ ব্যৱস্থা। শ্ৰমিকৰ কৰ্কট ৰোগ, হৃদৰোগ, বৃক্কৰ বিকলতা আৰু যকৃত্ ৰোগৰ (অস্ত্ৰোপচাৰ) আদি জটিল ৰোগৰ চিকিত্সাৰ বাবে ১,০০,০০০/- টকাৰ চিকিত্সা সাহায্যৰ ব্যৱস্থা। শ্ৰম বিভাগ, অসম চৰকাৰ