বানপানীৰ পূৰ্বে

আপুনি বানপানীৰ বাবে সাঁজু হ’বলৈ কৰিবলগা কামসমূহ

• বানপানী প্ৰৱণতা থকা অঞ্চলত আপুনি ভেটি ওখ নকৰাকৈ আৰু পুনৰ শক্তিশালী নকৰাকৈ গৃহ নাসাঁজিব।

• যদি বানপানীৰ সম্ভৱনা থাকে তেন্তে চৌকা, পানী গৰম কৰা যন্ত্ৰ আৰু বৈদ্যুতিক আহিলাসমূহ উচ্চ স্থানত ৰাখক।

• বানপানীৰ পানী আপোনাৰ চৌহদৰ নলাত সুমাব নোৱাৰাকৈ বাধা দিয়াৰ ব্যৱস্থা লওঁক।

• আপোনাৰ গৃহত বানপানী সুমোৱাটো ৰোধ কৰিবলৈ প্ৰতিৰোধক ব্যৱস্থাৰ পৰিকল্পনা এখন প্ৰস্তুত কৰিবলৈ ৰাইজৰ বিষয়ববীয়াসকলৰ লগত যোগাযোগ কৰক।

• আপোনাৰ ভেটিটোৰ ভিতৰত পানী নুসুমাবলৈ পানী সৰকিব নোৱাৰা সামগ্ৰী ব্যৱহাৰ কৰি দেৱাল গাঠক।

বানপানীৰ সময়ছোৱাত

যদিহে আপোনাৰ অঞ্চলত বানপানী হয় তেন্তে আপুনি কৰা উচিত:

• তথ্যৰ বাবে ৰেডিঅ’ আৰু টেলিভিছন শুনক। হঠাৎ বানপানীৰ প্ৰৱল সোঁতৰ প্ৰতি সাৱধান হৈ থাকক। যদিহে প্ৰৱল সোঁতৰ বানপানীৰ সম্ভৱনা দেখা পায় তেন্তে তৎকালে ওখ ঠাইলৈ গমন কৰক। গমনৰ নিৰ্দেশৰ বাবে ৰৈ নাথাকিব।

• হঠাৎ বানপানীৰ সৃষ্টি হ’ব পৰা বিভিন্ন সুঁতি, নলা-নৰ্দমা, জলসিঞ্চনৰ প্ৰণালী আদিৰ বিষয়ে সজাগ হৈ থাকক। এনেবোৰ ঠাইত গতানুগতিক সতৰ্কবাণী যেনে, ডাৱৰ বা অতিপাত বৰষুণ নহ’লেও হঠাৎ বানপানী হ’ব পাৰে।

যদিহে আপুনি স্থান সলনি কৰিবলগা হয় তেন্তে নিম্নলিখিতসমূহ কৰা উচিত

• আপোনাৰ গৃহটো সুৰক্ষিত কৰক। যদিহে আপুনি সময় পায় বাহিৰত থকা সকলোবোৰ আচবাব ভিতৰলৈ নিয়ক। অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ওখ ঠাইত থওঁক।

• বৈদ্যুতিক সংযোগৰ মূল চুইছ অফ কৰি ৰাখক। সামগ্ৰীসমূহৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰক আপুনি যদি তিতি আছে বা পানীত থিয় হৈ আছে তেন্তে বৈদ্যুতিক সামগ্ৰী স্পৰ্শ নকৰিব।

আপুনি যদি গৃহ এৰি যায় তেন্তে তলত দিয়া কিটিপকেইটা মনত ৰাখিব।

• প্ৰৱাহমান পানীৰ মাজেৰে খোজ নাকাঢ়িব। ৬ ইঞ্চি উচ্চতাৰ পানীৰ সোঁতে আপোনাক বগৰাই পেলাব পাৰে। যদিহে আপুনি পানীৰ মাজেদি খোজ কাঢ়িব লগা হয় তেন্তে সোঁত নথকা পানীৰ মাজেৰে খোজ কাঢ়ক। সন্মুখৰ ভূমিপৃষ্ঠৰ বুজ ল’বলৈ এডাল লাঠি ব্যৱহাৰ কৰক।

• বানপানী অঞ্চলৰ মাজেৰে বাহন নচলাব। যদি বানপানী আপোনাৰ বাহনৰ সমান হয়গৈ তেন্তে যদিহে আপুনি সুৰক্ষিতভাৱে যাব পাৰে তেন্তে বাহন এৰি ওখ ঠাইলৈ যাওঁক। আপোনাক আৰু বাহনখনক উতোৱাই নিবও পাৰে।

বানপানীত বাহন চলোৱা

বানপানী অৱস্থাত বাহন চলাওঁতে তলৰ গুৰুত্বপূৰ্ণ বিষয়কেইটা মানি চলিব লাগে:

• ৬ ইঞ্চি পৰিমাণৰ পানীয়ে বেছিভাগ যাত্ৰী পৰিবাহী গাড়ীৰ তলভাগ স্পৰ্শ কৰে আৰু বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰোৱাৰ লগতে বাহনখনৰ ইঞ্জিন বন্ধ হৈ যাব পাৰে।

• ১ ফুট পৰিমাণৰ পানীয়ে বহুবোৰ বাহন উপঙাব পাৰে।

• ২ ফুট পৰিমাণৰ পানীয়ে বহুবোৰ বাহন উটুৱাই লৈ যাব পাৰে।

বানপানীৰ পিছত

বানপানীৰ পিছত কৰিবলগাসমূহৰ নিৰ্দেশনাৱলী তলত দিয়া হ’ল:

• ৰাজহুৱা খোৱা-পানীৰ যোগান ব্যৱস্থাটো নিৰাপদ হয়নে নহয় সেইটো জানিবলৈ বাতৰি শুনক।

• বানপানীৰ পানী ব্যৱহাৰ নকৰিব। এই পানীত তেল, কেৰাচিন বা নানা আৱৰ্জনা মিহলি হৈ থাকিব পাৰে। এই পানীত বিদ্যুৎ সংযোগ হৈ থাকিব পাৰে।

• পানী আঁতৰোৱাৰ পৰা বিৰত থাকক।

• বানপানী শুকাই যোৱা অঞ্চলসমূহত সাৱধান হওঁক।বাট-পথসমূহ দূৰ্বল হ’ব পাৰে আৰু বাহনৰ ভৰত ভাঙি পৰিব পাৰে।

• বিদ্যুত পৰিবাহী তাঁৰ মাটিত পৰি থকা দেখিলে তাৰ পৰা আঁতৰত থাকক আৰু বিদ্যুৎ বিভাগক খবৰ দিয়ক।

• কৰ্তৃপক্ষই নিৰাপদ বুলি ঘোষণা কৰিলেহে গৃহলৈ উভতি যাব।

• কোনো গৃহৰ চাৰিওকাষে বানপানী থাকিলে সেই গৃহৰ পৰা আঁতৰি আহক।

• কোনো গৃহত প্ৰৱেশ কৰাৰ সময়ত অতিশয় সাৱধানতা অৱলম্বন কৰিব কিয়নো দেখা নোপোৱাকৈ এইসমূহ ক্ষতিগ্ৰস্ত হ’ব পাৰে, বিশেষকৈ মূল ভেটিত।

• মল জমা হোৱা টেংকি, নলা নৰ্দমা আদিসমূহ যিমান সোনকালে পাৰে পৰিষ্কাৰ কৰিব লাগে। ক্ষতিগ্ৰস্ত পয়প্ৰণালী স্বাস্থ্যৰ বাবে ভয়াবহ ক্ষতিকাৰক।

• পানীৰ তল যোৱা সকলো সামগ্ৰী পৰিষ্কাৰ আৰু বিজাণুমুক্ত কৰক। বানপানীৰ লগত অহা বোকা বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু ময়লা থাকিব পাৰে।

বানপানী: ব্যৱহৃত শব্দসমূহ জানক

বানপানীৰ বিপৰ্য্যয় চিনাক্ত কৰিবলৈ সহায়ক হোৱাকৈ এই শব্দসমূহৰ সৈতে আপুনি চিনাকী হৈ লওঁক।

বানপানীৰ বিষয়ে জানক:

বানপানী হোৱাটো সম্ভৱ। তথ্যসমূহ জানিবৰ বাবে এন.অ.এ.এ বতৰৰ ৰেডিঅ’ বাণিজ্যিক ৰেডিঅ’ বা টেলিভিছন চাওঁক।

হঠাৎ হোৱা বানপানী:

হঠাৎ বানপানী হোৱাটো সম্ভৱ। ওখ ঠাইলৈ যাব পৰাকে আগৰে পৰা প্ৰস্তুত হৈ থাকক। তথ্যসমূহ জানিবৰ বাবে এন.অ.এ.এ বতৰৰ ৰেডিঅ’ বাণিজ্যিক ৰেডিঅ’ বা টেলিভিছন চাওঁক।

বানপানীৰ সতৰ্কতা:

বানপানী হৈছে বা অতি সোনকালে হ’ব। যদিহে অঞ্চল খালী কৰিবলৈ কোৱা হয় তেন্তে তৎকালে সেয়া কৰা উচিত।

হঠাত হোৱা বানপানীৰ সতৰ্কতা:

হঠাৎ বানপানী হৈছে। তৎকালে ওখ ঠাই বিচাৰক।

উৎস: আইএনডিজি দল