ঘূৰ্ণীবতাহৰ বাবে হাতত ল’ব লগা কাম-কাজসমূহ বহলভাৱে ৩ টা ভাগত ভাগ কৰা হয়। (১) যেতিয়া ঘূৰ্ণীবতাহৰ সংকেত আৰু সাৱধানবাণী পোৱা যায়। (২) যেতিয়া কোনো এটা অঞ্চল জলশূণ্য কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হয় আৰু (৩) যেতিয়া উপকূলীয় অঞ্চলসমূহৰ ওপৰেৰে ঘূৰ্ণীবতাহ পাৰ হৈ যায়। ঘূৰ্ণীবতাহৰ ঋতু আৰম্ভ হোৱাৰ পূৰ্বে বাসগৃহটো পৰীক্ষা কৰক; মুধচত ঢিলা হৈ থকা টিন পাত, টালিসমূহ সুৰক্ষিত কৰক, দুৱাৰ আৰু খিৰিকীসমূহ মেৰামতি কৰক। বাসগৃহৰ কাষতে থকা মৰি যোৱা গছ আৰু মৰিব ধৰা গছসমূহ আতঁৰাই পেলাওঁক। আঁতৰাব পৰা সামগ্ৰী যেনে: কাঠৰ তক্তা, ঢিলা হৈ থকা টিনৰ চালি, দূৰ্বল ইটাৰ বেৰ, জাৱৰ পেলোৱা পাত্ৰ, নামফলক আদিসমূহ ভালদৰে বান্ধি পেলাওঁক যাতে অতি বেছি বতাহতো উৰি যাব নোৱাৰে। কিছুমান কাঠৰ তক্তা সাঁজু কৰি ৰাখক যাতে যদিহে প্ৰয়োজন হয় তেন্তে আইনাৰ খিৰিকীত লগাব পৰা যায়। কেৰাচিনসহ এটা লেম, বেটেৰীসহ এটা টৰ্চলাইট আৰু পৰ্য্যাপ্ত বেটেৰী সাঁজু কৰি ৰাখক। দূৰ্বল গৃহসমূহ ভাঙি পেলাওঁক। ৰেডিঅ’ৰ বাবে কিছু সংখ্যক অতিৰিক্ত বেটেৰী লগত ৰাখক। জৰুৰীকালীন ব্যৱহাৰৰ বাবে কিছু পৰিমাণৰ শুকান আৰু সহজে নষ্ট নোহোৱা খাদ্য সামগ্ৰী সকলো সময়তে সাঁজু ৰাখক। যেতিয়া ঘূৰ্ণীবতাহ আৰম্ভ হয় ৰেডিঅ’ শুনক (ভাৰতৰ অনাতাঁৰ কেন্দ্ৰসমূহে বতৰৰ সতৰ্কতাসমূহ প্ৰদান কৰে)। এই সতৰ্কতাসমূহ পৰ্য্যবেক্ষণ কৰক। এইসমূহে আপোনাক ঘূৰ্ণীবতাহৰ জৰুৰীকালীন অৱস্থাৰ বাবে সাঁজু হোৱাত সহায় কৰিব। এই তথ্যসমূহ আনকো জনাওঁক। উৰা বাতৰিসমূহত গুৰুত্ব নিদিব আৰু এইবোৰৰ প্ৰচাৰ নকৰিব। আটংকময় পৰিস্থিতিৰ আঁতৰি থকাত ই সহায় কৰিব। কৰ্তৃপক্ষৰ তথ্যসমূহক বিশ্বাসত ল’ব। যেতিয়া আপোনাৰ অঞ্চলটোৰ বাবে ঘূৰ্ণীবতাহৰ সতৰ্কবাণী প্ৰদান কৰা হয়, তেতিয়াও স্বাভাৱিক কাম-কাজ কৰি থাকক কিন্তু লগতে অনাতাঁৰত দিয়া সতৰ্কবাণীসমূহৰ সম্পৰ্কেও সতৰ্ক হওঁক। মনত ৰাখিব যে এটা ঘূৰ্ণীবতাহৰ সতৰ্কবাণীৰ অৰ্থ হ’ল ২৪ ঘন্টাৰ ভিতৰত বিপদজনক পৰিস্থিতি হব পাৰে। সতৰ্ক হৈ থাকক। যেতিয়া আপোনাৰ অঞ্চলটো ঘূৰ্ণীবতাহ সতৰ্কবাণীৰ অধীনত থাকে সেইসময়ত সাগৰৰ নিম্ন অংশলৈ নাযাব বা উপকূলৰ কাষৰ নিম্ন ভূ-পৃষ্ঠলৈ নাযাব। আপোনাৰ বাসগৃহত জলপৃষ্ঠ সুমুৱাৰ পূৰ্বেই ওখ অঞ্চললৈ যাওঁক। সতৰ্কতা সংকেত পোৱাৰ লগে লগেই পলম নকৰিব। যদিহে আপোনাৰ গৃহটো ওখ অঞ্চলত অতি সুৰক্ষিতভাৱে নিৰ্মাণ কৰা হৈছে তেন্তে গৃহটোৰ অতি সুৰক্ষিত অঞ্চলত অৱস্থান লওঁক। তথাপিও যদিহে উক্ত অঞ্চল জনশূণ্য কৰিবলৈ কোৱা হয়। তেন্তে উক্ত স্থান পৰিত্যাগ কৰিবলৈ ইতস্ততঃ নকৰিব। আইনা থকা খিৰিকীসমূহ ঢাকি পেলাওঁক। দুৱাৰসমূহত শক্তিশালী আৰু উপযুক্ত সহায়ক প্ৰদান কৰক। যদিহে হাততে পোৱাকৈ কাঠৰ টুকুৰা নাথাকে তেন্তে আইনাসমূহ চিটিকি নাযাবলৈ আইনাৰ ওপৰত কাগজ আঠা লগাই দিব পাৰে। অৱশ্যে এইবোৰে আইনাখন ভঙাৰ পৰা ৰক্ষা কৰিব নোৱাৰে। নৰন্ধাকৈ খাব পৰা অতিৰিক্ত আহাৰ গ্ৰহণ কৰক। উপযুক্তভাৱে ঢাকি থ’ব পৰা পাত্ৰত অতিৰিক্ত খোৱা পানী জমা কৰি ৰাখক। যদিহে আপুনি বাসগৃহ এৰি আন ঠাইলৈ যাব লগা হয় তেন্তে আপোনাৰ মূল্যৱান সামগ্ৰীসমূহ প্ৰথম মহলাত বা ওখ স্থানত থৈ যাওঁক যাতে এইবোৰ বানপানীত ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। লেম্প, টৰ্চ লাইট বা আন জৰুৰীকালীন পোহৰৰ ব্যৱস্থাসমূহ কাৰ্য্যক্ষম অৱস্থাত আৰু হাততে পোৱাকৈ থওঁক। অতি শক্তিশালী বতাহে উৰুৱাই নিব পৰা সৰু আৰু পাতল সামগ্ৰীসমূহ এটা কোঠাত সুৰক্ষিতভাৱে জমা কৰি ৰাখক। খিৰিকী আৰু দুৱাৰসমূহ যাতে কেৱল বতাহৰ বিপৰীতেহে খুলিব পৰা যায় সেইটো নিশ্চিত কৰক। বিশেষ পথ্যৰ প্ৰয়োজন থকা শিশু আৰু প্ৰাপ্ত বয়স্কৰ বাবে ব্যৱস্থা লওঁক। যদিহে ঘূৰ্ণীবতাহৰ মূল কেন্দ্ৰটো আপোনাৰ গৃহৰ ওপৰেৰে পাৰ হৈ যায়, তেন্তে বতাহৰ গতি অতি বেছি হ’ব পাৰে আৰু আধা ঘন্টাৰ পৰা এক ঘন্টালৈকে বৰষুণ দিব পাৰে। এই সময়খিনিত ঘৰৰ বাহিৰলৈ নোলাব। কিয়নো অতি শক্তিশালী বতাহ পাৰ হৈ যোৱাৰ লগে লগেই ওলোটা দিশৰ পৰা সমপৰ্য্যায়ৰ বতাহ ব’ব পাৰে। আপোনাৰ গৃহৰ মূল বৈদ্যুতিক ছাবি বন্ধ কৰক। শান্ত হৈ থাকক। যেতিয়া অঞ্চলটো জনশূণ্য কৰিবলৈ নিৰ্দেশ দিয়া হয় ঔষধ, কেঁচুৱা, শিশু আৰু বয়োজেষ্ঠসকলৰ বাবে বিশেষ খাদ্যসহ আপোনাৰ আৰু পৰিয়ালক কিছু দিনৰ বাবে প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বান্ধি লওঁক। আপোনাৰ অঞ্চলত নিৰ্দিষ্ট কৰি দিয়া বা উপযুক্ত স্থানত আশ্ৰয় লওঁক। আপোনাৰ সম্পত্তিৰ বাবে দুশ্চিন্তাত নুভুগিব। আশ্ৰয়স্থানত ভাৰপ্ৰাপ্ত ব্যক্তিগৰাকীৰ নিৰ্দেশ মতে চলক। যেতিয়ালৈকে যাবলৈ কোৱা নহয় তেতিয়া লৈকে আশ্ৰয় স্থানতে থাকক। ঘূৰ্ণীবতাহৰ পিছত ল’ব লগা ব্যৱস্থাসমূহ যেতিয়ালৈকে আপোনাক নিজৰ গৃহলৈ ঘূৰি যাবলৈ কোৱা নহয় তেতিয়ালৈকে আপুনি উক্ত আশ্ৰয় শিবিৰতে থাকিব লাগিব। ৰোগৰ বিৰুদ্ধে তৎকালে আপুনি প্ৰতিষেধক চিটা ল’ব লাগে। বিজুলী বাতিৰ খুঁটাৰ পৰা ওলমি থকা বা ঢিলা হৈ থকা কোনো ধৰণৰ তাৰ স্পৰ্শ কৰিব নালাগে। বাহন চলাব লগা হ’লে সতৰ্কতাৰে চলাওঁক। আপোনাৰ চৌহদৰ পৰা ধ্বংসাৱশেষ তৎকালে আঁতৰ কৰক। ক্ষয়ক্ষতিৰ সঠিক পৰিমাণ যথোপযুক্ত কৰ্তৃপক্ষক জনাওঁক। উৎস: আইএনডিজি দল